সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

সাম্প্ৰতিক প্ৰসংগ

Share This
আইন হাতত লো‌ৱাৰ প্ৰ‌ৱণতা আৰু 
আন্দোলন কৰাৰ ফেশ্যন
অৰুণজ্যোতি দাস   

আজিকালি খবৰ-কাকতেই হওঁক বা দূৰদৰ্শনেই হওঁক, সকলোতে সততেই দেখা প‌ো‌ৱা বহু সংখ্যক বাতৰিৰ শিৰোনামা হয় এনে ধৰণৰ-“ক্ষুব্ধ জনতাই জ্বলাই দিলে আৰক্ষীৰ বাহন”, “গাড়ীচোৰক ৰাইজৰ উত্তম-মাধ্যম”, “জনতাৰ আদালতত প্ৰাণদান ধৰ্ষণকাৰীৰ” অথবা “সমৰ্থকে লণ্ড-ভণ্ড কৰিলে কাৰ্যালয় ” ইত্যাদি । ভাৰতবৰ্ষৰ অন্য ৰাজ্যত এনে ঘটনা কি হাৰত কিমান সঘনাই ঘটে, সেয়া সঠিকভা‌ৱে ক’ব নো‌ৱাৰি যদিও আমাৰ অসম মুলুকত এনে ঘটনা বৰ্তমানে অতি অবিশ্বাস্যভা‌ৱে বাঢ়িবলৈ ধৰিছে । বহু লোকে এনে ঘটনা-দুৰ্ঘটনাবোৰৰ পৰ্যালোচনা কৰি এইবুলি আশাবাদী হয় যে এয়া হৈছে মানুহৰ সমাজ-সচেতনতাৰ পৰিচায়ক আৰু জনতাৰ এনে সমুচিত প্ৰত্যুত্তৰ বা নিজাববীয় বিচাৰৰ দ্বাৰাহে এদিন নহয় এদিন এই দুৰ্নীতিকাৰী,ঠগ-প্ৰ‌ৱঞ্চকৰ হাঁতোৰাৰ পৰা সাধাৰণ নিৰপৰাধী নাগৰিকে অলপ হ’লেও পৰিত্ৰাণ পাব পাৰিব । কিন্তু কিছু গভীৰভা‌ৱে চিন্তা কৰিলে এই ধাৰণাৰ সম্পূৰ্ণ বিপৰীত এটি দিশহে বেছি প্ৰকটমান হয় । সি হৈছে এয়ে যে এখন গণতান্ত্ৰিক দেশত সাধাৰণ মানুহৰ এনেধৰণৰ আইন হাতত তুলি লো‌ৱাৰ মানসিকতাই দেশত সুস্থ প্ৰশাসন আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভা‌বুকি অনাৰ লগতে শান্তিৰ পৰি‌ৱেশ আৰু একতাকো প্ৰকৃতাৰ্থত বিনষ্টহে কৰিব । 

ই এক সত্য যে, দেশ পৰাধীন হৈ থকাৰ সময়ৰে পৰা ভাৰতৰ জনগণক বিভিন্নজনে বিভিন্ন ধৰণে শোষণ আৰু নিপীড়ণ চলাই আহিছিল । বৃটিছৰ শাসনৰ সময়ত খাতি খো‌ৱা জনতাৰ ওপৰত ভিন ভিন ৰকমৰ কৰ-কাটলৰ ব্য‌ৱস্থা আৰোপ কৰি আৰু সেই ৰুঢ় নীতি-নিয়ম সমূহৰ বিৰুদ্ধাচৰণ কৰা সকলক চূড়ান্ত শাস্তি প্ৰদান কৰি ইংৰাজ সকলে যি প্ৰকাৰৰ বৰ্বৰতা চলাইছিল সেয়া সো‌ৱঁৰি আজিও আমাৰ ককা-আইতাহঁতে চকুপানী টুকে । নতুন প্ৰজন্মৰ সৌভাগ্য যে তেনে সময় আজি আৰু নাই । পৰাধীনতাৰ শিকলিৰপৰা দেশ মুক্ত হ’ল আৰু ইংৰাজৰ কুশাসনৰ অ‌ৱসান ঘটিল । কিন্তু প্ৰশ্ন হয়, আজিৰ স্বাধীন ভাৰতৰ নাগৰিকে মুক্তভা‌ৱে স্বদেশত বিচৰণ কৰিব পাৰিছে নে ? প্ৰতিজন নাগৰিকেই নিজৰ প্ৰাপ্য অধিকাৰ ৰক্ষা কৰি দুৰ্নীতি,কুসংস্কাৰ,শোষণ আৰু ভিন্ন কোণৰপৰা উদ্ভত হো‌ৱা নিপীড়ণৰপৰা বাচি থাকিব পাৰিছে নে ? 

গান্ধীজীৰ সপ‌োনৰ যি ভাৰতবৰ্ষ সেয়া আজি স্বাধীনতাৰ কেইবা দশকৰ পাছতো সমূলি হৈ নুঠিল । দেশ প্ৰকৃততে পৰাধীন হৈয়েই থাকিল । বৃটিছৰ ঠাই ল’লে খোদ ভাৰতীয়ই । আৰু শোষণ ,অত্যাচাৰ একে গতিৰেই চলি থাকিল । বহুতৰেই মনত খুদু‌ৱনিৰ সৃষ্টি হয়,আম্বেদকাৰৰ সংবিধানতে কিবা কেৰোণ থাকি গ’ল নে এই গণতান্ত্ৰিক ব্য‌ৱস্থাটোতেই কিবা এটা আঁসো‌ৱাহ আছে !? আজিৰ ভাৰতত, কালিলৈকে দুখীয়া-নিচলাৰ সতে মিলি থকা মানুহজনেই, নিৰ্বাচনৰ ঠিক পিছৰেপৰাই যেন কিবা সৰ্বশক্তিমান,অহংকাৰী আৰু দুৰ্নীতিগ্ৰস্ত শোষক ‘ৰজা’ একোজনহঁত হৈ পৰে । ক’বলৈ গ’লে প্ৰতিজন জনপ্ৰতিনিধিয়েই লংকালৈ গৈ ৰা‌ৱণ হো‌ৱাৰ দৰে হয় গৈ ।

আৰু এই ব্য‌ৱস্থাটো বছৰৰ পিছত বছৰ চলি থাকে বাবেই দেশৰ প্ৰতিজন নাগৰিকৰ মনত সুপ্তভা‌ৱে হ’লেও এজন ‘নেতা’ হো‌ৱাৰ বাসনা সোমাই আছে । এই প্ৰচেষ্টাত যিসকল সফল হৈছে, তেওঁলোকৰ ‘ফৰ্মূলা’ মাথো একেটাই । নিৰ্বাচনৰ আগতে দুই-চাৰিটা ভাল কাম টোপ হিচাপে কৰি দেখু‌ৱাই জনতাৰ মন জয় কৰা আৰু নিৰ্বাচনৰ পিছত একেখিনি মানুহৰ ওপৰত শোষণ কৰা তথা চৰকাৰী কাম-কাজৰ ধন আত্মসাৎ কৰা । অ‌ৱশ্যে এই প্ৰচেষ্টাক যিমান সৰল বুলি ভ‌ৱা হয়, সিমান নহয় ।বহু বছৰৰ আগৰেপৰাই নিৰ্বাচনী অংকবোৰৰ অনুশীলন আৰু যোগ-বিয়োগ কৰি থকা হয় । শেষ ৰাতিলৈকে মানুহক আঁভু‌ৱা ভৰাৰ কূটকৌশল ৰচনা কৰা হয় । কোনোবাই যদি ভোটাৰক সুৰাৰে মাতাল কৰি ভোট কাঢ়িছে, আনজনে আকৌ আঁঠু‌ৱা-কম্বল বিলাইছে । এজনে যদি ৰিগিং কৰি জিকিছে, অন্যজনে হয়তো টকা সিঁচি জিকিছে । মুঠতে ‘ৰজা’ হো‌ৱাৰ প্ৰক্ৰিয়াটোত সৰ্বত্ৰ দুৰ্নীতি সোমাই পৰিছে । গতিকেই এইসকল সে‌ৱকে দুৰ্নীতিৰ ধাৰাটোক তেওঁলোকৰ সমগ্ৰ কাৰ্যকালতে অক্ষুন্ন ৰাখিবলৈ অকণমানো কৃপণালি কৰাৰ প্ৰশ্নই নুঠে । 

ইয়াৰ ফলতে দেশখনৰ প্ৰতিটো কাৰ্যালয়তে কোষে কোষে দুৰ্নীতি বিয়পি পৰাটো পৰিলক্ষিত হয় । চৰকাৰী বিষয়া-কৰ্মচাৰীয়েও অলপ অতিৰিক্ত ধনৰ মোহত হাত উজান দিয়ে প্ৰক্ৰিয়াটোত । “আমাৰ চাৰেই যদি টকা লয়, তেন্তে আমি লো‌ৱাতনো কিহৰ আপত্তি ?” –এই স্বগতোক্তিৰে আমাৰ দেশৰ প্ৰায় প্ৰতিজন চৰকাৰী কৰ্মচাৰী, বিষয়া , মন্ত্ৰী -আমোলাই কে‌ৱল ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ অৰ্থে ৰাইজৰ টকা হস্তগত কৰে , দুৰ্নীতি কৰে ,ঘোঁচ বিচাৰে । ফলত মৰণ হয় সাধাৰণ জনতাৰ । এইহেন অনুন্নত এখন দেশৰ কোটি কোটি জনতাই চৰকাৰৰ ওচৰত হাত নপতাকৈ কাহানিও থাকিবও নো‌ৱাৰে । চৰকাৰী শাসন-ব্য‌ৱস্থাৰ উৰ্দ্ধত কোনো‌ৱে কাম কৰিবও নো‌ৱাৰে । গতিকেই আজিৰ ভাৰতীয় নাগৰিকে য’লৈকে যাওঁক, যিহকে বিচাৰক, তাতেই দুৰ্নীতি আৰু নিপীড়ণৰ পৰা নিস্তাৰ পো‌ৱাৰ কোনো গত্যন্তৰ নাই । চৰকাৰে যিমানেই ন ন অভিন‌ৱ আঁচনি তৈয়াৰ নকৰক কিয়, নানা স্তৰত নানাজন সুবিধাবাদীৰ লোলুপ দৃষ্টিৰে সৰকি আহিহে সেয়া জনতাৰ ওচৰত পায়হি । সাধাৰণ বৃদ্ধ পেঞ্চন এটা পাবলৈও পঞ্চায়তৰ প্ৰতিনিধিয়ে কিবা এটা ‘হাত খৰছ’ বিচাৰে । দুখীয়া-নিচলাৰ বাবে মুকলি কৰা আই.এ.‌ৱাই ঘৰ,জ‌ৱ-কাৰ্ড,দুটকীয়া চাউল ,বান-সাহাৰ্য ইত্যাদি এই সকলোবোৰতে দুৰ্নীতিকাৰীৰ টিঘিলঘিলনি । নিযুক্তিৰ নামত প্ৰতিটো কাৰ্যালয়তেই ঘোঁচ দিয়া-লো‌ৱাৰ ৰমৰমীয়া বেহা চলে । একে আষাৰে ক’ব পাৰি, অসম চৰকাৰৰ সাধাৰণ চতুৰ্থ বৰ্গৰপৰা বিষয়া পদবীলৈকে যিকোনো এটা পদতে যে মেধাৰ সলনি অন্য হিচাপ-নিকাচেৰেহে নিযুক্তি হয়, এই কথা আজি সৰ্বজনবিদিত । ই এটা অপ্ৰকাশিত সত্য।

ইখনৰ পিছত সিখন চৰকাৰ বদলি হয় , মন্ত্ৰীৰো সালসলনি হয় । কিন্তু সলনি নহয় এই দেশ । একেই থাকে চৰকাৰৰ অমনোযোগিতা, কামত গাফিলতা তথা গুণগত নিকৃষ্টতা । ষাঠি বছৰেও সমাধান নোলায় বানপানীৰ । জিলা ঘোষণাৰ ২০ বছৰ পিছতো একেই থাকে সদৰলৈ যো‌ৱা বাট-ঘাট । একেই থাকে ভূমিস্খলন, কৃত্ৰিম বানপানী, গঁড়-হত্যা, চুৰি-ডকাইতি,হত্যা-গুপ্তহত্যা,শিশুৰ ওপৰত অত্যাচাৰ,বনাঞ্চলৰ ধ্বংসপাত,অনুপ্ৰ‌ৱেশকাৰীৰ সমস্যা,অনিয়ম-দুৰ্নীতি,দৰমহাবিহীন চাকৰি,নাৰী-নিৰ্যাতন, উগ্ৰপন্থীৰ তাণ্ড‌ৱ আৰু স্থ‌ৱিৰ উন্নয়ণ। তাহানিৰে পৰা আমাৰ সহজ-সৰল অসমীয়াই এই অতবোৰ অত্যাচাৰ,নিপীড়ণ,শোষণ আৰু চৰকাৰী নিৰ্লিপ্ততাক বিধা-বাক্যে সহ্য কৰি আহিছে । কিন্তু কিমানদিন সহি থাকিব পাৰে এনেদৰে ? সহ্যৰ সীমাৰেখা পাৰ হো‌ৱাৰ পাছত সেয়েই আজিকালি কোনো কোনো‌ৱে আস্ফালন কৰি উঠে,বিদ্ৰোহ কৰিব খোজে । এইখিনি মানুহৰ ওপৰত যদি কোনো প্ৰণালীগত গ‌ৱেষণা বা অধ্যয়ন কৰা যায়, তেন্তে নিশ্চয় এই কথা প্ৰতীয়মান হ’ব যে ইমান দুখ-দুৰ্দশাৰে বছৰ বছৰ ধৰি জুৰুলা হো‌ৱা মানুহৰ ধৈৰ্যশক্তি ক্ৰমান্বয়ে হ্ৰাস পাবলৈ লয় । আৰু ইয়েই হৈছে এটা কাৰণ, যাৰ বাবে আজিৰ অসমীয়াই অতি সৰু সৰু ঘটনাতে প্ৰতিবাদ, বাক-বিতণ্ডা কৰিবলৈ শিকিছে । বান–সাহাৰ্যত পো‌ৱা চোলাটো ফটা ওলো‌ৱাত বা শিক্ষকে ছাত্ৰক দুচাত কোবাওতে আগতে কাহানিও প্ৰতিবাদ হো‌ৱা নাছিল । কিন্তু আজি সেয়াও হ’বলৈ ধৰিছে । ই জাতিটোৰ বাবে অতিশয় দুৰ্ভাগ্যজনক পৰিস্থিতি ।

অ‌ৱশ্যে সমস্যা-জৰ্জৰ ৰাজ্য বুলিলে ভাৰতৰ ভিতৰত কে‌ৱল অসমেই আছে বুলিও ঠিক ক’ব নো‌ৱাৰি । কাশ্মীৰ ,বিহাৰ বা আন বহু ৰাজ্যও অনুৰূপ সমস্যাৰে ভৰপূৰ । কিন্তু সেই সকলোতে আমাৰ অসমীয়াৰ বৰ্তমানৰ এই অসন্তুষ্টি তথা প্ৰতিবাদৰ মানসিকতা দেখা পো‌ৱা যায় নে ? ক’ব পাৰি ,দেখা পালেও অসমতকৈ বেছি হ’ব নো‌ৱাৰে । তেন্তে কিহে আমাৰ ৰাইজক ইমান উচতনি জগায় যে বিদ্ৰোহ বা প্ৰতিবাদৰ নামত তেওঁলোকে প্ৰশাসন,আৰক্ষী,কৰ্মৰত বিষয়াকো আওকাণ কৰি প্ৰতি-আক্ৰমণ বা অসভ্য ব্য‌ৱহাৰ কৰিবলৈ তৎপৰ হয় ? আমাৰ বিচাৰত ইয়াৰ অন্যতম এটা কাৰক হৈছে অসমত যো‌ৱা পাঁচ-ছয়বছৰমানৰ পৰা গা-কৰি উঠা চেটেলাইট সংযোগ ব্য‌ৱস্থাৰ নিউজ-চেনেলকেইটা । কাৰোবাৰ ঘৰত সাপ এটা ওলালেও, মৃতকৰ শ্ৰাদ্ধ পাতিলেও ,কলেজত ন‌ৱাগত আদৰণী সভা বা একতা-সভাৰ নিৰ্বাচন হ’লেও অথবা কোনোবা এজন তাৰকাই বিয়া এখন পাতিলেও তেওঁলোক গৈ হাজিৰ হৈ যায় । মূহুৰ্তৰ বাতৰি মূহুৰ্ততে আপোনাৰ ওচৰত দিয়াৰ নামত এওঁলোকে “কেমেৰা-মেনিয়া” নামৰ বিষ-বাস্প সমাজলৈ এৰি দি এক প্ৰকাৰৰ অপৰাধ কৰিছে । যিটো কথা কালি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ নাছিল, আজি নিউজ-চেনেলত শতাধিকবাৰ শুনি শুনি আপুনিও তাক গুৰুত্ব দিবলৈ লৈছে । আৰু ক্ষীপ্ৰ প্ৰতিক্ৰিয়া তথা বৃহত্তৰ দৰ্শক পো‌ৱাৰ আশাত বহুতেই আজিকালি নিউজ-চেনেলৰ যোগেদিহে অনুষ্ঠান পাতিবলৈ লৈছে । ধৰি লওঁক, প্ৰধান মন্ত্ৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কোনো কোনো দল-সংগঠনে চাফাই-অভিযান আৰম্ভ কৰিছে । ইয়াৰ বাবে তেওঁলোকে চাৰি-পাঁচজন মানুহ গোট খাই প্ৰথমে নিউজ-চেনেলৰ সাংবাদিক-কেমেৰামেনক মাতিব; তেওঁলোক আহি পো‌ৱালৈকে অপেক্ষা কৰিব । আৰু অহাৰ পিছতহে কেমেৰাৰ আগত ওলাবৰ বাবেই দুই মিনিটৰ বাবে চাফাই কৰি দেখু‌ৱাব । তাৰ পিছত ডাঙৰ ডাঙৰ কথাৰে এটা বক্তব্য ৰাখিব। কেমেৰামেন গ’ল কি নগ’ল,এইলোকৰ চাফাই শেষ! ইয়াৰ পিছৰ কাৰ্যসূচীত থাকে চাহ-চিংৰাৰ জুতি লো‌ৱা । এতিয়া কওঁকচোন, গোটেই প্ৰক্ৰিয়াটোৰদ্বাৰা কোন কিমান লাভান্বিত হ’ল ?নিউজ-চেনেলৰ সাংবাদিক আহিছে বুলিয়েই যিকোনো কাৰ্যসূচীতে দুই-চাৰিজন অত্যুৎসাহী ডেকাই উচাত মাৰি অতিৰিক্ত কিছু কাণ্ড-কলাপেৰে আ‌ৱহা‌ৱা গৰম কৰি তোলাও পৰিলক্ষিত হয় । দূৰদৰ্শনৰ বাতৰিৰ অংশ হো‌ৱাটো আজিকালি আমাৰ গাঁৱৰ নদাই-ভদাইৰপৰা আৰম্ভ কৰি নামী-দামী তাৰকা,ৰাজনীতিবিদ সকলোৰে বাহ্ বাহ্ লো‌ৱাৰ এটা পন্থা হৈ পৰিছে । বিভিন্ন ক্ষেত্ৰত নিজকে বিখ্যাত কৰিবলৈ অহৰহ প্ৰচষ্টা চলাই ৰখাসকলৰ বাবেও ই অতি ফলপ্ৰসু আহিলা হৈ দেখা দিছে ।অন্যহাতে আজিকালি এটা খবৰ বা ঘটনা সংঘটিত হো‌ৱাৰ পিছত প্ৰকাশ হো‌ৱাটোতকৈ সংঘটনৰ আগেয়েই প্ৰকাশ কৰাৰ প্ৰ‌ৱণতা আমাৰ ব্যক্তিগত চেনেলসমূহৰ সংবাদসে‌ৱক সকলৰ মাজত বৃদ্ধি পাইছে । গতিকেই ‘খবৰ’ৰ সৃষ্টি অপ্ৰাকৃতিকভা‌ৱেও হ’বলৈ লৈছে । অথবা কোনো কোনো ক্ষেত্ৰত ‘অখবৰ’ হে প্ৰকাশ পো‌ৱা দেখা গৈছে । 

সেই হেতুকেই সাধাৰণ মানুহৰ মনত এনে এটা ভা‌ৱ ইতিমধ্যেই গা কৰি উঠিছে যে আমি অমুক কামটো সাধাৰণ ধাৰাৰে নকৰি অলপ ব্যতিক্ৰমী ৰূপত কৰিলে দূৰদৰ্শনত সেয়া প্ৰচাৰ হ’ব আৰু তাৰ ফলতহে আমি জনপ্ৰিয়তা লাভ কৰিব পাৰিম বা কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ম । এইবোৰ ক্ষেত্ৰত সাংবাদিকসকলৰ ভূমিকাও যথোচিতভা‌ৱে গ্ৰহণযোগ্য নহয় ।বহু সাংবাদিকে প্ৰতিবাদকাৰীক প্ৰশ্ন কৰে এইবুলি–“অমুকে অমুকটো কৰাৰ ফলতেই আপোনালোকৰ এনে হ’ল। গতিকে আপোনালোকে এতিয়া তেওঁৰ বা তেঁওলোকৰ বিপক্ষে কি কৰিম বুলি ভা‌ৱিছে?” । আৰু ইয়াৰ উত্তৰ প্ৰত্যাশিতভা‌ৱেই আহে এনেদৰে-“এতিয়া আমি অমুক অমুক কাৰ্যসূচী ল’ম, যেনে কাৰ্যালয় ধ্বংসাভিযান,বাহনত অগ্নিসংযোগ,প্ৰতি-আক্ৰমণ ইত্যাদি” । এনে ধৰণৰ প্ৰশ্নোত্তৰ হয়তো কেমেৰাৰ পিছফালেও হ’ব পাৰে, বা আগফালেও হ’ব পাৰে । সাংবাদিকৰ উদ্দেশ্য ইয়াত মাথো এটাই, সেয়া হৈছে তেওঁলোকৰ প্ৰতিযোগী চেনেলটোতকৈ তেওঁ অধিক আৰু কি কি চৰম মুহুৰ্তৰ দৃশ্যৰ ৰেকৰ্ডিং কৰিব পাৰে তাৰ প্ৰচেষ্টা চলো‌ৱা । অৰ্থাৎ মানুহে যিবোৰ দৃশ্য চাই উত্তেজিত হ’ব তেওঁ সেইবোৰহে ৰেকৰ্ডিং কৰিব খোজে । ইয়াৰ ফলত চেনেলটোৰ টি.আৰ.পি. ৰেটিং বাঢ়িব আৰু সাংবাদিকজনৰো পদোন্নতিও হ’ব । অতি সৰু বুলি ভ‌ৱা এনে কৰ্ম-কাণ্ডই কিন্তু সমাজত যে বহুখিনি কু-প্ৰভা‌ৱ যে পেলাইছে সি ধুৰূপ ।

সাম্প্ৰতিক সময়ত অসমত দল-সংগঠনৰ সংখ্যা অভা‌ৱনীয় হাৰত বৃদ্ধি পাইছে। যো‌ৱা দহোটা বছৰে কিমানটা যে সন্থা বা সংগঠন বা পৰিষদৰ আ‌ৱিৰ্ভা‌ৱ হ’ল তাৰ কোনো হিচাপ নাই । ই এটা অতিশয় উদ্বেগজনক আৰু চিন্তনীয় বিষয়। এনে সন্থাবোৰৰ জন্ম আচলতে কি স্বাৰ্থ সিদ্ধিৰ বাবে হয়,সেয়াও আজিকালি সহজেই অনুমেয় হৈ পৰিছে । নিজ নিজ গোষ্ঠীৰ ভেঁটি আৰ্থসামাজিক আৰু ৰাজনৈতিকভা‌ৱে মজবুত কৰাৰ নামত সন্থাসমূহৰৰ মুখীয়ালকেইজনৰ পকেট গৰম কৰা আৰু ৰাজনৈতিক দলৰ সতে মিতিৰালি পাতি নানা ব্যক্তগত অভিসন্ধি পূৰণ কৰাই হৈছে এই গোটসমূহৰ স্বাৰ্থ । এনে গোট কিছুমানৰ প্ৰৰোচনা আৰু ৰাজনৈতিক চল-চাতুৰিৰ বিপাকত মতিভ্ৰম হৈও বহু সমাজৰ তিৰোতাকে আদি কৰি বৰমূৰীয়াই হওঁক অথবা ডেকাচামেই হওঁক বুজনসংখ্যক অদূৰদৰ্শী লোকে কিছুমান অগণতান্ত্ৰিক পন্থাৰে প্ৰতিবাদ কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰেৰিত হয় ।কে‌ৱল জাতীয়তাবাদেই নহয় ,ধৰ্ম আৰু সম্প্ৰদায়িকতাকো দোহাৰি আমাৰ দেহ-মনত আ‌ৱেগিক জোঁৱাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হো‌ৱা এইধৰণৰ উচতনিবোৰৰ আঁৰতো যে নানান চলনা আৰু মঞ্চৰ আঁৰৰ মন্ত্ৰণা চলি থাকে সেয়া আমাৰ বহু নাগৰিকে উপলব্ধি কৰিব নো‌ৱাৰে । সেয়ে বিবেকেৰে বিচাৰ নকৰাকৈ এনে কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো সমূলি অনুচিত । 

সঘনাই দেখি থকা আমাৰ সকলোৰে চিনাকী এই ‘অসম বন্ধ’ ব্য‌ৱস্থাটোৰ কথাই ধৰি লো‌ৱা হওঁক । আজিকালি এটা ‘অসম বন্ধ’ৰ আহ্বান জনাব পৰা সংগঠন মানেই এটা যথেষ্ঠ ডাঙৰ সংগঠন বুলি বুজাবলৈ চেষ্টা কৰা হয় । আৰু কেইবাটাও অঞ্চলত সফল ভা‌ৱে ‘বন্ধ পালন’ হো‌ৱা মানেই বুজিব লাগিব যে সেই অঞ্চলবোৰত এই সংগঠনটোৰ প্ৰভা‌ৱ অতিকেই বেছি । গতিকে অসম বন্ধৰ আহ্বানে এটা দল বা সংগঠনক “ফ’কাচত আহিবলৈ” সুযোগ দিয়ে । নিউজ চেনেলসমূহৰ ঘন্টাৰ পিছৰ ঘন্টাৰ প্ৰতিবেদনেও তাত বিশেষ অৰিহণা যোগায় । কিন্তু মন কৰিব যে ,যিবোৰ দাবী জনাই এটা ‘অসম বন্ধ’ আহ্বান কৰা হয়,সেই দাবীবোৰৰ এক শতাংশও এই কাৰ্যপন্থাৰে পূৰণ হো‌ৱা দেখা নাযায় । এই সত্যটোৰ বিষয়ে আচলতে দলটো বা সংগঠনটো‌ও জ্ঞাত । কিন্তু ‘অসম বন্ধ’ৰ আহ্বান কৰাটো‌ৱেই হৈছে আজিৰ এই সংগঠনবোৰৰ এটা ফেশ্যন। আমি ভা‌ৱোঁ, ৰাষ্টাত টায়াৰ জ্বলাই পথ অ‌ৱৰোধ কৰি, যাত্ৰীবাহী বাছৰ দৰজা-খিৰিকি ভাঙি ,ঘন্টাৰ পিছত ঘন্টা সাধাৰণ মানুহক আ‌ৱদ্ধ কৰি ৰাখি কোনোধৰণৰ ন্যায় বা প্ৰাপ্য অধিকাৰ আদায় কৰিব নো‌ৱাৰি । তাতোকৈ অধিক ফলপ্ৰসু হ’ব যদিহে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষ বা প্ৰশাসনৰ লগত মুকলিমূৰীয়াকৈ নিজৰ সমস্যা আৰু দা‌ৱীৰ বিষয়ে আল‌‌োচনাত বহিব পাৰে । দলৰ বিষয়ববীয়া সকলে গণতান্ত্ৰিক পদ্ধতিৰে কিদৰে আ‌‌ৱেদন-আলোচনাৰ মাজেৰে সকলো সুবিধা আদায় কৰিব পাৰে তাৰেহে চিন্তা-ভা‌ৱনা কৰা উচিত । উদণ্ড মানুহৰ অসভ্যালি প্ৰদৰ্শেনেৰে চৰকাৰক কিদৰে ভা‌বুকি দিব পাৰে,সেয়া নহয় । 

গোলাঘাটৰ ৰঙাজানৰ ঘটনাটোৰ বাবে আজি সদৌ অসমবাসীয়ে আৰক্ষীৰ বৰ্বৰতাক গৰিহণা দিছে সঁচা । কিন্তু জনসাধাৰণৰ এনে অগণতান্ত্ৰিক প্ৰতিবাদ আৰু উচ্ছৃংখল আ‌ৱেগিক পদক্ষেপৰো পৃষ্ঠপোষকতা কৰা আমি উচিত নহয় । নাগৰিক-বিদ্বেষী শাসকক ক্ষমতাচ্যুত কৰাৰ অধিকাৰো আমাক যিহেতু দিয়া হৈছে, গতিকে সেই ব্য‌ৱস্থাৰেই আমি দেখোন অপশাসনৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ কথা বিবেচনা কৰিব পাৰোহঁক ।এই কথা স্বীকাৰ কৰিব লাগিব যে আমাৰ দেশত বহু সময়ত গুৰুতৰ অপৰাধৰো বিচাৰৰ ৰায়দান দিয়াত বছৰৰ পিছত বছৰ বিলম্ব হয় । আৰু আইনৰ সুৰুঙাৰে বহু অপৰাধী সাৰি যো‌ৱাৰো অ‌ৱকাশ থাকে । কিন্তু সৌ সিদিনা এজন উচ্চ পদস্থ মুখ্যমন্ত্ৰীকো যদি আমাৰ দেশৰ শাসন-ব্য‌ৱস্থাই জেলৰ ভাত খু‌ৱাব পাৰে ,নামী-দামী তাৰকাইও যেতিয়া আদালতৰ ওচৰত মূৰ দো‌ৱাবলগীয়া হয়, তেন্তে সেই ন্যায়পালিকাক আমি সন্মান জনাবই লাগিব । দেশৰ সংবিধানৰ প্ৰতি আমি আনুগত্য স্বীকাৰ কৰিবই লাগিব । বহু নিষ্কৰ্মা প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে বহি যো‌ৱা একেখন আসনতে বহি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখোন দেশবাসীৰ অন্তৰ জয় কৰিব পাৰিছে আৰু ন ন জনকল্যাণমূলক আঁচনিক হাতে-কামে ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰিছে । মোদীৰ কাৰ্যা‌ৱলীত দেশৰ সাধাৰণ জনতাইও সক্ৰিয় অংশ লো‌ৱা দেখা গৈছে । গতিকে নিসন্দেহে ক’ব পাৰি যে সমস্যাটো আচলতে প্ৰশাসন ব্য‌ৱস্থাটোত নাই । গোটেই পৃথি‌ৱীতে এই গণতান্ত্ৰিক পদ্ধতিটো‌ৱেই আজি আটাইতকৈ সফল আৰু জনপ্ৰিয় সমাজ-ব্য‌ৱস্থা হিচাপে পৰিগণিত হৈছে । প্ৰকৃত সমস্যা আছে আমাৰ নিজৰ মাজত । 

প্ৰতিটো ঘটনাৰ অন্তৰালত কিছুমান কাৰক থাকে । সেই কাৰকসমূহ বিশ্লেষণ নকৰাকৈ এটা সিদ্ধান্ত গ্ৰহণ কৰা বা কাৰোবাক দোষী সাব্যস্ত কৰাটো অনুচিত । আৰু সেই সকলো কাৰক ফঁহিয়াই চাই অধ্যয়ন কৰিব পৰাৰ ক্ষমতা তথা অৰ্হতা আমাৰ প্ৰতিজনৰে নাথাকিবও পাৰে । এতিয়াও অসমৰ বুজনসংখ্যক মানুহক সাক্ষৰতাৰ পোহৰে চুব পৰা নাই । আন বহু ঠাই আকৌ উন্নত সংযোগ-ব্য‌ৱস্থাৰপৰা বহু যোঁজন আঁতৰত । এইবোৰ বিষয়েও এজন মানুহৰ বিচাৰ-বুদ্ধি বা বুজনশক্তিক প্ৰভা‌ৱান্বিত কৰে । গতিকেই ডেকা-বুঢ়া আমি কো‌নো‌ৱেই যিকোনো এটা ঘটনাৰ পৰিপেক্ষিতত এটা গোট,সম্প্ৰদায় বা এজন মানুহক আমাৰ নিজা বিচাৰ-বিবেচনাৰে প্ৰৰোচিত কৰা অনুচিত । এনে প্ৰৰোচনা বা ব্ৰেইন-‌‌ৱাছে অপসংস্কৃতি বা কু-সংস্কাৰৰ পোষকতা কৰি সমাজত বহু দীৰ্ঘস্থায়ী কুপ্ৰভা‌ৱ পেলাব পাৰে । প্ৰতিজন নাগৰিকেই যদি আমি স্বচ্ছ,সৎ আৰু দায়িত্বৰ প্ৰতি নিষ্ঠাবান হ’ব পাৰোঁ,তেন্তে হয়তো কাৰোবাক দোষাৰোপ কৰিবলৈ আমাৰ মাজত কোনো এজনো‌ৱেই নাথাকিব । আৰু তেনে এক সামাজিক বাতাবৰণতহে দেশৰ প্ৰগতিয়ে অন্য এক দিগন্তলৈ গতি কৰিব পাৰিব। 

যদিও এনে এক ধাৰণাক অধিকেই অমূলক আৰু অসম্ভ‌ৱ আখ্যা দিব, তথাপি আমাৰ দৰে হয়তো হাজাৰজনে এই কল্পনাকে লৈ শান্তি আৰু সমৃদ্ধিৰ মাতৃভূমিখনৰ সপোন দেখে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages