মুম্বাই মছালা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
চিৰ ধৰুৱা আৰু ভাৰ্চুৱেল সাহস
অজয় লাল দত্ত
(১)
তুলনামূলক খৰছ
আজিকালি কাৰোবাক এসাঁজ ভাত খাবলৈ মাতিলেও মাছ, মাংস সকলো আয়োজন কৰিলে কম পক্ষেও এহেজাৰ টকা খৰছ পৰে। এই ধৰক আঁৰি মাছ এক কিলো চাৰিশ টকা, ছাগলীৰ মাংস এক কিলো চাৰিশ টকা কমপক্ষেও। বাকী ফুলকবি, বিলাহীৰ তালিকাখন উল্লেখ নকৰিলেও সৰু পলিথিন এটা ভৰাই শাক-পাত আনিবৰ বাবেও টকা দুশ কমেই পৰে! (ইলাহী খানা বুলি ধৰি লৈ)

আজি পুৱাই মাছ-মাংস আনিবৰ বাবে শ্ৰীমতী সহিত দুয়ো মাংসৰ দোকানত ৰৈ থাকোতে কথাষাৰ উনুকিয়াই দিছিলো। পিছে ঘৰত স্বচ্ছতা অভিযানত দৈনিক হাত আগবঢ়াবলৈ অহা মানুহগৰাকীক ইয়াত ক'লনীত মাত্ৰ ছশ টকাহে দিয়ে! মানে দৈনিক ২০টকা! কিন্তু গুৱাহাটীত এবাৰ ফ্লেট এটা ভাড়ালৈ লবলৈ লৈ প্ৰথম এদিন ঘৰটো মচি দিবলৈ গনেশগুৰিৰ পৰা এগৰাকী মহিলা কৰ্মীক আনি দুশ টকা দিব লগা হৈছিল। কথাটো তুলনামূলক!

এগৰাকী বনকৰা মহিলাই ঘৰে প্ৰতি ত্ৰিশ মিনিটতকৈ খৰছ কৰি অন্ততঃ দহঘৰ মানুহৰ ঘৰত কাম কৰিলে মাহে ছয় হাজাৰ টকা উপাৰ্জন কৰিব পাৰে। তাৰে ঘৰ ভাড়া দি, খাই বৈ মাত্ৰ আনৰ ঘৰত কাম কৰিবৰ বাবেহে জীয়াই থাকিব লগা অৱস্থা নহয়নে এইটো! তাতে বেমাৰত পৰি এদিন নাহিলেই কাম কৰা মানুহঘৰৰ পৰা ভাল সহানুভূতিৰ মাত এটা শুনাতকৈ "কৈ বেমাৰত পৰিব নোৱাৰা নেকি" ধৰণৰ কেটেৰা জেঙেৰা শুনিব লগা হয়! কিছুমানে ২০টকাকৈ প্ৰতিদিনে কাটেও বোলে! আজিকালিৰ বৰ্ধিত চিকিসা ব্যয়ৰ কথালৈ চকু দিলেতো, আনৰ ঘৰত এনে সুলভ সেৱা কৰি সমাজ নিকা কৰি থাকিবলৈকো টিকি থাকিবলৈকে বহুত বেছি টকা লাগে! 

মাত্ৰ আমেৰিকাৰ দৰে চিকুন দেশৰ স্বপ্ন দেখিলে নহব, তাৰ দৰে সামাজিক সুৰক্ষা, স্বাস্থ্য বীমা, নুন্যতম মজুৰীৰ ব্যৱস্থাও কৰিব লাগিব। এসাঁজ ভাত মাছে মঙহে খাব পৰাকৈ আমাক সু-স্বাস্থ্যৰে থাকিবলৈ পৰিবেশ গঢ়ি দিয়া চাফাই কৰ্মী সকলক অন্ততঃ দুই-তিনিসাঁজৰ এনে খৰছ মজুৰী ৰূপে দিব পাৰিব লাগিব। এয়া আমি আৰম্ভ কৰাতকৈ প্ৰতিবেশী ঘৰে আৰম্ভ কৰিলে বেছি ভাল লাগিব, নে কি কয়? আপোনাৰ ঘৰৰ পৰা নিশ্চয়কৈ অৱশ্যে কৰিব পাৰে ইয়াৰ শুভ আৰম্ভণি!
(২)
চিৰ ধৰুৱাৰ ভাৰ্চুৱেল সাহস
মায়ে ফোন কৰিলেই সেই কবিতাটোলৈ মনত পেলাই দিয়ে। সুখ নাই সুখ নাই চিৰ ৰোগীয়াৰ, অনুমাত্ৰ সুখ নাই চিৰ ধৰুৱাৰ! সেইযে লোনৰ পৃথিৱীখনে সৃষ্টি কৰা মায়াজালখনত ভৰি দিলো, এটাৰ পিছত এটা, সেই ই.এম.আইযে সহজ কৰা সংসাৰখনৰ সৈতে অভ্যস্ত হৈ পৰিবলৈ ধৰিলো। সেই কথাটোকে আচলতে মায়ে সোঁৱৰাই থাকে। যি কোনো বস্তু লবলৈ আমি আৰ্জনৰ কথা বা সীমাবদ্ধতালৈ পাহৰি, ভাৰ্চুৱেলী সাহসী হৈ পৰিছো। লৈ লও, ইএমআই দি থাকিম ধৰণৰ মানসিকতাৰে মাহৰ পাছত মাহ ধাৰৰ বোজা বহন কৰিছো। ইটো শেষ হৈছে, সিটো ধাৰৰ বোজা আঁৰি লৈছো....

