Sunday, November 16, 2014

বিশেষ প্ৰৱন্ধ

অসমত ধৰ্মীয় মৌলবাদৰ বীজ কোনে সিঁচিলে
ৰক্তিম শৰ্মা
এচাম ধুৰন্ধৰ লোকৰ কুটিল ষড়যন্ত্ৰত ইতিমধ্যেই অসমৰ সমাজখনক ধৰ্মীয় মেৰু বিভাজনৰ ফালে ঠেলি দিবলৈ বিচৰা হৈছে। অসমৰ ইতিহাস নজনা সকলে এই জালত ভৰি দিবলৈ যেন উঠি পৰি লাগিছে। কিন্তু এইবোৰ কৈ লিখি কিবা লাভ আছে জানো। দুটা দশক আগতে ৰাষ্ট্ৰীয় গেৰুৱা দল এটাই বীৰ লাচিতৰ গাত হিন্দুস্থানী বস্ত্ৰ পিন্ধাই শোভাযাত্ৰা কৰাইছিল। সৌ সিদিনা অসমৰ পিতৃ পুৰুষ চুকাফাক বিদেশী সজালে। গুৰু শংকৰকো গেৰুৱা কৰিবলৈ লৈছে। এফালে হিন্দুত্ববাদী সকলৰ কুচকাৱাজ আনফালে মুছলিম মৌলবাদীৰ আগ্ৰাসন। অসমৰ কেইজন মুছলমানৰ মাজত আজান পীৰ চাহেবৰ গ্ৰহণ যোগ্যতা আছে আমি জানোনে। এতিয়া গ্ৰহণযোগ্য ধৰ্মগুৰুবোৰে টিভি চেনেলত গীতা-ভাগৱত- কোৰান-হাদিছৰ বিশ্লেষণ আগবঢ়ায় আৰু আমাৰ ৰাইজে গো গ্ৰাসে গিলে। অসমৰ ইতিহাস নজনা অসমৰ এচাম শিক্ষিত ভোকেন্দ্ৰ বৰুৱাৰ এতিয়া এইবোৰ চাবলৈ সময় নাই। সেয়ে ইতিহাস আৰু ধৰ্মপুথিৰ হেজাৰ অপবাখ্যা এতিয়া সহজলভ্য।


অসমৰ ইতিহাস সমন্বয়ৰ ইতিহাস। অসমৰ জাতীয় ইতিহাসৰ পাতে পাতে জীপাল হৈ আছে ধৰ্মীয় সহিষ্ণুতা আৰু মানৱতাবোধৰ অসংখ্য নির্ভেজাল উদাহৰণ। ভাৰতৰ অন্য প্ৰান্তৰ তুলনাত এক সুকীয়া বৈশিষ্ট্য হিচাপে অসমৰ সমাজ জীৱনত ধৰ্মীয় সম্প্ৰীতি আৰু ধৰ্মীয়-সাংস্কৃতিক-ভাষিক নিকটবৰ্ত্তী সম্পৰ্কই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ উত্তৰণ ঘটাইছিল। সেয়ে অসমীয়া মানুহে ধৰ্মীয় পৰিচয়তকৈ জাতীয় পৰিচয়েৰে পৰিচিত হৈহে গৌৰৱ অনুভৱ কৰে।

