হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. ৰাইজৰ মৰমৰ হিমুকন বাবাক কলিকতীয়া চিবিআইৰ অফিচত সোধা-পোচা কৰিবৰ বাবে দিনবাৰ ঠিক হোৱা বুলি খবৰ পোৱা গৈছে। সোধা-পোচাত মৰমতে দুই-এচৰ সোধাবনে নাই তাকে লৈহে এতিয়া সবত্ৰ কৌতূহলৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। সকলোকে জ্যোতিষ শিক্ষা দি ফুৰা বাবাকনক শিক্ষা দিবলৈ কৰা এই মহা-আয়োজনৰ লাইভ দেখুৱালেও বাইদেউৰ চেনেলে টিআৰপিৰ এভাৰেষ্ট চুব পাৰিব বুলিও জ্যোতিষী হিৰো ইয়ঙে মত প্ৰকাশ কৰিছে।

২. আজি তামিলনাডুত প্ৰভাকৰণ ছাৰৰ জন্মদিনত গ্ৰেনেড আকাৰৰ বাৰ্থ-ডে কেক কটাক লৈ হাংগামা সৃষ্টি হোৱা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। জন্মদিন পালন কৰা সকলক পুলিচে বিশেষ লাঠি-চালনাৰে পিঠিত উপযুক্ত কোব উপহাৰ দিয়া বুলিও জানিব পৰা গৈছে। এতিয়া অসমতো পৰেশদাৰ জন্মদিনত "ফুটবল-বোমা"ৰ আকাৰত কেক্ কাটিবলৈ পৰেশ ফেনক্লাৱে মন ঠিক কৰাৰ কথা গোপন সূ্ত্ৰত প্ৰকাশ পাইছে।

৩. অকনমান বৰাই অসমত কনমানি শিশুৰ মুখৰ ভাত কাঢ়ি খাইছে বুলি প্ৰকাশ কৰিলে উকিল গগৈয়ে। অকনমান বৰাৰ লহপহকৈ বাঢ়ি অহা পেটৰ আকৃতিয়েই এনে ডকা-হকা দি খোৱাৰ পৰিনাম প্ৰকাশ কৰিছে তথা প্ৰমাণ দিছে বুলিও গগৈদাই আঙুলিয়াই দিছে। সমাজৰ কল্যাণ কৰাৰ ঠিকা পোৱাৰ পাছতে মানুহজনৰ আকৃতি-প্ৰকৃতিলৈ লক্ষ কৰিলে সকলোৱেই সেই কথা উপলদ্ধি কৰিব পাৰিব বুলিও গগৈদাই মত প্ৰকাশ কৰিছে।

৪. ভয়াবহ জেহাদী নামৰ এখন নাটক কালি দিল্লীত উন্মোচন কৰিলে ৰৌ-মেন ডেকাই। পুঠি-খলিহনাকো বৰ-বাহুহেন দেখা ৰাজনৈতিক নাটৰ বিশিষ্ট শিল্পী গৰাকীয়ে ৰৌ-টোকে ঢৌটো কৰাৰ সৰুকালৰ অভ্যাসটোৰ বাবেই এই নাটকখন লিখি উলিয়াবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। পূজা-অৰ্চনাৰ ফালে বেছি ঢাল খোৱা বাবেই এক অহেতুক ভয়ে নাট্যকাৰজনক খেদি ফুৰে আৰু তেখেতে যতে ততে জেহাদী দেখে বুলিও সচেতন মহলে আঙুলিয়াই দিছে।

৫. গুৱাহাটীত এতিয়া মালিগাঁৱৰ ফালে নাহৰফুটুকী, ঢেঁকিয়াপতীয়া আদি বিভিন্ন বাঘে পিয়াপি দি ফুৰা বুলি ক্লজ চাৰ্কিট কেমেৰাত ধৰা পৰা বুলি টিভি চেনেলে প্ৰকাশ কৰিছে। বিসম্বাদীৰ চৰ্দাৰৰ সমষ্টিত হিংসুক বন্যপ্ৰাণী এইদৰে ঘূৰি ফুৰাৰ ঘটনাত প্ৰতিদ্বন্দী শিবিৰৰ হাবি-বন মন্ত্ৰীৰ হাতোৰা থকাৰ সম্ভাৱনাও কেতবোৰ চকু-চৰহাই প্ৰকাশ কৰিছে।



৬. বিসম্বাদীৰ বোন্দাপৰ নামৰ বাটৰ নাট এখনি দিল্লীৰ ৰাজপথত দেখিবলৈ পোৱা বুলি স্থানীয় সংবাদদাতাই আমালৈ বাতৰি পঠাইছে। বিসম্বাদী যুৱ মঞ্চৰ উদ্যোগত দিল্লী কা লাড্ডু বিচাৰি যোৱা প্ৰতিনিধি দলটোৱে দলৰ অকামিলা, ব্যস্ততাহীন নেতাকো লগ কৰিবলৈ বোন্দাপৰ দিব লগীয়া হোৱাৰ পাছত পদপথত সৃষ্টি হোৱা নাটকৰ কথাৰেই আমাৰ সংবাদদাতাই এই প্ৰতিবেদন প্ৰস্তুত কৰি পঠাইছে।

৭. লা ধন কনামৰ এখন নাটক কালি সংসদ মাৰ্গত মঞ্চস্থ কৰিলে মমতাময় তৃণমূলীয় পাৰ্টিয়ে। পদুম সংঘৰ সদস্য সকলে কলাধন পশ্চিমবংগত বুলি কিৰিলি পৰাক লৈও এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চীট ফাণ্ড, চীট ফাণ্ড বুলি দৰ্শকে চিঞৰাৰ ফলতো তৃণমূলীয়া নাট্যদল নাটকৰ মাজতে লাজতে বহি পৰিছিল বুলিও সাংস্কৃতিক প্ৰতিবেদকে আমাক জনাইছে।

৮. হাতোৰা পাৰ্টিতকৈ পদুম পাৰ্টি বেছি বিপদজনক বুলি প্ৰকাশ কৰিলে হাতী পাৰ্টিৰ মাউত সন্থাৰ নেতা তুলতুল বৰাই। বিৰোধী হৈও ইমান ক্ষতি নকৰা হাতোৰা পাৰ্টিৰ তুলনাত পদুম পাৰ্টিয়ে বন্ধুত্ব কৰি বুকুত যি কামোৰ দি গল তাৰ বেদনা এতিয়াও কম হোৱা নাই বুলি প্ৰকাশ কৰিছে। অনুশোচনাৰ চেতনা অহা যাত্ৰা কৰি ফুৰা বৰাদেৱে এনে বন্ধুতকৈ শত্ৰুৱেই ভাল বুলিও মন্তব্য কৰিছে।

৯. শিৱসাগৰত ম্যাদ উকলা মাথাউৰিৰে বান ৰোধৰ চেষ্টা চলাইছে ৰাজ্য চৰকাৰে। এনে দুঃসাহস দেখুওৱাৰ বাবে চৰকাৰখনক আন্তঃৰাষ্ট্ৰীয় বানপানী ঠিকাদাৰ সন্থাৰ ফালৰ পৰা আন্তৰ্জাতিক সাহসিকতাৰ বঁটা দিব লাগে বুলিও জনমত গঠন হৈছে বুলি জানিব পৰা গৈছে।

১০. মাজুলীত ধৰ্মান্তকৰণৰ জৰিয়তে ধাৰ্মিক খহনীয়া অহা বুলি আঙুলিয়াই দিলে হিন্দু-ভাতৃ সংঘই। পিছে গৰা-খহনীয়া ৰোধিব নোৱাৰিলে মাজুলীয়েই নাথাকিব বুলি সচেতন মহলে ভাতৃ সংঘক অৱগত কৰিছে। সেয়ে সকলো ধৰ্মৰ লোকক ৰক্ষা কৰিব পৰা গৰা-খহনীয়া ৰোধৰ কথাহে চিন্তা কৰিবলৈকো আহ্বান জনাইছে। 

No comments:

Post a Comment