ৰূপালী পৰ্দা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
"শৃংখল" ছবিখন আৰু বাৰ্তাবোৰ
অজয় লাল দত্ত
আজি অশান্ত এটা মন লৈ টিভিটোত চকু দি থাকোতেই বৰদিন উপলক্ষত বিশেষ উপহাৰ হিচাবে ডি-ৱাই ৩৬৫ত প্ৰচাৰিত ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া চাৰৰ কাহিনীৰে নিৰ্মাণ হোৱা কথাছবি "শৃংখল"খন চাবলৈ পালো। সুন্দৰ ছবিখন আজিৰ দিনটোৰ জীৱন্ত অনুভৱবোৰৰ সৈতে খাপ খাই পৰাত বেছি উপভোগ্য হৈ পৰিল। শইকীয়া ছাৰৰ অনুপম সৃষ্টিক ৰূপালী পৰ্দালৈ সঠিক ৰূপত তুলি ধৰা বাবে পৰিচালক প্ৰবীণ হাজৰিকাদেৱৰ শলাগ লৈছো। মূল ভূমিকাত অভিনয় কৰা জয়া শীল আৰু আদিল হুছেইনৰ সজীৱ অভিনয়ৰ লগতে সহ-শিল্পী কেইগৰাকী, বিশেষকৈ কনমানিকেইটিৰ অভিনয় বৰ ভাল লাগিল। অসমীয়া সমাজ-জীৱনৰ সঁচা ছবিখন পৰ্দাত তুলি ধৰাৰ বাবে অসম চলচ্চিত্ৰ বিত্তীয় নিগমকো প্ৰযোজনাৰ বাবে ধন্যবাদ জনাইছো। 

আন কাহিনীবোৰৰ দৰেই শইকীয়া ছাৰৰ কাহিনীবোৰ সাধাৰণ, কিন্তু তাৰ অনুভৱ, তাৰ সুক্ষ্ম বিশ্লেষণ, জীৱনৰ সুখ-দুখ, হা-হুমুনিয়াহৰ প্ৰৱাহ সঁচাই অসাধাৰণ। "সি মোক মাত লগায়েই গৈছিল, কিন্তু সন্ধিয়ালৈ ঘৰলৈ উভতি আহিছিল সাঙীত উঠি। তাৰ কোনো বাৰু শত্ৰু নাছিল, তাৰ লগতে মুঠ তিনিটা মানুহক কোনো কি কাৰণত মাৰি থৈ গ'ল এতিয়া কেনেকৈ জানিবি"! হয়, ঠিক এইখিনি সংলাপেই কেইটা দশক জানো আগতে শইকীয়াচাৰে লিখি থৈ গৈছিল, ছবিখন আঁকি থৈ গৈছিল, কিন্তু আজিওটো কথাবোৰ, পৰিস্থিতিবোৰ সলনি হোৱা নাই। যোৱা দুদিনৰ নৰসংহাৰৰ ঘটনাই তাৰ প্ৰমাণ। অকাৰণে, নিৰীহ, সৰল এজাক মানুহক সন্ধিয়া সাঁজ লগাৰ পাছতে যে পুৱা দেখিবলৈ নোপোৱা কৰিব, কোনেনো জানিছিল। কোন শত্ৰু আছিল সেই মাকৰ বুকুত গাখীৰ খাই থকা গুলীবিদ্ধ শিশুটিৰ? অবুজ সৰল নৰ-নাৰীবোৰৰ। আনকি দেখিলেই বুজিব পাৰি, এই একবিংশ শতিকাটো আধুনিকতা কি, বিজ্ঞান কি, প্ৰযুক্তি কি, ৰাজনীতি কি, উগ্ৰবাদ-সন্ত্ৰাসবাদৰ খেল কি বুজি উঠিবলৈ "ভাৰতীয় বিকাশৰ পোহৰ" কপালত পৰিবলৈ  নোপোৱা এজাক ভাগ্যহীন লোক আছিল সেইসকল। সময় বাগৰিছে, ছবিবোৰ একেই আছে, অৱস্থা, সংলাপো....। শইকীয়া ছাৰৰ সেই অনুপম সৃষ্টিয়ে সময়ৰ পৰিসীমা চিঙি যেন অতীতৰ পৰা বৰ্তমানলৈকে এক লজ্বাজনক ভাৱে ব্যাপ্তি আছে! আৰু এনে কৰুণ ছবিকেই চিৰদিন ধৰি ৰখাৰ বাবে দায়ী-দোষী কোন, তাৰ উত্তৰ বিচৰাৰ দ্বায়িত্ব আমাৰ, ৰাইজৰ, দৰ্শকৰেই।

এমা-ডিমা সন্তানকেইটি বুকুত বান্ধি সন্ত্ৰাসৰ বলি হোৱা স্বামী(নীলকান্ত)ক হেৰোওৱা অম্বিকাই শান্তি সভাত শান্তিৰ বাবে উৰুৱাই দিয়া ডেৰকুৰি পাৰৰ ভিতৰৰ চাৰিটা পোৱালি বাটৰ পৰা ধৰি আনি এটা পলহত ভৰাই ৰাখিছে। দেউতাকৰ অনুপস্থিতিত এবেলা খাই এবেলালৈ চিন্তা হোৱা শিশু কেইটিয়ে পাৰ কেইটিৰ এটা খোৱাৰ হেপাঁহ, এসাজ পেট ভৰাই তৃপ্তি লভাৰ হেপাঁহক বৰ কৰুণ ভাৱে ছবিখনত তুলি ধৰাত পৰিচালক সফল হৈছে। পাৰ পোৱালি কেইটিক কেন্দ্ৰ কৰিয়ে  কাহিনীভাগক আগুৱাই নিয়া শইকীয়া ছাৰৰ সাৱলীল গতিক কোনোপধ্যেই ছবি নিৰ্মাতাই দুৰ্বল কৰা নাই। একালত দুয়ো নলেলগে লগা বন্ধুৰ পচন্দত গাঁৱৰে একেজনে ছোৱালী উঠাৰ পাছত, এটাই বিয়া পতাৰ হেঁপাহ আগতীয়াকৈ দেখুওৱাৰ বাবেই এটাই মনৰ আশা মনতে জাহ যাবলৈ দিয়া বন্ধুত্বক সৱল ভাৱেই তুলি ধৰা হৈছে। মনে বিচৰাজনীক নোপোৱাৰ দুখতে সুখ বিচাৰি উজনিত বেপাৰ কৰিবলৈ যোৱা কালিদাসৰ চৰিত্ৰকো আদিল হুছেইনে অতি সাৱলীল ভাৱেই ফুটাই তুলিছে। গাঁৱলৈ ঘূৰি আহি বন্ধুৰ বিয়োগৰ পাছত অসহায়-অকলশৰীয়া হোৱা একালৰ লগৰী হিচাবে বিচৰা মনৰ মানুহজনী তথা বিধৱা অম্বিকাক "পুতৌ" কৰিবলৈ অহা কালিদাসক লাই নিদিয়াৰ বাবে অম্বিকা চৰিত্ৰটোৱে সৱল স্থিতি গ্ৰহণ কৰিছে। "মোৰ বাঘ-ভালুকলৈকো ভয় নালাগে, আজিকালি মানুহলৈহে ভয়", সংলাপৰ মাজেৰে এগৰাকী অসহায় বিধৱা মহিলাৰ প্ৰতি সমাজৰ লুলোপ দৃষ্টিত হোৱা অনুভৱৰ কথা সাৰ্থকভাৱেই সংলাপ লিখোতাই প্ৰতিফলিত কৰিছে। 

নিঃসন্তান এগৰাকী বৃদ্ধৰ জীৱনৰ মৰ্মবেদনাখিনি ফুটাই তোলাতো ছবি নিৰ্মাতা অতিশয় সফল হৈছে। নীলকান্তক এডোখৰ ভেটি-মাটি দি বুকুৰ কাষ চপাই লোৱা বৃদ্ধ গৰাকীয়ে সংসাৰখন তেজাল হৈ উঠোতেই নীল হেৰাই যোৱাৰ বেদনাখিনি, অম্বিকাৰ সতে সংসাৰ কৰিবলৈ নাপাই মন ভাগি যোৱা, সুখৰ সংসাৰ-জীৱন এটাৰ সন্ধান কৰি আলিয়ে-গলিয়ে ঘূৰি ফুৰা কালিদাসৰ বেদনাখিনি বৃদ্ধগৰাকীৰ মাজেৰে অতি স্পৰ্শকাতৰ ৰূপত তুলি ধৰা হৈছে। "পুতৌ" দেখুৱাবলৈ অহা কালিদাসৰ দিনক দিনে এদেউ দুদেউ লোটা নিয়াৰ চেওক দেখি অম্বিকা শংকিত হৈছে।  বৃদ্ধ খুৰাই কালিদাসে তাইৰ হাতেৰে ভাত এসাজ খোৱাৰ হেঁপাহ পূৰাই দিবলৈ কৰা উকালতিক সমাজৰ ভয়ত অম্বিকাই অস্বীকাৰ কৰিছে। "আজি এসাজ খাওক, কাইলৈ মহলা মাৰক, পৰহিলৈ মাটিতে ঢৰা পাৰি শুৱক, তাৰ পাছত গাত হাত দিব..." অতীব সুন্দৰকৈ কালিদাসৰ পুতৌৰ আঁৰত থকা ভালপোৱাই কেনেদৰে গ্ৰাস কৰি আনিব তাক লৈ অম্বিকাৰ শংকাক এই সংলাপেই ধৰি ৰাখিছে। ফ্লেশ্ববেকৰ ব্যৱহাৰ কৰি পৰিচালকে অতীতৰ ঘটনাৰ ভেটিত মনৰ ভাৱনাবোৰ গঢ় লোৱাৰ ধৰণটো ফুটাই তুলিছে। চিনেমাটোগ্ৰাফিৰ কথা কবলৈ গলে নদীৰ পানীৰ স্পৰ্শই সতেজতা অনা গীতটিৰ দৃশ্যাংশৰ কথাই মনলৈ আহে। গ্ৰাম্য শিশুৰ জীৱনৰ বল খেলা, নৈৰ পাৰত হাতেৰে বালিখানি পানী খোৱা দৃশ্য বোৰে ছবিখনৰ বাবে এক সাৰ্বজনীনতাৰ অলংকাৰস্বৰূপ।  "মই নিজে মাটি-বাৰী থাকিলও পালো কেৱল শূণ্যতা", নিঃসন্তান বৃদ্ধ খুড়াৰ সংলাপ, "সেয়ে যি বিচাৰে তাকে পোৱাটোত উকালতি কৰি মই ভাল পাওঁ। কালিদাসে এসাজ সুখৰ ভাত তোৰ হাতেৰে খাব খুজিছে, খাবলৈ নিদিয় কিয়।.... সকলোৱে যি বিচাৰে চকুৰ আগতে জীয়াই থাকোতেই পোৱাতেই মই বিচাৰো অ'....। গাঁৱত থকাৰ কথালৈ ভয় কৰিছ, কিন্তু যাতনা পাই দুৰ্ভোগ ভূগিবলৈ গাঁওখন নালাগে আই, শান্তিৰে সুখেৰে জীয়াই থাকিবলৈহে গাঁওখন লাগে।" এনেবোৰ সংলাপেই শইকীয়াছাৰৰ বাৰ্তাসমূহ সঠিক ৰূপত তুলি ধৰা বুলি মনে হয়।

অৱশেষত লোণ,তেলৰ বাবেই পাৰকেইটা বিকিবলৈ যোৱা অম্বিকাৰ সতে কালিদাসো বজাৰলৈ যায়। বজাৰত ঠাই উলিয়াই দুয়ো বেচিবলৈ বহে। বিক্ৰী নোহোৱাকৈয়ে বেলি লহিয়াবলৈ লোৱাৰ সময়কনৰ মাজতে দুয়োৰে মাজৰ কথোপকথনখিনি খুৱেই সাৰ্থক। "পাৰ শান্তিৰ প্ৰতীক, মিটিঙত মেলি দিয়া পাৰকেইটা তোৰ সজাত সোমালহি যেতিয়া চাগৈ তোৰ জীৱনলৈকো শান্তি আহিব খুজিছে", সঁচাই এক অনুপম সংলাপ।  জীৱনত ল'ৰা-ছোৱালী কেইটিৰে দুবেলা দুমুঠি খাই জীয়াই থকাৰ সাধাৰণ হেপাঁহকনকে পূৰাবলৈ নোৱাৰা অৱস্থাৰ অম্বিকাই মনৰ কথাখিনি অন্ততঃ "পুতৌ" কৰা জনৰ সমুখত তুলি ধৰিছে। সমুখত জ্বলাই লোৱা এন্ধাৰ বিনাশী চাকিটোৰ পোহৰৰ লগতে কালিদাসৰ "এসাঁজ সুখৰ ভাত" খোৱাৰ আহ্বানে, জীৱনটোক পুনৰ জীয়াবলৈ বিচৰা আশাৰ পোহৰে, অম্বিকাৰ মন-মগজুলৈ এচমকা আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। সেই ক্ষণৰ ভাবাবেগখিনি কেৱল মুখৰ অভিব্যক্তিৰেই উজ্বলাই তোলাত জয়া শীল অতিশয় সফল হোৱা যেন অনুভৱ হ'ল। সৌৱা শান্তিৰ সভা পতাবোৰে সুখৰ ভোজভাত খোৱাৰ আয়োজন কৰিছে, গোটেই বজাইখনেই মাছে মঙহে খোৱাৰ আয়োজন কৰিছে, তেন্তে অম্বিকা আৰু কালিদাস মিলি সুখৰ ভাতসাজ জোগাৰ কৰাত আপত্তিয়েই বা কি? সমাজখন কাৰো বাবে ৰৈ নাথাকে, আমি নিজেই মা-মছলা গোটাই মৰম দিব বিচৰা মানুহৰ সতে সুখৰ এসাজ ভাত খোৱাৰ বাটৰ সন্ধান কৰিব লাগিব। অনুভূতিৰ প্ৰৱাহ থমিবলৈ নোপোৱাকৈয়ে এক ইতিবাচক আৰম্ভণিৰ বাৰ্তা দি শইকীয়াছাৰৰ কাহিনীবোৰৰ চুটি গল্প চুটিগল্প লগা এটা সামৰণি ছবি পৰিচালকে সফল ভাৱেই দৰ্শকক উপহাৰ দিছে। বাণিজ্যিক ছবিৰ মা-মছলা নঢলাকৈয়ে উপাদেয় ৰূপত ৰন্ধা এই ব্যঞ্জনে শইকীয়াছাৰৰ সৃষ্টিৰ সমলৰ প্ৰতি ন্যায় কৰিছে বুলিয়েই অনুভৱ হৈছে। ছবিখনে নিশ্চয়কৈ কলা-প্ৰেমী, সমালোচক, জুৰীৰ হৃদয়-স্পৰ্শ কৰিবলৈ সক্ষম হব আৰু অসমলৈ নিশ্চয়কৈ গৌৰৱ কঢ়িয়াই আনিব। সকলো কলা-কুশলীলৈ আন্তৰিক অভিনন্দনেৰে সামৰিছো। 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages