কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুন্দৰ সংক্ষিপ্ত জীৱনপঞ্জীৰ গুৰুত্ব
ড° বুলজিৎ বুঢ়াগোহাঁই
কোনো কোনো চাকৰিৰ বাবে আবেদনকাৰীৰ পৰা এখন আবেদন-পত্র আৰু এখন সংক্ষিপ্ত জীৱনপঞ্জী অথবা ‘বায়’ডাটা(Bio-data)’ বিচাৰে। এই বায়’ডাটাখনক চি. ভি. (C.V. – Curriculum Vitae ) বা ৰিজিউম (Resume) বুলি কোৱা হয়। এখন আদৰ্শ ‘বায়’ডাটা’ক তলত উল্লেখ কৰা ছয়টা ভাগত বিভক্ত কৰিব পাৰি ।


১। নিজৰ বিষয়ে বৰ্ণনা : এই ভাগটিত আবেদনকাৰীৰ নাম, পিতৃ/মাতৃৰ নাম, অভিভাৱকৰ নাম, বৰ্তমানৰ ঠিকনা, স্থায়ী ঠিকনা , ফোন নং , ই-মেইল ঠিকনা , জন্ম তাৰিখ, জাতীয়তা, বৈবাহিক মৰ্য্যদা আদি উল্লেখযোগ্য ।
২। শিক্ষাগত অৰ্হতাৰ বিৱৰণ : এই ভাগটিত আবেদনকাৰীৰ প্রতিটো পৰীক্ষা/ ডিগ্রী/ ডিপ্ল’মা/ ছাৰ্টিফিকেট আদি পাঠ্যক্রমৰ নাম ; পাঠ্যক্রম পতা বিশ্ববিদ্যালয়/ মহাবিদ্যালয়/ পৰিষদ আদিৰ নাম ; বিভিন্ন পৰীক্ষাত লাভ কৰা স্থান বা বিভাগ ; বিভিন্ন পৰীক্ষাত লাভ নম্বৰ শতাংশ আৰু বিষয়বোৰৰ নাম উল্লেখ কৰিব লাগে । লগতে আবেদনকাৰী কোনো কাৰিকৰী প্রশিক্ষণ থাকিলে, তাৰ সবিশেষও এই ভাগটিতে উল্লেখ কৰিব লাগে ।

৩। অভিজ্ঞতা : এই ভাগটিত আবেদনকাৰীৰ আগতে যদি কোনো চাকৰি কৰাৰ অভিজ্ঞতা থাকিলে তাৰ সবিশেষ উল্লেখ কৰিব লাগে ।

৪। ৰেফাৰেন্স : এই ভাগটিত আবেদনকাৰীক ভালদৰে চিনি পোৱা অতি কমেও দুজন প্ৰতিষ্ঠিত ব্যক্তিৰ নাম উল্লেখ কৰিব লাগে যাতে নিয়োগকৰ্তাই আবেদনকাৰীৰ সবিশেষ জানিবলৈ ‘ৰেফাৰেন্স’ত উল্লেখ কৰা ব্যক্তিসকলৰ লগত দৰকাৰ হ’লে যোগযোগ কৰিব পাৰে ।

৫। হবি : এই ভাগটিত আবেদনকাৰীৰ যদি কিবা হবি থাকে তেন্তে উল্লেখ কৰিব লাগে ।
৬। প্ৰমাণ পত্ৰ : এই ভাগটিত ‘বায়’ডাটা(Bio-data)’/ চি. ভি. (C.V. – Curriculum Vitae )/ ৰিজিউম (Resume)ত উল্লেখ কৰা সকলো তথ্য শুদ্ধ বুলি ঘোষণা তাৰিখৰ সৈতে স্বাক্ষৰ কৰিব লাগে । লগতে স্বাক্ষৰ কৰা ঠাইৰ নামও উল্লেখ কৰিব লাগে।


সুন্দৰ একোখন বায়'ডাটা বনোৱাৰ বাবে গুগোলত চাৰ্ছ কৰি বহুতো নমুনা পাব পাৰি। এনেকৈ পোৱা নমুনাৰ আধাৰত বনোৱা বায়'ডাটাও জমা দিয়াৰ আগতে বিজ্ঞজনক একোবাৰ দেখুৱাও লোৱাটো ভাল। চাকৰিৰ বাবে নিৰ্বাচন কৰোতে প্ৰথম মনোভাৱ সৃষ্টি কৰিব পাৰে একোখন সুন্দৰ বায়'ডাটাই। সেয়ে সময় হাতত লৈ এইখন তৈয়াৰ কৰিব লাগে। বানান, ব্যাকৰণ আদিৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰক।

No comments:

Post a Comment