পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কালি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান ছুপাৰলীগ ফুটবলত পুনেৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱৰ হৈ এলেন দেউৰীয়ে জয় কৰিলে প্ৰতিভাৱান খেলুৱৈৰ বঁটা।

২. অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰৰ মনোৰম পৰিবেশৰ মাজত নিৰ্মাণ কৰি উলিওৱা "উত্তৰ-পূৱ জনজাতি সংগ্ৰহালয়"টো কালিৰে পৰা দৰ্শনাৰ্থী সকলৰ বাবে মুকলি কৰি দিয়াৰ সুখবৰ।

৩. উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই শেহতীয়াকৈ সংযোজন কৰা গুৱাহাটী সমীপৰ তেতেলীয়া-বৰ্ণিহাট সংযোগী ৰাষ্ট্ৰীয় ৰে'ল প্ৰকল্পৰ কাম পূৰ্ণগতিত আগবাঢ়িছে আৰু এই প্ৰকল্পৰ কাম অহা ২০১৭ চনৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলিও আশাপ্ৰদ খবৰ প্ৰকাশ পাইছে।

৪. পণ্ডিত বাণীকান্ত কাকতিৰ জন্ম ও মৃত্যুতিথি উপলক্ষে গুৱাহাটীৰ চৰকাৰী বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত কালি উদযাপিত হয় বাণীকান্ত দিৱস। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি চিন্তাবিদ ডঃ হীৰেন গোহাঁইদেৱে  অসমীয়া ভাষা ৰক্ষা কৰাৰ বাবে কাকতিদেৱৰ অপৰিসীম অৰিহণাৰ কথা সোঁৱৰি তেখেতক এগৰাকী জাতীয় নায়ক বুলিও আখ্যা দিয়ে।

৫. সংগীত নাটক একাডেমিৰ বঁটাপ্ৰাপ্ত মুকাভিনয় শিল্পী মইনুল হকৰ ছাত্ৰ  অসমৰ নলবাৰীৰ জাগাৰাৰ দেৱজিত ডেকাই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ২০১৪-১৫ চনৰ বাবে ঘোষিত জলপানি লাভ কৰা দেশৰ পাঁচ গৰাকী মুকাভিনয় শিল্পীৰ মাজৰে হোৱাৰ কৃৰ্তিত্ব লাভ কৰাৰ সুখবৰ।

৬. বেংগেলুৰুত তথা উত্তৰ-পূৱৰ লোক সকলক একত্ৰিত কৰাৰ উদ্দেশ্যে ভাৰতীয় বিদ্যা ভৱনত অনুষ্ঠিত হয় "নৰ্থ-ইষ্ট কনক্লেভ-২০১৪"। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, অনন্ত কুমাৰ, সদানন্দ গৌড়াকে ধৰি ৰাজনৈতিক নেতৃত্বই অংশ গ্ৰহণ কৰি পোনপটীয়া প্ৰশ্নৰো উত্তৰ দিয়ে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও এই অনুষ্ঠানত পৰিবেশিত হোৱা বুলি মুখ্য আহ্বায়ক ডঃ সীমান্ত শৰ্মাই প্ৰকাশ কৰিছে।

৭. কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে ভাৰতে এটি নতুন লেজাৰ প্ৰযু্ক্তিৰ বিকাশ ঘটাইছে বুলি ভাবা আণৱিক গৱেষণা কেন্দ্ৰৰ ৰসায়ন বিজ্ঞান বিভাগৰ সঞ্চালক ডঃ বি এছ জগটপে প্ৰকাশ কৰিছে। কেৰেলাত হোৱা লেজাৰ বিষয়ক এখন কৰ্মশালাত তেখেতে এই কথা প্ৰকাশ কৰাৰ খবৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

৮. কালি অসম কৃষি বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত অংশ গ্ৰহণ কৰিলে কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী ডঃ সঞ্জীৱ কুমাৰ বালিয়ানে।  উক্ত অনুষ্ঠানতে বিশ্ববিদ্যালয়খনে অসমীয়া উদ্ভাৱক উদ্ধৱ ভৰালীকো সন্মানীয় ডক্টৰেট অৱ ছায়েন্স উপাধি প্ৰদান কৰাৰ সুখবৰ।

৯. প্ৰাগজ্যোতিকা, তিতাবৰৰ উদ্যোগত অনুষ্ঠিত হ'ল তৃতীয় সদৌ অসম আন্তঃ মহাবিদ্যালয় প্ৰাইজমানি তৰ্ক প্ৰতিযোগিতা। মুঠ ৪৩হাজাৰ টকাৰ প্ৰাইজমানিৰে পুৰস্কৃত কৰা প্ৰতিযোগিতখনিত তেজপুৰ বিশ্ববিদ্যালয় দলে শ্ৰেষ্ঠ আৰু দ্বিতীয় শ্ৰেষ্ঠ দল ৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দল বিবেচিত হয়। শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ জ্যোতিষা শইকীয়াই।

১০. সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই সংগীত নাটক অকাডেমিৰ সভাপতি হৈ থকা কালত ১৫নৱেম্বৰৰ দিনটোতে অসমৰ সত্ৰীয়া নৃত্যই সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। সেয়ে সেই দিনটোক অসম সত্ৰ মহাসভাই অসমৰ বিভিন্ন ঠাইত সত্ৰীয়া সংস্কৃতি দিৱস হিচাবে উদযাপন কৰি আহিছে। কালি তেজপুৰৰ নিকামূল সত্ৰতো এই উদযাপন হোৱাৰ সুখৰ খবৰ।

No comments:

Post a Comment