পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমলৈ দ্বৈত ৰেলপথ নিৰ্মাণকে ধৰি ষোল্ল দফীয়া স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰীক প্ৰদান কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। আৰক্ষীৰ আধুনিকীকৰণ আৰু দেৰগাঁৱত থকা পুলিচ প্ৰশিক্ষণ বিদ্যালয়খন পুলিচ একাডেমীলৈ উন্নীতকৰণৰ দাবীও জনোৱা হৈছে। চলিত বৰ্ষৰ বানপানীত হোৱা ক্ষয়-ক্ষতিৰ জোৰা মাৰিবলৈ পুনৰ ১৯১৫কোটি আৰ্থিক সাহাৰ্য, মাথাউৰী সৱলীকৰণৰ বাবে ৬৭০০কোটিৰ দাবী জনোৱাৰ লগতে ৰাজ্যৰ গৰা-খহনীয়া সমস্যাটো দুৰ্যোগ সাহাৰ্য পুঁজিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে পুনৰ দাবী জনাইছে। বজাৰ মূল্যৰ দৰত খাৰুৱা তেলৰ ৰয়েল্টি প্ৰদান, ৰাজ্যৰ ২১৯টা ব্লকত একোটাকৈ দক্ষতা উন্নয়ন কেন্দ্ৰ স্থাপনৰ বাবেও ১৩৫০ কোটি টকাৰ সাহাৰ্যৰ বাবে অনুৰোধ জনাইছে। অসমৰ কেইবাখনো চহৰক স্মাৰ্ট চিটী প্ৰকল্পত অন্তভুৰ্ক্ত কৰাৰ বাবেও কেন্দ্ৰলৈ প্ৰস্তাৱ আগবঢ়োৱাৰ সুখবৰ প্ৰকাশ পাইছে।

২. উত্তৰ-পূৱ ভাৰতৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাৰ কথা দোহাৰিলে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কালি গুৱাহাটী আৰু মেঘালয়ৰ মেন্দিপথাৰৰ মাজত ১৯ কিলমিটাৰ জোৰা ৰেলসেৱাৰ কৰিলে উদ্বোধন। মিজোৰামৰ ভৈৰৱী-ছাইৰাং ৰেলপথৰো স্থাপন কৰিলে আধাৰশিলা। দেশত চাৰিখন ৰে’ল বিশ্ববিদ্যালয় স্থাপন কৰা হব বুলিও কৰিলে ঘোষণা। আসাম ট্ৰিবিউন কাকতৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানতো অংশ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে। সাংবাদিক সকলক ভাল খবৰৰ বিয়পাই মৌ-মাখিৰ দৰে কাম কৰিবলৈকো জনালে আহ্বান।

৩. অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অহা ২ ডিচেম্বৰত প্ৰদান কৰা হব এই বৰ্ষৰ চ্যুকাফা বঁটা। এই বঁটাৰে বাবে মনোনীত কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ খগেন্দ্ৰ নাথ শইকীয়াৰ নাম। চ্যুকাফা দিৱসৰ চৰকাৰী উদযাপনত মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰদান কৰিব লগা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাত আছে নগদ দুই লাখ টকা, এখন প্ৰশস্তি পত্ৰ আৰু এখন অংগবস্ত্ৰ।

৪. কালি ৰাজভৱনত ২৮টাকৈ গণ সংগঠনৰ সৈতে মিলিত হৈ অসমৰ বিভিন্ন সমস্যাৰ বিষয়ে বুজ লোৱাৰ লগতে স্মাৰক পত্ৰ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে। সদৌ অসম ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী মোদীৰ পৰা ঐতিহাসিক অসম চুক্তি ৰূপায়ণ কৰাৰ বাবে প্ৰতিশ্ৰুতি আদায় কৰিছে বুলিও সুখবৰ প্ৰকাশ পাইছে।

৫. অসমৰ কামৰূপ জিলাৰ পলাশবাৰীত কালি কেন্দ্ৰীয় চৰকাৰৰ ফৰেনছিক বিজ্ঞান সেৱা সঞ্চালকালয়ৰ অধীনত নিৰ্মাণ হব লগা গৱেষণাগাৰৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে। ৩০ বিঘা ভূমি সামৰি ৫০কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হব লগা এই গৱেষণাগাৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় গৃহ সচিব অনিল গোস্বামী, ফৰেনছিক বিভাগৰ শীৰ্ষতম বিষয়া তথা বিজ্ঞানী সকলো উপস্থিত আছিল।

৬. অসম জম্মু-কাশ্মীৰৰ দৰেই এখন বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীক দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। অসমীয়া জাতিক অস্তিত্বৰ সংকটৰ পৰা ৰক্ষা কৰিবলৈ উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যকে বিশেষ ৰাজ্যৰ মৰ্যদা দি ১৯৭১ চনৰ পাছত অহা সকলো বিদেশী বহিস্কাৰ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, ৰাজ্যৰ বাহিৰৰ লোকৰ সৈতে মাটি-বেচা কিনাত বাধা আৰোপ, এবছৰৰ ভিতৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তৈয়াৰ, অসমলৈ ৰাজহ আদায়, জৈৱিক ৰাজ্য ৰূপে গঢ়ি তোলা, অসমৰ কৃষকৰ শস্য চৰকাৰে উচিত মূল্যত ক্ৰয় কৰা, বৃহত নদীবান্ধ বন্ধ কৰি তাপ-বিদ্যুত প্ৰকল্পৰে অসমক শক্তিখণ্ডত শক্তিশালী কৰাৰ বিভিন্ন দাবী তুলিছে কৃষক সংগঠনটোৱে।

৭. অসমৰ বিভিন্ন স্থানত কালি দীপশিখা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সৃষ্টিৰ বাবে উলিওৱা হয় ধঁপাত বিৰোধী সমল। অসমৰ মঙলদৈ, বৰপেটা, নগাঁও, তেজপুৰ, লখিমপুৰ, হাইলাকান্দি, যোৰহাট, মাজুলী, ডিফু, ডিগবৈ আৰু তিনিচুকীয়াৰ লগতে গুৱাহাটীৰ বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এই সমদল উলিওৱা হয়। অহা বৰ্ষৰ পৰা উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যতো এনে সজাগতামূলক সমলদল উলিয়াবলৈ প্ৰচেষ্টা চলাব বুলিও দীপশিখা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সভাপতি দেৱাশীষ শৰ্মাই প্ৰকাশ কৰিছে।

৮. কালি জ্ঞানপীঠ বিজয়িনী মামণি বাইদেউক তৃতীয় মৃ্ত্যু তিথিত শ্ৰদ্ধাৰে সোঁৱৰিলে অসমবাসীয়ে। গুৱাহাটীৰ চানমাৰিস্থিত উত্তৰ-পূৱ ৰামায়ণী গৱেষণা কেন্দ্ৰ ৰামাঞ্জলীৰ পৰিয়ালে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনায। অসম সাহিত্য সভাই কেন্দ্ৰীয় ভাৱে মহানগৰীৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। এই অনুষ্ঠানত অনুৰাধা শৰ্মা পূজাৰী, ফুল বৰা, ৰিজু হাজৰিকা, প্ৰফুল্ল বৰ্মনকে ধৰি সাহিত্যিক তথা সুধীজনে বক্তব্য প্ৰদান কৰে। সন্ধিয়ালৈ দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত হোৱা কবিতাৰ অনুষ্ঠানটো কেইবাগৰাকীও নবীন-প্ৰবীণ কবিয়ে অংশগ্ৰহণ কৰে।

৯. কালি যোৰহাটৰ প্ৰেছ ক্লাৱত সামাজিক-সাংস্কৃতিক অনুষ্ঠান “প্ৰি-মাইজয়ে প্ৰথমবাৰৰ বাবে মামণি ৰয়ছম গোস্বামীৰ সোঁৱৰণত আগবঢ়োৱা তেজস্বিনী সাহিত্য বঁটা গ্ৰহণ কৰে বিশিষ্ট লেখিকা নিৰুপমা বৰগোহাঞিয়ে। বঁটা প্ৰদান অনুষ্ঠানত নাট্যকাৰ অখিল চক্ৰৱৰ্তী, ডঃ দিলীপ কুমাৰ দত্ত, ডঃ অঞ্জনজ্যোতি চৌধুৰীকে ধৰি সুধীজনেও অংশগ্ৰহণ কৰে।

১০. তেজপুৰৰ সংগীতা এডভাৰটাইজিং চাৰ্ভিচে প্ৰকাশ কৰি উলিওৱা ৰবীন্দ্ৰ কুমাৰ বৰাৰ আছাম এণ্ড ট্ৰেভেল গাইড নামৰ গ্ৰন্থখন আজি তেজপুৰ সাহিত্য সভা ভৱনত উন্মোচন কৰিব উপায়ুক্ত ললিত গগৈয়ে। তেজপুৰ সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষৰ অন্যতম কাৰ্যসূচী হিচাবে আয়োজিত এই সভাত পৰ্যটন উন্নয়ন নিগম অসমৰ পৰ্যটক তথ্য বিষয়া বাসৱ বৰা আৰু বি কে বড়োৱেও অংশগ্ৰহণ কৰিব।

No comments:

Post a Comment