আজিকালি এনে অৱস্থা এটাত উপনীত হৈছোহি যে এচ.এম.এচ আহিলে ভয়েই লাগে। আহিলে চাগৈ আকৌ কোনোবা এটাত পইচা দিবৰ বাবে নটিচ! মাহৰ প্ৰথমতে বেংকৰ লোনৰ টকা কটাৰ এচ.এম.এচ আহিব। তাৰ পাছত লাইটৰ বিলৰ এচ.এম.এচ। তাৰ পাছত ফোনৰ, গেছৰ, মাহৰ শেহৰ ফালে সকলো আদায় দিয়াৰ বাবে ধাৰ লোৱাৰ তালিকাৰে পৰিশোধ কৰিব লগা সমূহীয়া বিল ক্ৰেডিট কাৰ্ডৰ! দিনবোৰ আহি আছে, পৰিশোধ কৰি আছো, বস্তু লৈ আছো। অনলাইন ধাৰোৱাৰ জীৱনপঞ্জী একোখন যেন এইদৰেই গঢ় লৈ উঠিছে। এয়া প্ৰায়বোৰ মধ্যবিত্তৰে নতুন শৈলী হৈ উঠা নাইনে?

এতিয়া আকৌ নতুন অফাৰ আহিছে। যদি আপোনাৰ ধাৰৰ বোজা বেছি হৈছে, গতিকে মাহেকত ই.এম.আই দিব পৰা নাই, তেন্তে এটা কাম কৰক, ৰি-ফাইনেন্স কৰাই লওক, পাঁচ বছৰৰ ধাৰ সাত বছৰত মাৰিব, লাগিলে দহ বছৰত। সেইটো নোৱাৰিলে ঘৰৰ মেৰামতিৰ লোন লওক, তাক বিশৰ পৰা ত্ৰিশ বছৰৰ হাউচিং লোনলৈ পৰিবৰ্তিত কৰক। মুঠতে এৰি নিদিব। ডাঙৰ বিপদক সৰু দীঘলীয়া বিপদলৈ ৰূপান্তৰ কৰক....ভয় কিহৰহে!

উপাৰ্জন বঢ়া নাই কথা নাই। তথাপিও আমি ভাৰ্চুৱেলি সাহসী হবলৈ এৰি দিয়া নাই। সাহস দিবলৈ মিঠা মাতেৰে প্ৰতিদিনেই ফোন কৰি খবৰ লবলৈ "টেলি-মাৰ্কেটিং"ৰ ভণ্টীসকল আছেই নহয়! এৰি নিদিব, সুখ লওক আজিয়েই, ধাৰ পাছতো মাৰি থাকিব.... অহোৰাত্ৰি অনাদি অনন্ত...। এতিয়া চিৰ ধৰুৱাৰহে উপভোগৰ সময়, অসমীয়াৰ পদ্য আৰু এতিয়াৰ গ্লোবেল ফাইনান্সৰ পৃথিৱীত নেচেল!
(৩)
ঠাই আৰু জুতি
আজি পুৱা ওলাই যাওতে, শাক-পাত-ফুল আদি বিক্ৰী কৰা এহাল দম্পত্তিয়ে সেউজীয়া চাটনি লগাই ধুনীয়াকৈ গছৰ তলত বহি পকৰী খাই থকা দেখিলো। বৰ মন গৈছিল, সেই সোৱাদ লবলৈ। তেওঁলোকে বাৰু নিৰ্মল বাবাৰ পৰামৰ্শ মানি সেউজীয়া চাটনিৰে পকৰিৰ মাজত গাহৰ্স্থ সমস্যাৰ সমাধান বিচৰা নাইতো। বাবাই দিয়া দৰৱ নে এনেই পকৰি, মনলৈ বহু কথাই ভাঁহি আহিল।

যি কি নহওক, সিদিনা পিকে চিনেমাখন চাই ওলাই আহোতে অৱেৰয় মলৰ ওচৰতে বাচষ্টেণ্ডত ধুনীয়াকৈ গৰমা গৰম চিঙৰা বিক্ৰী কৰি আছিল। কোলাত কনমানিটো, আগে আগে অটো বিচাৰি খৰকৈ খোজ দিয়া শ্ৰীমতী। হেৰা, এটা খাও নেকিহে। আপোনাৰ অকল, যতে ততে খোৱা খোৱা, আয়ৈ দেহি, গৰম চিঙৰাটোত চেঁচা পানী ঢালি দিলেই নহয়। খোৱা নহ'ল বুইছে, আজিৰ গছৰ তলত মহানন্দে পকৰি খাই থকা দেখি চিঙৰা কেইটা আকৌ মানসপটত আৱিৰ্ভাৱ হৈছেহি। জিভালৈ পানীও আহিছে... লুভীয়া মানুহৰ মন যে, কি কৰিব!

ওপৰৱালাৰ কৃপাতেই হওক বা কৰ্মৰ বলতেই হওক, পাঁচ তাৰকা থকা হোটেলতো খোৱাৰ অভিজ্ঞতা লাভ কৰিছো। তিনি-তাৰকা হোটেলত ফ্ৰীজত থোৱা পুৰণি অথচ গৰমাই দিয়া "ফ্ৰেছ খানা" খাই আহি পিছদিনা অৱস্থা কাহিল হোৱা পৰিস্থিতিৰো মুখামুখি হৈছো। তাতকৈ পদপথত খোৱাবোৰৰ সেই ক্ষেত্ৰত ৰেকৰ্ড ভাল! সেয়ে খোৱাৰ ক্ষেত্ৰত এই তাজা তাটকা, গৰমা-গৰম বনাই আছে খাই গৈছে, সকলো খটম, ধৰণৰ চালু হোটেলত খোৱাটোত বেছি গুৰুত্ব দিও। ৰাস্তাৰ কাষৰ ফ্ৰীজ নাইকীয়া খোৱাৰ দোকান প্ৰথম পচন্দ। তাত একেটা তেলকে ব্যৱহাৰ কৰি থাকে, সেইটোলৈ দৃষ্টি নিদিলে বাকী সকলো সতেজ! ভাৰতীয় পদ-পথৰ খানাৰ লগত গোটেই পৃথিৱীৰ সকলো তাৰকাযুক্ত কৰা হোটেল বা চেফৰ খানায়ো আমাৰ জিভাত অন্ততঃ পাত্তা নাপায়!

খোৱাৰ ঠাই ভেদে সঁচাই খাদ্যৰ জুতি বেলেগ বেলেগ হয়। এনেকৈ অস্থায়ী হোটেলৰ খানাৰ ভিতৰত ধেমাজিৰ সাপ্তাহিক বজাৰত ১৯৯২ চন মানতে এবাৰ বিহু বজাৰত দোকান দি দুপৰীয়া নিজৰ আৰ্জনৰ ধনেৰে কুকুৰা মাংসৰ জোলেৰে খোৱা ভাত সাজ এতিয়াও জিভাত লাগি আছে। কোনোবা বঙালী ৰান্ধনীৰ হাতেৰে ক'লাকৈ জালুক-চালুক দি ৰন্ধা, তেল উপঙি থকা লোকেল মুৰ্গীৰ জোল...উস্! (তেতিয়া গোলকীকৰণৰ উপহাৰ ব্ৰইলাৰটো আমাৰ গাঁৱত আহি পোৱা নাছিল চাগৈ।) তেনেকৈয়ে মাহঁতৰ সৈতে বোকাত লেটিপেটি হোৱা ভৰিৰে, আধা ভিজা গাৰে, পথাৰৰ আলিত বহি খোৱা ৰোৱণীৰ টোপোলাৰ ভাত কেইটা! আঘোণৰ নৰানিৰ মাজত দুপৰীয়া ৰ'দত বিৰিয়া মাৰি গুজি স্কাৰ্ফ আৰি ছাঁৰ সৃষ্টি কৰি খোৱা ৰবাব টেঙাৰ কথা নকলোৱেই যেনিবা। সেয়ে পৰিবেশ বুজি, সোৱাদ লবলৈ কেতিয়াও নেৰিব! কোনটো জুতি কেতিয়া জিভাত লাগি ৰয় কি ঠিকনাহে!

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages