পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. নিজৰ জীৱনকো তুচ্ছ কৰি কেইবাগৰাকী শিশুৰ জীৱন বচোৱা শিৱসাগৰৰ শিমলুগুৰিৰ সাহসী কিশোৰী গুঞ্জন শৰ্মাক কালি প্ৰদান কৰা হয় প্ৰথম অসম ৰাজ্যিক সাহসিকতা বঁটা। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হোৱা এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী অজিত সিঙে। এই অনুষ্ঠানতে এলেড দেউৰী, বাৰ্ডি বড়োসহ অসমৰ ৩৬ গৰাকী ক্ৰীড়া প্ৰতিভালৈকো ৭.২৮ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ সুখবৰ পোৱা গৈছে।

২. ৰাজ্যৰ ভিতৰতে অন্যতম পুৰণি আৰু উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। বৰ্ণাঢ্য, সাংস্কৃতিক শোভাযাত্ৰা আৰু গুৰু-শিষ্যৰ মহামিলেনেৰ শিক্ষাতীৰ্থখনিত সৃষ্টি হৈছে উখলমাখল পৰিবেশৰ।

৩. ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠন আৰু কেলেংকাৰী তদন্তৰ কৰা বিভিন্ন তদন্তকাৰী সংস্থাৰ গতি-বিধিক লৈ সম্পূৰ্ণভাৱে সন্তুষ্ট হব পৰা নাই গুৱাহাটী উচ্চ ন্যায়ালয়। এই বিষয়ক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত প্ৰয়োজন সাপেক্ষে স্পেচিয়েল টাস্ক ফৰ্চ গঠনৰ হকে ন্যায়ালয়ে অভিমত ব্যক্ত কৰাৰ কথাও সংবাদ পত্ৰত প্ৰকাশিত হৈছে।

৪. সদৌ অসম সাংস্কৃতিক পৰিষদৰ উদ্যোগত গুৱাহাটীৰ লতাশিল খেলপথাৰত ১৮ আৰু ১৯ নৱেম্বৰত আয়োজিত হৈছে অসম সাংস্কৃতিক মহোতসৱ ২০১৪ৰ। ২৭খন জিলাৰ লোক-সংস্কৃতিক একে মঞ্চত তুলি ধৰাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় শীৰ্ষক এখনি ব্যতিক্ৰমী ঘূৰণীয়া মেজমেলৰো আয়োজন কৰা হৈছে। বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা অসমৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী বসন্ত দাসে উদ্বোধন কৰিব বুলিও জানিব পৰা গৈছে।

৫. অসমত শিক্ষা বিভাগৰ প্ৰশাসনীয় ব্যৱস্থা ডিজিটেল কৰা হব বুলি ঘোষণা কৰিছে অসমৰ শিক্ষামন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে। কালি ২২৮ গৰাকী বিষয় শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰি মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত এই ইতিবাচক ঘোষণা কৰা বুলি জানিব পৰা গৈছে। আনন্দৰাম বৰুৱা বঁটাৰ লেপটপ বিতৰণৰ বাবে পুঁজিৰ আবণ্টনক লৈ চলি থকা খেলিমেলিৰ কথাও তেখেতে কালি ৰাজহুৱা কৰাৰ খবৰ।

৬. ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দ্বাৰা দিল্লীত আয়োজিত জচন এ বচপন শীৰ্ষক অনুষ্ঠানত অসমৰ অগ্ৰণী নাট্যদল ছিগালৰ শিশু শিল্পীসকলে প্ৰদৰ্শন কৰিলে নৱকান্ত বৰুৱাৰ সৃষ্টি গীতে গাঁথে জীৱন মালা

৭. সামাজিক-সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ উদ্যোগত ৩৬সংখ্যক জ্যোতিৰূপা উত্তৰ-পূৰ্বাঞ্চল একাংক নাট প্ৰতিযোগিতা অহা ২৭-৩১ জানুৱাৰীলৈ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজন কৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। এই সমাৰোহতে কিশোৰ ঠাকুৰীয়া সোঁৱৰণী একক অভিনয় প্ৰতিযোগিতাও অনুষ্ঠিত হব বুলিও আয়োজকে সুখবৰ প্ৰকাশ কৰিছে।

৮. গুৱাহাটীৰ স্বেচ্ছাসেৱী সংগঠন ছানি আকাশৰ বেৱচাইট কালি মুকলি কৰে কণ্ঠশিল্পী অনুপম শইকীয়াই। স্বেচ্ছাসেৱী সংগঠনটোৱে শেহতীয়াকৈ অনাথ আৰু দৰিদ্ৰ শিশু সকলৰ বাবে এখন বিদ্যালয় খোলাৰ ব্যৱস্থা কৰিছে বুলিও জানিব পৰা গৈছে। সংগঠনটোৰ নতুনকৈ মুকলি কৰা বেৱচাইটোৰ ঠিকনাঃ www.sunnyakash.org

৯. আলোড়ণ সৃষ্টিকাৰী ২-জি স্পেকট্ৰাম কেলেংকাৰীৰ অন্তৰ্গত ধনৰ লেনদেনৰ ৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কালিৰে পৰা চিবিআইৰ বিশেষ ন্যায়াধীশ অ’ পি ছাইনীৰ আদালতত আৰম্ভ হোৱাৰ সুখবৰ প্ৰকাশিত হৈছে। এ ৰাজা, কানিমোঝিসহ দহ ব্যক্তি আৰু ৯টা কোম্পানীৰ বিৰুদ্ধে এই গোচৰ চলিব।

১০. দেৰগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পূৰ্ণাগং অধিবেশনত কেইবাখনো গ্ৰন্থ উন্মোচিত হয়। উতপল মেনা আৰু নুৰুল চুলতানে ৰচনা কৰা চিনেমা বিষক গ্ৰন্থ “ৰাফকাট উন্মোচন কৰে অনাগত ৭৩ সংখ্যক অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি কেশৱ মহন্তই। দুশ পৃষ্ঠাৰ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ সন্ধ্যা প্ৰকাশনে।

No comments:

Post a Comment