Saturday, November 22, 2014

জীৱনৰ অনুভৱ

জানিবলৈ লাগে মাথো আগ্ৰহ
দিগন্ত কুমাৰ ভট্টাচাৰ্য
আমাৰ সহকৰ্মী বহুকেইজনৰ 'অসম ক'ত নো.. ক'লকাতাত নে?' জাতীয় প্ৰশ্নবোৰৰ উত্তৰ দিওঁতে দিওঁতে এতিয়া কিছুসংখ্যকে অসম ক'ত, নৰ্থ-ইষ্ট কেনেকুৱা আদিৰ ওপৰত এতিয়া সামান্য ধাৰণা কৰিব পৰা হৈছে যেন লাগে। ফুটবল-পাগল, ভূগোল-দুৰ্বল বহুতেই এতিয়া আইএছএল'ৰ খেলবোৰ দেখি নৰ্থ-ইষ্টক জানিবলৈ চেষ্টা কৰা দেখোঁ কেতিয়াবা।

আজি আমাৰ ঘৰত কাম কৰা বাইগৰাকীৰ লগত তেওঁৰ সম্পৰ্কীয় ছোৱালী এগৰাকী আহিছিল। বয়স সোতৰ-ওঠৰমান হ'ব। তায়ো ঘৰে ঘৰে কাম কৰে। তাই ৰৈ মাক কিবাকিবি সুধি আছে। মায়েও অসমীয়া-হিন্দী দুয়োটাকে মিহলি কৰি কৈ গৈছে। এবাৰ তাই আমাৰ ঘৰ ক'ত সুধিলে। মই ভাবিলোঁ হ'ল আৰু। 'অসম' বুলি কোৱাৰ পিছত আকৌ সেই একেই প্ৰশ্ন আহিব। ইফালে মায়ে কিমান বুজাব পাৰিব, সন্দেহ আছে।
'আপলোগ আছাম ছে হো?!' বুলি হাঁহি এটি মাৰি এইবাৰ তাই কৈ গ'ল এনেদৰে-(তাই হিন্দীতে কৈছিল, মই অসমীয়াত লিখিছোঁ):
'অসমখন বিৰাট ধুনীয়া বুলি শুনি আছোঁ। টিভিতো দেখোঁ মাজে মাজে। উত্তৰৰ (তাই বোধকৰোঁ উত্তৰ-পূৱৰ কথাই বুজাইছিল) আটাইবোৰ ঠাই ধুনীয়া, সেউজীয়া। মোৰ দাদা এজন গৈছিল এবাৰ। কৈছে মোক। মই এবাৰৰ হ'লেও অসমলৈ যাম। ব্ৰহ্মপুত্ৰ বিৰাট ডাঙৰ নদী হয়নে?'

তাই আৰু কিবাকিবি কৈ আছিল, শুনা নাপালোঁ। মাক সুধোঁতে ক'লে -বুজি নাপালে।
সুধিলোঁ তাইক পঢ়া-শুনাৰ কথা। তাই হেনো ক্লাছ ছেভেনলৈহে পঢ়িছিল। আগতে মহাৰাষ্ট্ৰ-কৰ্ণাটকৰ সীমাৰ সৰু ঠাই এটুকুৰাত আছিল। সেই ঠাইত সিহঁতে কানাড়া কৈছিল। পাঁচ বছৰমান হ'ল পুণেলৈ থাকিবলৈ অহাৰ। মাক মাৰাঠী, দেউতাক তেলুগু। ঘৰত মাৰাঠী-তেলুগু দুয়োটাই কয়। আমাৰ ঘৰত কাম কৰিবলৈ অহা বাইগৰাকী তাইৰ পেহীয়েক। তেওঁৰ লগত তেলুগু কয়। ইৰাণৰ মানুহ এঘৰত কিছুদিন কাম কৰিছিল বাবে তাই ইংৰাজী ভাষাটোও অলপ-চলপ ক'ব পাৰে।

বহু বি.টেক বা তাতকৈ ডাঙৰ ডিগ্ৰী সাবটি বহি থকা আমাৰ সহকৰ্মী বহুতৰ ভূগোলৰ জ্ঞান দেখি টেঙা লগাৰ বাবেই হয়তো তাই যে অসম বা অন্য ঠাই-ভাষাৰ কথা কিবা জানিব পাৰে, মই ভবা নাছিলোঁ সঁচাকৈয়ে। কোনো ব্যক্তি, ঠাই আদিৰ বিষয়ে জানিবলৈ বা শিকিবলৈ আগ্ৰহটোৱেই আচল।

No comments:

Post a Comment