পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. গুগোল দুদোলত অসমীয়া সংস্কৃতিক জিলিকাই তোলা পুনেৰ  আৰ্মী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী বৈদেহী ৰেড্ডীক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে অসমলৈ পৰিয়ালসহ জনালে নিমন্ত্ৰণ। অসমীয়া ছবি প্ৰযোজনা সংস্থা এম এল এণ্টাৰটেইনমেণ্টেও নতুন ছবি "অনুৰাধা"ৰ প্ৰিমিয়াৰলৈ বৈদেহীক আমন্ত্ৰণ জনাই ভ্ৰমণৰ খৰছ বহন কৰিব বুলি প্ৰকাশ কৰি বিদ্যালয়ৰ সৈতে যোগাযোগ কৰাৰ সুখবৰ পোৱা গৈছে। গুগোল ইণ্ডিয়াইও তিনিদিনৰ অসম ভ্ৰমণৰ সুযোগ কিশোৰী গৰাকীলৈ আগবঢ়োৱাৰো সুখৰ খবৰ।

২. কালিৰ দিনটোত মামণি ৰয়ছম গোস্বামীৰ জন্মদিন  তেওঁৰ দক্ষিণ শৰণীয়াস্থিত বাসগৃহত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়। কামৰূপৰ পলাশবাৰীতো আঞ্চলিক সাহিত্য সন্মিলনীয়ে সাহিত্যিক গৰাকীৰ জন্মদিনৰ কাৰ্যসূচী পালন কৰে।

৩. অসম চৰকাৰৰ উদ্যোগত কালি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত পণ্ডিত জৱাহৰলাল নেহৰুৰ ১২৫বছৰীয়া জন্মদিনত শিশু দিৱসৰ অনুষ্ঠান পালন কৰা হয়। মুখ্যমন্ত্ৰীয়ে অংশ লোৱা এই অনুষ্ঠানত মহানগৰীৰ শতাধিক শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে ৰাজ্যৰ শিশু কল্যাণ আৰু প্ৰতিভা বিকাশৰ বাবে ৫০কোটি টকাৰ নতুন আঁচনিও ঘোষণা কৰে। মিউজিয়াম স্থাপন, প্ৰতিভা উদ্ভাৱনী কেন্দ্ৰ স্থাপন, স্বাস্থ্য সজাগতা অভিযান চলোৱা আদি বিষয়ত এই ধন খৰছ কৰা হব বুলিও জানিব পৰা গৈছে।

৪. অহা ৩০ নৱেম্বৰত গুৱাহাটীত উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰী সকলৰ বৈঠকত অংশ লব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীৰ দ্বায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰলৈ অসম ভ্ৰমণলৈ আহিব লগা মোদীয়ে আবেলিলৈ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কৰ্মী সভাতো ভাষণ প্ৰদান কৰিব বুলিও জানিব পৰা গৈছে।

৫. ভাৰতে ২১জুন তাৰিখতো আন্তৰ্জাতিক যোগ দিৱস ৰূপে পালন কৰিবলৈ ৰাষ্ট্ৰ সংঘলৈ দিয়া প্ৰস্তাৱলৈ বিশ্বৰ ১৩০খন দেশে সমৰ্থন প্ৰকাশ কৰিছে। কালি জি-২০ শীৰ্ষ সন্মিলনত ইউৰোপিয়ান ইউনিয়নৰ সভাপতিয়েও এই সংঘৰ দেশ সমূহৰ সমৰ্থনৰ কথা মোদীদেৱক জনোৱা বুলি ইতিবাচক খবৰ প্ৰকাশ পাইছে।

৬. যোৱা আঠ নৱেম্বৰত দেৰগাঁও সাংবাদিক সন্থাৰ সহযোগত ধ্ৰুৱজ্যোতি খাউণ্ড ন্যাসৰ উদ্যোগত দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত সদৌ অসম ধ্ৰুৱজ্যোতি খাউণ্ড সোঁৱৰণি তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়। "মোবাইল ফোন, ছ'চিয়েল মেডিয়াৰ অবাধ প্ৰচলনেই বৰ্তমান যুৱ সমাজৰ নৈতিক স্খলনৰ মূল কাৰণ", শীৰ্ষক বিষয়ত এই তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰাৰ সুখবৰ।

৭. ৰাষ্ট্ৰীয় শিশু স্বচ্ছতা অভিযানৰ কালি শুভাৰম্ভ কৰা হয়। অসমৰ গ্ৰাম বিকাশ পৰিষদ, শ্বিলঙৰ এ ডব্লিউ টমাছ গাৰ্লছ হোমকে ধৰি চাৰিটা অনুষ্ঠানক ২০১৩ বৰ্ষৰ শিশু কল্যাণৰ ৰাষ্ট্ৰীয় বঁটা আৰু দেশৰ ভিন্ন প্ৰান্তৰ কুৰিগৰাকী শিশুক ব্যতিক্ৰমী-অসাধাৰণ সফলতাৰ বাবে ৰাষ্ট্ৰীয় শিশু বঁটাৰে কালি দিল্লীত ৰাষ্ট্ৰপতিয়ে সন্মানিত কৰে। ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত হোৱা এই অনুষ্ঠানত দুগৰাকী সাহসী শিশুকো বঁটা প্ৰাদন কৰা হয়।

৮. কবি-সাহিত্যিক, গীতিকাৰ কৈলাস নাথ শৰ্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম সাহিত্য বঁটা কালি সাহিত্যচাৰ্য ডঃ হৰিনাথ শৰ্মা দলৈক গুৱাহাটীৰ লক্ষ্মীনাথ বৰুৱা সদনত অনুষ্ঠিত সভাত প্ৰদান কৰা হয়। "ইণ্ডিয়া থ্ৰু দ্য এজেছ অৱ দ্য স্মৃতিজ" শীৰ্ষক গৱেষণামূলক ইংৰাজী গ্ৰন্থখনৰ বাবেই গীতিকাৰ গৰাকীৰ জন্মদিনত ২০১৪চনৰ বঁটা প্ৰদান অনুষ্ঠান আয়োজিত হয়। বঁটা প্ৰদান কৰে ডঃ নগেন শইকীয়াদেৱে।

৯. কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন কালি গুৱাহাটীত উপস্থিত হৈছে। আজি যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰৰ এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লগা মন্ত্ৰীজনে কাজিৰঙাও দৰ্শন কৰিব বুলি সূত্ৰত প্ৰকাশ পাইছে।

১০. অসমৰ ঐতিহ্যমণ্ডিত মধুপুৰ সত্ৰই কালি নিজৰ বেৱচাইট www.madhupursatra.org মুকলি কৰাৰ সুখবৰ পোৱা গৈছে।

No comments:

Post a Comment