পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. প্ৰকৃতি আৰু সংস্কৃতিৰ স্বৰ্গ অসম, শীৰ্ষক গুগোল দুদোল নিৰ্মাণ কৰি পুণেৰ আৰ্মী স্কুলৰ ছাত্ৰী বৈদেহী ৰেড্ডীয়ে লাভ কৰিছে শিশু দিৱস উপলক্ষে গুগোল ইণ্ডিয়াই আয়োজন কৰা "মই চাব বিচৰা এখন ঠাই" শীৰ্ষক প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান। আজি গুগোলত দুদোল হিচাবে ব্যৱহৃত হৈছে অসম বিষয়ক এই ডিজাইনটো।

২. ইডেন গাৰ্ডেনৰ মাটিত এদিনীয়া ক্ৰিকেটত বিশ্বৰ সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ গঢ়িলে ভাৰতীয় বেটছমেন ৰোহিত শৰ্মাই। ১৭৩ বলৰ সন্মুখীন হৈ ২৬৪ ৰাণৰ ব্যক্তিগত স্ক'ৰেৰে অভিলেখৰ অধিকাৰী হোৱা ভাৰতীয়জনলৈ জনাইছো আন্তৰিক অভিনন্দন।

৩. পণ্ডিত জৱাহৰ লাল নেহৰুৰ জন্মদিনত আজি দেশত উদযাপিত হৈছে শিশু দিৱস হিচাবে। প্ৰতিদিনে এতিয়াও দেশত ৫হাজাৰ শিশুৰ মৃত্যু হোৱা আৰু ১৩নিযুত শিশু শ্ৰমিক থকাৰ তথ্যও আজি সংবাদ পত্ৰত প্ৰকাশ পাইছে। "বচপন বচাও আন্দোলন" চলাই শিশুৰ শিক্ষা আৰু অধিকাৰৰ বাবে কৰ্মসূচী হাতত লোৱা কৈলাশ সত্যাৰ্থীয়ে শান্তিৰ নোবেল বঁটা লাভ কৰাৰ বছৰটোতে এনে লজ্জ্বাজনক অৱস্থাৰ পৰা দেশক উদ্ধাৰৰ বাবে সজাগতাৰ সৃষ্টি হোৱাৰ প্ৰয়োজনীতাও আজি উজ্বলি উঠিছে।

৪. আজিৰ দিনটো বিশ্ব মধুমেহ দিৱস ৰূপেও পালিত হৈছে। অসম-ৰত্ন মামণি ৰয়ছয় গোস্বামী আৰু সাহিত্যিক কৈলাশ নাথ শৰ্মাৰ জন্মদিনৰ লগত সংগতি ৰাখিও অসমৰ বিভিন্ন স্থানত কাৰ্যসূচী পালিত হোৱাৰ সুখবৰ পোৱা গৈছে।

৫. নলবাৰীৰ জাগাৰাস্থিতি উত্তৰ কামপীঠ মহাবিদ্যালয়ে দেশৰ ৯৮ খন কমিউনিটী কলেজৰ ভিতৰত স্থান লভিবলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নলবাৰী জিলাৰ এইখনেই একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান। ফুড প্ৰচেছিং, ফেশ্বন ডিজাইনিংৰ পাঠ্যক্ৰমো আৰম্ভ হোৱা কলেজখনত প্ৰেক্ষাগৃহ, ইনড'ৰ ষ্টেডিয়াম, অত্যাধুনিক ছুইমিং পুল আদি স্থাপনেৰে আন্তঃগাঁথনি উন্নীতকৰণত ব্ৰতী হোৱা বুলি প্ৰকাশ কৰি অধ্যক্ষ ডঃ তৰুণ চন্দ্ৰ শৰ্মাই কমিউনিটী কলেজখনত তিনিশ নিৱনুৱাই সংস্থাপনৰ সুবিধা লাভ কৰিব বুলিও প্ৰকাশ কৰিছে।

৬. অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষক সন্থাই কালি কামৰূপ জিলাৰ বানবিধ্বস্থ ডিৰিমা গাঁৱত বিভিন্ন সাহাৰ্য সামগ্ৰী বিতৰণ কৰাৰ সুখবৰো সংবাদ পত্ৰত প্ৰকাশ পাইছে।

৭.গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচিত হোৱাৰ সুখবৰ। কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ সমুখৰ বাগিচাত সন্দিকৈৰ পৰিয়ালৰ আৰ্থিক অনুদানেৰে নিৰ্মিত এই মূৰ্তি উন্মোচন কৰিলে অসমৰ ৰাজ্যপাল জানকী বল্লভ পাটনায়কে। উক্ত সভাতে ২০১২ আৰু ২০১৩ বৰ্ষত ৰাজ্যৰ ভিতৰত সংস্কৃত বিষয়ত স্নাতক মহলাত সৰ্বোচ্চ নমব্ৰ লাভ কৰা দুগৰাকী ছাত্ৰী শিখা দেৱী বৰঠাকুৰ আৰু বনশ্ৰী দেৱীক সন্দিকৈ লিটাৰেৰী বঁটাও প্ৰদান কৰা হয়।

৮. দুদিনীয়া ভ্ৰমণসূচীৰে অহা ২০-২১ নৱেম্বৰত তেজপুৰত উপস্থিত হবহি ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী। তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাবৰ্তনত ২০ নৱেম্বৰত অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে ৰাষ্ট্ৰপতি গৰাকীয়েও অংশ লব। ২১ তাৰিখে এয়াৰ চীফ মাৰ্ছেলৰ উপস্থিতিত বায়ুসেনা বাহিনীৰ বিশেষ অনুষ্ঠানতো তেখেতে অংশ লোৱাৰ কথা।

৯. আয়ৰ সৈতে সংগতিহীন সম্পত্তিৰ গোচৰৰত দোষী সাব্যস্ত হোৱা জয়াললিতাক তামিলনাডু চৰকাৰে গেজেট অধিসূচনাৰ জৰিয়তে অহা দহ বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদন্দিতা কৰাৰ ক্ষেত্ৰত অযোগ্য ঘোষণা কৰাৰ দৃষ্টান্তমূলক শাস্তিৰ বাতৰিও প্ৰকাশ পাইছে।

১০. পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্মদিনত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাদে আজি শুভাৰম্ভ কৰিছে জৱাহৰ লাল নেহেৰু গ্ৰামীণ ক্ৰীড়া প্ৰকল্প, শিশু সেউত প্ৰকল্প আৰু শিশু সেউজ প্ৰকল্প।

No comments:

Post a Comment