হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. অউচম চাহিত্য সভাৰ পদবী পাবৰ বাবে নিজৰ সন্তান অসমীয়া মাধ্যমত নপঢ়াটো বাধ্যতামূলক কৰাৰ সন্তোষজনক বাতৰি আহিছে। নিজৰ সন্তানে যাতে চাহিত্যিক ৰূপে স্বীকৃতি পাবলৈ পিতৃ-মাতৃয়ে লেখক ৰূপে প্ৰকাশ কৰা কমেও পাঁচোখন কিতাপ পঢ়ি হাৰ্টফেল কৰা ঘটনাৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই প্ৰশংসনীয় ব্যৱস্থা কৰাৰ খবৰ পোৱা গৈছে।

২. গগৈ চাৰে বিগত বহাগত জেপ খৰছ আঁচনি সফল ভাৱে ৰূপায়ণ কৰা পাছত এইবাৰ অনাগত ইংৰাজী নৱবৰ্ষত বিশেষ গ্ৰীটিংছ কাৰ্ড আঁচনি প্ৰৱৰ্তন কৰিব বুলি জানিব পৰা গৈছে। এতিয়া তেওঁৰ শাসনত ত্ৰাহি-মধুসূধন দেখিবলৈ ধৰা ৰাইজক পুনৰ বহুৰঙী গ্ৰীটিংছ কাৰ্ডেৰে ৰঙীণ সপোন বিলাবলৈ মনে মনে পাঙি থকা বুলি কইনাধৰা প্ৰশাসনৰ গোপন সূত্ৰত প্ৰকাশ পাইছে।

৩. বিগত ১৯৫৯ চনতে স্থাপিত হোৱা ৰাজ্যৰ প্ৰথমখন স্বাস্থ্য প্ৰশিক্ষণ কেন্দ্ৰ গাহৰিৰ গঁৰাললৈ পৰিণত হোৱাৰ খবৰে সংবাদ শিৰোনামা পোৱাত সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। প্ৰশিক্ষণৰ নামত ভেকোঁভাওনা চলাই থকাতকৈ গাহৰিৰ গঁৰাল ৰূপে সৃষ্টিশীল কামত এই প্ৰশিক্ষণ কেন্দ্ৰটো ব্যৱহাৰ হোৱাটো অতিশয় শুভ লক্ষণ বুলিও প্ৰকাশ কৰিছে। গাহৰিয়ে মদে সুখৰ ভাত খাবলৈ পালে ৰাইজৰ স্বাস্থ্যৰ বাবে কিহৰ বেলেগ প্ৰশিক্ষণ লাগিছে বুলি সচেতন গগৈয়ে মত প্ৰকাশ কৰিছে।

৪. ধেমেলিয়া সাহিত্য সভাৰ নিৰ্বাচনত পুনৰ পৰমানন্দ লাভ কৰিবলৈ সক্ষম হৈছে। সাহিত্যত আনন্দ, পৰমানন্দ আদি সুখকৰ অনুভৱ নোহোৱা হৈ গলে সভাখনো সেৰ-সেৰীয়া হৈ পৰিব বুলিও সাহিত্যকৰ্মী সভাই মত প্ৰকাশ কৰিছে। সভাৰ মজিয়াত গণতান্ত্ৰিক প্ৰক্ৰিয়াক ব্যৱহাৰ নোহোৱাকৈ পেটি-পেক ৰূপতে সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা অনাগত দিনটো চলাই যাব বুলিও নতুন সভাপতিয়ে ইংগিত দিয়া বুলিও বাতৰি প্ৰকাশ পাইছে।

৫. "গগৈ ছাৰৰ দিল্লী গমন" নাটৰ ৰহস্য নাটক এখন লিখি উলিয়াইছে অসমৰ সৰ্বোত্তম নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই। দিল্লী গমনে এতিয়া চকীত বহাৰ সুখ লভা মন্ত্ৰী সকললৈ বাৰে বাৰে শংকা কঢ়িয়াই অনা বুলি গম পোৱাৰ পাছত গগৈ ছাৰৰ এই সঘন গমন যে হাৱা-পানী বদলাবৰ বাবেহে কোনো ৰদ-বদলৰ বাবে নহয়, সেই কথাও এই ৰহস্য নাটকখনেহে উন্মোচন কৰি দিব বুলিও নাট্যকাৰে প্ৰকাশ কৰিছে। মূল নাটৰ আগে আগে "জালুকবৰীয়াৰ নৃত্যনাটিকা" খনো প্ৰদৰ্শিত হব বুলিও খবৰ আহিছে।

