সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
বছৰটোৰ সংকল্প বনাম কামৰ তালিকা
ডঃ বুলজি বুঢ়াগোহাঁই
ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে বিভিন্নজনে বছৰটিৰ বাবে কৰা সংকল্প তথা কামৰ তালিকা বাতৰি কাকত তথা আলোচনীবোৰত প্রকাশ কৰে কিন্তু সেই সংকল্প তথা কামবোৰ বছৰৰ শেষলৈ কাৰ্যকৰী হ’ল নে নাই গম পোৱা নাযায়। 
আমি বিগত ২০১৪বৰ্ষত কৰা কিছু কামৰ বিৱৰণ ৰাজহুৱা কৰিব বিছাৰিছোঁ। অসমৰ বিভিন্ন ঠাইত ২০খনতকৈ অধিক কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালাত অংশ গ্রহণ কৰি ছাত্র-ছাত্রী তথা অভিভাৱকসকলৰ কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিছোঁ। প্রত্যেক শণিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত ফোন যোগেদি ছাত্র-ছাত্রী তথা অভিভাৱকসকলৰ ১০০টাতকৈ বেছি কেৰিয়াৰ বিষয়ৰ প্রশ্নৰ উত্তৰ দিছোঁ।কেৰিয়াৰ বিভিন্ন দিশ সামৰি লেখা এটি অসমৰ ২০০খনতকৈ অধিক বিদ্যালয়লৈ ডাক যোগদি প্রেৰণ কৰিছোঁ। ২০খনতকৈ অধিক আলোচনী তথা স্মৃতিগ্রন্থত কেৰিয়াৰ বিষয়ৰ লেখা প্রকাশ হৈছে। ৫০টাতকৈ অধিক বিষয় বস্তুলৈ লিখা সম্পাদকলৈ চিঠি বাতৰি কাকত তথা আলোচনীত প্রকাশ হয়। ২০১৪বৰ্ষতে মোৰ “সম্পাদকলৈ চিঠি (প্রকাশক : আঁক-বাক, দাম : আশী টকা, মুঠ পৃষ্ঠা : ৬৪)” নামৰ গ্রন্থখন প্রকাশ হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages