Wednesday, December 10, 2014

অনুভৱ

পাঠকৰ সঁহাৰি
অজয় লাল দত্ত


কোনো কাকত বা আলোচনীত কোনো এটা লেখা প্ৰকাশ পালে মনটো ভাল লাগেই। তাতোকৈ ভাল লাগে পাঠকৰ সঁহাৰি পালে। আজিকালি ফেচবুক বা টুইটাৰতে চিনাকিজনে তাৎক্ষণিক মতামত দিয়ে। কিন্তু তাতোকৈ ভাল লাগে যেতিয়া অচিন কোনো পাঠকে ৰাজ্যৰ কোনো এটা প্ৰান্তত লেখাটি পঢ়ি মনত ইমান আনন্দ অনুভৱ কৰে যে তেওঁ সেই লেখাৰ অচিনাকি লেখকলৈ ফোন কৰে। তেনে ফোনকলেৰে নতুন কোনো পাঠকৰ মনৰ পোনপটীয়া আন্তৰিক সঁহাৰি আৰু পৰামৰ্শ লাভ কৰাটোৱেই বৰ্তমানলৈকে লেখাৰ ফলত পোৱা উৎকৃষ্ট "প্ৰতি -উপহাৰ" বুলি গণ্য কৰো। 



কালিও তেনে এক ফোন পালো। পাঠকগৰাকী বৰপেটা জিলাৰ কোনো এটা চৰ অঞ্চলৰ। নামটোও মনত ৰাখিব নোৱাৰিলো। আচলতে উচ্চাৰণৰ পাৰ্থক্য বা বৈশিষ্ট্য আৰু প্ৰায় পাঁচোটা শব্দৰ নামৰ দৈৰ্ঘৰ বাবেই চাগৈ মনত নাথাকিল! কিন্তু তেখেতৰ সৰল কথাখিনিয়ে নিশ্চয়কৈ মনত ৰেখাপাত কৰিলে। তেখেতে হোজাইৰ পৰা প্ৰকাশিত “জ্ঞান সম্ভাৰ” নামৰ আলোচনীত এটা ৰাজনৈতিক দলৰ অসমীয়াৰ প্ৰতি থকা আন্তৰিকতা সন্দৰ্ভত লিখা প্ৰৱন্ধটোৰ বিষয়ে সঁহাৰি দিছিল। তেখেতৰ মতে, ভাৰত আৰু বিশেষকৈ অসমত ধৰ্ম আৰু সম্প্ৰদায় ভিত্তিক ঘৃণাৰ ৰাজনীতিৰ উকমুকনিৰ এক কুটিল সময়ত আমি উপস্থিত হৈছোহি। এনে সময়ত যি কোনো ৰাজনৈতিক বিষয়ৰ ওপৰত লেখা একপক্ষীয় হোৱাতকৈ বিশ্লেষণাত্মক আৰু ৰাইজৰ মাজত উদয় হোৱা প্ৰশ্ন সমূহ প্ৰতিফলিত কৰাটোহে বেছি জৰুৰী। কোনবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিলে আঁৰৰ ৰাজনীতিৰ শিপাৰ সন্ধান ৰাইজে কৰিব পাৰিব সেয়া বেছি গুৰুত্বপূৰ্ণ। তেখেতে লেখাটি পঢ়িয়েই তেনে এক সমতাপূৰ্ণ আৰু প্ৰশ্ন-উদয় কৰা লেখা বুলি বিবেচনা কৰিছে আৰু এনে লেখা আগলৈকো যাতে পঢ়িবলৈ পায় তাৰ নিশ্চিতি পাবৰ বাবে, আহ্বান জনাবৰ বাবেহে তেখেতে ফোন কৰিছে!


তেখেতে জনোৱা মতে, হোজাইৰ পৰা মাৰ্কাজুল নামৰ প্ৰকাশন প্ৰতিষ্ঠানৰ পৰাই “জমিয়ত” নামৰ আন এখন সাপ্তাহিক কাকতো প্ৰকাশ পায়। গ্ৰাম্যাঞ্চল আৰু চৰ-অঞ্চলত এই কাকতখনৰ যথেষ্ট প্ৰচলন আছে। বহুতো ভিতৰুৱা অনুন্নত ঠাইৰ মানুহৰ বাবেও এই এক বাৰ্তাবাহক স্বৰূপ। তেখেতে সেই কাকততো নিয়মীয়াকৈ স্তম্ভ লিখিলে ভাল হব বুলি পৰামৰ্শ দিলে। সাম্প্ৰতিক প্ৰসংগ সমূহত এনে সমতাপূৰ্ণ আৰু প্ৰশ্ন-বোধক লেখাই ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰিব বুলিও তেখেতে অনুভৱ প্ৰকাশ কৰিলে।

তেখেতৰ পৰামৰ্শৰ পৰা দুটা কথাই অনুভৱ কৰিব পাৰিলো যে, অসমত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ক্ষুদ্ৰ আলোচনী আৰু বাতৰিকাকতৰ প্ৰচাৰ আৰু গণমাধ্যমৰ প্ৰসাৰ চলি আছে। যিবোৰ গ্লেমাৰ সদৃশ কাকত আলোচনী পঢ়া ৰাইজৰ চকুত নপৰে। কিন্তু তেনে ক্ষুদ্ৰই হওক বা মফচলীয় চহৰৰ পৰা প্ৰকাশিত বাৰ্তালোচনী বা বাতৰি-কাকতৰো এক বিশেষ শ্ৰেণীৰ পাঠক আছে আৰু তেওঁলোকৰ মন-মগজুক সেই সমূহ বাৰ্তাৰ সমলে চিন্তাপুষ্ট কৰিবলৈ সক্ষম হৈছে। আৰু লেখক হিচাবে সৰ্ব-স্তৰৰ ৰাইজৰ মাজত চিন্তাৰ সমল যোগাবলৈ উপলদ্ধ কোনো মাধ্যমকেই হেয় বুলি ভবাটো উচিত নহয়। এই প্ৰসংগতে সিদিনা আমাৰ লেখা প্ৰকাশ হোৱা দুই-এখন কম চাৰ্কুলেচন হোৱা কাকতৰ প্ৰসংগত “তুমি যে লিখিবলৈ পেপাৰ বিচাৰি পোৱা” ধৰণৰ মন্তব্য দি এগৰাকী জ্যেষ্ঠ শুভাকাংখীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তাতোকৈ গ্লেমাৰ দিব পৰা কাকতলৈহে লেখা প্ৰকাশৰ বাবে দিহা প্ৰদান কৰিছিল। কিন্তু আমাৰ অনুভৱৰ পৰা গ্লেমাৰ থকা বা নথকা কাকতৰ পাঠকৰ সমাজ একেখন নহয়। লেখাৰ গ্লেমাৰতকৈ সহজ সৰল সাধাৰণ মানুহৰ মনতো চিন্তাৰ বীজ সিঁচাতো আমাৰ দৃষ্টিত বেছি প্ৰয়োজনীয়! আপোনাৰ দৃষ্টিত একা?

এই অভিজ্ঞতাৰ পৰা আকৌ কেইবাটাও কাম কৰিবলৈ অনুপ্ৰেৰণা পালো। এটা হ’ল অসমৰ বিভিন্ন মফচলীয় চহৰৰ পৰা প্ৰকাশ পোৱা ক্ষুদ্ৰাদিক্ষু্দ্ৰ বাৰ্তালোচনী সমূহৰ কথা “অসমীয়াৰ সুখ-দুখ”ৰ জৰিয়তে আলোচনা কৰি পাৰ্যমানে ৰাইজৰ দৃষ্টিলৈ অনা আৰু সেই সমূহ অতি কষ্টৰেই হওক বা কাৰোবাৰ পৃষ্ঠপোষকতাৰেই হওক সাধ্যানুসৰি প্ৰকাশ কৰি অসমৰ চিন্তাৰ জগতলৈ অৰিহণা যোগোৱা সকলৰ নিৰৱ কৰ্মক প্ৰশংসা কৰা। ইয়াৰ লগতে সমূহ আলোচনী, সংবাদ মাধ্যমৰ যোগাযোগৰ ঠিকনা, স্থানীয় সাংবাদিক সকলৰ তালিকা, নম্বৰ আদিও এক তথ্য বেংক ৰূপে ৰাইজে পোৱাকৈ যুগুত কৰি ৰখা। আৰু সাধ্যানুসাৰে সেই সমূহ ক্ষুদ্ৰ আলোচনীকো অনলাইন পুথিভঁৰালত পুৰণি/শেহতীয়া পিডিএফ সংস্কৰণ ৰখাৰ বাবে বা অনলাইন ইউনিকোড সংস্কৰণৰ বাবে অনুৰোধ জনোৱা। তাৰ লগতে বৰ্তমানে অসমীয়া ইউনিকোডৰ মাধ্যমত নকৈ অসমীয়াত সৃষ্টিশীল লেখা লিখিবলৈ লোৱা দেশ-বিদেশত থকা অসমীয়া সকলৰ নিৰ্বাচিত লেখা বা সমলক সেই গণ-মাধ্যম সমূহলৈ যোগান ধৰা বা লেখক-আলোচনীৰ মাজত সমন্বয় সূত্ৰ আগবঢ়োৱা। ইয়াৰ দ্বাৰা অসমীয়া চিন্তা-চেতনাৰ চৰ্চা কৰা ক্ষেত্ৰখনক এক সূত্ৰৰে বান্ধি পাঠক-লেখক-প্ৰকাশক সকলোকে উপকৃত কৰিব পৰা যাব। আৰু নতুন প্ৰজন্মৰ লেখক সকলৰ পৰাও এই ক্ষেত্ৰত সক্ৰিয় সহযোগিতা কামনা কৰিছো।

“পাঠকৰ সঁহাৰি”য়ে আমাক প্ৰেৰণা দিয়াৰ এয়াই একমাত্ৰ উদাহৰণ নহয়। ইয়াৰ আগতেও এগৰাকী সচেতন পাঠকৰ তীক্ষ্ণ সঁহাৰিয়ে আমাক উপকৃত কৰিছে। তেখেতে আমাৰ এটি লেখাক লৈ ইমানেই মৌলিক সমালোচনা কৰিলে যে, তেতিয়াৰ পৰাই লেখাবোৰক লৈ পাঠকৰ সঁহাৰি সন্দৰ্ভত সচেতন হবলৈ আৰম্ভ কৰিবলৈ বাধ্য হ’লো। “মোৰ কলম, মোৰ কথা” ধৰণৰ মানসিকতা বাদ দি লেখাবোৰে বহন কৰা ইংগিত বা চিন্তাই সমাজত কেনে ধৰণৰ প্ৰভাৱ পেলাব সেই কথাও চিন্তা কৰিবলৈ আৰম্ভ কৰিলো। যিবোৰ কথা পোনে পোনে নিলিখিলেই ভাল, তেনেধৰণৰ কথাকো হাস্য ব্যংগ বা উদয় হোৱা প্ৰশ্নৰ ৰূপত তুলি ধৰিবলৈ বিকল্প পথৰ সন্ধান পালো। ৰিপুঞ্জয় গগৈৰ সমালোচনামূলক প্ৰৱন্ধ “আপোনাৰ লেখাৰ উদ্দেশ্য কি” শিৰোনামাটোৱে লেখিবলৈ ললেই “লেখকৰ সামাজিক দায়বদ্ধতা”লৈ সোঁৱৰাই দিয়ে। সেয়ে বৈষম্যপূৰ্ণ, একপক্ষীয় প্ৰচাৰ-প্ৰপাগাণ্ডামূলক লেখাতকৈ সমতাপূৰ্ণ আৰু পাঠকৰ মনত চিন্তা জগাবলৈ বা আলোড়িত কৰিব পৰাকৈ লেখা একোটা লেখক সকলে যুগুত কৰা উচিত। বিশ্লেষণাত্মক লেখাত লেখকৰ প্ৰপাগাণ্ডা  জাপি দিয়াতকৈ মৌলিক দিশ, কথাবোৰ সৰল ভাষাত ফঁহিয়াই তুলি ধৰি চিন্তা আৰু সিদ্ধান্তৰ ভাৰ পাঠকলৈকে এৰি দিয়াৰ চেষ্টা কৰা উচিত। যাতে পাঠকে পোনপটীয়া উচ্ছাসপূৰ্ণ অথবা তীক্ষ্ণ সঁহাৰিৰে লেখকৰ কলমত ঘঁহি পিহি পোনাই-পাজৰাই নিবলৈ এক স্পীহা অনুভৱ কৰে! তেহে লেখক-পাঠকৰ দ্বি-পাক্ষিক সহযোগিতাত চিন্তাবোৰে এক সৱল ধাৰা গঢ়ি তুলিবলৈ সক্ষম হব।

1 comment:

  1. লেখাৰ গ্লেমাৰতকৈ সহজ সৰল সাধাৰণ মানুহৰ মনতো চিন্তাৰ বীজ সিঁচাতো আমাৰ দৃষ্টিত বেছি প্ৰয়োজনীয়!
    Its right.
    "প্ৰতি -উপহাৰ" dilu.

    ReplyDelete