Monday, December 22, 2014

জীৱনৰ অনুভৱ

ছিটবেল্ট আৰু মূৰ্খ অসমীয়া
অৰুণজ্যোতি দাস
কৰ্মসূত্ৰে মই মৰিগাঁৱত থাকো। বিভিন্ন সকামত মৰিগাঁৱৰ পৰা গু‌ৱাহাটীলৈ প্ৰায়ে অহা-যো‌ৱা কৰা হয়। ‌এটা কথা লক্ষ্য কৰিছো যে, ‌ৱিংগাৰ বা ট্ৰেভেলাৰ জাতীয় যাত্ৰীবাহী গাড়ীবোৰৰ চালকে গু‌ৱাহাটী মহানগৰ পো‌ৱাৰ ঠিক আগে আগে ছিটবেল্ট ডাল মাৰি লয় আৰু গু‌ৱাহাটী এৰি যো‌ৱাৰ লগে লগে তাক এৰু‌ৱাই দিয়ে । এনে আচহু‌ৱা কাণ্ডৰ কাৰণ সোধোতে গম পালো, ছিটবেল্ট নলগালে ট্ৰেফিক পুলিছে বোলে ‘ফাইন’ ল’ব । সেইকাৰণেই এই ব্য‌ৱস্থা । এতিয়া কথা হ’ল , সেই চালকজনক আমি কি আখ্যা দিম, ‘বুধিয়ক’ নে ‘ধূৰ্ত’ নে ‘মূৰ্খ’ ? 

অকল পেছাগত চালকেই নহয়, ব্য‌ক্তিগত যান-বাহন থকা আমাৰ উচ্চশিক্ষিত ভদ্ৰলোক সকলৰ মাজতো এনে ৰীতি অতিকেই জনপ্ৰিয় । ‘ছিটবেল্টডাল মাৰি গ’লে দেখিবলৈ অশু‌ৱনি লাগে’, ‘গঁঞাইহে পাগলৰদৰে ছিটবেল্ট লগাই ড্ৰাইভিং কৰে’ –এইধৰণৰ এটা ধাৰণা অসমীয়া মানুহৰ মনত কেনেকৈ কেতিয়াৰ পৰা সোমাল ঠিক ক’ব পৰা নাযায় । বোধহয় অতি-আধুনিকতাৰ অন্ধ অনুকৰণৰ দৌৰত আমাৰ অসমীয়াই নিজৰ বিচাৰ-বুদ্ধিকণো হেৰু‌ৱাই পেলাইছে । ত্ৰিছ ছেকেণ্ড সময়ৰ প্ৰয়োজন হো‌ৱা এটা সাধাৰণ কাম ইচ্ছাকৃতভা‌ৱে নকৰাৰ বাবেই যে আজি কতজনে দুৰ্ঘটনাত মৃত্যু বৰণ কৰিব লগীয়াত পৰিছে, সেই কথা কোনো এজনেও অনুধা‌ৱন কৰিব পৰা হো‌ৱাগৈ নাই । আমাৰ দেশত গড় হিচাপে ৪৬১ জন মানুহ এনেবোৰ কাৰণতে প্ৰতিদিনে কে‌ৱল যান-বাহনজনিত দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে । (২০১২ বৰ্ষৰ তথ্যমতে- উৎস:-ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ চৰকাৰী প্ৰতিবেদন http://ncrb.gov.in/CD-ADSI-2012/ADSIHome2012.htm)।

এডাল ছিটবেল্টে বহি যো‌ৱা যাত্ৰী বা চালক জনক আসনৰপৰা ওলাই যাব নো‌ৱাৰাকৈ খামোচ মাৰি ধৰি থাকে । তাৎক্ষণিক সংঘৰ্ষৰ সময়ত মানুহজনক নিৰাপদে ৰখাত ইয়াৰ অৰিহণা অতিকেই গুৰুত্বপূৰ্ণ । ঠিক একেদৰে দুচকীয়া বাহনৰ ক্ষেত্ৰত হেলমেটটো‌ৱে আমাৰ শৰীৰৰ মূল চালিকা অংগ মূৰটোক সম্ভা‌ব্য ক্ষতিৰপৰা বচাব পাৰে । জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ট্ৰেফিক পুলিচক এনে আইন উলংঘনকাৰীৰ পৰা শুল্ক আদায় কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে । কিন্তু আমাৰ দুৰ্ভাগ্য এয়ে যে যিসময়ত এনে আইনে নাগৰিকক গাড়ী-চালনাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি এক নিৰাপদ বাতা‌ৱৰণৰ সৃষ্টি কৰিব পাৰিব লাগিছিল, সেই সময়ত দেশৰ জনগণই কে‌ৱল ‘ফাইন’ৰ পৰা বাচিবলৈহে তাক ক্ষন্তেকৰ বাবে ব্য‌ৱহাৰ কৰিবলৈ শিকা দেখা গৈছে আৰু ৰক্ষকসকলে সেই সুবিধাকে সাৰোগত কৰি দুপইচা অতিৰিক্ত অৰ্জনেৰে মাছে-মঙহে খাবলৈ লো‌ৱা দেখা গৈছে । ই এটা অতি পৰিতাপৰ বিষয় ।

দুই-এটা সা‌ৱধানীয়তা বা নীতি-নিয়ম মানি চলিলে আমি নিজকে দুৰ্ঘটনাৰপৰা যে বচাব পাৰিম,সেয়া নিৰ্ঘাট সত্য । গাড়ী চলাওঁতে মোবাইল-ফোন ব্য‌ৱহাৰ নকৰা, মদ্যপান কৰি গাড়ী নচলো‌ৱা –এইধৰণৰ সাধাৰণ কেইটামান সতৰ্কতায়েই যান-বাহনৰ দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট পৰিমাণে কমাব পাৰিব বুলি আমি বিশ্বাস কৰোঁ । ক’বলৈ গ’লে গাড়ী-চালনাৰ নীতি-নিয়ম, হৰ্ণ ব্য‌ৱহাৰৰ প্ৰয়োজনীয়তা, ৰাতিৰ সময়ত বা দিশ সলাওতে দিব লগীয়া ‘চিগনেল’সমূহৰ বিষয়ে ধাৰণা আদিৰ ওপৰত আমাৰ অসমীয়া মানুহৰ জ্ঞান তেনেই সীমিত । জ্ঞান অ‌ৱশ্যে ওপজিবই বা কেনেকৈ - বিনা পাৰদৰ্শিতা, বিনা পৰীক্ষণেৰে যেতিয়া ড্ৰাইভিং লাইচেন্সেই পো‌ৱা যায় ! 

বছৰেকত এবাৰ মাত্ৰ ‘পথ-সুৰক্ষা সপ্তাহ’ৰ ( ২-৭ জানু‌ৱাৰী ) নামত সভা অনুষ্ঠিত কৰাতকৈ চৰকাৰেও জনসাধাৰণক নিৰাপদ গাড়ী-চালনা, নীতি-নিয়ম, চিহ্ন-চিনাকি ইত্যাদি বিষয়ক চুটি চলচ্চিত্ৰ প্ৰদৰ্শন, বক্তৃতা অনুষ্ঠান, ব্য‌ৱহাৰিক শিক্ষাদান আদি কাৰ্যসূচী গা‌ৱেঁ-ভূঁঞে ৰূপায়ণ কৰি সচেতনতা বৃদ্ধিৰ যথোপচিত পদক্ষেপ গ্ৰহণ কৰা উচিত ।

No comments:

Post a Comment