পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কালি ৰাজ্যজুৰি পালিত হ’ল লাচিত দিৱস। কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া অসমৰ বীৰ সন্তান শ্বহীদ জিণ্টু গগৈক কালি মৰণোত্তৰ ভাৱে প্ৰদান কৰা হয় মহাবীৰ লাচিত বঁটা। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত তাই আহোম যুৱ পৰিষদৰ উদ্যোগত আয়োজিত লাচিত দিৱসত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই বঁটা শ্বহীদ গৰাকীৰ পৰিয়ালবৰ্গক প্ৰদান কৰে।


২. দেশৰ ভিতৰতে প্ৰথমবাৰলৈ অসমৰ মাদ্ৰাছাত কালি ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীত পৰিবেশন কৰা হয়। এই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি নজিৰ স্থাপন কৰিলে গুৱাহাটীৰ ইছলামপুৰ মাদ্ৰাছাই। এই আদৰণীয় কাৰ্যৰ গুৰি ধৰাৰ বাবে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিক আফ্ৰিদা হুছেইনলৈ সচেতন মহলে জনাইছে আন্তৰিক অভিনন্দন।

৩. উত্তৰ পূৱ ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু ৰাণী মা গাইদালুৰ অৱদান সন্দৰ্ভত কালিৰে পৰা কটন কলেজৰ ছুডমাৰ্চন হলত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্ৰ। ৰাণী মা গাইদালুৰ জন্ম-শতবাৰ্ষিকী উদযাপনৰ ৰাষ্ট্ৰীয় সমিতি আৰু ভাৰতীয় ইতিহাস সংকলন সমিতিৰ অসম শাখাৰ দ্বাৰা আয়োজিত এই অনু্ষ্ঠান উদ্বোধন কৰে অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সভাপতি অধ্যাপক সতীশ চন্দ্ৰ মিট্টালে।

৪. বিশ্বত বাল্য বিবাহৰ অন্ত পেলাবলৈ কঠোৰ নিষিদ্ধকৰণ আইন প্ৰণয়ন কৰি বলবত কৰাৰ বাবে এক স্থিৰ সিদ্ধান্তত উপনীত হৈছে ৰাষ্ট্ৰসংঘ। ১৯৩খন দেশৰ সাধাৰণ পৰিষদৰ কমিটীয়ে ঐক্যমতৰ ভিত্তিত এই প্ৰস্তাৱত অুমোদন দিয়ে। ইয়াৰ দ্বাৰা প্ৰতি বছৰে প্ৰায় ১৫ নিযুত কন্যা শিশুৰ ওপৰত পৰা বিৰুপ প্ৰভাৱৰ অন্ত পেলাব পৰা যাব বুলিও আশা প্ৰকাশ কৰা হৈছে।

৫. কলিয়াবৰত অসম সাহিত্য সভাৰ ৭৩ সংখ্যক অধিবেশনৰ লাইখুঁটা স্থাপন কৰিব মহিম বৰাদেৱে। অহা ২০১৫ বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈ পণ্ডিত আত্মাৰাম শৰ্মা ক্ষেত্ৰত অহা ৪ ডিচেম্বৰত লাইখুঁটা স্থাপনৰ অনুষ্ঠানৰ আয়োজন হৈছে বুলি আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি গুণীন হাজৰিকাই প্ৰকাশ কৰিছে।

৬. কামৰূপ জিলা আৰক্ষীৰ উদ্যোগত আৰু অসমৰ অগ্ৰণী নাট্যকলা সংস্থা অভিনয়াৰ সহযোগত বকোৰ ভিতৰুৱা অঞ্চলত ঝাৰিহাটত “ডাইনীঃ এক ৰুঢ় বাস্তৱ” শীৰ্ষক এখনি বাটৰ নাট প্ৰদৰ্শন কৰি ডাইনী বিশ্বাস আঁতৰ কৰাৰ বাবে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ সুখবৰ পোৱা গৈছে। অনুষ্ঠানটোত কামৰূপ জিলা আৰক্ষী অধীক্ষক ইন্দ্ৰানী বৰুৱা, অভিনয়াৰ তত্বাৱধায়ক গৰিমা শইকীয়া গাৰ্গও উপস্থিত আছিল।

৭. নলবাৰী জিলাৰ শোলমাৰাৰ জি ডি বৰ্মন কাকত এজেঞ্চীৰ উদ্যোগত যোৱা ১৬ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে “সমাজ উন্নয়নত সংবাদ মাধ্যমৰ ভূমিকা” শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দীপক শৰ্মাৰ সঞ্চালনাত হোৱা আলোচনাচক্ৰ খন উদ্বোধন কৰে দৈনিক অসম কাকতৰ কাৰ্যবাহী সম্পাদক মুনীন বায়নে।

৮. ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৩৩টা পৰিষদীয় সমষ্টিত ৰাভা-হাছং সমিতিয়ে প্ৰতিটো গাঁও অঞ্চলৰ উন্নয়ন তথা পৰিষদৰ তৰফৰ পৰা কৰি থকা কাম-কাজ সমূহ চোৱা-চিতা কৰা তথা পৰ্যালোচনা কৰাৰ বাবে প্ৰতিটো সমষ্টিতে সমষ্টি নিৰ্ধাৰণ আৰু সমন্বয় সমিতি গঠন কৰিছে। প্ৰতিটো কামৰ খতিয়ান আৰু গাঁও সমূহত প্ৰকৃত হিতাধিকাৰী সকলহে যাতে সামগ্ৰী লাভ কৰে এই কথা নিশ্চিতকৰণৰ বাবেই ৰাইজক সাঙুৰি এই সমূহ কমিটি গঠন কৰাৰ সুখবৰ পোৱা গৈছে।

৯. নলবাৰী জিলাৰ নানকাৰভয়ৰা গাঁৱৰ পৰা প্ৰকাশিত কাব্যালোচনী “সেউজী সেউজী”ৰ উদ্যোগত অহা বৰ্ষৰ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে “কবিতাৰ মহাসভা”। অসমৰ লগতে ভাৰতৰ আন আন ভাষাৰ কবি সকলৰ মিলনেৰে আয়োজিত হব লগা এই মহাসভাতে “সেউজী সেউজী কাব্য বঁটা” আৰু “পাগলাদিয়াপাৰৰ শ্ৰেষ্ঠ কবি বঁটা”ও প্ৰদান কৰা হব। লগতে অসমৰ প্ৰায় সকলো কবিক সামৰি এখনি বিশাল কবিতা সংকলন প্ৰকাশৰো যো-জা চলাৰ কথা জানিব পৰা গৈছে।

১০. ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ উদ্যোগত কোচবিহাৰৰ মধুপুৰ সত্ৰত যোৱা ২৩ নৱেম্বৰত “শ্ৰীমন্ত শংকৰদেৱৰ অৱদান” বিষয়ক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হয়। পশ্চিমবংগৰ বৌদ্ধিক পণ্ডিত প্ৰসেনজিত বৰ্মন, হিমাদ্ৰী শংকৰ ভট্টাচাৰ্য, ডঃ নৃপেন্দ্ৰ নাথ পালেও অংশগ্ৰহণ কৰা এই আলোচনাচক্ৰ উদ্বোধন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই। সাঁচিপাতৰ এখনি প্ৰদৰ্শনী উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্তই।

No comments:

Post a Comment