Monday, December 1, 2014

ৰূপালী পৰ্দা

দৰ্শকৰ দৃষ্টিৰে ‘টি.আৰ.পি আৰু...’
অয়ন উত্তম
‘টি.আৰ.পি আৰু’— মৃদুল গুপ্তাৰ পৰিচালনা, মণিমালা দাসৰ চিত্ৰনাট্যৰ ছবিখন ৰিলিজ হৈছিল বিগত শুকুৰবাৰে৷ সেয়ে, দেওবাৰে চিত্ৰগৃহত ভিৰ হোৱা স্বাভাৱিক কথা আছিলেই, অনুৰাধা চিত্ৰগৃহত প্ৰায় ১৮০জন দৰ্শকৰ ভিতৰত আমিও আছিলোঁ৷ সংখ্যাটোলৈ মন কৰিব, এটা ‘টিকট কাউণ্টাৰ’ৰ পৰা দিয়া পৰিসংখ্যা৷ অসমীয়া ছবি হিচাপে দৰ্শক হৈছে!

প্ৰথমতেই আহোঁ কাহিনীলৈ৷ এটা সুন্দৰ কাহিনী পালোঁ ছবিখনৰ জৰিয়তে— সেয়া মানিবই লাগিব৷ ইয়াৰ আগতে ৰিলিজ হোৱা অসমীয়া ছবিখনতকৈ ৮০ শতাংশ উন্নত কাহিনী৷ বিশেষকৈ বৈদ্যুতিন মাধ্যমৰ স্বত্ত্বাধিকাৰী, চি ই অ’, মাধ্যমটোৰ গোপন (?) স্বত্ত্বাধিকাৰীৰ অংকবোৰ, এটাৰ চেনেলৰ সৈতে আনটোৰ যুঁজ ইত্যাদিবোৰ দেখুওৱাত কৃপণালি কৰা নাই৷ মণিমালা দাসৰ চিত্ৰনাট্য হোৱাৰ বাবেই সেয়া বুজি উঠিছোঁ, তেখেত সেই মাধ্যমৰ পৰা গৈছে বাবেই সুন্দৰভাৱে দেখুৱাবলৈ সক্ষম হৈছে (যদিহে মই ভবাগৰাকী হয়, যদি নহয় ক্ষমাহে)৷ বিশেষকৈ ছবিখনত দেখুওৱা ‘ব্যতিক্ৰম’ অনুষ্ঠানটো আৰু এসময়ত দেখিবলৈ পোৱা ‘মুখা’ অনুষ্ঠানটোৰ আঁত ধৰিহে কৈছোঁ৷

দ্বিতীয়তে আহোঁ চৰিত্ৰ বাছনিলৈ৷ নামবোৰ ভালদৰে চিনি নাপালেও সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰা ফেৰীপ্ৰিয়াৰ অভিনয় দেখিছোঁ ইয়াৰ আগৰ ছবিখনত৷ সেইখন ছবিতকৈ ইয়াত ভাল সুবিধা পাইছিল, কিন্তু সেই অনুপাতে ‘কাম হাচিল’ কৰিব নাজানিলে৷ কাৰণ আছিল সংলাপ প্ৰক্ষেপণ৷ দুৰ্বলতা ইয়াতে৷

এজন ডকুমেণ্টৰী ছবি নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰা গুঞ্জনৰ অভিনয়তকৈ ভাল লাগিল ‘উৎপল’ নামৰ সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰা প্ৰিন্সৰ অভিনয়৷ জড়তা নাছিল৷ প্ৰিন্সলৈ অভিনন্দন থাকিল৷ আগলৈ ভাল কাম পাব, সেয়া নিশ্চিত৷ ‘মুখ্য সম্পাদক’ৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ অভিনয় ভাল লাগিল৷

মূল চৰিত্ৰ ‘পল্লৱী’ৰ চৰিত্ৰত অভিনয় কৰা উৰ্মিলা মহন্তই এই ছবিখনৰ জৰিয়তে একো লাভ উঠাব নোৱাৰিলে৷ মূল কাহিনীটো পল্লৱীৰ চৰিত্ৰটোক লৈ আগুৱাই গৈছে, কিন্তু যিমানে আগুৱাই গৈছে সিমানেই পল্লৱীৰ অভিনয় যেন তললৈ নামি গৈছে৷ দৰ্শকৰ সমবেদনা লাভ কৰাত সফল নহ’ল৷ কাহিনীয়ে দাবী কৰিছিল দৰ্শকৰ সমবেদনা লাভ কৰক ‘পল্লৱী’ৰ চৰিত্ৰটিয়ে৷ নোৱাৰিলে৷ চকুত গ্লিচাৰিন সনা কেতিয়া বন্ধ কৰিব অসমীয়া অভিনেত্ৰীয়ে নাজানো.....

এতিয়া আহিছোঁ ‘নিগেটিভ’ পইণ্টলৈ৷ মিউজিক নিগেটিভ৷ পলাশ গগৈৰ পৰা অলপ বেছি আশা কৰিছিলোঁ৷ নাপালোঁ৷ চৰিত্ৰ নিৰ্বাচনত পৰিচালকৰ ভুল হ’ল— হিন্দী ক’ব নোৱাৰা এগৰাকী অভিনেত্ৰীৰ মুখত জোৰকৈ হিন্দী ভাষা জাপি দিয়া হৈছে৷ একেদৰে ইংৰাজী ক’ব নোৱাৰা অভিনেতাৰ মুখত৷ এইটো এটা ‘ট্ৰেণ্ড’৷ ইংৰাজী ক’বই লাগিব, হিন্দী ক’বই লাগিব৷ চিনেমাৰো ‘টি আৰ পি’ আছে যদি নাজানো৷

কিয় চাব লাগে এইখন ছবি? মূল প্ৰশ্ন তাতে— এখন অসমীয়া ছবি বাবেই চাব লাগে নেকি? ইয়াৰ আগৰখন ছবিৰ ক্ষেত্ৰত এই বাক্যটো নক’লোঁহেঁতেন— এইখন ছবিৰ ক্ষেত্ৰত ক’ব পাৰোঁ, কিয়নো ইয়াত ছবি এখন ‘ভালপোৱা’ৰ উপাদান আছে৷ আছে এটা কাহিনী৷ কাহিনীয়ে আপোনাক লৈ যাব পাৰে ছবিখনৰ মাজলৈ৷ অসমীয়া ছবিৰ ‘বিষয়’লৈ নতুনত্ব আহিছে৷ এটা নিপোটল কাহিনী আহিছে৷ য’ত নাই অন্ধবিশ্বাস, ধৰ্মবিশ্বাস বা আন ‘নিগেটিভ’ বিষয়৷ আছে সঁচা ‘বৰ্তমানৰ কাহিনী’৷

আশা কৰোঁ দৰ্শক হিচাপে— অসমীয়া ছবিৰ অভিনেতা-অভিনেত্ৰীয়ে দৰ্শকৰ হৃদয় জুৰ পেলোৱা অভিনয় কৰিছে, অসমীয়াৰ লগতে হিন্দী উচ্চাৰণ শুদ্ধ কৰিছে, ইংৰাজী উচ্চাৰণ শুদ্ধ কৰিছে— যেনেদৰে তেওঁলোকে উন্নত কৰিছে তেওঁলোকৰ ‘পোছাক’৷ সপোনত উৰি আছোঁ... অসমীয়া ছবিৰ সপোন দেখি দেখি উৰি আছোঁ.... ছবিখন চোৱাৰ পিছত বন্ধু এজনে ক’লে— ‘আপুনি ভোজ খাবলৈ যাওঁতে যদি আঞ্জাখনৰ নিমখ, জলকীয়া ইত্যাদি ভাল নোহোৱাকৈ ভাল হোৱা বুলি কয়, তেন্তে আপুনি একো খোৱাই নাই, মিছাকৈয়ে ৰান্ধনিৰ গুণগান গাইছে৷’ মোৰ ক্ষেত্ৰতো একে হয় যদি নাজানো আৰু ...। সেয়ে ৰাইজে নিজে জুতি লবলৈ ইয়াৰে আহ্বান জনাই সামৰিছো।

No comments:

Post a Comment