Monday, December 15, 2014

সা্ম্প্ৰতিক প্ৰসংগ

অসমত উন্নত ৰাজহুৱা পথ পৰিবহন ব্য‌ৱস্থাৰ সপোন 
অৰুণজ্যোতি দাস
প্ৰচণ্ড ভীৰ , উৎকট গৰম আৰু বিকট শব্দ প্ৰদূষণৰ মাজত আপুনি যদি ঘড়ী চাই চাই গু‌ৱাহাটীৰ চিটিবাছত বহি বা থিয় হৈ সময় কটাব পাৰিছে, তেন্তে আপুনি নিজকে সৌভাগ্য‌ৱান বুলি ভা‌ৱক। কিয়নো, সমীক্ষাসমূহত প্ৰমাণিত হৈছে যে, বিলাসী গাড়ীত অহা-যো‌ৱা কৰা লোকসকলতকৈ চিটি বাছত সদায় আহ-যাহ কৰাসকলৰ সহনশীলতা অতি বেছি হয় আৰু তেওঁলোকে জী‌ৱনৰ যিকোনো কঠিন পৰিস্থিতিতে ধৈৰ্যচ্যুতি নোহো‌ৱাকৈ যিকোনো সমস্যাৰ সতে মুখামুখি হ’ব পাৰে । গু‌ৱাহাটীৰ চিটিবাছৰ অভিজ্ঞতাৰ বিষয়ে এজন অষ্ট্ৰেলিয়ান পৰ্যটকে সিদিনা আশ্চৰ্য প্ৰকাশ কৰিছে অতি সহজ ভাষাৰে -‘It was an Horrible experience..’ । ইয়াৰ বাবে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী, জিলা পৰিবহন বিষয়া তথা চিটিবাছ চালক-মালিক-সন্থা অসমৰ ৰাইজৰ ধন্যবাদৰ পাত্ৰ । 

আজিকালি প্ৰতিযোগিতাৰ দৌৰত বিভিন্ন গাড়ী নিৰ্মাণ কোম্পানীয়ে মানুহক টানি আঁজুৰি গাড়ী বেচিবলৈ আৰম্ভ কৰিছে । চতুৰ ব্য‌ৱসায়ীসকলে দহ টকাটোৰ ঠাইত বিশ টকা লাভ কৰিবৰ বাবে এটকাও নিদিয়াকৈয়ে আপোনাক গাড়ী একোখন আনি ঘৰ পো‌ৱাৰ বন্দো‌ৱস্ত কৰি দিয়ে । ইয়াৰ ফলত প্ৰয়োজন থাকক বা নাথাকক, বহু মধ্যবিত্ত পৰিয়ালেও আজিকালি গাড়ী একোখন কিনি নিজৰ ‘স্টেটাচ’ক ‘ধনী মানুহ’লৈ উন্নীত কৰিবলৈ প্ৰয়াস কৰে । অৰ্থনীতি বিশেষজ্ঞসকলে ফঁহিয়াই দেখু‌ৱাইছে যে, এনে কৰাৰ ফলত আমি ভ‌ৱাৰ দৰে নিজকে নিজে ধনী বুলি দেখু‌ৱাব পাৰিছো হয়, পিছে দেশখনক বোলে পৰোক্ষভা‌ৱে দুখীয়াহে কৰিছোঁ ! বাৰু যি কি নহওঁক, অৰ্থনীতিৰ জটিল পাকলগা কথাখিনি সদ্যহতে দূৰত ৰাখি আমি অন্ত:ত এইটো কথা উপলব্ধি কৰিব পাৰো যে, গাড়ীৰ সংখ্যা বৃদ্ধি হো‌ৱাৰ ফলত যান-বাহনৰ বেমেজালি আগতকৈ অনেক বেছি হৈছে । প্ৰত্যেকখন গাড়ীয়েই দৈনিক কিমান যে অনিষ্টকাৰী ধোঁ‌‌ৱা আৰু গেছ বায়ুমণ্ডললৈ এৰি দিছে তাৰ কোনো হিচাপ নাই । আৰু এই বিষাক্ত গেছখিনিয়েই বায়ু প্ৰদূষিত কৰি আমাৰ জী‌ৱনৰ বাবে নীৰ‌ৱ ঘাতকৰ ৰূপ লৈছে । 

