জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

জীৱনৰ অনুভৱ

Share This
বাতৰি শুনিবলৈ মন নোযোৱা হৈছে 
প্ৰতিম প্ৰতাপ বৰুৱা
(এই শিৰোনামেৰে যোৱা ১৪/৯/১৪ তাৰিখে অসমীয়া খবৰত প্ৰকাশিত মোৰ অতি শ্ৰদ্ধাৰ আইতা
ড: অনিমা গুহৰ লেখাটোৰ আঁত ধৰি।)
হয়, আজিকালি অসমীয়া বাতৰি শুনিবলৈ (আৰু চাবলৈ) বা পঢ়িবলৈ মন নোযোৱা হৈছে। টেলিভিচনৰ অসমীয়া বাতৰি চেনেলকেইটা একেলেথাৰীয়ে বেছি সময় চাই থাকিলে আজিকালি বিৰক্তি, খং, দুখ, ভয় সকলোবোৰ একেসময়তে লাগে। আৰম্ভনিতে কৈ লওঁ, এই লেখাটোত আমি অসমীয়া নিউজ চেনেলকেইটাত ব্যৱহাৰ হোৱা অসমীয়া ভাষাৰ অশুদ্ধ ৰূপটো, বা অশুদ্ধ উচ্চাৰণ বা বানানৰ বিসংগতিৰ লগতে বিভিন্ন আলোচনাত অংশগ্ৰহণকাৰী তথা আঁত ধৰোতাসকলৰ সৰহসংখ্যকেই কথাৰ মাজত অপ্ৰয়োজনীয়ভাৱে অতিমাত্ৰা ইংৰাজী ভাষাৰ শব্দৰ বা বাক্যৰ প্ৰয়োগ সম্পৰ্কে একো ক’ব বিচৰা নাই। অসমৰ গণ মাধ্যমসমূহত মাতৃভাষাৰ শুদ্ধতা ৰক্ষা কৰাটো এটা বেলেগ আৰু চিন্তনীয় বিষয়। 

এটা কথা সঁচা যে আজিকালি অসমীয়া নিউজ চেনেলকেইটা চাই থাকিলে এনে লাগে যেন আমি অপৰাধ-জগতৰ ওপৰত দেখুওৱা অনুষ্ঠান এটাহে চাই আছো। প্ৰায় প্ৰতিটো বাতৰিতে, সকলো সময়তে মাত্ৰ সংঘৰ্ষ, হত্যাকাণ্ড, ধৰ্ষণ, মৃতদেহ উদ্ধাৰ, মদ খাই উদ্ভণ্ডালি, কাজিয়া, মাৰ-পিট, ৰেইড, অসন্তুষ্টি, আন্দোলন, উগ্ৰপন্থী, গুলীচালনা, বন্দুক-বোমা, দুৰ্নীতি-কেলেংকাৰী – এইবোৰেই খবৰ। আৰু বাতৰি পঢ়োতাই বাতৰি পঢ়ি যোৱাৰ লগতে টিভিটোৰ তলৰ ফালে যে লিখিত ৰূপত ব্ৰেকিং নিউজৰ নামত খবৰ কিছুমান চলাচল কৰি থাকে সেইবোৰৰো বেছিভাগেই ওপৰত কোৱা ধৰণৰেই। আমি অতি আচৰিত আৰু লজ্জিত হওঁ যেতিয়া বাতৰিত দেখিবলৈ পাওঁ যে কম বয়সীয়া অসমীয়া যুৱতীয়ে দিন দুপৰতে মদ খাই উন্মাদ হৈ ৰাজপথত মাৰ-পিট কৰি পুলিচ থানালৈ যাব লগীয়া হৈছে। স্থানীয় জনতাৰ মাজত থিয় দি থকা সাধাৰণ কম বয়সীয়া কিশোৰ এটিৰ মুখতো গ্ৰেণেড, একে৪৭, হত্যা, ৰেপ, মদ আদি শব্দবোৰ যিটো বেপেৰুৱা ধৰণত শুনিবলৈ পোৱা যায় সেয়া দেখি আমি চিন্তিত হোৱাৰ লগতে ভয়ো খাওঁ। এই ধৰণৰ বাতৰিবোৰ ইমান বিশদভাৱে আৰু ইমান দীঘলীয়া সময় ধৰি বাৰে বাৰে প্ৰচাৰ কৰি থাকিলে কাৰ কি লাভ হয় সেয়া বাতৰি প্ৰচাৰ কৰোতাসকলেহে জানিব। সাধাৰণ সমবায় নিৰ্বাচন এটাতো মাৰপিট হোৱা বা সাধাৰণ কথা এটাতে পুত্ৰই পিতৃক দাৰে কাটি দুছেও কৰা ধৰণৰ বাতৰিবোৰ কিয় বাৰে বাৰে প্ৰচাৰ কৰিবলগীয়া হয় সেয়াও আমি বুজিবলৈ অক্ষম। 

অসমৰ মানুহ শান্তিপ্ৰিয়, অসমৰ মানুহ অনুভূতিপ্ৰৱণ আৰু হৃদয়ৱান, অসমত উত্তৰ ভাৰতৰ বেছিভাগ ঠাইত কৰাৰ দৰে নাৰীক অৱদমিত কৰি ৰাখি, অসমত নাৰীক মাত্ৰ পুৰুষৰ এবিধ উপভোগৰ সামগ্ৰী হিচাপে গণ্য কৰি নাৰীৰ ওপৰত শাৰিৰীক-মানসিক অত্যাচাৰ চলোৱা নহয়, অসমত যৌতুক প্ৰথা নাই, অসমত অনাৰ কিলিং নাই, আদি কথাবোৰ আমি আন প্ৰদেশৰ মানুহৰ আগত কৈ গৌৰৱ কৰিছিলো যদিও এতিয়া প্ৰেমিকৰ দ্বাৰা প্ৰেমিকাক ধৰ্ষণ, অথবা প্ৰেমৰ নামত প্ৰতাৰণা কৰি প্ৰেমিকাক নিজৰ বন্ধুৰে সৈতে গণধৰ্ষণ, বিয়াৰ প্ৰলোভনৰে প্ৰেমিকাক শাৰিৰীক শোষণ, প্ৰেমৰ অভিনয়ৰ পিছত প্ৰেমিকা অন্ত:সত্বা আৰু উপায়হীন হৈ আত্মহত্যা ইত্যাদি বাতৰিবোৰ দেখিলে বিশ্বাস কৰিবৰ মন নাযায় যে এইবোৰ জঘণ্য ঘটনা অসমতে ঘটিছে। নিজৰ প্ৰেমিকাক নানান চক্ৰান্তৰে অসহায় অৱস্থাত পেলাই লৈ ধৰ্ষণ আৰু শাৰিৰীক অত্যাচাৰ কৰিব পৰা নীচ, বৰ্বৰ, কাপুৰুষ, অমানুহজন প্ৰেমিক হ’ব পাৰে জানো? আমাৰ মতে নোৱাৰে। 

এতিয়া আমি তিনিটা কথা চিন্তা কৰিছো (এই তিনিটা চিন্তা আমাৰ ব্যক্তিগত চিন্তাহে। চিন্তা কৰাৰ আৰু সেই চিন্তাক প্ৰকাশ কৰাৰ স্বাধীনতাক কোনে বাধা দিব পাৰে?)। প্ৰথম - অসমত আজিকালি এই ওপৰত কোৱা ধৰণৰ ঘটনাবোৰ বহুত বেছিকৈ ঘটিবলৈ ধৰিছে আৰু এই ঘটনাবোৰ ঘটিছে কাৰণেই বাতৰি চেনেলবোৰে এইবোৰ প্ৰচাৰ কৰিছে। তেওঁলোকৰ ওচৰত এই বাতৰিবোৰ প্ৰচাৰ নকৰাকৈ থকাৰ উপায় নাই চাগে। (টি আৰ পি এটা কাৰণ হ’ব পাৰে নেকি?) দ্বিতীয় – এইবোৰ ঘটনা ইমানকৈ, ইমান বিশদকৈ বাৰে বাৰে প্ৰচাৰ কৰাটো ইমান প্ৰয়োজনীয় হয় জানো? নহয় কিজানি। এইধৰণৰ প্ৰচাৰবোৰে এনে ধৰণৰ ঘটনা কমাই আনিব পাৰে নেকি? নোৱাৰে চাগে। এইধৰণৰ প্ৰচাৰবোৰে এই ঘটনাবোৰৰ বিৰুদ্ধে জনমত গঠন কৰিব পাৰেনে? আমাৰ সন্দেহ আছে।

এই ধৰণৰ উত্তেজক বাতৰিবোৰে ঋণাত্মক চিন্তা আৰু হতাশাৰ বাদে আন চিন্তাৰ জন্ম দিব পাৰেনে? ইয়াতো আমাৰ সন্দেহ আছে। অসমৰ মানুহে এইবোৰ বাতৰি বাৰে বাৰে চাব বিচাৰেনে? নিবিচাৰে, ইয়াত আমাৰ সন্দেহ নাই। তৃতীয় – অসমৰ বাতৰি চেনেলসমূহত ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় স্তৰৰ বাতৰি ইমান কমকৈ কিয় প্ৰচাৰ কৰা হয়? অসমত খেল-ধেমালি, নাটক, ব্যৱসায়-বাণিজ্য, পঢ়া-শুনা, শিল্প-সাহিত্যৰ অনুষ্ঠান আদি নহয় নেকি? নিশ্চয় হয়। এইবোৰৰ বিষয়ে বাতৰি কিয় প্ৰচাৰ কৰা নহ্য়? (আকৌ টি আৰ পি?) অসমৰ বাতৰি চেনেলসমূহত খেলৰ বাতৰি (স্থানীয়, ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয়) প্ৰচাৰ কৰিবলৈ আচুতীয়া সময় নাই কিয়? ব্যৱসায়, ক্ষুদ্ৰ উদ্যোগ, সঞ্চয়, বিনিয়োগ, শ্বেয়াৰ মাৰ্কেট আদিৰ ওপৰত নিয়মীয়া অনুষ্ঠান প্ৰচাৰ কৰা নহয় কিয়? কিতাপৰ ওপৰত, অন্তত: পুৰস্কাৰ বিজয়ী কিতাপ আৰু উচ্চস্তৰৰ লেখক সাহিত্যিকৰ ওপৰত অনুষ্ঠান প্ৰচাৰিত কৰিবলৈ অসমত তেনে ধৰণৰ কিতাপ আৰু সাহিত্যিকৰ অভাৱ হৈছে নেকি? 

আৰু এটা কথা আমি এনেয়ে ভাবো কেতিয়াবা। এইযে নিউজ চেনেলবোৰতে হওক বা বাতৰি কাকতবোৰতে হওক – মাজে মাজে বিভিন্ন দূৰ্নীতি-কেলেংকাৰীৰ বাতৰি তথ্য সহকাৰে প্ৰচাৰ কৰা হয়, এই বাতৰিবোৰ পিছত কি হয়? সাধাৰণ এটা বাতৰি হৈয়েই থাকি গৈ পিছত মানুহে পাহৰি যায় নে তাৰ ওপৰত অলপ কিবা অনুসন্ধান আদি হয়? যদি অনুসন্ধান আদি কিবা হয়, তেন্তে সেই অনুসন্ধানৰ ফলাফল কি ওলাল, কি কি কাৰ্য্যব্যৱস্থা লোৱা হ’ল সেইবোৰ খবৰ আমি নাপাওঁ কিয়? এই দূৰ্ণীতিৰ বাতৰিবোৰ নিশ্চয় মিছা নহয়। কাৰণ মিছা হোৱা হ’লে কাকতখনৰ ওপৰত বা বাতৰি চেনেলটোৰ ওপৰত মানহানিৰ গোচৰ দিবলৈ মানুহৰ অভাৱ নহ’লহেতেন। 

এই কথাবোৰ বেছিকৈ চিন্তা কৰিলে খেলিমেলি লাগি শেষত একো বুজি নোপোৱা যেনহে হয়গৈ দেখোন! 
--------------------------------
লেখকৰ ঠিকনাঃ চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌,ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড, দিল্লী-৫৪, ম’বাইল : +৯১৯৮৭১০১৮৮৭৪, ই-মেইল – ppbaruah.delhi@gmail.com

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages