Tuesday, November 18, 2014

সাম্প্ৰতিক প্ৰসংগ

সাহিত্য সভাঃ অপৰিহাৰ্য্যতা, দায়বদ্ধতা আদি
প্ৰতিম প্ৰতাপ বৰুৱা

জাতিৰ প্ৰতি দায়বদ্ধ, জাতীয় প্ৰয়োজনৰ সময়ত দিক-নিৰ্দেশনা দিব পৰাকৈ সক্ষম এটা জাতীয় সংগঠনৰ প্ৰতি জাতিটোৰ প্ৰায় প্ৰতিজনৰে এটা বুজাব নোৱাৰা টান থাকে। সেই সংগঠনৰটোকলৈ সমগ্ৰ জাতিটোৱে গৌৰৱ কৰে, অভিমান কৰে। সেই সংগঠনটো যদি অসম সাহিত্য সভা হয়, তেন্তে সেই গৌৰৱ, অভিমানে সীমা চুব খোজে। ব্যক্তিগতভাৱে আমি জীৱনৰ বেছিভাগ ক্ষেত্ৰতে আৱেগিক নহয় যদিও অসম সাহিত্য সভাৰ প্ৰতি আমি সকলো সময়তে এক আৱেগিক টান অনুভৱ কৰো। প্ৰায় সকলো অসমীয়াই সাহিত্য সভাৰ প্ৰতি এই আৱেগিক টানটো অনুভৱ কৰে বুলি আমাৰ বিশ্বাস। সমগ্ৰ জাতিটোৰ সেই আৱেগ, গৌৰৱ আৰু অভিমান অটুট ৰখাৰ দায়িত্ব সাহিত্য সভাৰ বিষয়ববীয়াসকলে সেই আৰম্ভনিৰ দিনৰে পৰা লৈ আহিছে আৰু ভবিষ্যতেও এই দায়িত্ব তেওঁলোকেই ল’ব লাগিব। চিৰ চেনেহী মোৰ ভাষা জননীৰ সন্মান অক্ষুন্ন ৰখাৰ প্ৰশ্ন আহিলেই অথবা আমাৰ মাতৃভাষাৰ শুদ্ধতাৰ প্ৰতি সংকট অহা দেখিলেই আমি আশাৰে চাওঁ অসম সাহিত্য সভালৈ। অসমীয়া ভাষাৰ ভবিষ্যত সংকটজনক, এদিন আমাৰ ভাষাটো বিলুপ্ত হৈ যাব পাৰে আদি মন্তব্যবোৰ শুনিলে আমি দৃঢ়তাৰে বিশ্বাস কৰো যে অসমীয়া ভাষাটো বিলুপ্ত হোৱাটো সুদূৰেই, আনকি আমাৰ মাতৃভাষাটোৰ ভবিষ্যতো সংকটজনক নহয় কাৰণ অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান অসমীয়াৰ বাদে আন জাতিৰ মাজত নাই।  

অসম সাহিত্য সভা বুলিলে আমি সকলোৱে বুজো (বা সাধাৰণভাৱে ধৰি লওঁ) যে এয়া কিছুসংখ্যক গুণৱান, ৰুচিৱান, জ্ঞানী লোকৰ সমষ্টি যি নিস্বাৰ্থভাৱে অসমীয়া ভাষা-সাহিত্যৰ সেৱাত নিজৰ সমগ্ৰ জীৱনটো উচৰ্গা কৰিছিল, যিসকলৰ মৌলিক সৃষ্টিয়ে অসমীয়া সাহিত্যক এক অনন্য মাত্ৰা দিছিল (বা এতিয়াও দি আছে)। সাহিত্য সভাৰ সভাপতিজনক ৰথত তুলি আগবঢ়াই অনা বিশাল শোভাযাত্ৰাটো জীৱনত মাত্ৰ এবাৰ দেখিছিলো সভাৰ শিৱসাগৰ অধিৱেশনত। দৃশ্যটো জীৱনলৈ মনত ৰৈ গ’ল। সেই সময়ত আমি বিশ্বাস কৰিছিলো সাহিত্য সভাৰ সভাপতিজন আৰু লগতে সভাৰ আন আন কৰ্ণধাৰসকলৰ প্ৰতিজনেই একোজন প্ৰাচীন ঋষিৰ দৰেই জ্ঞানগৰ্ভ, গুণী আৰু মানী যি জ্ঞানাৰ্জন, সাহিত্য-চৰ্চা আৰু অৰ্জিত জ্ঞানখিনি নিস্বাৰ্থভাৱে বিতৰণৰ বাদে আন একো কথা চিন্তা নকৰে। আমি বিশ্বাস কৰিছিলো অসম সাহিত্য সভাৰ প্ৰতিজন কৰ্ণধাৰেই জাতিটোৰ বাবে এক সম্পদ। কিছুবছৰ আগলৈকে আমাৰ সেই বিশ্বাস অটুট আছিল। কিন্তু আজিৰ (বা সঠিককৈ ক’বলৈ গ’লে যোৱা কিছুবছৰৰ পৰা) সাহিত্য সভাৰ প্ৰকৃত পৰিৱেশটো তেনেকুৱা হয় জানো?  

অসম সাহিত্য সভাৰ দৰে এটা অনুষ্ঠান বিতৰ্কৰ আৱৰ্তত সোমাই পৰিবলগীয়া হোৱাটোৱেই অস্বস্তিকৰ। যিসকল সাহিত্যিকৰ নাম আমি (বা আমাৰ দৰে বহুতে) সৰুৰে পৰা শুনি অহিছিলো, যিসকলৰ কিতাপ পঢ়িবলৈ আমাক অগ্ৰজসকলে দহাই দহাই সকীয়াই আছিল, যাৰ কিতাপ পঢ়ি আমি নিজৰ নিজৰ জীৱনবোৰ গঢ় দিবলৈ চেষ্টা কৰিছিলো, আজিও যিসকলৰ প্ৰতিটো প্ৰকাশিত লেখা, প্ৰতিখন কিতাপ বিচাৰি বিচাৰি পঢ়িবলৈ চেষ্টা কৰো সেইসকলে যেতিয়া নিজকে সাহিত্য সভাৰপৰা দূৰত ৰাখে তেতিয়া সেই অস্বস্তিকৰ অৱস্থাটোৱে পূৰ্ণতা পায়।

অতি শেহতীয়াকৈ আমি সাহিত্য সভাৰ সভাপতি-উপসভাপতি-প্ৰধান সম্পাদক আদি বিষয়ববীয়া নিৰ্বাচনৰ নামত যিখন নাটক চলি থকা দেখিছো সেয়া দেখি লজ্জানত হৈছো। (নাটক শব্দটো অসম সাহিত্য সভাৰ দৰে আমাৰ অতি মৰমৰ আৰু সন্মানীয় অনুষ্ঠানটোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলগীয়া হোৱাটো দূৰ্ভাগ্যজনক। কিন্তু এই মুহূৰ্তত এইটোৱেই উপযুক্ত শব্দ।) একনায়কত্ববাদ, দূৰ্ণীতি, ক্ষমতাৰ লোভ, লবী, কূট-কৌশল, ব্লেকমেইল আদি শব্দবোৰ অসম সাহিত্য সভাৰ লগত কেতিয়াবা সাঙুৰ খাই পৰিব সেয়া আমাৰ সপোনৰো অগোচৰ আছিল। অসম সাহিত্য সভা আজি “অসম সাহিত্য-ৰাজনীতিৰ সভা”লৈ পৰ্য্যৱসিত হৈছে আৰু আজি সাহিত্যৰথী জীয়াই থকা হ’লে তেওঁ হয়তো আজিৰ এই “অসম সাহিত্য-ৰাজনীতিৰ সভা”খন তুৰন্তে ভংগ কৰি দিলেহেঁতেন।    
  
আমি সকলোৱে মনত ৰখা উচিত যে এজন মানুহ (বা কোনো মানুহেই) এটা জাতীয় সংগঠনৰ উৰ্ধত নহয়, হ’ব নোৱাৰে। এজন মানুহৰ (আৰু লগতে সেই মানুহজনৰ স্তাৱকসকলৰ) ক্ষমতালিপ্সা, দূৰ্ণীতি আৰু কূটকৌশলবোৰ সংগঠনটোৰ বাকী কৰ্ণধাৰসকলে অসহায় দৰ্শক হৈ হজম কৰি থাকিবলগীয়া হোৱা পৰিস্থিতিটো সমগ্ৰ জাতিটোৰ বাবেই অকল দূৰ্ভাগ্যজনকেই নহয়, এয়া সেই কৰ্ণধাৰসকলৰ প্ৰতিজনৰে জাতিটোৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতিয়েই প্ৰশ্ন তুলিব পৰা ধৰণৰ পৰিস্থিতি। অসম আৰু অসমীয়াৰ বাবে অসম সাহিত্য সভাহে অতিকে প্ৰয়োজনীয়, সভাৰ বিষয়ববীয়া হিচাপে উপযুক্ত, গুণী-জ্ঞানী, সক্ষম মানুহৰহে প্ৰয়োজন। সংগঠনটোৰ ক্ষতি কৰিব পৰা এজন অ-সক্ষম, অনুপযুক্ত, বিতৰ্কিত মানুহ এটা জাতীয় সংগঠনৰ বিষয়ববীয়া হিচাপে অপৰিহাৰ্য্য বা প্ৰয়োজনীয় নহয়। আচলতে কোনো সংগঠনৰ বাবেই কোনো এজন বিশেষ মানুহ অপৰিহাৰ্য্য নহয়। আমি আহ্বান জনাও অসম সাহিত্য সভাক বিতৰ্ক আৰু অস্বস্তিকৰ পৰিৱেশৰ পৰা উদ্ধাৰ কৰি সভাৰ মৰ্য্যদা, সন্মান আৰু উদ্দেশ্য অক্ষুন্ন ৰাখিবলৈ প্ৰয়োজনীয় সকলো সৎ প্ৰচেষ্টা হাতত লোৱা হওক, প্ৰয়োজনবোধে কঠোৰ সিদ্ধান্ত লৈ সেইমতে ব্যৱস্থা গ্ৰহণ কৰা হওক। উদ্দেশ্য সৎ হ’লে সিদ্ধান্তবোৰ বহুক্ষেত্ৰত কঠোৰ হ’বলৈ বাধ্য হয় – অসমৱাসীয়ে এই সাধাৰণ কথাটো বুজি পাব আৰু সেই সিদ্ধান্তবোৰৰ সপক্ষে থিয় দিব।
লেখকৰ ঠিকনাঃ চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌, ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড, দিল্লী-৫৪, ম’বাইল : +৯১৯৮৭১০১৮৮৭৪, ই-মেইল – ppbaruah.delhi@gmail.com

No comments:

Post a Comment