পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কামৰূপ জিলাৰ মিৰ্জাৰ নিকটবৰ্তী অঞ্চলত প্ৰস্তাৱিত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞানাগাৰ লেব’ৰেটৰীটোৰ আধাৰশিলা আজি স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে। ২০০৮ চনতে এই লেব’ৰেটৰীৰ বাবে ভূমি আবণ্টন দিয়া হৈছিল। এই অনুষ্ঠানত গৃহ-ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও অংশ লব।

২. গুৱাহাটীৰ প্ৰাগজ্যোতি প্ৰকল্পত “দি আছাম ট্ৰিবিউন” কাকতৰ ৭৫ বছৰ উপলক্ষে আয়োজন কৰা মহৰজত জয়ন্তীত আজি সন্ধিয়া অংশ লব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি মালিগাঁও ৰে’লৱে ষ্টেডিয়ামত উপস্থিত হৈ দূৰসংবেদী ব্যৱস্থাৰ দ্বাৰা মেঘালয়ৰ মেন্দিপথাৰৰ পৰা গুৱাহাটীলৈ চলিব লগা প্ৰথমখন ৰে’লগাড়ীৰ ফ্লেগ-অফ কৰিব আৰু লগতে মিজোৰামৰ ভৈৰৱীৰ পৰা শালৰাভলৈ নতুন ৰে’লপথৰ ফলক উন্মোচন কৰিব প্ৰধানমন্ত্ৰীজনে। কাইলৈ আৰক্ষী সঞ্চালকপ্ৰধান সকলৰ সন্মিলনত ভাষণ দিয়াৰ লগতে সৰুসজাই ষ্টেডিয়ামত বিজেপিৰ দলীয় কৰ্মী সভাতো অংশ লব।


৩. ডাঃ নোমল চন্দ্ৰ বৰাৰ “ডাক্তৰ আৰু ৰোগীৰ যুগলবন্দী” শীৰ্ষক গ্ৰন্থ কালি জিএনআৰচি হাস্পতালত অনুষ্ঠিত এক সভাত উন্মোচন কৰিলে আমাৰ অসম কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে।

৪. গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি তেখেতৰ গীত সমূহৰ ভিতৰত অসম ভিত্তিক এখন প্ৰতিযোগিতা আৰু এখন কৰ্মশালাৰ আয়োজন কৰিছে স্বেচ্ছাসেৱী অনুষ্ঠান “অনুভূতি গোষ্ঠীয়ে”। অহা ২২ ডিচেম্বৰৰ পৰা শিল্পী জে পি দাসৰ নেতৃত্বত পাণ্ডেৰ গীত সমূহৰ ভিতৰত দুকুৰি লোকগীত নিৰ্বাচন কৰি কণ্ঠ পৰীক্ষা লোৱা হব বুলিও আয়োজকে প্ৰকাশ কৰিছে।

৫. মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো শক্তি বিভাগে বিদ্যুতৰ মাচুল বৃদ্ধিৰ কথাহে কৰিলে ঘোষণা। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ৰাজ-সাহাৰ্য মাহেকত ১২০ইউনিট পৰ্যন্ত বিদ্যুত ব্যৱহাৰ কৰা উপভোক্তাৰ বাবেহে উপলব্ধ হব বুলিও শক্তি মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে।

৬. অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত “মৌচাক বৃত্তি পৰীক্ষা”ৰ ফলাফল ঘোষণা কৰা হৈছে। তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীলৈ মুঠ ৪০৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰিছে। প্ৰথম স্থান লাভ কৰা প্ৰতিটো শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীয়ে ১০হাজাৰকৈ টকাৰ এককালীন বৃত্তি লাভ কৰিব। ফলাফল সমূহ www.mouchaq.com তো প্ৰকাশ কৰা হৈছে।

৭. ছ’চাইটী ফৰ শ্ৰীমন্ত শংকৰদেৱৰ উদ্যোগত নিবনুৱা যুৱক সকলৰ বাবে ভাওনাৰ আহাৰ্য প্ৰস্তুতকৰণৰ বাবে এক ৪৫ দিনীয়া কৰ্মশালাৰ আয়োজন কৰা গৈছে। সংগীত নাটক একাডেমিৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হব লগা এই কৰ্মশালা অহা ১৪ ডিচেম্বৰৰ পৰা ধিঙত অনুষ্ঠিত হব। প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত যুৱক সকলৰ বাবে বিনামূলীয়াকৈ থকা-খোৱাৰো ব্যৱস্থা কৰা হৈছে।

৮. নামৰূপস্থিত ব্ৰহ্মপুত্ৰ-ভেলী সাৰ কাৰখানাই ১১সংখ্যক ৰাষ্ট্ৰীয় ব্যয় ব্যৱস্থাপনা পাৰদৰ্শিতা বঁটা ২০১৩ লাভ কৰাৰ সুখবৰ। ৰাজহুৱা সংস্থা সমূহৰ মধ্যমীয়া শ্ৰেণীত লাভ কৰা এই পুৰস্কাৰ যোৱা ২৫ নৱেম্বৰত নতুন দিল্লীৰ স্ক’প কনভেনশ্যন চেণ্টাৰত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী জয়ন্ত সিনহাই প্ৰদান কৰে।

৯. অহা ২৬ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ একাংক নাট প্ৰতিযোগিতা নলবাৰীত আয়োজন কৰিছে সদৌ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই। প্ৰথম তিনিটা শ্ৰেষ্ঠ দলক দহ হাজাৰ, সাত হাজাৰ আৰু পাঁচ হাজাৰ টকাৰ নগদ পুৰস্কাৰো আগবঢ়োৱা হব। লগতে শ্ৰেষ্ঠ নাট্যকাৰ, পৰিচালক, অভিনেতা-অভিনেত্ৰীকো পুৰস্কৃত কৰা হব।

১০. কিতাপ লিখাৰ বাবে সৰ্বাধিক পৰিমাণৰ ধনৰ চুক্তিৰ অভিলেখ গঢ়ি ১০খন গ্ৰন্থ লিখাৰ বাবে জেইকো পাব্লিছাৰ্ছৰ সৈতে ১২ কোটি টকাত চুক্তিবদ্ধ হ’ল ভাৰতীয় লেখক জেৰী আলমেইডাই।

No comments:

Post a Comment