পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দেশৰ আগশাৰীৰ সাংবাদিক তথা টাইমছ নাও চেনেলৰ মুখ্য সম্পাদক অসম সন্তান অৰ্ণৱ গোস্বামীয়ে ইণ্ডিয়া টুডে গোটে চলোৱা দেশজোৰা এক সমীক্ষাত দেশৰ শীৰ্ষ পঞ্চাশ গৰাকী প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত ২৬তম স্থান লাভ কৰাৰ সুখবৰ।

২. পাঠশালা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ উদ্বোধনী সমাৰোহৰ লগত সংগতি ৰাখি আজি বজালী মহকুমাৰ সদৰ পাঠশালাত সুধাকণ্ঠৰ স্মৃতিসৌধ নিৰ্মাণৰ বাবে এক ব্যতিক্ৰমী সুৰ বাহিনী উলিওৱা হব বুলি জানিব পৰা গৈছে। ডঃ ভূপেন হাজৰিকাৰ স্মৃতিসৌধ নিৰ্মাণৰ বাবে দান-বৰঙণি সংগ্ৰহ কৰিবলৈ গঠন কৰা এই সুৰ বাহিনীৰ যাত্ৰা উদ্বোধন কৰিব কণ্ঠশিল্পী সীমান্ত শেখৰ আৰু জিতেন শৰ্মাই।

৩. আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিবেশন। অহা ২৩ ডিচেম্বৰলৈ চলিব লগা এই অধিবেশনত মুঠ ৩৯খন বিধেয়ক উপস্থাপন কৰা হব। কালি লোকসভাৰ অধ্যক্ষই সকলোৰে সহযোগিতা কামনা কৰি এক সৰ্বদলীয় বৈঠকো অনুষ্ঠিত কৰে। 

৪. সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ পাছতেই ২০১২ চনৰ ২৭জুনত লণ্ডনস্থিত ভাৰতীয় উচ্চায়ুক্তৰ সাংস্কৃতিক বিভাগত নিজা প্ৰচেষ্টাৰে শিল্পী গৰাকীৰ প্ৰতিচ্ছবি সংস্থাপন কৰা প্ৰৱাসী অসমীয়া ৰিণি কাকতিয়ে এইবাৰ লণ্ডনৰ প্ৰখ্যাত মেডাম টুছোৰ সংগ্ৰাহলয়ত ভূপেনদাৰ মমৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে প্ৰচেষ্টা চলাই থকাৰ সুখবৰো প্ৰকাশ পাইছে।

৫. যোৰহাট জিলাৰ পশ্চিমাংশৰ ঐতিহাসিক বৰভেটিত, মালৌপথাৰৰ সমীপত কালি ২৪৭ বছৰীয়া পৰম্পৰাৰে ন-লগোৱা উৎসৱ পালন কৰাৰ সুখবৰ। ১৭৬৮চনৰ মায়ামৰা বিদ্ৰোহৰ পাছৰে পৰাই অসমীয়া আঘোণ মাহৰ প্ৰথম দেওবাৰটোত এই উৎসৱ পালন কৰি অহা হৈছেয় বুলিও জানিব পৰা গৈছে।

৬. অচিৰেই গুহাটী মহানগৰীৰ বাট-পথত জৈৱিক গেছেৰে জ্বলিব লাইট। কালি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত এম অংগমুথুৱে গুৱাহাটীক এক বিজ্ঞান সন্মত মহানগৰ ৰূপে গঢ়ি তোলাৰ কেতবোৰ আঁচনি গ্ৰহণ কৰিবলৈ লোৱাৰ কথা প্ৰকাশ কৰিছে। ডাঙৰ ৰাইন’ বাছৰ ঠাইত সৰু বাছৰ প্ৰৱৰ্তন, জি এছ ৰোডত নতুন পাৰ্কিং ব্যৱস্থা, জাৱৰ-জোঁথৰ জ্বলাই লাইট জ্বলাব পৰাকৈ বিদ্যুত উৎপাদনৰ বাবে দুটাকৈ বায়’গেছ প্লেণ্টৰ ব্যৱস্থা, যান-জঁট হ্ৰাস কৰিবলৈ এশ গৰাকী ট্ৰেফিক গাইডৰ নিযুক্তি আদি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব বুলিও উপায়ুক্ত গৰাকীয়ে ঘোষণা কৰিছে।

৭. নগাঁৱত ৩০০খন আদৰ্শ গাঁও গঠনৰ পৰিকল্পনা কৰিছে স্থানীয় স্বেচ্ছাসেৱী সংগঠন বৰ্ণালী-জেৱিক কৃষি সেৱা সন্থাই। পেলনীয়া সামগ্ৰীকো ধন আহৰণৰ আহিলালৈ ৰূপান্তৰ কৰাকে ধৰি পাঁচখনকৈ স্বাৱলম্বী আঁচনিৰ জৰিয়তেই এই লক্ষ্যত উপনীত হবলৈ সন্থাই প্ৰচেষ্টা চলাব বুলি অনুষ্ঠানটোৰ সঞ্চালক শৈতেন গোস্বামীয়ে প্ৰকাশ কৰিছে। 

৮. অহা জানুৱাৰী মাহত সাংসদ হীৰা শৰণীয়াৰ নেতৃত্বত এটি ৰাজনৈতিক দল গঠিত হব বুলি জানিব পৰা গৈছে। বিটিএডি অঞ্চলত অবড়ো ৰাইজৰ ওপৰত চলি থকা অত্যাচাৰ প্ৰতিৰোধ কৰা তথা ৰাজনৈতিক ক্ষমতা অবড়ো ৰাইজৰ হাততো ৰখাৰ স্বাৰ্থতে গঢ়ি তুলিব লগা এই বিকল্প ৰাজনৈতিক দললৈ অঞ্চলটোৰ ২২টা অবড়ো সংগঠনে সমৰ্থন দিব বুলিও ঘোষণা কৰিছে। 

৯. সদৌ অসম গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত “ৰাষ্ট্ৰীয় গ্ৰন্থ সপ্তাহ”ৰ কালি হৈছে শুভাৰম্ভ। বন্তি প্ৰজ্বলনেৰে এই শুভাৰম্ভ কৰে বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকন আৰু ছবি নিৰ্মাতা, সমালোচক উৎপল দত্তই। 

১০. উত্তৰ-পূৱৰ আগশাৰীৰ কুইজ প্ৰতিযোহিতা ব্ৰেইনজেম-২০১৪ যোৱা ২২ নৱেম্বৰত গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হৈ যায়। “অপনে দেশ কো জানো” শীৰ্ষক বিষয় বস্তুৰে প্ৰিয়া কমিউনিকেচনে আয়োজন কৰা কুইজ প্ৰতিযোগিতাখনত ২১২টা দলে অংশ লয়। চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰি মৃদুলৰাম কলিতা আৰু অমৰজ্যোতি শৰ্মাই দুটাকৈ লেপটপ, গোৱা ভ্ৰমণৰ সুবিধা আৰু ২০ হাজাৰ টকাৰ উপহাৰ কুপন লাভ কৰিবলৈ সক্ষম হয়।

No comments:

Post a Comment