অসমত প্ৰাচীন সনাতন ধৰ্মৰ প্ৰসাৰ আৰ্যসকলৰ অসম আগমনৰ লগে লগেই আৰম্ভ হয় বুলি ইতিহাসবিদ সকলে কয়। শৈৱধৰ্মী কলিতা জনগোষ্ঠীৰ অসম আগমনেই প্ৰথমে এই পথ সুগম কৰে। ইতিহাসবিদ সকলৰ মতে অসমলৈ(কামৰূপ)পোনপ্ৰথমে আৰ্যসকলৰ প্ৰবেশ ঘটিছিল হিমালয়ৰ পাদদেশৰ উত্তৰ দিশেৰে। ফলস্বৰূপে সেই আৰ্যসকলৰ মাজত তিব্বত-মংগোলীয় প্ৰভাৱ পৰিছিল। যাৰ কাৰণেই শাৰীৰিক অবয়ব-ভাষা-সংস্কৃতি আদিত অসমৰ অমংগোলীয় সকল ভাৰতৰ অন্য আৰ্যসকলতকৈ পৃথক। তাৰোপৰি চীন-তিব্বতীয় ধৰ্মীয়-সাংস্কৃতিক প্ৰভাবো কঢ়িয়াই আনিছিল এই আৰ্যসকলে। ইয়াৰ আভাস পোৱা যায় প্ৰাচীন অসমত প্ৰচলিত তন্ত্ৰ-মন্ত্ৰ-ইন্দ্ৰজাল-নৰ-বলি প্ৰভৃতি ধৰ্মীয় লোকাচাৰ সমূহত। উল্লেখযোগ্য যে শদিয়াৰ কেঁচাইখাইতী, নগাওঁৰ কপিলী, গোভাৰ কেঁচাইখাইতী,জয়ন্তেশ্বৰীৰ পূজকসকল অহিন্দু আছিল(১) । তাৰো পৰি তান্ত্ৰিক বৌদ্ধধৰ্মই ব্ৰাহ্ম্যণ্যবাদৰ প্ৰভাব নপৰা অসমৰ জনজাতি সমাজখনক ব্যাপকভাৱে প্ৰভাৱিত কৰিছিল।প্ৰাক শংকৰী যুগত বৈষ্ণৱ ধৰ্মই অসমৰ জাতীয় সমাজখনক নতুন ধৰ্মীয়-সাংস্কৃতিক চিন্তাৰে পৰিচয় কৰাই দিয়ে। অৱশ্যে সেয়া মাথোঁ অসমৰ উচ্চ শ্ৰেণীৰ লোকসকলৰ মাজতহে সীমাবদ্ধ থাকিছিল( ২ ) ।

সেইসময়ত বৈষ্ণৱ ধৰ্ম প্ৰচাৰক সকলৰ মাজত হেম সৰস্বতী, মাধৱ কন্দলি, হৰিবৰ বিপ্ৰ আদি অন্যতম আছিল। সেই সময়তেই মাধৱ কন্দলিয়ে প্ৰথম অসমীয়া ৰামায়ণ ৰচনা কৰিছিল। নব্য ভাৰতীয় আৰ্য ভাষাত ৰচনা কৰা প্ৰথম ৰামায়ণ এইখনেই বুলি গৱেষকসকলে কয়। তাৰ এশ বছৰ পিছত কীৰ্তিবাসে বাংলাত ৰামায়ণ ৰচনা কৰে। তাৰো এশ বছৰ পিছতহে হিন্দীত ৰামায়ণ অনুবাদ হয়। সেয়ে প্ৰাক শংকৰী যুগতো অসম সাহিত্য-সংস্কৃতিত কিমান আগবঢ়া আছিল তাৰো নিদৰ্শনো ইতিহাসে ৰাখি থৈ গৈছে। সমগ্ৰ ভাৰতীয় উপমহাদেশতেই যেতিয়া ব্ৰাহ্ম্যণ্যবাদে বিয়পাই দিয়া জাত-পাতৰ বিভেদত জনসমাজ আছন্ন আৰু বৌদ্ধ ধৰ্মৰ বিভিন্ন মাৰ্গত বিচ্যুত জনজাতীয় সমাজ, সেইসময়তেই নৱ-বৈষ্ণৱ ধৰ্মৰ এছাটি মধুৰ বতাহে উত্তৰ ভাৰত-গৌৰ আৰু অসমৰ ওপৰেদি বৈ জন-সমাজক আকৃষ্ট কৰিবলৈ সক্ষম হয়। বংগৰ চৈতন্য দেৱৰ দৰে অসমৰ বাৰভূঞা বংশৰ শ্ৰীমন্ত শংকৰদেৱে অসমতো ভাগৱতী বৈষ্ণৱ ধৰ্মৰ পাতনি মেলে। ব্ৰাহ্ম্যণ্যবাদে বৰ বিশেষ প্ৰভাৱিত কৰিব নোৱাৰা অসমৰ জন-সমাজত শ্ৰীমন্ত শংকৰদেৱে নিজৰ প্ৰতিভাৰ বলতেই জাতি-ধৰ্ম নিৰ্বিশেষে অসমৰ মানুহক আকৰ্ষিত কৰাই নহয় শিল্প-সাহিত্যৰ নৱ চেতনাৰে অসমত এক নৱজাগৰণৰো সূচনা কৰে। ভাগৱতী ধৰ্মৰ উদাৰতা আৰু মানৱতাবোধে অসমৰ জাতীয় সমাজখনত এক নতুন চেতনাৰ জন্ম দিবলৈ সক্ষম হয়। যাৰ বাবেই গুৰুজনাৰ স্থান চৈতন্য দেৱ বা শংকৰাচাৰ্যৰো বহু ওপৰত বুলি কলে কিজানি বঢ়াই কোৱা নহ’ব। কিন্তু গুৰু শংকৰৰ আবিৰ্ভাবৰ সময়ত অসম ব্যাভিচাৰ-অ়জ্ঞানতা-আন্ধাৰৰ মাজত থকা কথাষাৰ মুঠেই শুদ্ধ নহয়।

