হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. বিদেশী খেদিবো নোৱাৰো নামৰ এখন নতুন সত্যধৰ্মী নাটক কালি দিল্লীত মঞ্চস্থ কৰিলে কইনাধৰা প্ৰডাকচনে। বাংলাদেশে ঘূৰাই নললে আমাৰ দেশে বিদেশী চিনাক্ত কৰিলেও কলৈ পঠাব, নে অতিথি দেৱো ভৱ বুলি ৰাজ-আতিথ্য দিব লাগিব, সেই প্ৰশ্ন সমূহক লৈয়ে এই নাটকখন চু্প্ৰিম কৰ্ট প্ৰাংগণত কালি মঞ্চস্থ কৰাৰ বাতৰি আহিছে। নাট্যকাৰ নিচাদেউ গগৈয়ে তথ্যপূৰ্ণ নাটকৰ বাবে আন্তঃৰাষ্ট্ৰীয় অকামিলা শাসকৰ পুৰস্কাৰ পোৱাৰ সম্ভাৱনাও আজিৰ কাকতত প্ৰকাশ পাইছে।

২. জেহাদীৰ ধূলি নামৰ এখন নাটক কালি নামনি অসম ৰংগমঞ্চত মঞ্চস্থ কৰিলে সদৌ অসম লাল টুপি নাট্য গোষ্ঠীয়ে। এজন জেহাদীয়ে কেনেকৈ চকুত ধূলি মাৰি পলায়ন কৰাৰ পাছত আত্মপক্ষ সমৰ্থন তথা নাক বচাবৰ বাবে কেনেকৈ এজন নিলাজ বিষয়াই যুক্তি আগবঢ়াব পাৰে তাকেই নাট্যকাৰ নগেন শৰ্মাই এই নাটকযোগে তুলি ধৰা বুলিও জানিব পৰা গৈছে।

৩. বিসম্বাদী বিধায়ক সংঘৰ পদুমপ্ৰীতি প্ৰকাশ পোৱাৰ পাছত এতিয়া সদৌ অসম হাতোৰা সংঘই বিদায় সম্ভাষণ জনাবৰ বাবে নিজৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। দল-বাগৰাৰ প্ৰাক-মূৰ্হূতত লুণ্ঠনৰাজৰ পুৰণি বন্ধু সকললৈ আন্তৰিক সহযোগিতাৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে সিটো দলত থাকি শাসন পালেও কিন্তু ব্যক্তিগত বন্ধুত্ব আৰু ব্যৱসায়িক সহযোগিতা অক্ষুন্ন ৰখাৰ বাবেও ভিতৰুৱাকৈ সহমতত উপনীত হোৱা বুলিও গোপন খবৰ আহিছে। বাহিৰে বাহিৰে কেটেৰা মাৰিবা, ভিতৰি নেৰিবা বেথা শীৰ্ষক এক বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ খবৰ সূত্ৰই প্ৰকাশ কৰিছে।

৪. অৱশেষত বাবা বামপালক ছয়জন সাধাৰণ মানুহৰ মৃত্যু, চল্লিশ কোটি টকাৰ ব্যয়ৰ বিনিময়চত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জাত আৰক্ষী সংস্থা। এতিয়া তেখেতক আল-পৈচান ধৰিবৰ বাবেহে বিশেষ ব্যৱস্থা কৰিবৰ বাবেও লৰা-ধপৰা লগা বুলিও হাৰিয়ানা লালটুপি সংঘই প্ৰকাশ কৰিছে। বামপালে নিজকে ভগৱান বুলি দাবী কৰাৰ বাবেই তেওঁৰ স্থান মৰ্ত্যৰ জেলত নহয়, তেওঁক পোনে পোনে স্বৰ্গলৈ চালান দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি সচেতন নাগৰিক সন্থাই দাবী জনাইছে।

