Wednesday, December 17, 2014

জীৱনৰ অনুভৱ

এফালে সুন্দৰ, আনফালে ভয়ংকৰ
প্ৰতিম প্ৰতাপ বৰুৱা

 (১) 
আমি সৰু থাকোতে আমাৰ গৃহ চহৰখনত থকা ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানটোত এগৰাকী মহিলাই ঘোষক হিচাপে চাকৰি কৰিছিল। (তেখেতে আজিকালি সেই চাকৰিটো কৰি আছেনে নাই, কৰি আছে যদি কত কৰি আছে সেইখিনি নাজানো।) আমি বহুতদিনলৈকে তেখেতৰ মাতটোহে মাইকত শুনিছিলোঁ অমুক নম্বৰৰ বাছখন অমুকলৈ ইমানটা বজাত যাব, অমুক কাউন্টাৰত টিকট দিয়া হৈছে, ইত্যাদি। মাতটো খুব শুৱলা আৰু স্পষ্ট আছিল। এদিন দেখিলো মহিলাগৰাকীক। তেওঁ অন্ধ (বোধহয় জন্মান্ধ) আছিল। চকুত ডাঠ কলা ৰঙৰ চছমা পিন্ধা, চুটি-চাপৰ মানুহগৰাকীয়ে এজন মানুহৰ হাতত ধৰি কাৰ্য্যালয়লৈ আহি আছিল। বাছ আস্থানৰ চৌহদতে দোকান এখন চলোৱা মোৰ বন্ধু এজনে মোক কৈছিল এইগৰাকীয়েই সেই ঘোষকগৰাকী। বন্ধুজনে আৰু কৈছিল – এই মানুহজনৰ হাতত ধৰিয়েই তেখেত সদায় কাৰ্য্যালয়লৈ অহা-যোৱা কৰে। বহুদিন পাৰ হোৱাৰ পিছত এদিন দেখিলো মানুহগৰাকীৰ শিৰত সেন্দুৰ, সেই একেজন মানুহৰ হাতত ধৰিয়েই তেখেত কাৰ্য্যালয়লৈ আহি আছে। দুয়োৰে খোজ-কাটল আগতকৈ খৰ, ভাৱ-ভংগীত কিবা এটা সুখী-সুখী ভাৱ। মোৰ বন্ধুজনে কলে তেওঁলোক এতিয়া পতি-পত্নী। সেই মানুহজনলৈ শ্ৰদ্ধাৰ ভাৱ আগতেই জাগিছিল, সেইদিনা আৰু বাঢ়িল। কিছুদিনৰ পিছত পুনৰ দেখিলো দুয়োৰে খোজ-কাটল অলপ মন্থৰ, কিন্তু ভাৱ-ভংগীত আগতকৈও বেছি সুখী-সুখী ভাৱ। স্পষ্টকৈ ধৰিব পাৰিলো মানুহগৰাকী মাক হবলৈ ওলাইছে। তেওঁ হাতত ধৰি অহা মানুহজনৰ মুখত আসন্ন পিতৃত্বৰ গৌৰৱ। দুয়ো দুয়োৰে হাতত ধৰাধৰিকৈ খোজকাঢ়ি গৈ থকা দৃশ্যটো বহুত সময় চাই থাকিলোঁ। এনে দৃশ্যই মনটো ভৰাই দিয়ে।  

সেই বাছ আস্থানটোতে আৰু এগৰাকী কম বয়সীয়া মহিলা মাজে মাজে ঘূৰি ফুৰিছিল। চহৰখনৰ আন ঠাইতো তেওঁক দেখা গৈছিল। তেওঁ মানসিক ৰোগী আছিল। তেওঁক সেই সময়ত সেই চহৰখনৰ যিমান মানুহে দেখিছিল কোনেও তেওঁৰ মাতটো শুনি পোৱা নাছিল। তেওঁ মানসিক ৰোগী হোৱাৰ উপৰিও বোবাও আছিল বুলি সকলোৱে ধৰি লৈছিল। এদিন তেওঁক দেখি ধৰিব পাৰিলোঁ তেওঁ মাক হবলৈ ওলাইছে। গাটো সিঁয়ৰি উঠিছিল সেইদিনা। আজি কিছুদিন আগতে এটা বাতৰিত দেখিলো লক্ষীমপুৰত এগৰাকী মহিলাই ৰাজপথত কাৰোৰে সহায় অবিহনেই নিজৰ সন্তানটি প্ৰসৱ কৰিলে। সেই মহিলাগৰাকীও এগৰাকী মানসিক ৰোগী আছিল। বাতৰিটো চাই গাটো পুনৰ সিঁয়ৰি উঠিছিল।

দিল্লীৰ চৰকাৰী আলিবাটৰ কোনোবা ট্ৰেফিক পইণ্টত বা ৰেল ষ্টেশ্যন আদিত এহাতে কোলাত কেচুৱা লৈ আনখন হাত মেলি ভিক্ষা বিচাৰি কোনোবা মহিলা আগবাঢ়ি অহা দেখিলেও গাটো সিঁয়ৰি উঠে।
 (২) 
দিল্লীৰ এডোখৰ ঠাই। বাটৰ কাষতে পাতি লোৱা কেইখনমান সৰু সৰু দোকান, এটা অট’ৰিক্সাৰ আস্থান, এখন বিদ্যালয় আদিৰে দিনৰ সময়ছোৱাত ঠাইডোখৰ ব্যস্ত হৈ থাকে যদিও গধুলি সময়খিনিত ঠাইডোখৰৰ ব্যস্ততা লাহে লাহে কমি যায়। তাৰে এখন দোকানত বিক্ৰী কৰা চিংৰাকেইটাৰ সোৱাদ ল’বলৈ মই কাৰ্য্যালয়ৰ পৰা ঘৰমুৱা হওঁতে গধুলি মাজে মাজে সেইখিনি ঠাইত অলপ সময় ৰওঁ। এহাল ডেকা বয়সৰ, প্ৰায় ২১-২২ বছৰীয়া শ্ৰমিক লৰা-ছোৱালীক প্ৰায়ে সেইঠাইত দেখা পাওঁ। দুয়ো কথা পাতি থাকে। সিহঁত ওচৰতে কৰ’বাত থাকে বুলি ধৰি লওঁ। সিহঁতৰ চেহেৰা-পাতি, কাপোৰ-কানিত দিনটোৰ শ্ৰমখিনি পৰিস্কাৰকৈ ওলাই থাকে। এদিন গধূলি সময়ত তেনেকৈ ৰওঁতে দেখিলো ফুটপাথৰ গাতে লাগি থকা স্কুলখনৰ দেৱালখনত সেই শ্ৰমিক ডেকাজন বহি আছে। ওচৰতে সেই শ্ৰমিক ছোৱালীজনী থিয় হৈ আছে। দুয়ো হাঁহি-মাতি নিজৰ মাজত কথা পতাত মগ্ন। এবাৰত লৰাজনৰ কিবা এষাৰ কথাত ছোৱালীজনী হাঁহিত ফাটি পৰিল আৰু লৰাজনক সাৱটি ধৰি তাৰ বুকুত মুখখন গুজি দিলে। লৰাজনে দুয়োহাতেৰে ছোৱালীজনীক সাৱটি ধৰিলে। প্ৰায় ৩০ চেকেণ্ডমান সিহঁতহাল তেনেকৈয়ে থাকিল। তাৰ পিছত ছোৱালীজনী লৰাটোৰ বুকুৰপৰা ওলাই আহিল আৰু দুয়ো আকৌ আগৰদৰে কথাত মগ্ন হ’ল। দৃশ্যটোৱে মোক মুহি পেলালে। বিশ্বাস কৰিলো সেই ৩০ চেকেণ্ড সময় সিহঁতৰ জীৱনৰ মধুৰতম সময়বোৰৰ অংশ হৈ ৰ’ব।

আৰু আজি পুনৰ খবৰ আহিল যে দিল্লীৰে আন এঠাইত এজন ডেকা মানুহক পুলিচে এৰেষ্ট কৰিলে। লগতে মানুহজনৰ ভায়েক, ভনীয়েক, দেউতাক আৰু মাককো পুলিচে এৰেষ্ট কৰিলে। মানুহজনে বাকীসকলৰ সহায়ত নিজৰ নৱবিবাহিতা আৰু মাতৃ হ’বলৈ ওলোৱা পত্নীৰ গাত তেল ঢালি জুই লগাই দি নৃশংসভাৱে হত্যা কৰিছিল বুলি অভিযোগ কৰা হৈছে। মানুহজনৰ মতে পত্নীগৰাকীৰ দোষ আছিল বিয়াৰ বন্দোৱস্ত কৰাৰ সময়ত পত্নীগৰাকীৰ লগত যিমানখিনি বয়-বস্তু, গাড়ী, ধন-সোণ যৌতুকত দিয়া হ’ব বুলি অংগীকাৰ কৰা হৈছিল সেইখিনি দিছিল যদিও বিয়াৰ পিছত মানুহজনৰ ঘৰৰ পৰা এখনৰ ঠাইত দুখন গাড়ীৰ দাবী কৰা হ’ল আৰু পত্নীগৰাকীৰ দেউতাকে আৰু এখন গাড়ী যৌতুক হিচাপে দিবলৈ কিছু সময় বিচাৰিছিল।        

মানুহৰ চৰিত্ৰৰো যে কিমান ৰূপ থাকে এফালে সুন্দৰ আনফালে ভয়ংকৰ।

No comments:

Post a Comment