ৰূপালী পৰ্দা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

ৰূপালী পৰ্দা

Share This
জলন্ত সময়ৰ ছায়া-ছবি "শূন্য অংক"

অয়ন উত্তম
বৰ্তমান ‘সংবাদ শিৰোনাম’ হৈছে— নদীবান্ধ সম্পৰ্কে পুনৰ আলোচনা৷ ভাগ্য নে কি নাজানো, ঠিক এনে এক বিষয়ৰেই এখন বাংলা ছবি উপভোগ কৰাৰ সৌভাগ্য হ’ল আজি৷ পৰিস্থিতি প্ৰায় একেই, বিষয়টোও প্ৰায় দুই নাও, দুই ভৰিৰ দৰে— ফল শূন্য৷ ছবিখনৰ নামো ‘শূন্য অংক’৷


পশ্চিমবংগৰ এক ভিতৰুৱা পাহাৰীয়া অঞ্চলত পুঁজিপতি কোম্পানী এটাই খনিজ সম্পদৰ বাবে ‘মাইনিং’ কৰিব বিচাৰিছে৷ কোম্পানীটোৰ উচ্চপদস্থ বিষয়া হিচাপে অগ্নি বোস অঞ্চলটোলৈ গৈ জনজাতীয় লোকসকলৰ সৈতে আলোচনা কৰিছে আৰু আশা দিছে— বিদ্যালয়, হাস্পতাল, বিদ্যুতৰ ব্যৱস্থা কৰি দিয়াৰ৷ কিছুসংখ্যক লোক কোম্পানীৰ কথাত ভোল গৈছে, কিছুসংখ্যকে এই ‘আশা’ত ভোল নগৈ আন্দোলনৰ কাৰ্যসূচী লৈছে৷ সেই আন্দোলনত পৰোক্ষভাৱে সহায় কৰিছে ‘মাওবাদী’য়ে৷ অভিনেতাজন বিফল মনোৰথেৰে ঘূৰি আহিছে যদিও অনুভৱ কৰিছে জনজাতীয় লোকসকলৰ মনৰ ক্ষোভবোৰ৷

ৰাকা— পৰিস্থিতিৰ সৈতে হাৰি যাব নিবিচৰা ‘টাইমছ অৱ ইণ্ডিয়া’ৰ এগৰাকী সাংবাদিক৷ জনগোষ্ঠীয় লোকসকলৰ হৈ মাত মাতিছে যদিও বিচাৰিছে অঞ্চলটোৰ উন্নয়ন৷ মনৰ খবৰ লৈছে হাতত বন্দুক তুলি লোৱা মহিলা মাওবাদী সদস্যৰ৷ উমি উমি জ্বলি থকা জুইকুৰা কেনেদৰে ভমককৈ জ্বলি উঠিছে তাৰ উমান পাইছে৷ ৰাকাই অগ্নি বোসৰ সৈতে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি চলিছে যদিও জনজাতীয় লোকসকলৰ খবৰ বহিৰ্জগতক দি গৈছে৷ মাওবাদী-সেনাৰ আক্ৰমণৰ মাজতো সোমাই পৰিছে৷

মাৰ্ফী— মানালীৰ বৰফৰ মাজত নিজাকৈ এটা বাংলো সাজি বাস কৰা আৰু অতিথিক থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়া এজন বিজ্ঞানী৷ হিন্দু হৈয়ো এগৰাকী বাংলাদেশী মুছলমান তিৰোতা লেইলাক জীৱনসংগী হিচাপে আকোঁৱালি লৈছে৷ তেওঁলোকৰ একমাত্ৰ পুত্ৰক ভাৰতীয় সেনাই ‘ভুলবশতঃ’ হত্যা কৰিলে, কিন্তু মাতৃয়ে সেয়া মানি ল’ব পৰা নাই৷ অহিন্দু পুত্ৰক হিন্দুৱে হত্যা কৰাৰ অভিযোগ তুলি মানসিক ভাৰসাম্য হেৰুৱাই ভাগি পৰিছে যদিও মাৰ্ফীয়ে লেইলাক বাৰে বাৰে জীয়াই তুলিছে— মনোবল হেৰুৱাই দিয়া নাই৷ হুইল চেয়াৰত বহি বহিয়েই যুদ্ধৰ পৰিত্ৰাণ বিচাৰি কম্পিউটাৰৰ মাউচত হাত বুলাইছে, ‘হেকিং’ৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে৷

ঝিলিক বোস— অগ্নি বোসৰ পৰিবাৰ৷ এয়াৰ হোষ্টেজৰ চাকৰি এৰি দিয়ে অগ্নি বোসক ভাল পোৱাৰ বাবেই৷ সাহিত্যৰ প্ৰতি অনুৰক্ত, সংগীতৰ ভক্ত৷ অগ্নি বোসৰ মৰম, ভালপোৱা বিচৰা আৰু পখিলাৰ দৰে হাঁহি-মাতি-ফুৰি ভালপোৱা ঝিলিকৰ আছে এটা সুন্দৰ মন৷ অগ্নি বোসেও পত্নীক ভাল পায়, কিন্তু ক’ৰবাত ৰাকাৰ সান্নিধ্য বিচাৰি উত্ৰাৱল হৈ পৰে৷

প্ৰতিজনে অংক কৰে, জীৱনৰ অংক৷ পায়, আকৌ হেৰুৱায়৷ হেৰুৱায়, পুনৰ ঘূৰাই পায়৷ জটিল ‘শূন্য অংক’ৰ সহজ ফল বিচাৰি হাবাথুৰি খাইছে প্ৰতিজনে৷ আৰু এইসকলৰ পৰা আঁতৰত সেই জনজাতীয় লোকসকলে শান্তি বিচাৰিছে, তাতো পুঁজিপতিয়ে মেলি দিছে আৰক্ষী-সেনাৰ সন্ত্ৰাস৷ শান্তি বিঘ্নিত কৰিছে শান্তিকামী, নিৰ্জু জনজাতীয় লোকসকলৰ৷ ‘শূন্য’ৰ উত্তৰ বিচাৰি হাতত বন্দুক তুলি লৈছে, ‘লালচালাম’ৰ শপত লৈছে৷ আপোনজনক হেৰুৱাইয়ো হাৰি নোযোৱাৰ সংগ্ৰাম অব্যাহত ৰাখিছে৷

প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক গৌতম ঘোষৰ অনবদ্য ছবি ‘শূন্য অংক’৷ নয়নাভিৰাম ছিমলাৰ বৰফৰ দৃশ্য যদি এফালে, কণ্টকাকীৰ্ণ পশ্চিমবংগৰ পাহাৰীয়া অঞ্চলৰ দৃশ্য আনফালে৷ প্ৰতিটো দৃশ্যৰ তাল-মিল মিলাই ৰাখি কেমেৰাই গতি দিছে ছবিখনক৷ অনুপম ৰয়ৰ সংগীত প্ৰশংসনীয়৷ বিশেষকৈ ওস্তাদ ৰছিদ খানৰ শাস্ত্ৰীয় সংগীতে ছবিখনক অনন্য মাত্ৰা দিছে৷ সৌমিত্ৰ চেটাৰ্জী, কংকনা সেন শৰ্মা, প্ৰিয়াংশু চেটাৰ্জী, ললিতা চেটাৰ্জী, প্ৰিয়ংকা বোসৰ লগতে সৰু-বৰ প্ৰতিটো চৰিত্ৰত অভিনয় কৰা শিল্পীসকলে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ চিকিৎসকৰ ভূমিকাত অভিনয় কৰা শিল্পীজনে দুৰ্দান্ত অভিনয় কৰিছে (নামটো পাহৰিলোঁ)৷

বৰ্তমানৰ পৰিস্থিতিৰ সৈতে খাপ খোৱা এটা বাস্তৱ কাহিনী হৈছে ‘শূন্য অংক’৷ ছবিখন উপভোগ কৰাৰ পিছত ‘শূন্য অংক’ৰ উত্তৰ বিচাৰিবলৈ বাধ্য হ’ব প্ৰতিজন দৰ্শক, সেয়া নিশ্চিত৷ ছবিখনৰ যোগেদি দৰ্শকলৈ কেইটামান প্ৰশ্ন এৰি দিছে— স্বাধীনতাৰ পিছত প্ৰায় ছয় কোটি ভাৰতীয় নাগৰিকে নদীবান্ধ, হাইৱে’ নিৰ্মাণ, এয়াৰপ’ৰ্ট নিৰ্মাণৰ নামত ভূমি হেৰুৱাইছে— ইয়াৰে কিমানজনে সংস্থাপন পাইছে, কিমানে ক্ষতিপূৰণ পালে? উন্নয়নৰ নামত কেৱল জনজাতীয় গাঁও, জনজাতীয় অঞ্চলবোৰেই কিয় বাছি লৈ গৃহহীন, ভূমিহীন কৰা হয় থলুৱা লোকসকলক? উন্নয়নৰ নামত পাৰিবনে তেওঁলোকে মুম্বাইৰ মালবাৰ হিল্‌ছ, নতুন দিল্লীৰ চাণক্যপুৰী বা কলকাতাৰ আলিপুৰৰ দৰে অঞ্চলৰ লোকসকলক গৃহহীন, ভূমিহীন কৰিবলৈ? থলুৱা লোকসকলৰ ওপৰতেই আৰ্থিক, মানসিক, শাৰীৰিক অত্যাচাৰ কিয় চলাই পুঁজিপতি কোম্পানীবোৰে? ‘শূন্য অংক’ ...

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages