প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

দশপুত্ৰ সম কন্যাঃ অধিকাৰ আৰু আইন
কৌস্তুভমণি শইকীয়া দত্ত

ভাৰতীয় দৰ্শণে এটি কন্যা সন্তানক দহজন পুত্ৰৰ সমান বুলি আখ্যা দি কৈছে- দশপুত্ৰ সম কন্যা । কিন্তু বাস্তৱ জীৱনত ভাৰতীয় মানুহে কন্যা সন্তানক কিমান আদৰ কৰে ? তেওঁলোকে নিজ ঘৰত পুত্ৰৰ সমান মৰ্যাদা পায় জানো ? আমি সকলোৱে জানো বহু পিতৃ-মাতৃয়ে কন্যাৰ আদৰ কৰে যদিও বেছিভাগ ক্ষেত্ৰতে কন্যাসন্তানে পুত্ৰৰ সম মৰ্যাদা নাপায় । কিন্তু প্ৰকৃত চিত্ৰখন আমি ভবাতকৈ বহুত বেছি ভয়াবহ । তথ্যভিত্তিক অধ্যয়নত স্পষ্ট হৈ পৰে যে পুত্ৰৰ সমান মৰ্যাদা পোৱাটো বহু দূৰৰ কথা- তেওঁলোকে পিতৃ-মাতৃৰ পৰা মানুহ হিচাপে ডাঙৰ হ’ব পৰাকৈ সা-সুবিধাকনো নাপায় । তাতোকৈ মৰ্মান্তিক কথা এইটো যে তেওঁলোকৰ বহুতেই পৃথিৱীৰ পোহৰ নেদেখাকৈয়ে বা প্ৰথম পোহৰ চকুত পৰাৰ ক্ষণ্তেক পাছতে এই পৃথিৱীৰ পৰা মেলানি মাগে ।

১৯৭৮চনৰ পৰা ১৯৮৩চনৰ ভিতৰত ভাৰতবৰ্ষত ১২নিযুত কন্যাশিশুৰ জন্ম হৈছিল । কিন্তু এই শিশুসকলৰ মাত্ৰ ৯নিযুত শিশুৱেহে কৈশোৰাৱস্থা(১৫বছৰ) পাবলৈ সক্ষম হ’ল । অনাদৰ, অৱহেলা, চিকিত্সাহীনতাৰ বাবে মৃত্যুমুখত পৰাৰ উপৰিও তেওঁলোকৰ বহুতকে জন্মৰ সময়তে হত্যা কৰা হ’ল । ১৯৯০চনৰ লোকপিয়লত স্পষ্টভাৱে ওলাই পৰিছিল যে সেই সময়ত ভাৰতবৰ্ষত মহিলাতকৈ পুৰুষৰ সংখ্যা ২৫নিযুত বেছি । ইয়াৰ পাছতে গৰ্ভৱতী মহিলাৰ আল্ট্ৰাচাউণ্ড কৰাৰ সময়ত ভ্ৰুণৰ লিংগ নিৰ্ধাৰণ কৰাটো নিষিদ্ধ কৰা কৰা হৈছিল । কিন্তু ইয়াৰ পাছতো ২০০১চনৰ লোকপিয়লত পুৰুষৰ জনসংখ্যা মহিলাতকৈ ৩৫নিযুতলৈ বৃদ্ধিহে পালে । এই চিত্ৰ আৰু ভয়ংকৰ ৰূপত ভাৰতীয় সমাজ জীৱনত সমস্যাৰূপে দেখা দিলে যেতিয়া ২০০৫চনত এই সংখ্যাৰ ব্যৱধান ৫০নিযুতলৈ বাঢ়িল । তেতিয়াই সমাজতত্ববিদসকলে ভাৰতৰ শিশুকন্যাৰ মৃত্যুক আন এটা লজ্জাজনক নামেৰে অভিহিত কৰিলে –কন্যাভ্ৰূণ হত্যা আৰু কন্যা শিশুহত্যা (the offence of female foeticide and infanticide) ।

এই সমূহ সমীক্ষাই দেখুৱাই যে কেৱল ভ্ৰুণ হত্যাই নহয়, জন্মৰ সময়ত বা বাল্যাৱস্থাতো কন্যাশিশু নিৰাপদ নহয় । ৰাষ্ট্ৰসংঘৰ মতেও ভাৰতবৰ্ষ কন্যাশিশুৰ বাবে মুঠেই বিপদমুক্ত নহয় । ২০১২চনত ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছিল যে ভৰতত ১ৰ পৰা ৫বছৰৰ ভিতৰৰ কন্যাশিশুৰ মৃত্যুৰ সম্ভাৱনা পুত্ৰ-সন্তানৰ তুলনাত ৭৫% বেছি । CRY ৰ শিশু অধিকাৰ গোটৰ তথ্যমতে ভাৰতত প্ৰতি বছৰে জন্মহোৱা ১২নিযুত কন্যাশিশুৰ ১নিযুতৰ জন্মৰ প্ৰথম বছৰতে মৃত্যু হয় । 

ভাৰতত প্ৰতি বছৰে বৃহত্ সংখ্যক কন্যা ভ্ৰূণহত্যাৰ অপৰাধ সংঘটিত হয় । আমাৰ দেশৰ পুৰুষ আৰু মহিলা জনসংখ্যাৰ অনুপাতত যি ভাৰসাম্যহীনতাই দেখা দিছে ই তাৰ অন্যতম মূল কাৰণ । কন্যাভ্ৰূণ হত্যা বা কন্যাশিশুৰ হত্যাৰ দৰে ঘৃণনীয় অপৰাধসমূহ আইনৰ দ্বাৰা অতি কঠোৰভাৱে নিষিদ্ধ । কিন্তু দুখৰ কথা এয়ে যে অপৰাধসমূহ অতি বৃহত্ সংখ্যাত সংঘটিত হৈ থকা সত্বেও ইয়াক বেছিভাগ ক্ষেত্ৰতে ধৰা পেলাব নোৱাৰি কাৰণ ইয়াৰ বিৰুদ্ধে কোনেও অভিযোগ নকৰে আৰু পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গই নিজে এই বৰ্বৰ কাৰ্য সংঘটিত কৰে ।

ভাৰতীয় সমাজত এই ব্যাধিৰ কাৰণ হিচাপে মূলতে পৰিয়ালসমূহত পুৰুষকেন্দ্ৰীক উপাৰ্জন, সুশিক্ষাৰ অভাৱ, দাৰিদ্ৰতা আৰু যৌতুক প্ৰথাক জগৰীয়া কৰিব পাৰি । চৰকাৰে এই ব্যাধিসমূহ নিৰ্মূল কৰিবলৈ বিভিন্ন আইন প্ৰণয়ন কৰি প্ৰয়োগ কৰিছে আৰু সামাজিক সজাগতা আৰু শিক্ষাৰ প্ৰসাৰৰ বাবে চৰকাৰী আঁচনিও গ্ৰহণ কৰিছে ।


ভাৰতীয় ন্যায়পালিকাই ২০০৭বৰ্ষটো বিশেষভাৱে কন্যাভ্ৰূণ হত্যাৰ বিপক্ষে সজাগতা বৰ্ষ ৰূপে পালন কৰিছিল আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ ৱাই. কে চাভাৰৱেলে কন্যাভ্ৰূণ হত্যাৰ লগত জড়িত সকলৰ বিপক্ষে ন্যায়পালিকা অতি কঠোৰ হব বুলি সঁকিয়াই দিছিল । ইয়াৰো প্ৰায় ত্ৰিশ দশকমানৰ আগৰ পৰাই আমাৰ দেশত কন্যাসন্তানৰ সুৰক্ষাৰ বাবে বিভিন্ন আইন আৰু চৰকাৰী বিধি প্ৰৱৰ্তন কৰি অহা হৈছে । 

প্ৰথমাৱস্থাত ১৯৭০চন পৰ্যন্ত কেৱল ভাৰতীয় দণ্ডবিধি আইনে গৰ্ভপাত সম্পৰ্কীয় বিষয়সমূহ পৰিচালিত হৈছিল। এই আইনৰ অধীনত স্বাস্থজনিত কাৰণত মাতৃৰ জীৱন ৰক্ষাৰ্থে আৰু বিধিসন্মতভাৱে কৰা গৰ্ভপাত আইনসংগত । ই আমাৰ দেশৰ জনসংখ্যাৰ অপৰিকল্পিত বৃদ্ধি ৰোধ কৰতো সহায়ক । ইয়াৰ পিছতে the Medical Termination of Pregnancy Act ১৯৭২ চনত বলবত্ কৰা হয় । এই আইনখনে গৰ্ভৱতী মহিলাক সন্তান ধাৰণ কৰাৰ বা নকৰাৰ ক্ষেত্ৰত একপ্ৰকাৰ স্বাধীনতা প্ৰদান কৰিছিল । কিয়নো ই মহিলাৰ সন্তানৰ সংখ্যা বা জন্মৰ ব্যৱধান ৰাখিবলৈ সহায়ক হৈছিল । কিন্তু আমাৰ দেশৰ মানুহে এই আইনৰ বহুল অপপ্ৰয়োগ কৰি কন্যাসন্তানৰ ভ্ৰূণ চিনাক্ত কৰি গৰ্ভপাত কৰাতহে বেছিকৈ প্ৰয়োগ কৰিলে । পূৰ্বৰ এই আইনসমূহৰ এই সুৰুঙাসমূহ দূৰ কৰিবলৈ ১৯৯৬চনত, the Pre-natal Diagnostic Techniques (Regulation and Prevention of Misuse) Act বলবত্ কৰা হয় । এই আইনৰ বিধি অনুসৰি গৰ্ভস্থ ভ্ৰূণৰ লিংগ নিৰ্ণয় কৰাটো দণ্ডনীয় অপৰাধ । তদুপৰি এই আইনে গৰ্ভপাত বা মাতৃৰ স্বাস্থ্য সম্পৰ্কীয় সকলো বিষয় পঞ্জীয়নভূক্ত চিকিত্সালয়, ক্লিনিক বা নাৰ্চিহোমতহে হোৱাতো বাধ্যতামূলক কৰে । 

ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩১৫ৰ অধীনত শিশুক জীৱিত অৱস্থাত জন্ম হোৱাত বা জন্মৰ পাছতে মৃত্যু হব পৰা কাৰ্যত লিপ্ত হলে তাৰ শাস্তি হৈছে শাস্তি ১০বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমণা । ধাৰা ৩১৬ ত গৰ্ভস্থ শিশুৰ আৰু মাতৃৰ মৃত্যু হব পৰা কা্ৰ্যত লিপ্ত হোৱাৰ ফলত গৰ্ভস্থ শিশুৰ মৃত্যু হলে culpable homicide অপৰাধত অপৰাধী বুলি গন্য কৰা হয় । তাৰ শাস্তি হৈছে শাস্তি ১০বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমণা । তদুপৰি ভাৰতীয় দন্ডবিধিৰ ধাৰা ৩১৭ই পিতৃ বা মাতৃৰ দ্বাৰা ১২বছৰৰ তলৰ শিশুক পৰিত্যাগ কৰাৰ উদ্দেশ্যেৰে কোনো স্থানত এৰি অহা নিষিদ্ধ কৰিছে । ইয়াৰ শাস্তি ৭বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমণা । পিতৃ-মাতৃৰ এনে কাৰ্যৰ ফলত নৱজাতকৰ মৃত্যু হলে সেই কাৰ্যকো ভাৰতীয় দন্ডবিধিৰ ধাৰা ৩০৫ৰ অধীনত culpable homicide অপৰাধত অপৰাধী বুলি গন্য কৰা হয় ।

ভ্ৰূণহত্যা আৰু নৱজাতক হত্যা ৰোধ কৰিবলৈ প্ৰত্যক্ষভাৱে এই আইনসমূহ থকাৰ উপৰিও ভাৰতত প্ৰচলিত বিভিন্ন কুপ্ৰথা আৰু সমস্যা যেনে যৌতুক, দাৰিদ্ৰতা, মহিলাৰ পৰনিৰ্ভৰশীলতা, মহিলাৰ ওপৰত হোৱা শোষণ তথা অত্যাচাৰ ইত্যাদি দূৰ কৰিবৰ বাবে নিম্নোক্ত আইনসমূহ প্ৰৱৰ্ত্তিত হৈ আছে । এই সমস্যাসমূহক কন্যা সন্তানৰ ওপৰত চলি থকা বৰ্বৰোচিত আচৰণৰ কাৰক বুলি গণ্য কৰা হয় ।
• যৌতুক নিবাৰণী আইন, ১৯৬১ , Dowry Prohibition Act, 1961(Amended in 1986);
• হিন্দু বিবাহ আইন, ১৯৫৫, Hindu Marriage Act, 1955;
• হিন্দু ভৰণপোষণ আৰু দত্তকগ্ৰহণ আইন, ১৯৫৬, Hindu Adoption and Maintenance Act, 1956;
• Immoral Traffic Prevention Act, 1986
• সমমজুৰী আইন, ১৯৭৬, Equal Remuneration Act, 1976 ইত্যাদি ।

কিন্তু নৈতিকতা জড়িত সকলো কথাতে সফলতা নিৰ্ভৰ কৰে মানুহৰ মানসিকতাৰ ওপৰত । অতি কঠোৰ আইন প্ৰৱৰ্তন হৈ থকা অৱস্থাতো যেতিয়া অপৰাধ হ্ৰাস নহৈ বৃদ্ধিহে পায় তেতিয়া স্বাভাৱিকতে মনলৈ কেতিয়াবা প্ৰশ্ন আহে প্ৰকৃততে আইনে নৈতিকতা ৰক্ষা কৰে নে নৈতিকতাইহে আইনক ৰক্ষা কৰে ? মানুহে নিজে যেতিয়া আইনক নিজৰ অভিভাৱক ৰূপে গ্ৰহণ কৰি তাৰ বিধিসমূহক সন্মান কৰিব তেতিয়াহে আইনে সমাজক ৰক্ষণাবেক্ষণ দিব পাৰিব। সেয়ে আইন সফল হবলৈকো মানুহে প্ৰথমে নৈতিকতাৰ ভেঁটিত গঢ়লোৱা সমাজ এখন বিচাৰিব লাগিব । যি সমাজত যৌতুক প্ৰথা বা শিশুকন্যা হত্যাৰ দৰে অপৰাধক অপৰাধ বুলি গণ্য কৰা নহয়, সেই সমাজত আইনতকৈয়ো প্ৰথমতে নৈতিকতা, সচেতনতা আৰু সুশিক্ষাৰহে প্ৰয়োজন আছে যেন লাগে ।

লেখিকা তিনিচুকীয়াত কৰ্মৰত এগৰাকী অধিবক্তা আৰু এগৰাকী প্ৰগতিশীল কবি-সাহিত্যিক।
(লেখাটি ২৮ নৱেম্বৰ ২০১৪ত জনসাধাৰণ কাকততো প্ৰকাশ পাইছে)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages