কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেন্দ্রীয় লোকসেৱা আয়োগৰ 
প্রতিযোগিতামূলক পৰীক্ষা
ড° বুলজিৎ বুঢ়াগোহাঁই   
কেন্দ্রীয় লোকসেৱা আয়োগে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত পৰিচালনা কৰা প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ কেইটামান হ’ল- ১। অসামৰিক সেৱাৰ পৰীক্ষা (Civil Services Examinations) ২। ভাৰতীয় বন সেৱা পৰীক্ষা ( Indian Forest Service Examination ) ৩। সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা (Combined Defence Services Examination) ৪।অভিযান্ত্রিক সেৱা পৰীক্ষা (Engineering Services Examination ) ৫ । চিকিৎসা সেৱা পৰীক্ষা (Combined Medical Services Examination) ৬। ভূতত্ত্ববিদ পৰীক্ষা (Geologists' Examination ) ৭। ভাৰতীয় অৰ্থনীতি/পৰিসংখ্যা সেৱা পৰীক্ষা (Indian Economic Service / Indian Statistical Service) : ৮। বিশেষ শ্রেণী ৰেলৱে শিক্ষানবিচ পৰীক্ষা (Special Class Railway Apprenctices' Examination) ৯। ৰাষ্ট্রীয় প্রতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষা (National Defence Academy & Naval Academy Examination )


১। অসামৰিক সেৱাৰ পৰীক্ষা (Civil Services Examinations) প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে। লিখিত পৰীক্ষা দুটা পৰ্যায়ত হয় । এটাক প্রাৰম্ভিক পৰীক্ষা (Preliminary Examination) আৰু আনটোক মূল পৰীক্ষা(Main Examination) বুলি কোৱা হয় । বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্রীধাৰী হ’ব লাগে । ২। ভাৰতীয় বন সেৱা পৰীক্ষা ( Indian Forest Service Examination ): এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে ফেব্ৰুৱাৰী /মাৰ্চ মাহত বিজ্ঞাপন প্রকাশ কৰে আৰু জুলাই মাহত পৰীক্ষা পৰিচালনা কৰে । বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ জুলাইত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।

শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা দৰকাৰ। স্নাতক পৰ্যায়ৰ পৰীক্ষাত পশুচিকিৎসা বিজ্ঞান, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূতত্ত্ব বিজ্ঞান , গণিত , পদাৰ্থ বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান আৰু প্রাণী বিজ্ঞান – এই বিষয়বোৰৰ যিকোনো এটা বিষয় থকা আৱশ্যক অথবা কৃষি , বন আৰু অভিযান্ত্রিক বিষয়ৰ স্নাতক হোৱা দৰকাৰ। প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

৩। সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা (Combined Defence Services Examination): এই পৰীক্ষাৰ বছৰত দুবাৰ অনুষ্ঠিত হয়।এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে আগষ্ট আৰু মাৰ্চ মাহত বিজ্ঞাপন প্রকাশ কৰে । ফেব্ৰুৱাৰী আৰু আগষ্ট মাহত পৰীক্ষা পৰিচালনা কৰে । বয়সৰ সীমা : Indian Military Academyত ভৰ্তিৰ বাবে প্রাৰ্থীৰ বয়স ১৯বছৰ পৰা ২৪বছৰৰ ভিতৰত হ’ব লাগে। Naval Academy ত ভৰ্তিৰ বাবে প্রাৰ্থীৰ বয়স ১৯বছৰ পৰা ২২বছৰৰ ভিতৰত হ’ব লাগে। Air Force Academy ত ভৰ্তিৰ বাবে প্রাৰ্থীৰ বয়স ১৯বছৰ পৰা ২৩বছৰৰ ভিতৰত হ’ব লাগে। Officers’ Training Academy ত ভৰ্তিৰ বাবে প্রাৰ্থীৰ বয়স ১৯বছৰ পৰা ২৫বছৰৰ ভিতৰত হ’ব লাগে। শিক্ষাগত অৰ্হতা : Indian Military Academy আৰু Officers’ Training Academy ত ভৰ্তিৰ বাবে প্রাৰ্থীজন স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগে । Naval Academy ত ভৰ্তিৰ বাবে প্রাৰ্থীজন পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়লৈ অথবা অভিযান্ত্রিক বিষয়ৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগে । Air Force Academyত ভৰ্তিৰ বাবে প্রাৰ্থীজন পদাৰ্থ বিজ্ঞান/গণিত বিষয়লৈ অথবা অভিযান্ত্রিক বিষয়ৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগে । স্নাতক চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে। প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

৪।অভিযান্ত্রিক সেৱাৰ পৰীক্ষা (Engineering Services Examination ) : এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে জানুৱাৰী /ফেব্ৰুৱাৰী মাহত বিজ্ঞাপন প্রকাশ কৰে আৰু জুন/জুলাই মাহত পৰীক্ষা পৰিচালনা কৰে । বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্রিক বিষয়ৰ অথবা স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষাত Wireless Communications, Electronics, Radio Physics or Radio Engineering ক বিশেষ বিষয়ৰ হিচাবে লৈ উত্তীৰ্ণ হোৱা সকলেও কিছুমান নিৰ্দিষ্ট পদৰ বাবে আবেদন কৰিব পাৰে। অভিযান্ত্রিকৰ চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে। প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

৫ । চিকিৎসা সেৱাৰ পৰীক্ষা (Combined Medical Services Examination) : এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে আগষ্টত মাহত বিজ্ঞাপন প্রকাশ কৰে আৰু জানুৱাৰী মাহত পৰীক্ষা পৰিচালনা কৰে । বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ জানুৱাৰীত প্রাৰ্থীৰ বয়স ৩০বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। শিক্ষাগত অৰ্হতা : এই পৰীক্ষাত বহাৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগে। প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

৬। ভূতত্ত্ববিদৰ পৰীক্ষা ( Geologists' Examination ) : এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে জুন মাহত বিজ্ঞাপন প্রকাশ কৰে আৰু নৱেম্বৰ মাহত পৰীক্ষা পৰিচালনা কৰে । বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ জানুৱাৰীত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩২ বছৰৰ ভিতৰত হ’ব লাগে । নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিজ্ঞান( Geology)/ প্ৰায়োগিক ভূতত্ত্ব (Applied Geology)বা সামুদ্ৰিক ভূতত্ত্ব (Marine Geology) বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিব লাগিব। স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে। প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

৭। ভাৰতীয় অৰ্থনীতি/পৰিসংখ্যা সেৱাৰ পৰীক্ষা (Indian Economic Service / Indian Statistical Service) : এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে জুন মাহত বিজ্ঞাপন প্রকাশ কৰে আৰু নৱেম্বৰ মাহত পৰীক্ষা পৰিচালনা কৰে । বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ জানুৱাৰী ত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০বছৰৰ ভিতৰত হ’ব লাগে । নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। শিক্ষাগত অৰ্হতা : Indian Economic Serviceৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Economics/Applied Economics/Business Economics/Econometrics বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগে। Indian Statistical Serviceৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Statistics/Applied Statistics/Mathematical Statistics বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগে। স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে। প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

৮। বিশেষ শ্রেণী ৰেলৱে শিক্ষানবিচৰ পৰীক্ষা (Special Class Railway Apprenctices' Examination) : এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে ফেব্ৰুৱাৰী মাহত বিজ্ঞাপন প্রকাশ কৰে আৰু জুলাই মাহত পৰীক্ষা পৰিচালনা কৰে । বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ১৭ বছৰৰ পৰা ২১বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। শিক্ষাগত অৰ্হতা : এই পৰীক্ষা দিবৰ বাবে প্রাৰ্থীয়ে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষাত প্রথম বা দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’ব লাগে। প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

৯। ৰাষ্ট্রীয় প্রতিৰক্ষা আৰু নৌ একাডেমীৰ পৰীক্ষা (National Defence Academy & Naval Academy Examination ): এই পৰীক্ষাৰ বছৰত দুবাৰ অনুষ্ঠিত হয়।এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে অক্টোবৰ/ নৱেম্বৰ আৰু এপ্ৰিল/মে’ মাহত বিজ্ঞাপন প্রকাশ কৰে । এপ্ৰিল/মে’ আৰু চেপ্টেম্বৰ/অক্টোবৰ মাহত পৰীক্ষা পৰিচালনা কৰে । বয়সৰ সীমা : প্রাৰ্থীৰ বয়স ১৬বছৰ ৬মাহৰ পৰা ১৯বছৰৰ ভিতৰত হ’ব লাগে। শিক্ষাগত অৰ্হতা : সেনা বাহিনী শাখাত ভৰ্তিৰ বাবে প্রাৰ্থী যিকোনো শাখাত দ্বাদশ শ্রেণীত উত্তীৰ্ণ হ’ব লাগে। আনহাতে বায়ু আৰু নৌ বাহিনীত ভৰ্তিৰ বাবে প্রাৰ্থী বিজ্ঞান শাখাত দ্বাদশ শ্রেণীত উত্তীৰ্ণ হ’ব লাগে । দ্বাদশ শ্রেণী পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে। প্রাৰ্থীৰ বাচনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে। কেন্দ্রীয় লোকসেৱা আয়োগে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত পৰিচালনা কৰা এই সকলোবোৰ প্রতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন আয়োগৰ ৱেবছাইট (http://upsc.gov.in) লগতে এমপ্লয়মেণ্ট নিউজ আৰু বিভিন্ন বাতৰি কাকত/আলোচনীত প্রকাশ হয় ।

No comments:

Post a Comment