পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্যবেক্ষণ

পৰ্যবেক্ষণ

Share This
নৰ্থ ইষ্ট ফেষ্টিভেলঃ দিল্লীত এক ইতিবাচক আয়োজন
অজয় লাল দত্ত
 উত্তৰ পূৱৰ প্ৰতিভা, কলা-সংস্কৃতি, ঐতিহ্য আৰু স্ব-প্ৰতিভাৰে দেশৰ তাৰকা ব্যক্তিত্বত পৰিণত হোৱা ব্যক্তি সমূহক একেখন মঞ্চত তুলি ধৰি দেশ আৰু দুনীয়াৰ লোকসকলৰ দৃষ্টিত এক ইতিবাচক ছবি তুলি ধৰি অঞ্চলটোৰ প্ৰতি সঠিক মনোভাৱ গঢ় দিয়াৰ উদ্দেশ্যৰে দ্বিতীয় বৰ্ষৰ বাবে দেশৰ হৃদপিণ্ড নতুন দিল্লীৰ জনপথৰ ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ আৰ্টচৰ প্ৰাংগণত অনুষ্ঠিত হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল ২০১৪। ৰাষ্ট্ৰীয় সংহতি বাণীৰে উদ্বুদ্ধ কৰি, উত্তৰ-পূৱৰ ৰাইজকো একাষৰীয়া অনুভৱৰ ভাৱনাৰ পৰা মুক্তি দিয়াৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হোৱা এই মহোৎসৱত অংশ গ্ৰহণৰ বাবে আয়োজকৰ আমন্ত্ৰণ ক্ৰমে আমিও মুম্বাইৰ পৰা আহি উপস্থিত হৈছোহি। আমাৰ অঞ্চলটোৰ অনুপম সামাজিক, সাংস্কৃতিক তথা মানৱ সম্পদৰ গুৰুত্বপূৰ্ণ তথা সৱল উপাদান সমূহক ৰাষ্ট্ৰীয় মঞ্চত সৱল ৰূপত তুলি ধৰাৰ এই প্ৰয়াসৰ বাবে আয়োজক ট্ৰেণ্ড এম এম এছৰ শ্যামকানু মহন্তৰ নেতৃত্বত সমূহ কৰ্মদল আৰু সহযোগিতা কৰা সংস্থা সমূহৰ পৃষ্ঠপোষকতাক শলাগ লবই লাগিব।


৭ নৱেম্বৰৰ পৰা চাৰিদিনীয়াকৈ আয়োজন কৰা এই বিশাল আৰু বৰ্ণাঢ্য আয়োজনৰ প্ৰথম দিনাৰ পুৱাই দুখনকৈ অতি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অতি সৌদাৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হয়। উত্তৰ-পূৱৰ একাষৰীয়া অনুভৱ আৰু সমস্যাৰাজিক তুলি ধৰা প্ৰথমখন আলোচনাসত্ৰৰ পাছতে সৰ্ব-ভাৰতীয় পৰ্যায়ত বহুল চৰ্চিত ভাৰতীয় বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে "বেজবৰুৱা সমিতিৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণ" বিষয়ক আলোচনা অনুষ্ঠিত হয়। এই অনুষ্ঠানত খোদ এম পি বেজবৰুৱা ডাঙৰীয়াই অংশগ্ৰহণ কৰি উত্তৰ-পূৱৰ পৰা আহি দিল্লীত বৈষম্যমূলক নিৰ্যাতনৰ সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ বিষয়ে সমিতিয়ে কৰা অধ্যয়নৰ বিশদ দিশসমূহ ফঁহিয়াই বাখ্যা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰলৈ আগবঢ়োৱা পৰামৰ্শৱলীৰ কথাও ছাত্ৰ সমাজৰ প্ৰতিনিধি তথা স্থানীয় ৰাইজৰ প্ৰতিনিধিয়ে অংশ লোৱা সুধী সমাজক অৱগত কৰে। এই অনুষ্ঠান পৰিচালনা কৰি উত্তৰ-পূৱৰ বাবে দিল্লী পুলিচৰ বিশেষ কোষৰ মুৰব্বী দ্বায়িত্বত থকা শীৰ্ষ আৰক্ষী বিষয়া ৰবীন হিবুয়ে অংশগ্ৰহণকাৰী সকলৰ ফালৰ পৰা আগবঢ়োৱা বিভিন্ন দিহা-পৰামৰ্শ গ্ৰহণ কৰি সেই সমূহ বাস্তৱত ৰূপায়িত কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে আশ্বাস দিয়ে। বেজবৰুৱা ডাঙৰীয়াই সৰু সৰু চাকৰিৰ বাবেও আজিৰ তাৰিখত বুজন সংখ্যক নৱ-প্ৰজন্ম দেশৰ বিভিন্ন নগৰ-মহানগৰলৈ প্ৰব্ৰজন কৰাটো ৰোধ কৰাৰ বাবে এনেবোৰ চাকৰিৰ সুবিধা আমাৰ অঞ্চলবোৰতে সৃষ্টি হোৱাৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে। সকলোৱে এখন শক্তিশালী আৰু উন্নত উত্তৰ-পূৱ গঢ়িবলৈ শক্তি যোগাবলৈকো তেখেতে আহ্বান জনায়। বৰ্ণ-বৈষম্যমূলক নিৰ্যাতনৰ অপৰাধৰ ঘটনাৰাজিক বিশ্লেষণ কৰি তাক ৰোধ কৰাৰ বাবে তেখেতৰ নেতৃত্বত গঠিত বেজবৰুৱা কমিটিয়ে উত্তৰ-পূৱৰ পৰা অহা লোকসকল তথা তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰাজিৰ ওপৰত কোনো সঠিক ডাটাবেছ নথকাৰ বাবেও হোৱা অসুবিধাৰ কথা উল্লেখ কৰে। বিশ্ববিদ্যালয়, সামাজিক সংস্থাই এনে অধ্যয়ন, সমীক্ষা আদি তৈয়াৰ কৰিলে চৰকাৰৰ সমুখত তথ্যপূৰ্ণ ভাৱে কথাবোৰ উপস্থাপন কৰাত সহায়ক হব বুলিও তেখেতে অৱগত কৰে। আগতে অসম ভৱন, মেঘালয় ভৱনৰ দৰে ৰাজ্যিক জনসম্পৰ্কৰক্ষী কেন্দ্ৰবোৰ আৰু আবাসিক বিষয়া সকলে ৰাজ্যসমূহৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গাইড তথা সমস্যা সমাধানৰ বাবে প্ৰাথমিক তথ্য তথা ভৰসাকেন্দ্ৰ ৰূপে কাম কৰাৰ ব্যৱস্থা বা প্ৰৱণতাটো পুনৰ ঘূৰাই অনাটোও অতি প্ৰয়োজনীয় বুলিও তেখেতে মত প্ৰকাশ কৰে। তেখেতে বৰ্তমান কেৱল ৰাজনৈতিক নেতাৰ গেষ্ট হাউচলৈ পৰ্যবসিত হোৱা এই ভৱনবোৰে ৰাজ্য সমূহৰ পৰা অহা লোকসকলৰ প্ৰতি প্ৰাথমিক তথ্য আৰু ভৰসা কেন্দ্ৰৰ মৌলিক দ্বায়িত্ব পালন কৰিলেহে এনে বৈষম্যমূলক নিৰ্যাতনৰ ঘটনা ৰোধৰ বাবে আগবঢ়োৱা পৰামৰ্শৱলী কাৰ্যকৰীকৰণ সম্ভৱপৰ হব বুলিও আঙুলিয়াই দিয়ে। 

আলোচনা সত্ৰখনত অংশ লৈ উত্তৰ-পূৱ ভাৰতীয়ৰ বিৰুদ্ধে হোৱা বিভিন্ন ঘটনাৰ ন্যায়িক যুঁজখন আগুৱাই নিয়া দিল্লী উচ্চ ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকা আৰু সামাজিক নেত্ৰী তথা অধিবক্তা ট'পি বাছাৰেও বৰ্ণ-বৈষম্য বিৰোধী আইন, অনুসূচিত-জাতি জনজাতি আইন আদিত থকা দুৰ্বল স্থিতি তথা সুৰুঙা সমূহে সৃষ্টি কৰা বাস্তৱিক আঁসোৱাহসমূহৰ বিশ্লেষণ তথা সংশোধনীমূলক প্ৰয়োজনীয়তা বিষয়ক পৰামৰ্শৱলী আগবঢ়ায়। কেন্দ্ৰীয় গৃহ মন্ত্ৰায়লয়ৰ যুটীয়া সচিবৰ উপস্থিতিত হোৱা এই আলোচনা সত্ৰই জলন্ত সমস্যালৈ পৰিগণিত হোৱা বিষয়টোৰ ক্ষেত্ৰত ৰাজনৈতিক প্ৰতিনিধি, সাংসদ সমূহে কেন্দ্ৰীয় চৰকাৰক দিব লগা হেঁচা, ৰাজ্য সমূহত মডেল আইন প্ৰণয়ন কৰি তেনে আইনক ৰাষ্ট্ৰীয় স্তৰত প্ৰয়োগ কৰাৰ আদৰ্শ দেখুওৱাৰ প্ৰয়োজনীয়তা আদি দিশ তুলি ধৰিবলৈ সক্ষম হয়। মুনিৰকা অঞ্চলৰ আবাসিক সংস্থা সমূহৰ প্ৰতিনিধি, ছাত্ৰ সমাজৰ প্ৰতিনিধিৰো সক্ৰিয় অংশগ্ৰহণ, ৰাষ্ট্ৰীয় মেডিয়াৰ সাংবাদিকেও পোনপটীয়াকৈ বেজবৰুৱা ডাঙৰীয়া, গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াক প্ৰশ্ন উত্থাপন কৰাৰ এক সুন্দৰ পৰিবেশ উপহাৰ দিয়াৰ কৃৰ্তিত্ব নিশ্চয়কৈ মহোৎসৱখনৰেই।

নৰ্থ ইষ্ট ফেষ্টিভেল ২০১৪ ৰ উদ্বোধনী অনুষ্ঠানত অংশ মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি উত্তৰ-পূৱৰ নতুন ৰাজনৈতিক তাৰকা ৰূপে উজলি উঠা ব্যক্তিত্ব তথা কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী কিৰেণ ৰিজেজুৱে অতি প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। তেখেতৰ পোনপটীয়া ভাষণত পৰিচয়ৰ বাবে আমি কোনেও ক্ৰন্দন কৰাৰ প্ৰয়োজন যে নাই সেই কথা দৃঢ়তাৰে প্ৰকাশ কৰে। তেখেতৰ মতে, আমি আমাৰ কামেৰে নিজৰ পৰিচয় সৃষ্টি কৰিব লাগিব। তেওঁ দেশৰ গৃহ ৰাজ্যমন্ত্ৰী হোৱাৰ আগত বা পাছতো দেশৰ বিভিন্ন অঞ্চলৰ লোকে তেওঁৰ মংগোলীয় চেহেৰাই বহন কৰা নৃ-তাত্বিক বৈশিষ্ট্যৰ বাবে তেওঁক নেপাল বা চীনৰ বুলি ভাবিবলৈ ধৰাৰ কথালৈ আঙুলিয়াই দি, আনে কি ভাৱে সেই কথাই তেওঁক কাহিনীও প্ৰভাৱিত নকৰে বুলিও ব্যক্ত কৰে। তেখেতৰ মতে সন্মান দাবী কৰা বস্তু নহয়, সেয়া আমি আৰ্জন কৰিব লাগিব। যিখন দেশৰ বেছি সংখ্যক লোকেই নিৰক্ষৰ সেইখন দেশত বেছিভাগৰে উত্তৰ-পূৱ বা অঞ্চলটোৰ মানুহৰ বিষয়ে জ্ঞান নথকাটো অতিশয় স্বাভাৱিকেই । এতিয়া তেখেতক উত্তৰ-পূৱৰ নাগৰিক গৌৰৱ কৰিলেও এগৰাকী মন্ত্ৰীৰ দ্বায়িত্ব পালন কৰোতে কামেৰে নিজকে উত্তৰ-পূৱৰ মাজতে তেখেতে সীমিত কৰি ৰাখিলে নিশ্চয়কৈ নহব, তেওঁ গোটেই দেশৰ প্ৰতিয়েই সমভাৱে দ্বায়িত্ব পালন কৰিব লাগিব বুলি স্পষ্ট ভাষাৰে উল্লেখ কৰে। এইখন দেশত বহুতো জাতি, উপজাতিৰ লোকে বসবাস কৰে, কোনো বেছি ভাৰতীয় বা কোনো কম ভাৰতীয় নহয়! দিল্লীয়েই দেশৰ আৰম্ভণি নহয়, ভাৰতবৰ্ষ আৰম্ভ হয় সীমান্তৰ পৰা, সেয়ে সীমান্তবাসীৰ গুৰুত্ব যে দিল্লীবাসীতকৈ কম সেয়া কোনো পধ্যেই নহয়! আমি আমাৰ আঞ্চল কেন্দ্ৰিক ঠেক তথা সীমিত চিন্তাধাৰা এৰি বিশাল দৃষ্টিৰে উত্তৰ-পূৱৰ শক্তি আৰু সম্পদৰ সদব্যৱহাৰ কৰি এটি উন্নত অঞ্চলৰূপে আমি গঢ় দিবই লাগিব।

তেখেতৰ মতে উত্তৰ-পূৱে এতিয়াতকৈ আচলতে বহুগুণেই উন্নত হোৱাৰ যোগ্য আছিল। কিন্তু কৰবাত আমি বিফল হৈছো। অঞ্চলটোৰ ৰাজনৈতিক নেত্বত্বৰ বিফলতাৰ বাবেই হওক বা নীতিৰ বাবেই হওক অঞ্চলটোত শান্তি আৰু সমৃদ্ধিৰ যি পৰিবেশ গঢ়ি উঠিব লাগিছিল সেয়ে গঢ় লৈ উঠা নাই। বন্দুক লোৱা ডেকাগণ, আন্দোলন, বন্ধ, অনশন আদিৰ সঘন বাতৰিয়েই তাকেই প্ৰতীয়মান কৰে। অঞ্চলটোৰ বিভিন্ন ৰাজ্য, জাতি, জনগোষ্ঠীৰ মাজতো জানো বিভিন্ন বিবাদ নাই। কিন্তু আমি নতুন চৰকাৰে এই বিভিন্ন সমস্যা সমূহক গুৰুত্ব সহকাৰে সমাধানৰ বাবে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বন্দুক তুলি লোৱা সকললৈ আলোচনাৰ যোগে সমস্যা সমাধানৰ আহ্বান জনাই গৃহৰাজ্য মন্ত্ৰী গৰাকীয়ে তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবেও পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

আমি আমাৰ কৰ্ম শক্তিৰ প্ৰদৰ্শন কৰি নিজৰ পৰিচয় অৰ্জন কৰিব লাগিব। পৰিচয় ভিক্ষা কৰাৰ বস্তু নহয়। মেৰি কম, ভূপেন হাজৰিকাৰ দৰে আইকন সৃষ্টি কৰিব পাৰিব লাগিব। নিজৰ প্ৰতিভাৰে নিজক প্ৰতিপন্ন কৰক, মানুহে আপোনাৰ পৰিচয় নিজেই লব, নিজেই অনুসৰণ কৰিব। বেজবৰুৱা কমিটিৰ পৰামৰ্শৱলী সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে কাম কৰি থকাৰ কথা ঘোষণা কৰিও তেখেতে সমগ্ৰ দেশতে এক জাতি-বৰ্ণৰ ভিত্তিত বৈষম্যমূলক ভাৱধাৰা সঁচাকৈ থকাৰ কথা স্বীকাৰ কৰি লয়। বহু জাতি, জনগোষ্ঠী, ধৰ্ম, সংস্কৃতিৰ ভিন্নতাৰ দেশ এখনত মানসিক ভুল ধাৰণাৰ বশবৰ্তী হোৱাৰ ফলতে এনে বৈষম্যতাৰ সৃষ্টি হোৱা বুলিও তেখেতে আঙুলিয়াই দিয়ে। বেজবৰুৱা কমিটীৰ পৰামৰ্শৱলীৰ কাৰ্যকৰীকৰণৰ বাবে সময়ৰ প্ৰয়োজন হব বুলি প্ৰকাশ কৰি, সকলো সৰু-বৰ ঘটনাকে উত্তৰ-পূৱৰ প্ৰতি ঘৃণা আৰু বৈষম্যৰ প্ৰকাশ বুলি একেৰঙ সানি নিদিবৰ বাবেও নাগৰিক সমাজ তথা প্ৰচাৰ মাধ্যমলৈ আহ্বান জনায়। উত্তৰ-পূৱৰ লোক সকলৰ প্ৰতি হোৱা যি কোনো নিৰ্যাতনৰ বিৰুদ্ধে বিশেষ পদক্ষেপ লোৱাৰ বাবে আৰক্ষীৰ বিশেষ কোষৰ ব্যৱস্থা কৰাৰ লগতে, এনে গোচৰৰ ক্ষেত্ৰত অৱহেলা কৰা আৰক্ষী বিষয়াক শাস্তি বিধানৰো ব্যৱস্থা কৰাৰ লগতে, উত্তৰ-পূৱবাসীৰ বাবে তেওঁ দিল্লীত আছেই বুলিও ৰাইজক সাহস যোগায়। তেখেতে ইতিবাচক কৰ্মৰে আমি কোন সেই পৰিচয় দেশ আৰু বিশ্ববাসীৰ ওচৰত দাঙি ধৰিবলৈকো আহ্বান জনায়। দেশৰ ভিতৰতে উদ্যোগ, বাণিজ্যৰ বাবে আটাইতকৈ সুচল ঠাই ৰূপে উত্তৰ-পূৱক গঢ়ি তোলাৰ স্বপ্ন এই জীৱনকালতে সাৰ্থক কৰি যাব বুলিও ৰাজনৈতিক ক্ষেত্ৰত উজ্জ্বল তাৰকাগৰাকীয়ে প্ৰকাশ কৰা দৃঢ়তাই সঁচাই এক ইতিবাচক বাৰ্তা সমূহ উত্তৰ-বাসীলৈ প্ৰেৰণ কৰিছে।

উদ্বোধনী অনুষ্ঠানটিৰ সন্মানিত অতিথি ড'নাৰ মন্ত্ৰী ভি কে সিঙৰ উপস্থিতিত উত্তৰ-পূৱ কাউঞ্চিলৰ বাৰ্ষিক ক্ৰীড়া বঁটা সমূহো প্ৰদান কৰা হয়। বিগত কমনৱেলথ গেমচ আৰু এছিয়াডত পদক বুটলিবলৈ সক্ষম হোৱা উত্তৰ-পূৱৰ ক্ৰীড়া প্ৰতিভা সমূহৰ সোণৰ পদক অৰ্জন কৰা সকলৈ দহ লাখ, ৰূপৰ পদকৰ বাবে পাঁচ লাখ আৰু ব্ৰঞ্জৰ পদকৰ বাবে তিনি লাখকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰি একেখন মঞ্চত এই উজ্জ্বল তাৰকাসমূহৰ তুলি ধৰাৰ তথা প্ৰেৰণা যোগোৱাৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰো মহোৎসৱখনতে সৌভাগ্য ঘটিল। মেৰী কম, দেৱেন্দ্ৰ সিঙকে ধৰি ক্ৰীড়াংগনত নিজস্ব কৰ্মদক্ষতা তথা প্ৰতিভাৰ দ্বাৰা অঞ্চলটোকে বাকী বিশ্বৰ আগত ক্ৰমাগত ভাৱে উজ্বলাই তোলা তাৰকা সমূহক নৰ্থ ইষ্ট ফেষ্টিভেলৰ মঞ্চত সমবেত কৰি ক্ৰীড়াৰ দৰেই আন আন ক্ষেত্ৰতো আগৰণুৱা হোৱাৰ প্ৰেৰণা যোগাব পৰাটোও মহোৎসৱখনৰ এটি অন্যতম সফলতাই।

প্ৰথম দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী অনুষ্ঠানত সাংবাদিক অৰ্ণৱ গোস্বামীয়ে উত্তৰ-পূৱৰ সন্তান হিচাবে নিজকে গৌৰৱ কৰাৰ কথা প্ৰকাশ কৰি নিডো টানিয়া, চালোনী হত্যাৰ দৰে ঘটনা প্ৰতিৰোধৰ বাবে বেজবৰুৱা কমিটিৰ পৰামৰ্শৱলীক ৰূপায়িত কৰাৰ বাবে সৰ্বোপৰি হেঁচা প্ৰয়োগৰ বাবে প্ৰচেষ্টা চলোৱাৰ বাবে নিজস্ব দৃঢ়তা প্ৰকাশ কৰা মুহূৰ্তটোক সকলোৱেই হাত-চাপৰিৰে সমৰ্থন জনায়। অনুষ্ঠানটোৰ উদ্বোধক দেশৰ জনজাতি উন্নয়ন মন্ত্ৰী জুৱেল অৰামে তেখেতৰ ভাষণত উত্তৰ পূৱৰ ২২৫টাৰো অধিক জাতি-জনগোষ্ঠীৰ বৰ্ণময় সংস্কৃতি আৰু ২৫০ৰো অধিক ভাষা-উপভাষাই ভাৰতৰ সাংস্কৃতিক তথা সামাজিক ক্ষেত্ৰক সমৃদ্ধ কৰি যোগোৱা বিশাল অৰিহণাক স্বীকৃতি প্ৰদান কৰে। প্ৰথম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত গুৱাহাটী লাইটচ, আখু-ইম্ফল টকিজ, য়েষ্টাৰ-ড্ৰাইভ , চেথুৱাঙ,ভিনাইল ৰেকডৰ্ছ আৰু চ'লমেটে উত্তৰ-পূৱৰ ৰক সংগীত প্ৰতিভাক উজ্বলাই তোলে, লগতে দিল্লীৰ দ্য লোকেল ট্ৰেইন বেণ্ডৰ সংগীতেও সমূহ দৰ্শককে আপ্লুত কৰে। 

এই মহোৎসৱৰ অংশ স্বৰূপে পৰম্পৰাগত খাদ্য মেলাত আঠোখন ৰাজ্যৰ আখলৰ জুতি, দিনৰ ভাগত মুকলি মঞ্চত বৰ্ণিল পৰম্পৰাগত নৃত্য গীতৰ লগতে চিনেমা মহোৎসৱেৰেও মুখৰিত হৈছে দিল্লীৰ জনপথত হোৱা মহোৎসৱস্থলী। কৃষি ও খাদ্য সংশ্লেষণ বিষয়ক উদ্যোগ, উদ্যোগীকৰণ আৰু বিনিয়োগ, তথ্য প্ৰযুক্তি আৰু সেৱাখণ্ডত বিনিয়োগৰ সম্ভাৱনা, শিক্ষাৰে উত্তৰ-পূৱক সুসংহত কৰা,উত্তৰ-পূৱৰ যুৱ প্ৰজন্মক আগুৱাই নিয়াত ড'নাৰ মন্ত্ৰালয়ৰ ভূমিকা, উত্তৰ-পূৱত ক্ৰীড়া আৰু ক্ৰীড়া প্ৰতিভাৰ বিকাশ বিষয়ক কেইবাখনো অতিশয় গুৰুত্বপূৰ্ণ আলোচনা সত্ৰৰে অঞ্চলটোক সন্ত্ৰাসজৰ্জৰ অৱস্থাৰ পৰা কেনেকৈ বিকাশৰ বাটেদি নিব পাৰি তাৰ বাট বিচৰাৰ এক যোগাত্মক পদক্ষেপ মহোৎসৱখনিয়ে গ্ৰহণ কৰিছে। উত্তৰ পূৱৰ বিভিন্ন কোণৰ চিত্ৰ শিল্পী সকলৰ সৃষ্টিৰে অনুপম চিত্ৰ প্ৰদৰ্শনী, আলোকচিত্ৰ শিল্পী সকলৰ কেমেৰাৰে উত্তৰ-পূৱৰ বৰ্ণিল ইতিহাস, সংস্কৃতি তথা পৰম্পৰাগত ঐতিহ্যক তুলি ধৰিবলৈ এই মহোৎসৱে আয়োজন কৰা "লাইভ" নামৰ প্ৰদৰ্শনীখনেও ৰাইজৰ সমুখলৈ এক নতুন ৰূপত অঞ্চলটোৰ ছবি তুলি ধৰিবলৈ সক্ষম হৈছে। দিল্লী বিশ্ববিদ্যালয়, জে এন ইউ, জামিয়া মিলিয়া ইউনিভাৰ্চিটী আদিত সমান্তৰাল ভাৱে সচেতনতা সৃষ্টি হোৱাকৈ "উত্তৰ-পূৱক জানা" শীৰ্ষক এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দৰে সজাগতামূলক পদক্ষেপেও মহোৎসৱখনিক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

দেশৰ কেন্দ্ৰীয় মন্ত্ৰীসকল, আঠোখন ৰাজ্যৰ চৰকাৰ, ৰাষ্ট্ৰীয় মেডিয়া, উত্তৰ-পূৱৰ নিজা পৰিচয় সৃষ্টি কৰা তাৰকা, সাংস্কৃতিক সম্পদ, মানৱ সম্পদ, ঐতিহ্য, পৰম্পৰা আদিক একেখন মঞ্চত তুলি ধৰি একাষৰীয়া অনুভৱ কৰা অঞ্চলটোক এখনি "মধ্য মঞ্চ"ত তুলি ধৰিবলৈ সক্ষম হোৱা এই মহোৎসৱখনি প্ৰতি বছৰেই অনুষ্ঠিত কৰিবলৈকো উপস্থিত হৈ আপ্লুত হোৱা কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অৰামৰ আহ্বান নিশ্চয়কৈ মন কৰিবলগীয়া। আমাৰ নৱ-প্ৰজন্মই দেশৰ যি কোনো ঠাইতে বৈষম্যহীন ভাৱে নিজৰ স্ব-প্ৰতিভাৰ কৰ্ষণ কৰা, বসবাস কৰা তথা মুকলি মনেৰে মূৰ তুলি জীৱন নিৰ্বাহ কৰাৰ পৰিবেশৰ সৃষ্টি হওক। ইতিবাচক পদক্ষেপেৰে আত্মশক্তিৰে আত্ম-পৰিচয় তুলি ধৰাৰ বাণীৰ প্ৰচাৰ কৰা এই মহোৎসৱখনিৰ জৰিয়তে অঞ্চলটোৱে প্ৰকৃতাৰ্থত এক শান্তি, প্ৰগতি আৰু সামুহিক উন্নতিৰ বাটৰ সন্ধান পাওক। ব্যৱসায়, বাণিজ্য, উদ্যোগীকৰণ, পৰ্যটনৰ বাবে প্ৰথম পচন্দৰ আৰু আটাইতকৈ দেশৰ ভিতৰতে সুচল আৰু আগৰণুৱা অঞ্চলত উত্তৰ-পূৱক পৰিণত কৰাৰ বিশাল সপোনৰ দিশে এয়া হওক এটা ইতিবাচক আৰম্ভণি স্বৰূপ।

No comments:

Post a Comment