লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম
১. দুদিন চাকৰি বাকী থকা এগৰাকী শীৰ্ষতম বিষয়াই কালি আৰু আজি গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত টোপনিয়াই টোপনিয়াই থাকি দেশৰ সংবাদ শিৰোনামা দখল কৰে। অৱসৰৰ আগে আগে দিবাস্বপ্নৰে মিটিঙতে অৱসৰ বিনোদন কৰি সৰ্বোচ্চ প্ৰচাৰ পোৱা বিষয়াৰ কৃৰ্তিৰেও তেখেত ৰঞ্জিত হোৱা বুলি জানিব পৰা গৈছে।
২. “আহিল নৰেন, গ’ল নৰেন, নৰেন ময়াপী জীৱ; যাদুকৰ আহিল, যাদু দেখুৱালে আমাক কি ডাল দিব?” শীৰ্ষক কবিতাৰে সাম্প্ৰতিক সময়ক সুন্দৰকৈ প্ৰতিফলিত কৰাৰ বাবে শ্ৰেষ্ঠ ফেচবুক কবিৰ সন্মান লাভ কৰিছে কৰুণ গগৈয়ে। কিবা এটা পেকেজ পাব পাব বুলি মুখমেলি থাকোতেই মুখত ভেনা মাখি সোমোৱাৰ পাছতো একো মিঠা উপহাৰ নোপোৱাৰ পাছতে গগৈয়ে এই কবিতাটো ৰচনা কৰা বুলিও জানিব পৰা গৈছে।

৩. সদৌ অসম পেপাৰ-মালিক সন্থাই আজি পুৱা আয়োজন কৰা ফটো ছপোৱা প্ৰতিযোগীতাত “প্ৰতিদিনে তেলমালিচ” নামৰ সংবাদপত্ৰই শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। গোপন সূ্ত্ৰই প্ৰকাশ কৰা মতে কালি সন্ধিয়া মালিকক মাতি ভালকৈ এচৰু খাবলৈ দিয়াৰ পাছতে তৃপ্তি আৰু শক্তি পাই এই সংবাদগোষ্ঠীয়ে এই কৃৰ্তিত্ব লভিবলৈ সক্ষম হৈছে। এই শ্ৰেষ্ঠতাৰ বাবে অহাবাৰ “পদুম মাৰ্কা ৰাইজৰ সভা”ৰ টিকেট বিতৰণ কৰা হব পাৰে বুলি সম্ভাৱনা প্ৰকাশ পাইছে।

৪. ৰজা এজনে কালি গাড়ীৰ পৰা নামি হাত জোকাৰি ৰাইজক অভিবাদন জনাই সংবাদ শিৰোনামা লাভ কৰে। ইমান দিনে ৰজা সকলে গাড়ীৰ পৰা ননমাকৈ ভৰি জোকাৰিহে এইখন দেশত ৰাইজক অভিবাদন জনোৱাৰ পৰম্পৰা আছিল আৰু সেই পৰম্পৰা ভংগ কৰি পোন প্ৰথমবাৰৰ বাবে হাত জোকৰা কাৰ্যই হাজাৰ হাজাৰ ৰাইজক অভিভূত কৰি তোলাৰো সুখৰ খবৰ সজোৰে প্ৰকাশ পাইছে।

৫. সৰু-সজাইত আজি অনুষ্ঠিত হয় বিশাল চেলফি তোলা সমাৰোহৰ। পদুম পাতৰ ছাঁত জিৰাই চেলফি তোলা সমাৰোহে সঁচাই এক গণ-আন্দোলনৰ ৰূপ লোৱা বুলিও জানিব পৰা গৈছে। ঝাড়ু লৈ তোলা চেলফি, মহাপ্ৰভুৰ কাষত তোলা চেলফি, মহাপ্ৰভুৰ মহাভক্তৰ কাষত তোলা চেলফি, মহাভক্তৰ ভক্তৰ ভক্তৰ লগত তোলা চেলফিৰ বান অহাত খোদ জুকাৰবাৰ্গে সৰু-সজাই লিখা ফটো ফেচবুকত ব্লক কৰি দিব লগা অৱস্থা হোৱা বুলিও প্ৰকাশ কৰিছে।

৬. সদৌ অসম চোৰাং চিকাৰী সংঘই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষে বিশেষ গঁড় হত্যা কাৰ্যসূচী পালন কৰে। অসমত গঁড়ৰ খৰ্গ কটা, গঁড় প্ৰতিৰোধ আদি সমস্যাৰ ওৰ পেলাই বন-বিভাগ আৰু চৰকাৰক এই সমস্যাৰ একেবাৰে চিৰদিনৰ বাবে মুক্তি দিবলৈ সংগঠনটোৱে অহোৰাত্ৰি চেষ্টা চলাই যাব বুলিও দৃঢ়তা প্ৰকাশ কৰিছে। অনাগত দুই-এবছৰৰ ভিতৰতে ওপৰমহলৰ আৰ্শীবাদত এই মূৰৰ বিষটো শেষ কৰি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। "না ৰহেগা ৰাইন, না কটেগা খৰ্গ" বাণীৰেই সংঘ আগবঢ়া বুলিও বিশ্বস্ত সূত্ৰই প্ৰকাশ কৰিছে।

৭. অসম চুক্তি ৰূপায়ণৰ বাবে ওপৰৱালাই পুনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই প্ৰতিশ্ৰুতি চুক্তিৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাক-মূহুৰ্ততে পুনৰ ৰিনিউ কৰিব বুলিও দিল্লীৰ পৰা গোপন সূত্ৰই প্ৰকাশ কৰিছে। এই চু্ক্তি ৰূপায়ণৰ বাবে কৰা আন্দোলন চলাইয়েই আৰু দুই-তিনিটা প্ৰজন্মক অসমত নেতা হৈ সুখৰ ভাত খাবলৈ দিব বুলিও এক গোপন খবৰ প্ৰকাশ পাইছে।

৮. অহাবাৰ পদ্মৰ তালিকাত উঠিবলৈ কালি সদৌ অসম টিভি এংকৰ সাংবাদিক সন্থাৰ মাজত বিশাল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে। এইবাৰ টিভি এংকৰ সকলে “কাৰ যাদু কিমান চলিছে” প্ৰমাণ কৰিবলৈ জান-প্ৰাণ দি প্ৰচেষ্টা চলোৱাৰ যোগেদিয়ে পদুম ফুলৰ গুটি যৰে তৰে বোকাত চেগ বুজি সিঁচিবলৈ বুলি লক্ষ্য স্থিৰ কৰি দিয়া হৈছে। ইয়াত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব পৰা সকলক পদ্মশ্ৰী লাগেনে পদ্মৰত্ন লাগে সেইমতে পুৰস্কৃত কৰা হব বুলিও ডেইলী-এনজয় সোনোৱালে গোপন বাৰ্তা প্ৰেৰণ কৰাৰ খবৰ আহিছে।

৯. দিল্লীলৈ বিসম্বাদৰ ফল খাবলৈ যোৱা হিমুকান্ত শৰ্মা এতিয়া কলিকতাত নিখোজ হৈ পৰা বুলি জানিব পৰা গৈছে। “কলিকতাত জেৰা” নামৰ নাটকখনলৈ গুৱাহাটীৰ পৰা পোনে পোনে নগৈ মই দিল্লীলৈহে যাওঁ বুলি কেমেৰাত হাঁহি মাৰি যোৱা দাদাজন এবাপ কলিকতালৈ দিল্লীৰ পৰা গোপন ভ্ৰমণত অহাৰ কথা প্ৰকাশ পাইছিল যদিও, তেতিয়াৰ পৰা দাদাৰ কোনো আপডেট নোপোৱাত ফেন ক্লাৱ চিন্তিত হৈ পৰিছে আৰু অহা শনিবাৰে দাদাৰ কুশল কামনা কৰি জালুকবাৰী ক্লাৱত শনি চাউল-কথা ভকতক খুওৱাৰ দিহা কৰা হৈছে বুলি বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে।

১০. মোদী চাৰৰ গুৱাহাটী ভ্ৰমণৰ ফলত আজি বেলতলা বজাৰ বন্ধ হোৱাৰ ফলত দেওবৰীয়া গাহৰি খোৱা উতসৱৰ পৰা বৃহত্তৰ বেলতলাবাসী বঞ্চিত হব লগাৰ খবৰ আমালৈ আহি পৰিছে। সেয়ে সদৌ গুৱাহাটী গাহৰিপ্ৰেমী ৰাইজে অনাগত দিনত প্ৰগ্ৰেম ঠিক কৰোতে এনেকুৱা দুৰ্গতিৰ যাতে ৰাইজ সন্মুখীন হব লগা নহয়, তালৈ লক্ষ্য ৰাখিবলৈকো ডাঙৰ মানুহ সকললৈ আহ্বান জনাইছে।

No comments:

Post a Comment