পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অহা ৫ ডিচেম্বৰৰ পৰা অসমত শুভাৰম্ভ হব ১৯৪.৬০ কোটি টকীয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ পকীপথ নিৰ্মাণ আঁচনিৰ। ২০১৪-১৫ বিত্তীয় বৰ্ষত এই আঁচনিৰ অধীনত ৰাজ্যৰ মুঠ ২৬৪.২৯ কিলোমিটাৰ পথ পকীপথলৈ উন্নীতকৰণ কৰা হব বুলি কালি প্ৰকাশ কৰিলে গড়কাপ্টানী বিভাগৰ মন্ত্ৰী অজন্তা নেওগে।

২. ভাৰতীৰ চাৰিসীমাৰ বাহিৰতো অভিযান চলোৱাৰ সামৰ্থ্য ভাৰতীয় বায়ুসেনা বাহিনীৰ আছে বুলি তেজপুৰত মন্তব্য কৰিলে বায়ুসেনা প্ৰধান অৰূপ ৰাহাই। ভাৰতীয় বিমান বাহিনীত অচিৰেই পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান সংযোজিত হব বুলিও তেখেতে কালি প্ৰকাশ কৰে।

৩. আমেৰিকাৰ টাইম আলোচনীৰ বৰ্ষশ্ৰেষ্ঠ আৱিস্কাৰৰ তালিকাত স্থান পালে ভাৰতৰ মঙল অভিযানে। প্ৰথমটো প্ৰচেষ্টাতে সফল হোৱা অভিযানটোলৈ এই স্বীকৃতিয়ে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী সকল তথা দেশবাসীক আনন্দিত কৰি তুলিছে।

৪. শিৱসাগৰ প্ৰেছ ক্লাৱে এক অন্তৰংগ আলাপত মিলিত হল মুম্বাইস্থিত আছাম হাউছৰ উপ-আবাসিক আয়ুক্ত তথা দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ সচিব দেৱাশীষ শৰ্মাৰ সৈতে। ধঁপাতৰ প্ৰচলন আৰু অপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে অহা ২৯ নৱেম্বৰত  এই ফাউণ্ডেচনে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত বিজয় যাত্ৰা নামৰ এক শোভাযাত্ৰাৰ আয়োজন কৰাৰো সুখৰ খবৰ প্ৰকাশিত হৈছে।

৫. অসমীয়া চলচ্চিত্ৰ ৰাগ-দ্য ৰিডম অৱ লাভ বেংগেলুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোসৱলৈ আমন্ত্ৰিত হৈছে। ৰজনী বসুমতাৰীৰ পৰিচালনাত নিৰ্মিত ছবিখন অহা ৪-১১ ডিচেম্বৰলৈ হব লগীয়া এই মহোসৱত ৱৰ্ল্ড চিনেমা শিতানত প্ৰদৰ্শিত হব।

৬. কাইলৈ ৮২ বছৰত ভৰি দিব অসম সাহিত্য সভাৰ বিদায়ী সভাপতি তথা কথাশিল্পী ইমৰান শ্বাহে। এই উপলক্ষত ৰংপুৰ সাহিত্য সভা আৰু ৰাইজৰ উদ্যোগত ওপজা দিনৰ এবেলা শীৰ্ষক এটি অনুষ্ঠান আয়োজিত হৈছে। জয়জ্যোতি গগৈৰ সম্পাদনাত ৰংপুৰ সাহিত্য সভাই প্ৰকাশ কৰা ছন্দশিল্পৰ বুকুত ইমৰান শ্বাহ শীৰ্ষক কবিতা সংকলনখন এই অনুষ্ঠানতে শ্বাহদেৱে উন্মোচন কৰিব।

৭. প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসম আৰু টক্সিক লিংক নতুন দিল্লীৰ যৌথ উদ্যোগত অসমত বৈদ্যুতিন আৱৰ্জনা নিষ্কাশনৰ সুপৰিচালিত পথ নিৰ্দেশনা বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত হোৱাৰ সুখবৰ। বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিবেশ সংস্থা আৰু অসম চৰকাৰৰ প্ৰতিনিধিয়ে এই কাৰিকৰী সভাত অংশগ্ৰহণ কৰে।

৮. গুৱাহাটী প্ৰেছ ক্লাৱত কালি উন্মোচিত হয় কণ্ঠশিল্পী অংকিতাৰ কণ্ঠ-সমৃদ্ধ মানস প্ৰডাকচন নিবেদিত মোহনীয়া নামৰ এটি শ্ৰব্য সঁফুৰা।

৯.গুৱাহাটীৰ ৰিহাবাৰীস্থিত নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আন্তঃলিপি শাখাৰ প্ৰাক্তন প্ৰশিক্ষাৰ্থী তথা বৰ্তমান অইলৰ কৰ্মচাৰী ৰাধিকা দেৱীক যোৱা ১৬ অক্টোবৰত নতুন দিল্লীত পণ্ডিত দীন দয়াল উপাধ্যায় শ্ৰমেৱ জয়তে কাৰ্যক্ৰম বঁটাৰে সন্মানিত কৰা হয়। উত্তৰ-পূৱৰ একমাত্ৰ বঁটাপ্ৰাপক হিচাবে তেখেতে দেশৰ প্ৰধানমন্ত্ৰীৰ হাতৰ পৰা বঁটা লাভৰ সুযোগ লাভ কৰিবলৈ সক্ষম হয়।

১০. 'বিচ্ছুৰিত বৰ্ণালী' আলোচনীয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা চুটিগল্প প্ৰতিযোগিতাখনিত বিশৰ পৰা চল্লিশ বছৰৰ ভিতৰৰ ১০৪গৰাকী গল্পকাৰে অংশগ্ৰহণ কৰে। পুৰস্কাৰ বিজয়ী সকলক ক্ৰমে ২১হাজাৰ, ১১ হাজাৰ আৰু ৩ হাজাৰ নগদ ধনেৰে ৰবীন্দ্ৰ ভৱনত অহা ২৬ নৱেম্বৰত অনুষ্ঠিত হব লগা এক অনুষ্ঠানত পুৰস্কৃত কৰা হব বুলিও সুখবৰ পোৱা গৈছে।

No comments:

Post a Comment