গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনা

গ্ৰন্থ আলোচনা

Share This
 সংক্ষিপ্ত অসম বুৰঞ্জীকোষ
অসম বুৰঞ্জীৰ প্ৰথমখন কোষগ্ৰন্থ 

অসমীয়া তথ্য-সাহিত্যৰ ভঁৰালত ন-কৈ সংযোজিত হৈছে এখনি তথ্যসমৃদ্ধ গ্ৰন্থ। জ্যেষ্ঠ সাংবাদিক তথা লেখক শান্তনু কৌশিক বৰুৱাই যুগুতাই উলিওৱা এই শেহতীয়া গ্ৰন্থখনি হৈছে "সংক্ষিপ্ত অসম বুৰঞ্জীকোষ"। গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে জ্যোতি প্ৰকাশনে।

এই গ্ৰন্থখনিত সংক্ষিপ্ত ৰূপত সন্নিবিষ্ট হৈছে অসমৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্ৰৱাগ. যুদ্ধ-বিদ্ৰোহ-আন্দোলন, সন্ধি-চুক্তি, বুৰঞ্জী প্ৰসিদ্ধ ব্যক্তি, পৌৰাণিক কীৰ্তিচিহ্ন, সংগঠন আদিৰ প্ৰায় এহেজাৰটা প্ৰসংগ। ইয়াৰ লগতে সন্নিবিষ্ট হৈছে অসমৰ ছপাগ্ৰন্থ, ছপাশাল, পৰিবহণ, স্থাপত্য-ভাস্কৰ্য, চিত্ৰকলা, চলচ্চিত্ৰ, মঞ্চ, ভাষা-সাহিত্য-লিপি, চাহ শিল্প, শিক্ষাৰ সংক্ষিপ্ত ইতিহাস। ১২খন তালিকা, তৃতীয় শতিকাৰ পৰা ১৯৪৭চনলৈকে অসমৰ বিভিন্ন উল্লেখযোগ্য ঘটনাৰ তথ্য আৰু প্ৰায় তিনিশ আলোকচিত্ৰ।

মূল প্ৰসংগৰ সৈতে সম্পৰ্ক থকা কৌতূহল উদ্দীপক বিভিন্ন তথ্য তথা অসম বুৰঞ্জীৰ অলেখ আপুৰুগীয়া খবৰ সংকলনে পাঠকক দিব পাৰিছে। কেৱল বুৰঞ্জী কোষ হিচাপেই নহয়. অসমৰ এখন কোষগ্ৰন্থ ৰূপেও পাঠকে এই গ্ৰন্থক ব্যৱহাৰ কৰিব পাৰিব বুলি আশা কৰিব পাৰি। প্ৰতিযোগিতামূলক পৰীক্ষা সমূহৰ বাবেও এই গ্ৰন্থই উপকৃত কৰিব পাৰিব। উল্লেখযোগ্য যে, বিবিধ বৈচিত্ৰ্যৰে সমৃদ্ধ তথা প্ৰণালীবদ্ধ ভাৱে সজোৱা অসম বুৰঞ্জী বিষয়ক এইখনেই প্ৰথম কোষগ্ৰন্থ। 

অসমত তথ্যমূলক গ্ৰন্থৰ বাটকটীয়া শান্তনু কৌশিক বৰুৱাৰ গ্ৰন্থক নকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। বৌদ্ধিক মহল তথা শৈক্ষিক জগতলৈ এই গ্ৰন্থ সংগৃহীত তথ্যৰ শৃংখলিত ভঁৰাল এটি বহুমূলীয়া উপহাৰ স্বৰূপ। এনে তথ্য সমৃদ্ধ গ্ৰন্থৰে প্ৰতিযোগিতাৰ পৃথিৱীত  অসমীয়া ভাষাত আমাৰ নৱ-প্ৰজন্মক অনুপম শিকন সমল যুগুতাই দিয়াৰ বাবে এই প্ৰকল্পৰ কৰ্মদল নিশ্চয়কৈ প্ৰশংসাৰ পাত্ৰ।

"সংক্ষিপ্ত অসমৰ বুৰঞ্জীকোষ"ৰ সংকলন-সহযোগী হিচাবে অৰিহণা যোগাইছে অভিজিত শৰ্মা বৰুৱা, ডঃ হৰিচৰণ দাস, জুৰি বৰা বৰগোহাঞি. নিত্যানন্দ গোস্বামী, আনন্দ সন্দিকৈ, নৱজ্যোতি পাঠক, সমীৰণ গোস্বামী, সৌৰভ কুমাৰ দেউৰী, গংগামোহন মিলি আৰু শাংকব কৌশিক বৰুৱাই। ৩৬২ পৃষ্ঠাৰ গ্ৰন্থখনি আটক-ধুনীয়াকৈ ছপা-বন্ধাৰে সজাই জ্যোতি প্ৰকাশনে পাঠকৰ বাবে ৩৫০টকাৰ মূল্য নিৰ্ধাৰণ কৰিছে। তথ্য সমৃদ্ধ ইতিহাসক উজ্বলাই তোলা এক প্ৰয়োজনীয় গ্ৰন্থ ৰূপে এই গ্ৰন্থক নিশ্চয়কৈ শৈক্ষিক সমাজে আদৰি লব।

No comments:

Post a Comment