সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
গীত পৰিবেশনৰ সময়ত 
ড° বুলজিৎ বুঢ়াগোহাঁই 
মাননীয় সম্পাদক মহোদয়, 
আমাৰ ৰাজ্যখনত পালন কৰা বিভিন্ন উৎসৱ তথা বছৰৰ বিভিন্ন সময়ত বিভিন্ন উপলক্ষে হৈ থকা সভা-সমিতিবোৰৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে। এই সাংস্কৃতিক অনুষ্ঠানবোৰত শিল্পীসকলে সাধাৰণতে গীত পৰিবেশন কৰি দৰ্শকক মনোৰঞ্জন দিয়ে। এটা কথা লক্ষ্য কৰিছোঁ কিছুমান শিল্পীয়ে গীত পৰিৱেশন কৰা আগতে মঞ্চত উঠি এটি ঘোষণা কৰে যে ভুল-ভ্ৰান্তি হ'লে ক্ষমা কৰে যেন আৰু ভালকৈ গীত পৰিৱেশ কৰিবলৈ চেষ্টা কৰিব। আমি ভাবোঁ শিল্পীসকলে গীত পৰিৱেশন কৰা আগতে এনে ধৰণৰ মন্তব্য প্ৰকাশ কৰি দৰ্শকক নিৰাশ কৰা উচিত নহয়। দৰ্শকসকলে বহুত আশা কৰি অনুষ্ঠান উপভোগ কৰিবলৈ আহে তথা আয়োজক সকলেও গীত পৰিৱেশন কৰা বাবদ শিল্পীসকলক যথেষ্ট টকা দিয়ে। আমি ভাবোঁ গীত পৰিৱেশনৰ ক্ষেত্রত কিবা ক'ব লগা থাকিলে শিল্পীসকলে শেষত উল্লেখ কৰিলে ভাল হয়। আশা কৰিছোঁ এই বিষয়টি প্ৰতি শিল্পীসকলে মন দিব। 

No comments:

Post a Comment