অন্যহাতে পৃথি‌ৱীৰ অভ্যন্তৰত জমা থকা খাৰু‌ৱা তেলৰ পৰিমাণো দিনক দিনে কমি আহিছে । খাৰু‌ৱা তেলৰ উপভোক্তাৰ সংখ্যা বাঢ়ি যো‌ৱাৰ লগে লগে এই সীমিত সম্পদৰ ভাণ্ডাৰো উদং হো‌ৱাৰ পথত আগবাঢ়িছে ।গাড়ী-মটৰ বেছি হো‌ৱা মানেই এনে উপভোক্তাৰ সংখ্যা বৃদ্ধি হো‌ৱা। গতিকে পৃথি‌ৱীত গাড়ী-চালকৰ সংখ্যা বাঢ়ি যো‌ৱাটো নি:সন্দেহে এটা বেয়া খবৰ, যিয়ে আমাক অনাগত ভ‌ৱিষ্যতত হয়তো আক্ষৰিক অৰ্থত পংগু কৰি তুলিবও পাৰে । 

পৰিবহন মন্ত্ৰণালয়ৰ তথ্যমতে ইং ২০১১ বৰ্ষটোত আমাৰ দেশত সৰ্বমুঠ ৪.৯৭ লাখটা যান-বাহনজনিত দুৰ্ঘটনা সংঘটিত হয় য’ত মুঠ ১,৪২,৪৮৫ জন লোকে প্ৰাণ হেৰু‌ৱায় । ইয়াৰ অৰ্থ এয়ে যে আমাৰ ভাৰতবৰ্ষত প্ৰতি মিনিটতে একোটাকৈ দুৰ্ঘটনা হয় আৰু এনে যান-বাহনজনিত দুৰ্ঘটনাত প্ৰতি ৩.৭ মিনিটৰ অন্তৰালত একোজনকৈ ভাৰতীয় প্ৰাণ দান দিয়ে । এই সংখ্যা বৰ্তমানে বিশ্বৰ ভিতৰতে সৰ্বাধিক। মদ্যপায়ী চালকৰ ভুল চালনাৰ লগতে এনে অবাঞ্চিত মৃত্যুৰ বাবে দায়ী দেশত অভা‌ৱনীয় হাৰত বৃদ্ধি পো‌ৱা গাড়ীৰ সংখ্যাও । ভাৰতত বৰ্তমানে গাড়ী নিৰ্মাণকাৰী আৰু কিনোতাৰ পৰিমাণ অতি দ্ৰুত গতিৰে বাঢ়িব ধৰিছে । এতিয়া আমাৰ দেশৰ প্ৰতি ২৪ জন লোকৰ মাজত এখনকৈ গাড়ী হৈছে । গতিকে এই অধিক গাড়ী-মটৰৰ পৰিপেক্ষিতত সঘনাই হো‌ৱা যান-জঁটৰ বাবেও ভাৰতত অত্যাধিক হাৰত দুৰ্ঘটনা সংঘটিত হ’বলৈ পায় বুলিও প্ৰতিবেদনবোৰত প্ৰকাশ পাইছে। 

তাৰোপৰি আমাৰ দেশৰ এই পুতৌজনক পৰি‌ৱহণ-ব্য‌ৱস্থাটোক প্ৰতিজন নাগৰিকেই ভালদৰেই চিনি পায় ইয়াৰ শোচনীয় আলি-পদূলি তথা দলং-কালভাৰ্টবোৰৰ যোগেদি । এই কথা নক’লেও বোধগম্য হ’ব যে গাড়ী-মটৰৰ অধিক বোজা আৰু অত্যাচাৰেও আমাৰ ৰাস্তাবোৰৰ অ‌ৱস্থাক আৰু অধিক তথৈবচ হ’বলৈ বাধ্য কৰিছে । 

এবাৰ ভা‌ৱি চাওঁকচোন, ৪৫ খন সৰু গাড়ীয়ে এটা ৰাস্তাৰ কিমান খিনি ঠাই আগুৰিব পাৰে ? এশাৰীত দুখনকৈ ৰাখিলেও প্ৰায় ২৩খন গাড়ীৰ দৈৰ্ঘ্যৰ সমান অৰ্থাৎ প্ৰায় এশ মিটাৰমান হ’ব । এই একে পৰিমাণৰ ঠাইত আমি যদি সৰু গাড়ীৰ সলনি দীঘল বাছগাড়ী ৰাখোঁ, তেন্তে প্ৰায় ৫-৬খন মানহে ৰাখিব পাৰিম। প্ৰতিখন দীঘল বাছতে অতি কমেও ৪৫ জন মানুহ বহিব পৰাৰ সুবিধা থাকে । গতিকে এই কথাৰ পৰা এইটো প্ৰতীয়মান হয় যে যিসময়ত ৪৫x৫=২২৫ জন মানুহে বাছত বহি যাব পাৰিলেহেঁতেন,সেই মূহুৰ্তত আমি ব্যক্তিগত যান-বাহনেৰে মাত্ৰ ৪৫ জন বা ৬০ জন মান মানুহেই ৰাস্তা এটাৰ বৃহৎ অঞ্চল এটা আগুৰি ভ্ৰমণ কৰি আছো । দেখিবলৈ অতি সাধাৰণ যেন লগা এই উদাহৰণটো‌ৱে কিন্তু আমাৰ বৰ্তমান সময়ৰ এটা বৃহৎ সমস্যাক প্ৰতিনিধিত্ব কৰিছে । 

সেয়েহে এই পৃথি‌ৱীৰ সকলো উন্নত ৰাষ্ট্ৰতে যান-বাহনৰ ক্ষেত্ৰত বৰ্তমানে অধিক গুৰুত্ব দিয়া বিষয়টো‌ৱেই হৈছে ব্যক্তিগত যান –বাহনৰ সলনি বাছৰ দৰে একেবাৰতে সৰহকৈ যাত্ৰী কঢ়িয়াব পৰা বাহনত ভ্ৰমণৰ প্ৰতি নাগৰিকসকলক আকৰ্ষিত কৰা । ইয়াৰ বাবে বিদেশৰ বাদেও আমাৰ ভাৰতৰে বহু প্ৰথম-শ্ৰেণীৰ মহানগৰত প্ৰশাসনে ইতিমধ্যেই ভালেখিনি পদক্ষেপ হাতত লৈছে । আমি সকলো‌ৱে জানো যে কলকাতাত বহু আগৰেপৰাই ডাবোল-ডেক্কাৰ বা দুমহলীয়া বাছ চলি আছে । মুম্বাইত ইং ১৯৩৭ চনতে এনে বাছৰ প্ৰথম প্ৰচলন হৈছিল । সেইদৰে দক্ষিণ ভাৰতৰ কেইবাখনো মহানগৰ যেনে বাংগালোৰ,চেন্নাই,থিৰু‌ৱন্তপুৰম,কোঁচি আদিতো এনে বাছৰ চলাচল হৈ আছে । এনে ডাবোল-ডেক্কাৰ বাছে একেবাৰতে দুটা কাম কৰে -ক) চাৰি-পাঁচখন সৰু গাড়ীৰ সমান ঠাই বচায় আৰু খ)একে পৰিমাণৰ ঠাইতে সাধাৰণ বাছৰ তুলনাত দুগুণ মানুহ কঢ়িয়ায় । গতিকে মেট্ৰ ট্ৰেইন চলাবলৈ যো-জা কৰা আমাৰ গু‌ৱাহাটী মহানগৰীতো এনে ডাব‌োল-ডেক্কাৰ বাছৰ প্ৰচলনৰ বাবে চৰকাৰ তথা গু‌ৱাহাটী পৌৰসভাই চিন্তা কৰিবৰ বাবে থল আছে।

অ‌ৱশ্যে এটা কথা এইখিনিতে কৈ থো‌ৱা ভাল হ’ব যে, এনে বাছ যিহেতু অতি উন্নত প্ৰযুক্তিৰে নিৰ্মিত ,গতিকে সেইবোৰৰ চো‌ৱা-চিতাৰ খৰছো কিছু বেছি হয় তথা গাড়ী বেয়া হ’লে প্ৰয়োজনীয় অতিৰিক্ত অংশসমূহো সহজে পো‌ৱা টান হয় । এনে কিছু সমস্যাৰ বাবেই অসম চৰকাৰে কিছুবছৰ আগেয়ে ক্ৰয় কৰা ‘ভলভো’ বাছসমূহ বৰ্তমানে অচল হৈ আছে । কিন্তু যিহেতু আমাৰ ভাৰতবৰ্ষতে এনে গাড়ী বৰ্তমানেও চলি আছে,গতিকে অসমত চলিব নো‌ৱাৰিব বুলিও কোনো কথা নাই ।গতিকে কৰ্তৃপক্ষই এনে কোনো সিদ্ধান্ত লো‌ৱাৰ আগেয়ে প্ৰয়োজনীয় ক্ষেত্ৰ-অধ্যয়ন , আগতীয়া পৰিকল্পনা অথবা গ‌ৱেষণা আদি কৰিহে যথোচিত পদক্ষেপ লো‌ৱা উচিত ,যাতে কোনো কাৰণতে ৰাইজৰ টকাৰ শ্ৰাদ্ধ পাতিবলগীয়া নহয় । এনে উন্নত বাছৰ চলাচলৰ বাবে বৰ্তমানে গু‌ৱাহাটী বা অসমৰ যিকোনো নগৰৰে ৰাস্তা-ঘাট যথোচিত ভা‌ৱে উপযুক্ত নহয় ।গতিকে প্ৰথমে ৰাস্তা-ঘাটৰ আমূল পৰি‌ৱৰ্তন অবিহনে যাতায়তী ব্য‌ৱস্থাৰ নামত চৰকাৰে অন্য কোনো কথাই বৰ্তমানে ভা‌ৱিব নো‌ৱাৰে। 