৬. চিৰিয়াখানাত পাঁচ টকীয়া টিকেট কাটি বহুমূলীয়া কেকোঁ সাপ চাবলৈ গৈ এই বন্দীত্বৰ জীৱনৰ পৰা আঠ ডালকৈ সাপক সদৌ অসম বন্যপ্ৰাণী বেপাৰী সংঘই  মুকলি কৰি দিয়াৰ বাতৰি পোৱা গৈছে। বহু লাখ টকীয়া প্ৰাণী বিধক এনেদৰে বন্দী কৰি মূল্যহীন জীৱন কটাবলৈ এৰি দিয়াতকৈ তাক স্বাধীন কৰি দি কাৰোবাৰ জীৱনলৈ লাখটকা অহাৰ বাটটো মুকলি কৰি দিয়াৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ বাবেও এই কৃৰ্তিত্বৰ দাবীদাৰ সদস্যলৈ সংঘই অভিনন্দন জ্ঞাপন কৰাৰ গোপন খবৰ।

৭. পশ্চিম নঁগাৱৰ কেইবাখনো পানী যোগান আঁচনি ধোঁৱাচাঙত উঠাৰ বাতৰি পোৱাৰ পাছতে এতিয়া বিশ্বৰ বিভিন্ন ঠাইৰ পৰা গৱেষক আৰু পৰ্যটক অহাৰ সম্ভাৱনা প্ৰকাশ পাইছে। খোৱাপানী আঁচনি ধোঁৱাচাঙত কিদৰে তুলি ৰাখিব পাৰি সেই বিষয়ে যথেষ্ট গৱেষণাৰ থল থকা বুলিও আমেৰিকান পানীখোৱা গৱেষক সন্থাই প্ৰকাশ কৰিছে। পশ্চিম নগাঁৱৰ এই ঠাই কেইখনক অধ্যয়নমূলক পৰ্যটনস্থলী ৰূপে ঘোষণা কৰিবলৈকো পৰ্যটন মন্ত্ৰীলৈ স্থানীয় ৰাইজে দাবী জনোৱাৰ খবৰো আমালৈ আহি আছে।

৮. ফেচবুকৰ মন্তব্যক লৈ বিদ্যাপুৰত দুই পক্ষৰ মাজত হতাহতি হোৱাৰ খবৰ পোৱাৰ পাছত স্বয়ং জুকাৰবাৰ্গ ককাইদেৱে অসন্তোষ প্ৰকাশ কৰিছে। "দিল পে মত লে য়াৰ" বুলি এক সান্তনা বাণীও বিদ্যাপুৰৰ ৰাইজলৈ প্ৰেৰণ কৰি এনে ঘটনাৰ পৰা শিক্ষা লবলৈ আহ্বান জনোৱাৰ খবৰো জানিব পৰা গৈছে।

৯. হাতী পাৰ্টিয়ে ৰাজ্যজুৰি চেতনা যাত্ৰা উলিয়াইছে বুলি জানিব পাৰি এই চেতনা যাত্ৰাৰে ৰাইজক চেতনা দিব নে নিজে চেতনা লব বুলিও এচাম লোকে প্ৰশ্ন উত্থাপন কৰিছে। তাতকৈ মহাভুল বিশ্লেষণ সমাৰোহ কৰাৰ লগতে পাপৰ প্ৰায়চিত্ত সমাৰোহ পাতিলেহে মাউত সংঘৰ কল্যাণ হোৱাৰ সম্ভাৱনা আছে বুলিও জনৈক জ্যোতিষীয়ে ভৱিষ্যতবাণী কৰিছে।

১০. "মনোৰঞ্জনা ডিনাৰ" নামৰ এখন চুটি ছবিত অভিনয় কৰিলে হাঁহিবৃদ্ধি নামৰ ৰাজনৈতিক নেতাই। কালি কাজিৰঙাৰ বৰগছৰ তলত হোৱা এই চুটি ছবিখনত অভিনয় কৰি নিজৰ চখ পূৰোৱাৰ পাছত এতিয়া "বাটৰ কচু গাত ঘঁহা" অৱস্থা হোৱাৰো সম্ভাৱনা থকা বুলি মনোৰঞ্জন বিভাগৰ পৰা সূত্ৰত প্ৰকাশ পাইছে।

No comments:

Post a Comment