পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. দেশৰ আগশাৰীৰ পাঁচটাকৈ পৰিবেশ সংগঠনে প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা “ভগীৰথ প্ৰয়াস সন্মান ২০১৪” ৰ বাবে অসমৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈক নিৰ্বাচিত কৰাৰ সুখবৰ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গঢ়ি তোলা আন্দোলনৰ স্বীকৃতি স্বৰূপেই এই বঁটা আগবঢ়োৱা হৈছে। অহা ২৪-২৭ নৱেম্বৰলৈ দিল্লীত অনুষ্ঠিত হব লগা “ইণ্ডিয়া ৰিভাৰছ উইক”ৰ বিশেষ অনুষ্ঠানতে এই বঁটা প্ৰদান কৰা হব।

২. আজি মু্ক্তি লাভ কৰিব গোৱালপৰীয়া ভাষাৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “মন কেনে বুজেনা”। ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰে দৰ্শকৰ কাষ চাপিব লগা এই ছবিখন আজিৰে পৰা বিলাসীপাৰা ৰাস মহোসৱত প্ৰদৰ্শনৰ দিহা কৰা হৈছে। শিব্বাৰ আহমেদৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ নাম ভূমিকাত আছে নৱাগত নাজমূল হক আৰু মডেল পূৱালী সৰকাৰ। বৰ্তমান সমাজ ব্যৱস্থা আৰু গোৱালপৰীয়া লোক সংস্কৃতিক লৈ ছবিখন নিৰ্মাণ কৰি উলিওৱা বুলিও জানিব পৰা গৈছে।

৩. কালি ৪৩ বছৰত ভৰি দিলে অসমীয়া সংগীত শিল্পী জুবিন গাৰ্গে। শিল্পী গৰাকীলৈ অনুৰাগী সকলে ফেচবুক যোগেও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কাহিলীপাৰাস্থিত বাসগৃহত জন্মদিন পালন কৰাৰ বাতৰি পোৱা গৈছে। জন্মদিনত সকলো জাতি-জনগোষ্ঠীক ঐক্যবদ্ধ ৰূপত আগুৱাই নিয়াৰ বাবে জুবিনৰ মনৰ হেপাঁহ প্ৰকাশ কৰাৰ লগতে নিজৰ বৈষয়িক সম্পত্তিও বিক্ৰী কৰি হলেও অসমীয়া চিনেমা নিৰ্মাণ কৰিবলৈ মন বুলিও অনুৰাগী সকলক শিল্পীগৰাকীয়ে জানিবলৈ দিয়ে।

৪. অসমৰ জলসম্পদ-জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ উদেশ্যে অসমৰ প্ৰতিটো উন্নয়ন খণ্ডতে স্বৰ্গদেউ ৰুদ্ৰসিংহ আদৰ্শ পুখুৰী স্থাপন কৰিবলৈ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আঁচনি তৈয়াৰ কৰিছে। ২৫ লাখ টকাৰ ব্যয়েৰে ৭.৫ বিঘাতকৈ অধিক এলেকাৰ পুখুৰীৰ উন্নীতকৰণ কৰা, মীন পালন, থলুৱা ফল-মূলৰ গছ ৰোপণ আদিক সামৰি লোৱা প্ৰকল্পৰ শিলান্যাস আজিৰে পৰা স্থানীয় উদ্যোগী লোকৰ দ্বাৰা কৰোৱা হব বুলিও জানিব পৰা গৈছে।

৬. অসমীয়া কমিকছৰ জগতত শিশু-কিশোৰৰ বাবে প্ৰকাশিত হৈছে প্ৰথমখন অভিযানমূলক কাহিনীৰ কমিকচ। জনপ্ৰিয় শিশু সাহিত্যক যুগল লোচন দাসে ৰচনা কৰা “শংকৰ কিংকৰ অভিযান” ছিৰিজৰ এটি মনোৰম কাহিনীক চিত্ৰশিল্পী, কাৰ্টুনিষ্ট নৱপ্ৰতিম দাসে কমিকছৰ ৰূপদান কৰিছে। গঁড় হত্যাৰ বিৰুদ্ধে চলোৱা অভিযানেৰে প্ৰকাশ হোৱা “কাজিৰঙাত অঘটন” নামৰ এই কমিকছখনে নৱ-প্ৰজন্মৰ মাজত প্ৰাকৃতিক সম্পদ সংৰক্ষণ বিষয়ত সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হব বুলিও আশা কৰা হৈছে।

৭. আৰ এন বৰুৱা আৰু প্ৰতিভা বৰুৱা স্মাৰক সাংবাদিকতা বঁটা ২০১৩ বৰ্ষৰ বাবে 'দৈনিক গণ অধিকাৰ'ৰ ছিপাঝাৰৰ সংবাদদাতা হিতেশ নাথ আৰু 'দৈনিক অসম'ৰ আমগুৰিৰ স্থানীয় সংবাদাতা সমীৰণ দুৱৰাক বাছনি কৰাৰ সুখবৰ প্ৰকাশ পাইছে। স্মাৰক বঁটা কমিটীয়ে অহা ২১ নৱেম্বৰত এই বঁটা প্ৰদানৰ বাবে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত এক অনুষ্ঠানৰো আয়োজন কৰিছে।

৮. বাদ-বিসম্বাদৰ ৰাজনীতিৰ এৰি এইবাৰ সমষ্টিৰ উন্নয়নৰ কামত ধৰি শিৰোনামা লাভ কৰিছে বিধায়ক অঞ্জন দত্তই। এই কেইদিনতে বিভিন্ন সংযোগী পথৰ নিৰ্মাণৰ বাবে ১১ কোটি টকাৰ আঁচনিৰ আধাৰশিলা বিধায়কজনে স্থাপন কৰাৰ বাতৰিও প্ৰকাশিত হৈছে।

৯. জনতাৰ সঞ্চয় ক্ষমতা বৃদ্ধি তথা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ গৰাহৰ পৰা সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে পুনৰ কিষাণ বিকাশ পত্ৰৰ প্ৰৱৰ্তন কৰিব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰিছে। এই বিনিয়োগৰ জৰিয়তে ৰাইজে এশ মাহৰ পাছত দুগুণ ধন লাভৰ সুবিধা লাভ কৰিব।

১০. গোলাঘাটত আয়োজিত সাহিত্য উসৱ আৰু গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি উলিওৱা এক ব্যতিক্ৰমী শোভাযাত্ৰাই লাভ কৰিছে সংবাদ শিৰোনামা। পাঁচ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে কিতাপ পঢ়াৰ গুৰুত্ব বিষয়ক প্লেকাৰ্ড লৈ গ্ৰন্থ বিপ্লৱ অনাৰ বাণীৰে বিশাল সমদলত অংশ লোৱাৰ সুখবৰ পোৱা গৈছে।

No comments:

Post a Comment