কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেৰিয়াৰ

কেৰিয়াৰ

Share This
পেশা হিচাবে নাটকঃ
উচ্চ শিক্ষাৰ বাবে ৰাষ্ট্রীয় নাট্য বিদ্যালয় 
ড° বুলজিৎ বুঢ়াগোহাঁই
নাটকক বহুতেই হ’বি হিচাপে গ্রহণ কৰা দেখা যায়। কিন্তু নাটকক কেৰিয়াৰ হিচাপেও ল’ব পাৰে । ইয়াৰ বাবে উপযুক্ত প্রশিক্ষণ লোৱা প্রয়োজন আছে । নাটকৰ প্রশিক্ষণ দিয়া বাবে আমাৰ দেশত বহুতো প্রতিষ্ঠান আছে। ইয়াৰ ভিতৰত নতুন দিল্লীৰ ‘ৰাষ্ট্রীয় নাট্য বিদ্যালয়’ বা ‘নেছনেল স্কুল অৱ ড্রামা’ এটা উল্লেখযোগ্য প্রতিষ্ঠান ।
‘নেছনেল স্কুল অৱ ড্রামা’ই Diploma Courses in Dramatic Artsঅৰ তিনিবছৰীয়া পাঠ্যক্রম আগবঢ়ায় । এই পাঠ্যক্রমত শিকোৱা বিষয়বোৰ হ’ল- Modern Indian Drama, Classical Indian Drama, World Drama, Voice & Speech, Yoga, Mine & Movement, Theatre Music, Acting & improvision, Theatre Architecture, Scenic Design, Costume Design, Stage Lighting, Make-up, Production , Appreciation courses and workshop sessions. এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে আবেদন পত্র আৰু প্রছপেক্টাছ (prospectus) ডাক যোগেদি তথা অনলাইন যোগেদি পাব পাৰে।

‘ৰাষ্ট্রীয় নাট্য বিদ্যালয়’ৰ যোগাযোগৰ ঠিকনা : The Academic Section National School of Drama Bahawalpur House, Bhagwandas Road New Delhi 110 001. Email: nationalschoolofdrama@gmail.com Phone No : 011-23389402 Website : www.nsd.gov.in

নামভৰ্তিৰ বাবে প্রাৰ্থীজনৰ অৰ্হতা : ১। যিকোনো বিষয়ত স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয় পৰা স্নাতক হোৱা দৰকাৰ। ২। নিজ মাতৃভাষাৰ লগতে ইংৰাজী আৰু হিন্দী ভাষাৰ জ্ঞান থকাৰ আৱশ্যক। ৩। কমেও ছয়খন নাটক প্রযোজনাত অংশ গ্রহণ কৰা অথবা নাটক সম্পৰ্কীয় অন্য যিকোনো কামত অংশ গ্রহণ কৰিব লাগিব। বয়স : এই পাঠ্যক্রমত ২০ আৰু ৩০ বছৰৰ ভিতৰৰ পুৰুষ আৰু মহিলা সকলোৰে অধ্যয়ন কৰিব পাৰে । অনসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বাবে পাঁচ বছৰ বয়সৰ ৰেহাই আছে। শিক্ষাৰ মাধ্যম : ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ শিক্ষাৰ মাধ্যম হিন্দী আৰু ইংৰাজী। আসন : এই ২৬ খন আসন আছে ।

ইয়াৰ ৫খন আসন অনসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বাবে সংৰক্ষিত আৰু ৫খন আসন অন্যান্য পিছপৰা শ্রেণীৰ বাবে সংৰক্ষিত যাৰ পৰিয়াল performing atrs অৰ লগত জড়িত। নামভৰ্তিৰ নিয়ম : আবেদন পত্রবোৰ দুটা পৰ্যায়ত পৰীক্ষা কৰে।প্রথম পৰ্যায়ত an audition or practical test লয়। প্রথম পৰ্যায়ৰ পৰীক্ষা ‘ৰাষ্ট্রীয় নাট্য বিদ্যালয়’, নতুন দিল্লী লগতে চাৰিটা কেন্দ্রত অনুষ্ঠিত হয় – কলকতা, বেংগেলুৰু, মুম্বাই আৰু গুৱাহাটী।

প্রথম পৰ্যায়ত নিৰ্বাচিত প্রাৰ্থীসকলে দ্বিতীয় পৰ্যায়ৰ অৰ্থাৎ চূড়ান্ত মনোনয়নৰ বাবে চাৰি-পাঁচ দিনীয়া কৰ্মশালাত অংশ গ্রহণ কৰিব লাগে । জলপানি (Scholarship) : ‘ৰাষ্ট্রীয় নাট্য বিদ্যালয়’ত নামৰ্ভতিৰ বাবে নিৰ্বাচিত ছাত্র-ছাত্রীসকলক মাহে ৬,০০০ টকাকৈ জলপানি দিয়ে । ৰাষ্ট্রীয় নাট্য বিদ্যালয়ে প্রদান কৰা Diploma Courses in Dramatic Arts ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত আৰু নাট্য বিভাগ সম্পৰ্কীয় চৰকাৰী নিয়োগত এই Diplomaৰ গুৰুত্ব আছে, যেনে- অনাতাঁৰ আৰু দূৰদৰ্শন বিভাগ । Dramatic Artsত Diploma লাভ কৰা শিক্ষাক স্নাকোত্তৰ ডিগ্রীৰ সমতুল্য বুলি গণ্য কৰা হয় । ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ পৰা Diplomaলাভ কৰা সকলে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকৰ বাবে যোগ্য। তদুপৰি গৱেষণা তথা পি.এইচ.ডি. পাঠ্যক্রমত অধ্যয়ন কৰিব পাৰে। 

No comments:

Post a Comment