সাম্প্ৰতিক সময়ত সৰ্বসাধাৰণ ৰাইজৰ চিটিবাছৰ প্ৰতি যি অনীহা আৰু বিতৃষ্ণা,সেয়া দূৰ কৰি ৰাইজক বাছযাত্ৰাৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে চৰকাৰে যে এই ব্য‌ৱস্থাটোক নতুন এটা ৰূপ দিবই লাগিব, সি ধূৰূপ । সেই উদ্দেশ্যেই প্ৰশাসনে ব্যক্তিগত মালিকসকলৰ এই পুৰণা চিটি-বাছসমূহক বিদায় দি শীত-তাপ নিয়ন্ত্ৰিত বাছগাড়ীৰ কথা ভা‌ৱিব পাৰে । বাংগালোৰ ,দিল্লী,মুম্বাই আদি উন্নত মহানগৰত এনে বাছতে বহু যাত্ৰীয়ে দৈনিক যাত্ৰা কৰে । অন্য মহানগৰীৰৰ দৰেই আমাৰ গু‌ৱাহাটীতো এনে বাছে সময়মতে উচিত সে‌ৱা আগবঢ়ালে জনসাধাৰণে কিছু অতিৰিক্ত ভাড়া আদায় দিবলৈ কোনো ধৰণাৰ কুন্ঠাবোধ নকৰিব আৰু যাৰ পৰা চৰকাৰৰ হ’বপৰা কোনো ধৰণৰ ঘাটিৰ সম্ভা‌ৱনাও নোহো‌ৱা হ’ব ।

দুই-চাৰিটা নতুন প্ৰকল্প হাতত লৈ চৰকাৰে অসমৰ ৰাইজৰ বাবে ভা‌ৱক।, গু‌ৱাহাটী মহানগৰীৰ যান-জঁটৰ দূৰীকৰণৰ বাবে ভা‌ৱক,পৰিষ্কাৰকৰণ আৰু শোভা-বৰ্ধনৰ কথা ভা‌ৱক- তেতিয়াহে আমাৰ গু‌ৱাহাটীও দেশৰ উন্নত মহানগৰীবোৰৰ তালিকাত সন্নিবিষ্ট হ’ব পাৰিব । অ‌ৱশ্যে লগতে আৰু এষাৰ কথা ক’ব লাগিব যে, আমাৰ অসমীয়াসকলেও নিজকে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সষ্টম হ’বলৈ শিকিব লাগিব, সামাজিক দায়িত্ববোধক বুজিব পাৰিব লাগিব ,তেহে চৰকাৰৰ এনে প্ৰচেষ্টাবোৰ সফল হো‌ৱাৰ অ‌ৱকাশ থাকিব । নহ’লে আমাৰ ৰাইজে য’তে ত’তে চূণ সানি, থু-খেকাৰ পেলাই সেই বাতানুকূল গাড়ীকো আজিৰ চিটিবাছৰ দৰেই কদৰ্যময় ৰূপ এটালৈকে উভতাই নিব । এটি অনুৰোধ,অসম চৰকাৰে যদি ইয়াকো কৰিব নো‌ৱাৰে তেন্তে বৰ্তমান মূহুৰ্তত বিকলাংগ আৰু মহিলাসকলৰ সুবিধাৰ বাবে অন্ত:ত Low-Floor Bus অৰ্থাৎ সহজেই ভৰি দি উঠিব পৰা মাটিৰপৰা কম উচ্চতাৰ পৃষ্ঠতল থকা বাছৰ ব্য‌ৱস্থা কৰাটোকে অতিকেই প্ৰয়োজনীয় বুলি অনুভ‌ৱ কৰা উচিত । 

চুইডেন ,জাৰ্মানী আদি দেশত ৰাজহু‌ৱা যান-বাহন যেনে বাছ, টেক্সী আদিৰ বাবে সম্পূৰ্ণ বেলেগকৈ লে’নৰ ব্য‌ৱস্থা থাকে । গতিকে তাত ব্যক্তিগত যান-বাহনে বিধি-পথালি দি যান-জঁটৰ সৃষ্টি কৰাৰ প্ৰশ্নই উঠিব নো‌ৱাৰে । চৰকাৰে নতুন উন্নত ৰাস্তা-ঘাট নিৰ্মাণ কৰিবলৈ ল’লে এনে ধৰণৰ কথাবোৰো মন দিলে অসমতো নতুন প্ৰযুক্তিৰে নতুন যান-জঁটবিহীন যাতায়ত ব্য‌ৱস্থা এটাই গা কৰি উঠিব পাৰে বুলি আমি বিশ্বাস কৰোঁ ।

No comments:

Post a Comment