৫. অসমত যি কোনো সময়তে নিৰ্বাচন হলেও সাজু থকা বুলি প্ৰকাশ কৰিছে সদৌ অসম গণ-হাতী দলে। খাবলৈ নাপাই লেৰেলা-চেপেটা হোৱা হাতীৰটো এতিয়া হৰা-জিকালৈ কি লাজ বুলি প্ৰকাশ কৰি যিকোনো শৌচনীয় পৰাজয়ৰ বাবেই খেলুৱৈ সুলভ মানসিকতাৰে তেওঁলোক প্ৰস্তুত বুলিও মনৰ কথা বেকত কৰিছে।

৬. নৰেন ককাইদেৱে আৰু অলপ দীঘলীয়াকৈ বিদেশ ভ্ৰমণত থকা হলে এন.আৰ.আই ষ্টেটাছ পাবলৈকে সক্ষম হল হেতেন বুলি কালি লালুৰাম বৰদেউতাই আঙুলিয়াই দিছে। আনৰ দেশৰ গাঁও উন্নয়নৰ বাবে কেইবা নিযুত ডলাৰ দান কৰা ৫৬ ইঞ্চিৰ বহল বুকুৰ ককাইদেৱে আমাৰ গাঁৱলৈ সেই ধন দিয়া হলেও ভাৰতৰে এখন গাঁও অন্তত চকচকীয়া হলহেতেন বুলিও বৰদেউতাই ক্ষোভ প্ৰকাশ কৰিছে।

৭. পুখুৰী খনা আঁচনিক লৈ এতিয়া সদৌ অসম শাসক পাৰ্টি বিধায়ক সংঘ বিপদত পৰিবলৈ লোৱাৰ বাতৰি পোৱা গৈছে। ঢেকিয়াজুলিত পহুখেদা, চন্দ্ৰপুৰত তেজখোৱা অকনমান বৰা আদি বিভিন্ন বাটৰ নাট ৰাইজে মঞ্চস্থ কৰাৰ পাছত খাল খানি বিপদ অনা আঁচনিলৈ এইখন আঁচনি ৰূপান্তিৰত হবই বুলিও জ্যোতিষী হিৰো ইয়ঙে দাবী কৰিছে।

৮. বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ কাম বিদেশৰ পৰা ঘূৰি অহা প্ৰধানমন্ত্ৰীক ঘৰুৱা বিমান বন্দৰত আদৰাতে সীমাবদ্ধ কৰি ৰখা বুলি আঙুলি উঠাত অহৈতুক প্ৰশ্নৰ সৃষ্টি হৈছে। নিজৰ ইমেজ বনোৱা প্ৰতিযোগিতাত নৰেন বৰদেউতাই আন কাকো ফটোত সাঙুৰি লবলৈ টান পোৱাৰ ফলতে এই প্ৰশ্ন প্ৰৱাহৰ সৃষ্টি হোৱা বুলিও খবৰ ওলাইছে।

৯. আদালতৰ কাম এতিয়া সাধাৰণ মানুহৰ কেচৰ ৰায়দান কৰা বা কেচ চিঙা নহৈ খালী চৰকাৰক সমালোচনা কৰা তথা ফটকাৰ লগাই থকাহে বুলি আইন সচেতন নাগৰিক সন্থাই মত প্ৰকাশ কৰিছে। চৰকাৰক চাবুক মাৰি মাৰি সঠিক পথত চলাবলৈ ন্যায়ালয় এইদৰে ব্যস্ত থাকিব লগা হলে সাধাৰণ মানুহ অলপ দিনৰ ভিতৰতে হাঁহ নচৰা পানীত ডুবিয়েই মৰিব লাগিব দেখোন বুলিও সংঘই মত প্ৰকাশ কৰিছে।

১০. লতাশিল থানাৰ বেৰেক গোহালিলৈ পৰ্যবসিত হোৱাৰ ফলত সংবাদ শিৰোনামাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যিক পশুপালন বিভাগে সেয়ে বেৰকটোক বিভাগটোক গতাই দি গুৱাহাটীত দুগ্ধ বিপ্লৱৰ সূচনা কৰিবলৈ সুযোগ দিবলৈকো নিচাদেউ গগৈক আহ্বান জনোৱা বুলি গোপন খবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment