হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম


১. “সাৰদা সাৰদা” খেলখনৰ চূড়ান্ত বিজয়ীৰ তালিকা শুৱনি কৰিবলৈ সক্ষম হৈছে বিখ্যাত অসমীয়া ডেইলী-এনজয় গগৈয়ে। অসমীয়া কোনো পধ্যেই যে পিছপৰি থকা জাতি নহয়, সেই কথা প্ৰমাণ কৰি দিয়াৰ বাবে গগৈদেৱলৈ “অসম গৌৰৱ” সন্মান প্ৰদান কৰিবলৈকো নিচাদেউ গগৈলৈ সচেতন মহলে আহ্বান জনাইছে।

২. অগৰুদ্দিন আজকল চাহাব মাত্ৰ অগৰু বেপাৰীয়েই নহয়, তেওঁ ঘোঁৰা কিনা বেচা কৰা বিষয়তো এজন অসমীয়া বিশেষজ্ঞ বুলি গোপন খবৰ পোহৰলৈ আহিছে। বিগত ৰাজ্য চভাৰ নিৰ্বাচনৰ সময়ত তেখেতেৰ নেতৃত্বতে কেইবাকোটি টকীয়া হৰ্ছ ট্ৰেডিং নামৰ বেপাৰবিধ সম্পন্ন হৈছিল বুলি পুৰণি লগুৱা খেৰমানে সংবাদ মাধ্যমক লগাই দিছেহি বুলিও খবৰ পোৱা গৈছে।

৩. কমিছনৰ স্বাৰ্থত অখ্যাত প্ৰতিষ্ঠানক খেতিমণি ডেকাই বীজ যোগানৰ কোটি টকীয়া ঠিকা দিয়া বাতৰিয়ে পালে সংবাদ শিৰোনামা। এতিয়া সংবাদ শিৰোনামাত সেই অখ্যাত প্ৰতিষ্ঠানবোৰৰ নাম বিখ্যাত হোৱাৰ পাছত এতিয়া সেইবোৰক “অখ্যাত” বুলি উল্লেখ কৰাটো অক্ষমনীয় অপৰাধ বুলি খেতিমণি ডেকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অখ্যাত প্ৰতিষ্ঠানক খ্যাতিমান কৰি দিয়াৰ শ্ৰেয়ও তেখেতেক দিব লাগে বুলিও তেখেতৰ ব্যক্তিগত লগুৱাই মত প্ৰকাশ কৰাৰো গোপন খবৰ।

৪. মুৰ্গী মাৰিবলৈকো নগাই গুলী ফুটাই বুলি মুখ ফুটাই কৈ এতিয়া ৰোষত পৰিছে লালটুপি সংস্থাৰ এজন মহাপৰিদৰ্শক। পহু, বাঘ, অসমীয়া আদি চিকাৰ কৰিবলৈ গুলী ফুটোৱা জাতি এটাৰ বাবে ই অপমানজনক কথা বুলি সদৌ নগা বন্দুকধাৰী দুৰ্বৃত্ত সংঘই মত প্ৰকাশ কৰিছে। মুৰ্গী মাৰিবলৈ গুলী ফুটোওৱা ফুটেজ দেখুৱাব নোৱাৰিলে এই বক্তব্য প্ৰত্যাহাৰ কৰিবলৈকো সংঘই আহ্বান জনোৱাৰ খবৰ আহিছে।

৫. সৰুকন গগৈক লৈ হিমুকন শৰ্মাৰ কি এলাৰ্জী আছে, তাকে লৈ এতিয়া জালুকবাৰী বিশ্ববিদ্যালয়ৰ সামাজিক-ৰাজনৈতিক স্বাস্থ্য বিভাগে এক গৱেষণামূলক প্ৰকল্প হাতত লব বুলিও জানিব পৰা গৈছে। মাইকী মাছৰ জৰিয়তে পোৱা জনপ্ৰিয়তাও এই এলাৰ্জীৰ কাৰণ হব পাৰে বুলিও বিভাগটোৰ অধ্যাপক দূৰদৃষ্টি বৰকটকীয়ে সন্দেহ প্ৰকাশ কৰিছে।

৬. মন্ত্ৰী সভা ৰদ-বদলৰ খেলখন এতিয়া নিচাদেউ গগৈৰ বাবে ভালুকৰ সাঙীত পৰিণত হোৱা বুলি জানিব পৰা গৈছে। তোষামোদকাৰী, পদলেহনকাৰী, প্ৰশংসা উন্মুখ, ভৰিত পৰি থকা নিৰীহ প্ৰাণী কেইটিৰ কাৰোবাৰ পাখি কাটি, বিসম্বাদীক পাখি গুজি দিবলৈ নিচাদেউৰ কোনো পধ্যেই সত যোৱা নাই বুলিও জানিব পৰা গৈছে। নিচাদেউৰ ৰান্ধনি, কাম-কৰা লগুৱা আদিৰ অনুমান, অনুভৱো এতিয়া মেডিয়াই ব্ৰেকিং নিউজ কৰিব বুলিও এচাম তথ্য সচেতন লোকে অনুমান কৰিছে ।

৭. “সভাপতি কোন” নামৰ এখন নাটক পৰদেশ কংগ্ৰেছ কমিটীৰ মঞ্চত মঞ্চায়ন কৰিবলৈ যো-জা চলা বুলি জানিব পৰা গৈছে। পৰদেশী মাতাৰ আশীষ লভি যে যি কোনো মানুহেই এই পৰদেশ কংগ্ৰেছ কমিটি চলোৱাৰ ফ্ৰেঞ্চাইজী লাভ কৰিব পাৰে, সেই কথাকে নাটকখন যোগে ফুটি উঠিব বুলিও ৰাজনৈতিক জ্যোতিষী সকলে আশা প্ৰকাশ কৰিছে।

৮. প্ৰাক্-নিৰ্বাচনী বছৰত এক বিশেষ লুণ্ঠন মেলা আয়োজনৰ প্ৰস্তুতি চলা বুলি দিছপুৰীয়া মহলৰ পৰা জানিব পৰা গৈছে। বিডিঅ', বন-বিষয়া, শিক্ষা বিষয়া, ৰাজহ, আবকাৰী আদিকে ধৰি ক্ৰীম বিভাগ সমূহৰ মাজত আন্তঃজিলা, আন্তঃবিভাগ আদি পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰি সদৌ অসম ভিত্তিক শ্ৰেষ্ঠ লুটেৰা বিষয়া সকলক বিচাৰি উলিওৱা হব আৰু শ্ৰেষ্ঠ কেইগৰাকীক “ৰয়েল ষ্টেগ খান প্ৰেৰণা বঁটা”ৰে সন্মানিত কৰা হব বুলি গণসংযোগ বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে।

৯. “প্ৰেছ কাৰ্ডেই কেছ আহৰণৰ শ্ৰেষ্ঠতম কাৰ্ড” শীৰ্ষক তৰ্ক প্ৰতিযোগিতাখনি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অনুষ্ঠিত কৰা হয়। এটিএম কাৰ্ডত থকা অতি সীমিত ধন আহৰণ ক্ষমতাতকৈ প্ৰেছ কাৰ্ডৰ সৃষ্টিশীল ব্যৱহাৰে সংবাদসেৱীক সম্পত্তিৰ পাহাৰ গঢ়িব পৰাকৈ লক্ষ্মী আহৰণ কৰি দিব পাৰে বুলি যুক্তি প্ৰদৰ্শন কৰি শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি অকথ্য ভূঞাই শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে বুলি জানিব পৰা গৈছে।

১০. হাইড্ৰামা মুহিলাৰীয়ে এন.অ.চি প্ৰদান তথা বিদায় সম্ভাষণ পৰ্ব আৰম্ভ কৰিব বুলি ঘোষণা কৰাত এতিয়া বিশাল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আবাসী সকলক শান্তিৰে বসবাস কৰাটো নিশ্চিত কৰাত বিফল হোৱাজনে এতিয়া ৰণক্ষেত্ৰ এৰি যাবলৈ এন.অ.চি দিবলৈ অহাত ৰাইজেই অনাগত নিৰ্বাচনত তেখেতকেই চিৰবিদায় দিবলৈ টঙালি বান্ধিছে বুলি কুকুৰাঝাৰ লাইভ নামৰ চেনেলে প্ৰকাশ কৰিছে।

No comments:

Post a Comment