হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. “বিজয়া বাইদেউৰ বেপেৰুৱা চিঠি” নামৰ এখন পত্ৰ সংকলন আজি দিল্লীত উন্মোচন হোৱা বুলি জানিব পৰা গৈছে। এই সংকলনখন বাংলাদেশৰ পৰা অহা হিন্দু অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব দিয়া আৰু আন ধৰ্মৰ সকলক পৃথক দৃষ্টিৰে চোৱাৰ আঁহফলা মনোভাৱবোৰ উজ্বলাই তোলা এমখা চিঠিক একত্ৰে, গ্ৰন্থাকাৰে উলিওৱা বুলি জানিব পৰা গৈছে। এই গ্ৰন্থৰ বাবেই বাইদেউ হিন্দু-প্ৰীতি বিশেষ বঁটাৰ বাবে নিৰ্বাচিত হব পাৰে বুলিও গুজৱ ওলাইছে। 

২. “ফিটিংৰ বাবে দুদিন” নামৰ এখন নাটক ৰচনা কৰিলে ডঃ হিমুকান্ত শৰ্মাই। সাৰদা-সাৰদা নামৰ লক্ষ্মীব্ৰেণ্ড লটাৰী খেলখনত হোৱা খেলিমেলিৰ বাবে আগতীয়া জামিন লোৱাৰ বাবে দিল্লীলৈ লৰা-ঢপৰা কৰাৰ কাহিনীৰেই এই নাটকখন ৰচনা কৰা বুলিও জানিব পৰা গৈছে।

৩. কমকৈ লেখা-পঢ়া কৰা মন্ত্ৰী স্মৃতিৰাণী বাইদেউক ৰাজস্থানত এজনে হাতচাই অহা ২০১৭ চনৰ ভিতৰত ৰাষ্ট্ৰপতি হব বুলি ভৱিষ্যবাণী কৰিছে। তাকে দেখি লালকৃষ্ণ বৰদেউতাৰ সপোনৰ গাজৰটো খাই পেলোৱাৰ সম্ভৱনা দেখি সদৌ ভাৰত বৃদ্ধ সংঘই গৰিহণা দিয়াৰ প্ৰস্তুতি চলাইছে। বুঢ়া হলেও হেপাঁহ পূৰোৱাৰ অধিকাৰটো খৰ্ব কৰি নিদিবৰ বাবেই নাতি-জীয়ৰীসম বাইদেউলৈ আহ্বান জনোৱা বুলিও গুজৱ ওলাইছে। 

৪. সদৌ ভাৰত টুইটাৰ ব্যৱহাৰকাৰী সংস্থাই প্ৰকাশ কৰা এক বিজ্ঞপ্তি অনুসৰি স্মৃতিৰাণী বাইদেউ বিগত ছমাহৰ ভিতৰত সৰ্বাধিক ইংৰাজীত অনলাইন গালি-শপনি সহ্য কৰা ভাৰতীয় আধুনিক নাৰীৰ হিচাবে পৰগণিত হোৱাৰ প্ৰকাশ পাইছে। এতিয়াৰ পৰা ইংৰাজীত বহুত হ’ল সেয়ে সংস্কৃতলৈ অনুবাদ কৰিহে গঞ্জনামূলক টুইট কৰাটো বাধ্যতামূলক কৰিব লাগে বুলিও বাইদেউ ফেন ক্লাৱে প্ৰকাশ কৰিছে।

৫. প্ৰতিবাৰেই কুকুৰেই প্ৰভুভক্ত হব লাগিব বুলি কথা নাই, বহুতো প্ৰভুভক্তয়ো নিজকে কুকুৰ প্ৰমাণিত কৰিব পাৰে বুলিও বাটা সামাজিক গৱেষণা সংস্থাই প্ৰকাশ কৰিছে। সমীক্ষা অনুসৰি একালৰ প্ৰভুভক্ত সকলে কুকুৰ হিচাবে নিজক প্ৰমাণিত কৰাটো বেছি ভয়ংকৰ পৰিঘটনা ৰূপে দেখা দি উঠিছে। কেংলেকাৰীৰ গোপন ভিডিঅ’, তথ্য আদি এনে প্ৰাক্তন প্ৰভুভক্তৰ ওচৰত থাকি গলে সিয়েই দাঁতৰ শূল, চকুৰ কূটা হৈ পৰে বুলিও সামাজিক সংস্থাটোৱে এটি সমীক্ষাৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে।

৬. বদলুদ্দিন আজকল ডাঙৰীয়াই কালি “সমানুজ্বল ভট্টৰ বাবে এক উজ্জ্বল কেৰিয়াৰ” শীৰ্ষক এটি বক্তৃতা প্ৰকাশ কৰে। দাঢ়ি-চুলি পকি যোৱা পৰ্যন্ত ছাত্ৰ সংগঠনৰ বোজা বহন কৰি থকা চিৰতৰুণজনলৈ বেয়া লাগিয়েই তেখেতক চংচদত চং দি ফুৰিব পৰাকৈ তেওঁৰ ৰাস্তা লবলৈ আহ্বান জনোৱা বুলি জানিব পৰা গৈছে। পিছে আজকল ডাঙৰীয়াই এই কেৰিয়াৰ গ্ৰহণ কৰিবলৈ আহিলে দাদালৈ আনুষংগিক খা-খৰছৰ বাবে কেইকোটি আৰ্থিক সাহাৰ্য আগবঢ়াব সেই কথা খোলোচাকৈ নোকোৱা বাবেও এতিয়া সচেতন মহলে গৰিহণা দিয়া বুলিও খবৰ ওলাইছে।

৮. ভাষা সদায় সংস্কৃত হব লাগে, কাৰণ “জাৰ্মান”টো কুকুৰৰো নাম হব পাৰে! সেই যুক্তিৰেই দেশৰ কেন্দ্ৰীয় চৰকাৰী বিদ্যালয় সমূহত সংস্কৃত ভাষা বাধ্যতামূলক কৰা বুলি জানিব পৰা গৈছে। গেৰুৱা বসনত ধূলি ধৰিব নোৱাৰি বুলি কেতিয়াৰ পৰা ইউনিফৰ্মো সলাব লাগিব, তাকে লৈও এতিয়া শিক্ষাৰ্থী সকলে টুইটাৰ যোগে মন্ত্ৰীলৈ প্ৰশ্ন পঠোৱা বুলিও অৱশ্যে খবৰ আহিছে!

৯. টোকেন গগৈৰ “ৰদবদল” নামৰ নাটকখনি অহা নাট্যবৰ্ষত অসমীয়া ভ্ৰাম্যমাণৰ মঞ্চত খলকনি তুলিব পৰাকৈ লিখি উলিয়াইছে পৰিচালনা কৰিব অবিজিত ভট্টাচাৰ্যই। মন্ত্ৰী সভাৰ ৰদ-বদলৰ নামত লোভৰ টোপ আৰু বৰশী বাই কেনেকৈ সময় কটাব পাৰি, সেই টেকনিকটোকে জনমানসত প্ৰচাৰ কৰিবলৈ এই নাটকখনি গগৈ চাৰে লিখি উলিয়াইছে বুলি গুজৱ প্ৰকাশ পাইছে।

১০. “হীবেন গোহাঁইৰ নামত সদৌ অসম ভিত্তিক ব্যংগ আৰু গালি প্ৰতিযোগিতা”খনিৰ আজি অন্ত পৰিছে। সদৌ অতিহিন্দু অতিভক্তি যুৱক সংঘৰ উদ্যোগতে এসপ্তাহমান ধৰি এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়। অনলাইন, অফলাইন দুয়োটা ব্যৱস্থাতে শব্দ-ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰা এই প্ৰতিযোগিতাখনত বহুতো উদীয়মান অতিভক্তি দেশপ্ৰেমীয়েই অংশ লোৱাৰ প্ৰমাণ পোৱা গৈছে। এতিয়া সৰ্বশ্ৰেষ্ঠক পুৰস্কাৰ দিবলৈ কোনজন গেৰুৱাধৰ আগবাঢ়ি আহে সেয়াহে লক্ষণীয় হব বুলিও সচেতন ৰাইজে আঙুলিয়াই দেখুৱাইছে।

No comments:

Post a Comment