ব্ৰাহ্ম্যণ্যবাদী দৃষ্টিকোণেৰে অসমৰ প্ৰাচীন কৃষ্টি-সংস্কৃতি-লোকাচাৰক চোৱাৰ বাবেই বহুতৰে মাজত তেনে এক ধাৰণা দেখা যায়। যাৰ বাবেই অসমৰ বহু জনগোষ্ঠী ভাগৱতী বৈষ্ণৱ ধৰ্মৰ পৰা আঁতৰি থাকিল বা তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰিলে। তাৰ আন এটা কাৰণ জনজাতি সকলৰ মাজত ব্ৰাহ্ম্যণ্যবাদে গ্ৰাস কৰিব নোৱাৰাৰ ফলত অক্ষুন্ন থকা অবিভক্ত সমাজ আৰু প্ৰাচীন ধৰ্ম-সংস্কৃতিৰ লগতে বৌদ্ধ ধৰ্মৰ প্ৰভাৱ ভাৰতৰ অন্য জনগোষ্ঠীৰ তুলনাত তেতিয়াও অক্ষুন্ন হৈয়েই আছিল। তাৰো পৰি শংকৰদেৱ-মাধৱদেৱৰ উত্তৰসুৰী সকলে গুৰুজনাৰ আদৰ্শক সঠিকভাৱে বিশ্লেষণ কৰিব নোৱাৰাৰ ফলশ্ৰুতিত ব্ৰাহ্ম্যণ্যবাদৰ প্ৰভাৱ থকা স্বত্বেও অজনজাতি সকলৰ মাজতো সম্পূৰ্ণকৈ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। অৱশ্যে এইটো অনস্বীকাৰ্য যে ভাগৱতী বৈষ্ণৱ ধৰ্মৰ সাংস্কৃতিক প্ৰভাৱ অসমৰ বিশুদ্ধ ব্ৰাহ্ম্যণ্যপন্থী সকলৰ ধৰ্মীয় বিশ্বাস আৰু লোকাচাৰ সমূহৰ মাজতো একাত্ম হৈ এক অসমীয়া সংস্কৃতিক জন্ম দিবলৈ সক্ষম হয়।

১২০৫ খ্ৰী.ত তুৰ্কী সেনাপতি ইখতিয়াৰ উদ্দিন মহম্মদ বখতিয়াৰ খিলজীয়ে তিব্বত আক্ৰমণ কৰাৰ উদ্দেশ্যে অসম (কামৰূপ)ত প্ৰবেশ কৰে। সেই সময়ত কামৰূপৰ ৰজা বাৰথু বা পৃথুৰ হাতত শোচনীয়ভাৱে পৰাজয় স্বীকাৰ কৰে খিলজীয়ে। আৰু তাৰ বাবেই তেওঁৰ তিব্বত অভিযান বিফল হয়। মিনহাজুদ্দীন তবাকত্-ই-নাছিৰি নামৰ পুথিত উল্লেখ আছে যে খিলজীক বাট দেখুৱাই আনিছিল আলি মেছ নামৰ নতুনকৈ ইছলাম ধৰ্মত দীক্ষিত এজন লোকে। এই আলি মেছ মেচ জাতিৰ লোক। এই কথাই প্ৰমাণ কৰে যে ১২০৫ খ্ৰী.তে থলুৱা জনজাতীয় লোক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। ১২৫৪-৫৫ চনত তুঘ্ৰীলখাই কামৰূপ আক্ৰমণ কৰে আৰু কামৰূপ ৰজা পৰাজিত হৈ ইছলাম ধৰ্ম প্ৰচাৰৰ অনুমতি দিয়ে। পিছলৈ কামৰূপৰ ৰজাৰ হাতত তুঘ্ৰীলখা পৰাজিত হৈছিল (৩) । তুঘ্ৰীলখাৰ দিনতে ঘিয়াছুদ্দিন আউলীয়া পীৰ চাহেবৰ দৰগাহত মছজিদ নিৰ্মাণ কৰি পোন প্ৰথমবাৰৰ বাবে শুকুৰবৰীয়া নামাজ পঢ়া প্ৰথা কামৰূপত প্ৰচলন কৰে। সেই সময়ত এখন প্ৰতিষ্ঠিত মুছলমান সমাজৰ অস্তিত্ব অনুমান কৰিব পাৰি।৩ সেই সময়টোৱেই আছিল চুফীবাদৰ প্ৰবেশৰ সময়। তুঘ্ৰীলখাৰ সময়তে অহা ঘিয়াছুদ্দিন আউলীয়াই সুদূৰ মক্কাৰ পৰা এপোৱা মাটি আনি হাজোত তুঘ্ৰীলখাই সজা মছজিদত দিছিল আৰু তাৰপৰাই উক্ত ঠাই পোৱা মক্কা বুলি জনাজাত হয়। নৱম শতিকাতে আৰবৰ বনিক সকলে কামৰূপৰ নাম শুনিছিল আৰু ইয়াৰ তন্ত্ৰ-মন্ত্ৰৰ কথা শুনি শিহৰিত হৈছিল। মেদিনী চৌধুৰীদেৱে লুইত বৰাক আৰু ইছলাম নামৰ গ্ৰন্থত লিখিছে-
'' তথাপি সাহস কৰি এদিন ঘিয়াছুদ্দিন আউলীয়া আহিছিল ত্ৰয়োদশ শতিকাৰ সময়েৰে ধূসৰিত এটা দিনত। আহিছিল পৰাক্ৰমী এটা তুৰ্কী বাহিনীৰ সৈতে। অথচ উভটি যোৱাৰ পথ তেৱোঁ বিচাৰি পোৱা নাছিল কোনোদিনে। তেওঁৰ দেহ অগ্ৰদূত হিচাপে বহন কৰি অনা এক বিশাল ঐতিহ্যৰ আদৰ্শ-সমস্ত ৰৈ গল কামৰূপ অসমৰ মাটিৰ মায়াত ''( ৩)।

চুফীবাদৰ আদৰ্শ আৰু বৈষ্ণৱ আদৰ্শৰ মাজত নিকট সম্পৰ্ক। একেই ভক্তি ৰস। উমায়েদ খলিফা সকলৰ ভোগ প্ৰৱণতা আৰু জাগতিক স্পৃহাৰ প্ৰতি চুফীবাদ যিদৰে এক বিৰাট প্ৰত্যাহ্বান( ৪) আছিল ঠিক সেইদৰে ভক্তিবাদ আছিল ব্ৰাহ্ম্যণ্যবাদী আধিপত্য বাদৰ বিৰুদ্ধে প্ৰত্যাহ্বান। সেয়ে আজান চাহাবৰ জিকিৰ আৰু জাৰি গীতত দেখা যায় সেই একেই সুৰ—-মোৰ মনত হীন-পৰ নাই ও আল্লা, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, যিদৰে গুৰু শংকৰৰ ভাষাত কুক্কুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম,জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আজিও শংকৰ-মাধৱ গুৰুৰ বাৰকুৰি বৰগীতৰ লগতে আজান চাহাবে ৰচনা কৰা আঠ কুৰি জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ। হয়। গুৰুজনাই দি যোৱা কীৰ্তন ঘৰ-নামঘৰ আনকি মণিকূটৰ স্থাপন শৈলীতো ইছলামীয় শিল্প শৈলীৰ প্ৰভাৱ উল্লেখ্য। আনকি ওজাপালি লগতে কীৰ্তন ঘৰত গায়ন-বায়নসকলৰ এক বৃহৎ সংখ্যক ইছলামধৰ্মী লোকেই আছিল।

অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকাচাৰসমূহতো ইছলামৰ প্ৰভাৱ মনকৰিবলগীয়া। যেনে মাউত-ফান্দীৰ হাতী ধৰিবলৈ যোৱাৰ আগতে যি পাৰম্পৰিক লোকাচাৰ তাত আল্লাক লৈ গীত গোৱা দেখা যায়। যেনে-আল্লা আল্লা বলোৰে ভাই হায় আল্লা ৰচুল,কোন পাহাৰেৰ হাতী ৰে ভাই হায় আল্লা ৰচুল। তেওঁলোকৰ মতে হাতীৰ দেৱতা আল্লা আৰু এই গীতেৰে বনৰীয়া হাতীক বশ কৰিব পাৰি। গোৱালপাৰাৰ মেচপাৰা জমিদাৰৰ দুৰ্গাপূজাৰ বেলবোধনৰ দিনা দণ্ড(আথাশটা) হাতত লৈ দেশী মুছলমানে শোভাযাত্ৰা কৰি দেবী বৰি লৈ আহে। আনকি সৌ সিদিনালৈকে দেশী মুছলমানৰ মাজত মনসা পূজা,বিয়াত সেন্দুৰৰ ফোঁট লোৱা, কল পুলি আদিৰে নানা লোকাচাৰ দেখিবলৈ পোৱা গৈছিল যিবোৰ কিছু পৰিমাণে এতিয়াও আছে। বড়ো সকলৰ বাথৌ পূজাত হেনো মুছলমান দেউৰ বাবে ঠগি এখন ৰখা হয়।হাজোৰ পোৱামক্কা , গোৱালপাৰাৰ দৰগাহ , হিন্দু -মুছলমান উভয়ৰে বাবে তীৰ্থস্থান হিচাপে পৰিগণিতহৈ আহিছে । ধৰ্মীয় সহিষ্ণুতাৰ এনে বহু উদাহৰণেই আছে।

আজান পীৰ চাহেবৰ বিষয়ে বুৰঞ্জীত বৰ বেছি পোৱা নাযায়। সম্ভৱতঃ ১৬৮৬ চন মানত আজান চাহাবে(ছাহ মীলান)এজন গোড়া মুছলমানৰ আদৰ্শৰে সুদূৰ বাগদাদৰ পৰা আহে ( ৪)। ভাৰতলৈ আহিয়েই তেওঁ চুফীবাদ আৰু ভক্তিবাদৰ সান্নিধ্যত আহে আৰু তেওঁৰ আগৰ ধাৰণা সলনি হয়। অসমলৈ আহি তেওঁৰ সেই ধাৰণা একেবাৰেই নাইকিয়া হয় আৰু গুৰু শংকৰে স্থাপন কৰা ভক্তিৰস প্ৰধান উদাৰ অসমৰ সমাজত তেওঁ চুফীবাদৰ বাণী প্ৰচাৰ কৰিবলৈ লয়। নিজে এজন মুছলমান হৈও গৌড়ৰ চোৰাংচোৱা বুলি সন্দেহ কৰি ৰূপাই দা ধৰাই আজান পীৰৰ চকু কাঢ়ে। অজানিতে এক অক্ষমণীয় অপৰাধ কৰি পেলালেও এজন অসমীয়া মুছলমানৰ স্বদেশ প্ৰেমৰ স্বাক্ষৰ ৰাখি গৈছে ৰূপাই দাধৰাই। কিন্তু পিছলৈ ভুল বুজিব পাৰি অনুশোচিত হৈ ৰূপাই আত্মঘাটি হয় আৰু স্বৰ্গদেৱে আজান পীৰক শৰাগুৰী চাপৰিত ভূ-দান দি তাতে সন্মান সহকাৰে স্থাপন কৰে।

১২২৮ খ্ৰী. অসমীয়া জাতিৰ পিতৃস্বৰূপ স্বৰ্গদেউ চুকাফাই আহোম ৰাজ্য স্থাপন কৰে। সাত ৰাজ সামৰি এক ৰাজ কৰা স্বৰ্গদেউ চুকাফাৰ উদাৰ চিন্তা আৰু গণতান্ত্ৰিক প্ৰমূল্যৰে আহোম প্ৰশাসন স্থাপন কৰি সমূহ জাতি-জনগোষ্ঠীক আহোম প্ৰশাসনৰ ওচৰ চপাই আনিবলৈ সক্ষম হয়। বিকাশ হয় অসমৰ জাতি গঠন প্ৰক্ৰিয়াৰ। টাই সকল আছিল তাওধৰ্মী লোক। যি হিন্দুধৰ্মৰ দৰেই এক প্ৰাচীন ধৰ্ম। কিন্তু উদাৰ চুকাফাই কেতিয়াও নিজ ধৰ্ম আনৰ ওপৰত জাপি দিবলৈ বা প্ৰচাৰৰ যত্ন কৰাও নাছিল, নিজেও আন ধৰ্মত দীক্ষিত হোৱা নাছিল। কিন্তু ইয়াৰো ছন্দপতন ঘটিল যেতিয়া বংগৰ পৰা অহা কেইজনমান ব্ৰাহ্মণ পণ্ডিতৰ কথাত আহোম স্বৰ্গদেউৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে আৰু হিন্দু ধৰ্মই ৰাজ-ধৰ্ম হিচাপে পৰিগণিত হব ধৰে। বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে প্ৰদৰ্শন কৰা ধৰ্মীয় অসহিষ্ণুতাই মোৱামৰীয়া বিদ্ৰোহত সাৰ পানী যোগালে। এইদৰে দেশ ৰক্ষা কৰাতকৈ ধৰ্ম ৰক্ষা কৰাত বেছি মনোযোগ দিয়া বাবে পিছলৈ ধৰ্মীয় সংঘাতত অসম জুৰুলা হয় আৰু ইয়েই কালক্ৰমত অসমৰ স্বাধীনতাৰ বেলি মাৰ যোৱাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈ ৰ’ল। হয়তো গুৰু শংকৰে সেইবাবেই নৰনাৰায়ণ আৰু আহোম স্বৰ্গদেউক শৰণ দিয়া নাছিল। কাৰণ তেওঁ হয়তো বুজিছিল যে যেতিয়াই দেশ ৰক্ষা কৰা শাসকে ধৰ্মক প্ৰাধান্য দিয়ে তেতিয়াই দেশত দেখা দিয়ে আহুকাল। স্বৰ্গদেউ গদাধৰ সিংহই যেতিয়া দেখিছিল যে পাইক সকলে দেশৰ কাম-উত্পাদনৰ ফালে পিঠি দি হৰিনাম গাই সময় নষ্ট কৰিছে আৰু তেনে কৰাৰ ফলত পাইক সকল এলেহুৱা হৈ পৰিছে তেতিয়াই তেওঁ কঠোৰ হৈছিল আৰু সেই সকলক ধৰি নি ধোদৰ আলি বন্ধাইছিল।

মধ্যযুগীয় অসমত ধৰ্মীয় সহিষ্ণুতাৰ আন এক কাৰণ খাদ্যাভাস। অহিন্দু আহোম সকলে গো-মাংস ভক্ষণ কৰিছিল। অধিকাংশ অহিন্দু জনজাতিৰো গো-মাংস ভক্ষণ কৰাত কোনো বাধা নিষেধ নাছিল। মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত শিখ গুৰু টেগবাহাদুৰ সহিতে পাঁচজন পীৰ মীৰজুমলাৰ বাহিনীৰ সৈতে আহিছিল। সেইসময়তেই অসমত শিখ ধৰ্মৰ প্ৰভাৱ পৰে। তাৰোপৰি জৈনধৰ্ম, সূৰ্য উপাসনা আদি ধৰ্মীয় দৰ্শনৰো প্ৰভাৱ অসমত মনকৰিবলগীয়া। গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰত এতিয়াও তাৰ প্ৰমাণ স্পষ্টৰূপত জিলিকি আছে। বিশেষকৈ জৈন আৰু বৌদ্ধ ধৰ্মৰ শক্তিশালী প্ৰভাৱ শ্ৰীসূৰ্য পাহাৰত দেখা যায়।

অসম ইংৰাজৰ হাতলৈ যোৱাৰ পিছৰে পৰা অসমত খ্ৰীষ্ট ধৰ্মৰ বীজ অংকুৰিত হল। অসমীয়া ভাষা সংস্কৃতিত খ্ৰীষ্টান মিছনেৰী সকলৰ ভূমিকা অপৰিসীম। ভাৰত স্বাধীনতা চুক্তিত হেনো স্বাধীন ভাৰত চৰকাৰে খ্ৰীষ্টান ধৰ্ম আৰু ইংৰাজী ভাষা ব্যৱহাৰত কোনো বাধা নিদিয়াৰ চৰ্ত মানি লৈছিল, যি চৰ্ত আৰোপ কৰিছিল বৃটিছে। ইয়াত এক সাম্ৰাজ্যবাদী কুটিল চক্ৰান্ত লুকাই আছিল। অসমৰ জনসাধাৰণে অজানিতেই তেনে এক কুটিল ৰাজনৈতিক ফান্দত সোমাই পৰিল। এই খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনত এতিয়া জনজাতি সকলৰ জাতীয় পৰিচয় বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে। এই ইংৰাজেই সমগ্ৰ ভাৰততেই সাম্প্ৰদায়িক বিষ বিয়পাই দি সমাজক দ্বি-বিভক্ত কৰিছিল আৰু তাৰ প্ৰভাৱ অসমতো পৰিছিল। চক্ৰান্তমূলকভাবে ইনাৰ লাইন প্ৰথা উঠাই দি অসমত পূৰ্ব বংগৰ পৰা অনুপ্ৰৱেশ উত্সাহিত কৰিছিল যাৰ বাবে অসমৰ জনগাঁথনি সলাই পেলোৱাৰ উপক্ৰম হৈছে। ফলত বিগত ষাঠিটা দশক ধৰি অনুপ্ৰৱেশৰ সমস্যাই অসমৰ জাতীয় সমাজ আৰু ৰাজনীতি অস্থিৰ কৰি ৰাখিছে। ইয়াত আকৌ সাম্প্ৰদায়িকীকৰণ কৰিছে কিছুমান মৌলবাদী শক্তিয়ে।কেবল এয়াই নহয়, এককেন্দ্ৰিক ৰাষ্ট্ৰবাদী সকলে যেনেকৈ এক ধৰ্ম এক ৰাষ্ট্ৰ এক ভাষাৰ মতবাদেৰে অসমত আগ্ৰাসন চলাইছে ঠিক তেনেকৈ মধ্য প্ৰাচ্যৰ ভেৰোনীয়া ধৰ্মগুৰুই ইছলামিক ভাতৃত্বৰ নামত জেদাহৰ বীজ সিচি দি সন্ত্ৰাস সৃষ্টিৰ বহবিহ ছটিয়াইছে । কংগ্ৰেছ আৰু বিজেপিয়ে প্ৰত্যক্ষ-পৰোক্ষভাবে এইবোৰৰ বোকোচাত উঠি ভোটৰ ৰাজনীতি কৰি সমাজক ধৰ্মীয় মেৰুকৰণ কৰাৰ চেষ্টাত ব্যস্ত ।

শংকৰ-আজানৰ অসমত এতিয়া সাম্প্ৰদায়িক মেৰু বিভাজনৰ প্ৰচেষ্টা কাৰ উদ্যোগত চলিছে সেয়া লুকাই থকা নাই । কিন্তু ইমানদিনে এই মেৰুকৰণ এতিয়াও সফল হব পৰা নাই একমাত্ৰ এই গুৰু দুজনাৰ অমৰ আদৰ্শৰ বাবে। যি আদৰ্শ অসমীয়া জাতিৰ হৃদয়ত লুইতৰ সোতৰ দৰে অহৰহ অবিৰাম গতিত বৈ থাকে। অসমৰ ইতিহাস শংকৰ-আজান- লাচিতৰ ইতিহাস, বাঘ হাজৰিকাৰ ইতিহাস। আজান পীৰৰ চকু কঢ়া বাবে ৰূপাই দাধৰাক সাহিত্যিক সকলে এজন মুছলমান মৌলবাদী হিচাপে অংকন কৰাৰ প্ৰচেষ্টা দেখা যায় যদিও সেই সময়ৰ অন্য সাক্ষ্য সমূহে তেওঁযে এজন প্ৰকৃত নিষ্ঠাবান দেশপ্ৰেমিক অসমীয়া সেনা বিষয়া আছিল সেয়া প্ৰমাণ কৰে। অসমত কোনোকালে গোড়া হিন্দুবাদ বা গোড়া ইছলামৰ আগ্ৰাসন নাছিল। যি আছিল সেয়া মাথো সমন্বয়,প্ৰেম, সম্প্ৰীতি আৰু মানৱতাৰ। অসমৰ ইতিহাস নজনা কিছুমান পাবত গজা নেতাই এইবোৰ কথা উপলব্ধি কৰিব কিদৰে। সেয়ে পদে পদে অনুভব কৰো ,অসমৰ স্বতন্ত্ৰ ইতিহাসৰ বিষয়ে নৱ-প্ৰজন্মই জানক আৰু বুজক। কেন্দ্ৰিভূত ৰাষ্ট্ৰবাদীৰ হিন্দুত্ববাদী প্ৰকৃত উদ্দেশ্য আৰু ইছলামিক ভাতৃত্বৰ মুখা পিন্ধা সাম্ৰ্জ্যবাদীৰ বহতীয়া সকলৰ আন্তৰ্জাতিক ষড়যন্ত্ৰৰ বিষয়ে সজাগ হওঁক । অন্যথা আমি কেৱল ধৰ্মীয় পৰিচয়েৰে হিন্দু,মুছলমান বা খ্ৰীষ্টান হৈয়েই ৰৈ যাম, প্ৰকৃত মানুহ বা প্ৰকৃত অসমীয়া কেতিয়াও হব নোৱাৰিম। কাৰণ আমাৰ শিপা হিন্দুত্বত বা গোড়া বাহবিজমত নাই আছে ধৰ্ম নিৰ্বিশেষে অসমীয়াৰ পৰিচয়ত । জাতিটোক শিপাহীনহৈ উভালি পৰাৰ পৰা বচাওঁ আহক ।

সহায় লোৱা পুথিঃ ১.ৰাজকুমাৰ সৰ্বানন্দ, ইতিহাসে সোঁৱৰা ছশটা বছৰ, ২.পূৰ্বোক্ত গ্ৰন্থ, ৩.চৌধুৰী মেদিনী,লুইত বৰাক আৰু ইছলাম আৰু ৪.নেওগ মহেশ্বৰ,অসমীয়া সাহিত্যৰ ৰূপৰেখা ।

(লেখাটো সাহিত্য অৰ্গত প্ৰকাশিত হৈছিল, বৰ্তমান লেখকে কিছু সালসলনি কৰাৰ পাছত নতুন ৰূপত প্ৰকাশ কৰা হৈছে)

1 comment:

  1. Today's no.1 timed excellent article.we salute Mr.raktim sarma.

    ReplyDelete