চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
আমাক যাদৱ পায়েং লাগে
বৃতুল শৰ্মা

সকলোৰে পৰিচিত এক নাম - যাদৱ পায়েং। জীৱনৰ ত্ৰিশটা বছৰ ধৰি অকল বৃক্ষৰোপণকেই নিজৰ কৰ্তব্য জ্ঞান কৰি একান্তচিত্তে এডালৰ পিচত আনডাল গছ পুতি কালক্ৰমত এখন অভয়াৰণ্যৰ জন্ম দিয়া জীৱন্ত কিংবদন্তি অসমীয়াজনেই হৈছে যাদৱ পায়েং। পায়েঙৰ জন্ম ১৯৬৩ চনত যোৰহাট জিলাত। ১৯৭৯ চনত(পায়েঙৰ বয়স তেতিয়া ষোল্ল বছৰ) বাৰিষাৰ বানপানী আতৰাৰ পিচৰ এটা দিনত ব্ৰহ্মপুত্ৰৰ বালিচৰত অসংখ্য মৃত সাপ পায়েঙৰ দৃষ্টিগোচৰ হয়। বালিচৰত গছ-গছনি নথকাৰ বাবে ছাঁৰ অভাৱত অত্যন্ত গৰমত মৃত্যুমুখত পৰা অলেখ-অসংখ্য সাপৰ মৃতদেহবোৰ দেখি পায়েঙৰ মন ব্যথিত হৈ পৰে। দেখাত সৰু যেন লাগিলেও এয়াই পায়েঙৰ জীৱনৰ দিশ নিৰ্ণয়কাৰী ঘটনা। 

যোৱা ত্ৰিশটা বছৰ ধৰি নিৰলস ভাৱে বৃক্ষৰোপণ কৰিছে পায়েঙে ব্ৰহ্মপুত্ৰৰ বালিচৰত আৰু তাৰ ফলস্বৰূপে গঢ়ি উঠিছে এখন অভয়াৰণ্য। এনে এখন অভয়াৰণ্য যʼত সম্প্ৰতি বাস কৰে বাঘ, হৰিণা, গড়, হাতী, বান্দৰ আৰু নানাৰকমৰ বিৰল প্ৰজাতিৰ সাপ। ইয়াৰ উপৰিও নানাৰকমৰ পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায় বছৰটোৰ বিভিন্ন সময়ত। একক প্ৰচেষ্টাৰেই এনেহেন অসাধ্য সাধন কৰি দেখুওৱা যাদৱ পায়েং সম্প্ৰতি নানান দেশী বিদেশী সংগঠনৰ দ্বাৰা ভূয়সী প্ৰশংসিত আৰু সন্মানিত হৈছে। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়েও পায়েঙক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাইছে।

যাদৱ পায়েঙৰ কথা মনলৈ আহিলেই এশ-এটা প্ৰশ্নৰে মন ভৰি পৰে। কিহে ইমান শক্তি আৰু অনুপ্ৰেৰণা যোগায় যাদৱ পায়েঙক? ব্যক্তিগত লাভ, আৰ্থিক মুনাফা আদি একোৰে আশা নৰখাকৈ বছৰৰ পিচত বছৰ নিৰন্তৰে একেটা কামত ইমান নিষ্ঠা আৰু একাগ্ৰতাৰে লাগি থাকিবলৈ কিহে অভিৰুচিত কৰিলে যাদৱ পায়েঙক? এনে লাগে যেন অকল বৃক্ষৰোপণৰ কামটোৰ সফল-সম্পাদনেই তেওৰ পুৰস্কাৰ, অন্য কোনো লাভৰ আশাত তেও এইটো কামত নিয়োজিত হোৱা নাছিল। আৰু সেইবাবেই ইমানখিনি খ্যাতি আৰু সন্মান লাভ কৰাৰ পিচতো ক্ষান্ত হোৱা নাই যাদৱ পায়েং। আজিও নিৰন্তৰে চলিয়েই আছে পায়েঙৰ বৃক্ষৰোপণ। এনে লাগে যেন এইবোৰ প্ৰশ্নবোৰৰ মাজতে লুকাই আছে জীৱনৰ মূল্যবান ৰহস্য। পৃথিৱীত জন্ম লোৱা সমগ্ৰ মানৱকুলৰ শতকৰা নিৰান্নব্বৈ শতাংশই এক অনামা-অজানা জীৱন যাপন কৰি পৃথিৱীৰ পৰা বিদায় লয়। কিন্তু মানুহৰ সত্তাৰ মাজতে লুকাই থাকে এক অদম্য শক্তিৰ ভাণ্ডাৰ। যিটো শক্তিপুঞ্জৰ সতে মানুহে নিজেই অপৰিচিত হৈ থাকে জীৱনজুৰি, আৰু মেলানি মাগে পৃথিৱীৰ পৰা সেই শক্তিপুঞ্জৰ ক্ষুদ্ৰ কণিকা এটাও খৰচ নকৰাকৈ। পৃথিৱীৰ সমগ্ৰ মানৱকুলৰ শতকৰা এক শতাংশই প্ৰত্যেকে পায়েঙৰ কৰ্মৰাজিৰ এক শতাংশ কামো সম্পাদন কৰাহেতেন পাৰিপাৰ্শ্বিকতা পৰিবৰ্ত্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সমস্যাবোৰ উৎপত্তি নহʼলহেতেন। পায়েঙৰ কৰ্মৰাজি মানুহৰ শক্তি সামৰ্থ্যৰ অন্য এক নিদৰ্শনহে মাত্ৰ।

বিশ্ব ইতিহাসত জ্ঞান বিজ্ঞানৰ অগ্ৰগতিয়ে এফালে যেনেকৈ নিয়তিৰ বিৰুদ্ধে মানৱীয় স্পৰ্দ্ধা প্ৰতিস্থা কৰিছে তেনেকৈ আনফালে মানৱীয় সত্তাৰ মাজত অদম্য শক্তিৰ অৱস্থিতিকো বাৰম্বাৰ প্ৰমাণিত কৰিছে। কিন্তু মানুহৰ এই অদম্য শক্তি কিহৰ বাবে ব্যৱহৃত হব সেয়া নিৰূপণ কৰিব মানুহে নিজেই। 

আমাক আৰু বহুতো যাদৱ পায়েং লাগে। সকলো দিশতে অসাধ্য সাধন কৰিবলৈ, মানৱতাৰ জয়গান গাবলৈ, পৃথিৱীখন সৰ্বাঙ্গসুন্দৰ কৰি তুলিবলৈ লাগে আমাক অলেখ অসংখ্য যাদৱ পায়েং।
(লেখাটি পূৰ্বতে আমাৰ অসম কাকততো প্ৰকাশিত হৈছে)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages