পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. গোৱাত অনুষ্ঠিত হোৱা ৪৫ সংখ্যক ভাৰতীয় আন্তৰ্জাতিক ছবি মহোৎসৱত সন্মানীয় জুৰীৰ আসনত দুগৰাকীকৈ অসমীয়াই স্থান পোৱাৰ সুখবৰ। বিশিষ্ট ছবি সমালোচক তথা নিৰ্মাতা উৎপল বৰপূজাৰী আৰু অভিনেত্ৰী সীমা বিশ্বাসে এই গৌৰৱ কঢ়িয়াই আনিছে। লগতে মহোৎসৱখনিত জাহ্নু বৰুৱাদেৱৰ আঠখনকৈ চলচ্চিত্ৰৰে বিশেষ প্ৰদৰ্শনী আয়োজিত হোৱা বুলিও জানিব পৰা গৈছে।


২. এইবাৰ ভাৰতৰ চিকিৎসা ক্ষেত্ৰত সঘনে উত্থাপিত হোৱা ভুল চিকিৎসা, কমিচন আদায়, হস্পিতেল কৰ্তৃপক্ষৰ মইমতালী আদিৰ বিপক্ষে যুঁজ দিয়াপ বাবে ৱিকিলিকছৰ আদৰ্শৰে আৰম্ভ হৈছে বিশেষ বেৱচাইট www.medileaks.in । এই বেৱচাইটযোগে সাধাৰণ নাগৰিকে ভোগা যিকোনো দুৰ্ভোগৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব পাৰিব আৰু যিকোনো আইনী যুঁজৰ বাবে পৰামৰ্শও লাভ কৰিবলৈ সক্ষম হব বুলিও ৱেবচাইটোৰ প্ৰতিষ্ঠাপক সকলে কালি এন.ডি.টি.ভিত প্ৰকাশ কৰিছে।

৩. উচ্চতম ন্যায়ালয়ে চিবিআইৰ ডাইৰেক্টৰ ৰঞ্জিত সিনহাক কালি ২জি কেলেংকাৰী গোচৰৰ কোনো বিষয়তে হস্তক্ষেপ নকৰিবলৈ তথা দূৰত্ব বজাই ৰাখিবলৈ দৃষ্টান্তমূলক ৰায় প্ৰদান কৰে। চিবিআইৰ ডাইৰেক্টৰে অভিযুক্তক বচোৱাৰ প্ৰচেষ্টা চলোৱা বুলি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈ এই ৰায় পাবলৈ সক্ষম হোৱা বাবে অধিবক্তা প্ৰশান্ত ভূষণলৈ সচেতন ৰাইজে জনাইছে আন্তৰিক অভিনন্দন

৪. অহা ২০১৬ চনত ভাৰতে সকলো ঠিকে থাকিলে পুনৰ চন্দ্ৰ অভিযান চলাব পাৰে বুলি যোৰহাটত প্ৰকাশ কৰিলে মহাকাশ বিজ্ঞানী ডঃ জীতেন্দ্ৰ নাথ গোস্বামীদেৱে। আনহাতে দ্বিতীয়টো মঙল অভিযানৰ বাবেও ২০১৮ বৰ্ষক লক্ষ্য হিচাবে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে স্থিৰ কৰি লোৱাৰ কথাও বিজ্ঞানীজনে সদৰী কৰিছে।

৫. তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাবৰ্তন ভাগ লৈ বিষ্ণু ৰাভাৰ পৰা ভূপেন হাজৰিকালৈ অসমীয়া মনিষী সকলক স্মৰণ কৰিলে দেশৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে। তেখেতে ভাষণত তেজপুৰক ঐতিহাসিক নগৰী বুলি আখ্যা দিয়ে। দেশ আৰু সমাজৰ বাবে কাম কৰাটো ছাত্ৰ-ছাত্ৰীৰ সপোন হোৱা উচিত বুলিও তেখেতে মত প্ৰকাশ কৰে।

৬. অহা বৰ্ষৰ জানুৱাৰী মাহত মাজুলীত ৰাষ্ট্ৰীয় যুৱ মহোসৱখনি অনু্ষ্ঠিত কৰাৰ কথা আছিল যদিও ৰাজ্য চৰকাৰৰ পৰা সন্মতি নোপোৱাৰ বাবে মাজুলীৰ পৰিবৰ্তে গুৱাহাটীতে এই মহোৎসৱ অনুষ্ঠিত কৰিবলৈ দিহা কৰা হব বুলিও সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে।

৭. তথ্য জনাৰ অধিকাৰ আইনক সঠিক ৰূপত পালন নকৰাৰ বাবে দেশৰ ছটাকৈ ৰাজনৈতিক দলক কেন্দ্ৰীয় তথ্য আয়োগে জৱাবদিহি কৰিছে। গুৱাহাটীৰ জজ খেলপথাৰ আৰু নেহৰু ষ্টেডিয়ামত ৮-১২ জানুৱাৰীলৈ এই মহোৎসৱ অনুষ্ঠিত হব।

৮. শিল্পী অসীম হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অসীম হাজৰিকা সোঁৱৰণী ন্যাসৰ উদ্যোগত এমুঠি গীতৰ এসন্ধ্যা গানে গানে আজি কওঁ নামৰ এটি অনুষ্ঠান আজি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত হৈছে।

৯. কামৰূপ জিলা প্ৰশাসনে জিলা সমাজ কল্যাণ বিভাগৰ জৰিয়তে ২০১৩-১৪ বিত্তীয় বৰ্ষৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱনজ্যোতি আঁচনিৰ অধীনত ৩৭ লাখ ৪৫হাজাৰ টকা মোকোলাই দিছে। ইয়াৰ দ্বাৰা ১০৬ গৰাকী কৰ্কট ৰোগীলৈ ২৫ হাজাৰকৈ সাহাৰ্য প্ৰদান কৰা হব বুলি জানিব পৰা গৈছে। আনহাতে ১৭ গৰাকী মৃত ব্যক্তিৰ পৰিয়াললৈ ৫০ হাজাৰ টকাকৈ প্ৰদান কৰিব।

১০. গুৱাহাটীৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী বিন্দুৰ উদ্যোগত সদৌ অসম ভিত্তিক আয়োজিত লখিমী বোৱাৰী প্ৰতিযোগিতাত ভৱানীপুৰৰ ভাৰেগাঁৱৰ বোৱাৰী চন্দনা তালুকদাৰে শ্ৰেষ্ঠ লখিমী বোৱাৰী বঁটা লাভ কৰিছে। গুৱাহাটীৰ জিলা পুথিভঁৰালত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।

No comments:

Post a Comment