পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম সাহিত্য সভাৰ কলিয়াবৰ অধিবেশন তথা অনাগত দুটা বৰ্ষৰ বাবে সভাপতি ৰূপে নিৰ্বাচিত হৈছে বিশিষ্ট সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰা। উপসভাপতি আৰু প্ৰধান সচিব পদত প্ৰহ্লাদ তাছা আৰু ডঃ পৰমানন্দ ৰাজবংশী বিজয়ী হোৱাৰ খবৰো প্ৰকাশিত হৈছে।
ডাঃ ধ্ৰুৱজ্যোতি বৰা

২. অসম সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে বিশ্ব সাহিত্যৰ ১০০খন মহ গ্ৰন্থ প্ৰকাশৰ আঁচনিৰ কথা প্ৰকাশ কৰিছে নৱ-নিৰ্বাচিত সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই।

৩. যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা অত্যাধুনিক নাৰ্চাৰী আৰু কৃষি হাব কালি উদ্বোধন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। অসমৰ কৃষি সকলক উন্নত কৃষি পদ্ধতিৰে কৃষি কাৰ্য কৰাৰ বাবে সজাগতা বৃদ্ধি আৰু গ্ৰামোন্নয়নৰ জৰিয়তেহে অসমৰ উন্নতি সম্ভৱ হব বুলিও মুখ্যমন্ত্ৰীজনে নিজা ভাষণত প্ৰকাশ কৰে।

৪. নগাঁৱৰ পৰা গুৱাহাটীৰ নাৰেংগীলৈ ২০০কোটি টকা ব্যয়েৰে অচিৰেই ৰাজ্যিক ঘাই পথ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। নগাঁৱত অনুষ্ঠিত এক সংবাদ মেলত বনমন্ত্ৰী ৰকিবুল হুছেইনে এই সুখবৰ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

৫. বৰপেটাৰ ভাওনা সমাৰোহ সমিতিৰ উদ্যোগত আগন্তুক বৰ্ষৰ ১৬, ১৭ আৰু ১৮ জানুৱাৰীত বৰপেটাত ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰৰ বাছ আস্থানত মথুৰাপুৰী ৰংগক্ষেত্ৰত ৬খনকৈ ভাওনা প্ৰদৰ্শন, আলোচনা চক্ৰ, স্মৃতিগ্ৰন্থ উন্মোচন, মেজি দাহ আদি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে।

৬. জোনাইৰ মুৰ্কংচেলেং মিচিং কৃষ্টি ভৱনত ১৫৭টা আত্ম-সহায়ক গোটৰ অংশ গ্ৰহণেৰে স্বাৱলম্বিতা গঢ়িবৰ বাবে বিভিন্ন পথ দেখুওৱাৰ উদ্দেশ্যে মোহনচ ফাউণ্ডেচন জনসেৱা ন্যাসে এক কৰ্মশালা, সজাগতা শিবিৰ আয়োজন লগতে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰাৰো সুখৰ খবৰ প্ৰকাশিত হৈছে।

৭. কালি আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৱে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত থকা অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই উদযাপনৰ মুকলি সভাত পাঁচ গৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে প্ৰাগ চেনেলৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা, গণ সংবাদৰ মুখ্য সম্পাদক অপূৰ্ব কুমাৰ শৰ্মা, মঙলদৈৰ পৰা বিগত ৩৭বছৰে প্ৰকাশিত "মঙ্গল বাতৰি"ৰ সম্পাদক প্ৰশান্ত বৰুৱা, প্ৰবীণ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা আৰু ছবছৰীয়া অসম আন্দোলনক আলোকচিত্ৰৰে ধৰি ৰখা চিত্ৰ সাংবাদিক মহেন্দ্ৰ বৰাক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়।

৮. অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসে ২০১৪চনৰ অসম জাতীয় বিদ্যালয় সন্মান অশীতিপৰ নাট্যশিল্পী প্ৰিয় বৈশ্যক কালি সৰুক্ষেত্ৰীৰ ব্যাসকুছি জাতীয় বিদ্যালয়ত হোৱা এক অনুষ্ঠানত প্ৰদান কৰাৰ সুখবৰ পোৱা গৈছে।

৯. মিৰ্জাৰ সাত শিল্পীৰ শ্ৰব্য কেছেট "ব্যস্ততা" ৰামপুৰৰ বিবেকানন্দ কেন্দ্ৰত ১৪ নৱেম্বৰত উন্মোচিত হয়। দক্ষিণ কামৰূপৰ নৱ-প্ৰজন্মৰ শিল্পী দিৱস, অৰ্ণৱ প্ৰাণ, ঋতুপৰ্ণ, বিকাশ, ৰাতুল, হিমাংশু আৰু ভাস্কৰে সংগঠিত ৰূপত গঢ় দিয়া "দ্য অপেন ষ্ট্ৰিংছ" নামৰ বেণ্ডটোৰ সৃষ্টিৰেই এই এলবামটো সজাই তোলা হৈছে।

১০. স্বেচ্ছাসেৱী সংগঠন ভক্স-পপুলীৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত আয়োজিত হোৱা গোলাঘাট সাহিত্য উসৱ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলালৈ ৰাইজে বিপুল সঁহাৰি জনোৱা বুলি জানিব পৰা গৈছে। নবীন কবি ডিম্পী লাহনৰ "বৰ্ণিল জীৱন মোৰ প্ৰত্যাশাৰ জিলিঙণি" শীৰ্ষক কবিতাপুথিখনো কালি উন্মোচিত হয়। 

No comments:

Post a Comment