সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক প্ৰচেষ্টাৰে জিলিকেছে নতুন প্ৰজন্ম
অসমৰ জটিল ৰাজনীতি বনাম কিছু আটিল চিন্তা
প্রিয়ংকু নাৰায়ন বৰুৱা
শেহতীয়াকৈ অসমৰ ৰাজনীতিৰ আকাশ বতাহ গৰম।লক্ষ্য ২০১৬ চনৰ বিধানসভা নিৰ্বাচন।কোনোৱে কৰিছে জনজাগৰণ যাত্রা, কোনোৱে আকৌ জাতীয় অভিৱৰ্তন,কোনোৱে পদযাত্রা,আন কোনোৱে আকৌ জনজাগৰণ সভা।ভিন্ন পোছাকত প্রত্যোকেই এখন নাটক সলনা সলনিকৈ কৰি যেন অসমৰ নিৰীহ দৰ্শকৰ মনস্তত্ব আকৰ্ষণ কৰাৰ চেষ্টাত ব্যস্ত। লক্ষ্য আৰু চৰিত্রৰ সাদৃশ্য বিদ্যমান প্রত্যেকৰে অভিনয়ত অন্তত: বৰ্তমানলৈ। চিন্তা হৈছে, পুনৰ বিভ্রান্ত হব নেকি অসমবাসী? সমান্তৰালভাৱে আদৰ্শগত স্বচ্ছতাৰ অভাৱত অথবা সু পৰিকল্পনাৰ সীমাবদ্ধতাৰ বাবে কোনো ৰাজনৈতিক দলে বুকু ডাঠি নিজক প্রতিষ্ঠা কৰিব পৰাকৈ সমৰ্থ হোৱা নাই অসমবাসীৰ অন্তৰত।দলসমূহৰ অভ্যন্তৰৰ ছবিখনো ক্ৰমশ: ফোপোলা হৈ ধৰা দিবলৈ ধৰিছে। এয়া যেন দুৰ্ভাগ্যজনক খবৰ পৰিৱৰ্তনকামী অসমবাসীৰ বাবে।


তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীৰ মাজত বিৰাট যোগাযোগ শূণ্যতা।যেন কেৱল ভোটবেংকৰ স্বাৰ্থত যধে মধে সৈন্য সৃষ্টিৰ অৰাজক প্রক্ৰিয়া।কথা হ’ল আদৰ্শগত ভাৱে শক্তিশালী দল সেইটোহে যাৰ আন্ত:গাঁঠনি সবল আৰু তৃণমূল পৰ্যায়ৰ পৰাই ভেঁটি মজবুত।ৰাজনৈতিক দলসমূহে আনৰ গালৈ বোকা ছটিওৱা নীতি সলনি কৰিবৰ হ’ল।ইছ্যুভিত্তিক ৰাজনীতিৰ কৱলৰ পৰা মুক্ত হ’ব বিচাৰে অসমবাসী।গোড়া আৰু কট্টৰ পন্হী চিন্তাধাৰাবোৰ সংশোধন সাপেক্ষে নৈতিক আৰু স্পষ্ট দর্শন সহ ৰাজনীতি সাম্প্রতিক অসমৰ পৰিৱৰ্তিত সন্ধিক্ষণৰ দাবী।আজিৰ অসমীয়া মানুহ সচেতন হৈছে,অসমীয়া মানুহক ভেড়া সজাৰ দিন উকলিল।অসমৰ ৰাইজে নিজেই বিকল্প হ’বলৈ অগ্রসৰ হৈছে ৰাজ্যখনত।এনেক্ষেত্রত দলসমূহে ৰাইজৰ সামূহিক চিন্তাক সমীহ কৰি আগবাঢ়িব লাগিব।আমি জনমতক শ্রদ্ধা কৰিব শিকিলেহে বহুমত দখল কৰাৰ পথ নিৰ্ণয় হ’ব।

ভাল কামবোৰ আগ্রহেৰে সমৰ্থন দিব লাগিব।বেয়াখিনি আঙুলিয়াই দেখুৱাব লাগিব। হয়’ গুৰুস্থানীয়ৰো সংলাপ প্রক্ষেপনত ভুল হ’ব পাৰে। সেই বুলি কুকুৰে কাঁইটে নোখোৱাকৈ গোৱাল গালি দিলে নহ’ব। বাক সংযম সহ কৌশলগত সমালোচনা যুক্তিসংগত ক্ষেত্রত নিশ্চয় প্রয়োজনীয় কিন্তু নৈতিকতা বৰ্জন কৰি শব্দবাণ প্রয়োগে পৰিৱেশ অশান্ত কৰি তোলাৰ সম্ভাৱনা নিশ্চয়কৈ আছে।


আমি  সকলোৱেই শান্তি বিচাৰো। আমি অসমত অসমৰ মানুহৰ সুষম উন্নয়ন আৰু বিকাশ বিচাৰো?কিন্তু তাৰ বাবে সকলো পক্ষই সংযম আৰু সহিষ্ণুতা ৰক্ষা কৰি চলিব লাগিব।স্বাভাৱিকতে প্রতিটো নিৰ্বাচনৰ প্রাকমূর্হুতত দল বিশেষে আক্ৰমণ-প্রতি আক্ৰমণৰ খেল খেলে।“পাৰ্ট অৱ দ্য গেম”;কিন্তু সেই বুলিয়েই খেলৰ নিয়মৰ বাহিৰত খেল খেলা উচিত নহ’ব। পিটছ খান্দি কিউৰেটৰৰ দৃষ্টিত পৰিলে কিন্তু যাৱজ্জীৱন নিৰ্বাসনৰো সম্ভাৱনা আছে! অথাৎ নীতি বিহীন ভাৱে যুদ্ধ জয় কৰাৰ অপচেষ্টা বাতুলতাহে মাথো। কূটনীতি আৰু নীতিবিহীনতা দুটা পৃথক সূত্র। দলসমূহে ধ্যান দিয়ক।

সাধাৰণতে একাংশ মাৰ্কা মৰা বুদ্ধিজীৱিয়ে টিভিয়ে কাকতে পত্রই বিভিন্ন দুৰ্বোধ্য সূত্র তৈয়াৰ কৰি ৰাজনীতিৰ তাত্বিক বিশ্লেষণ আগবঢ়ায় আৰু ৰাইজৰ মন মগজুলৈ সেই চিন্তাৰ সম্প্রসাৰণ ঘটোৱাত অনুঘটক হোৱাৰ যত্ন কৰে এচাম পক্ষপাত দুষ্ট সংবাদ মহলে। এইখিনিতে গুৰুত্বপূর্ণ কথা সুস্থ গনতন্ত্রৰ ৰক্ষণাবেক্ষণৰ বাবে সুস্থ আৰু শক্তিশালী গণমাধ্যম জৰুৰী। সিদিনা কোনো এটা চেনেলত দেখিলো চৰ চাপৰিৰ পৰা আহি কিশোৰ কিশোৰীয়ে বিহু নাচিছে, কৰবাত এটা আলোচনাত শুনিলো বর্ষীয়ান সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়াই নিৰপেক্ষ ভাৱে ক’লে ধৰ্ম নিৰপেক্ষ দল বুলি মাৰ্কা মাৰা দল গঠনৰ কথা বাদ দি ধৰ্মনিৰপেক্ষ পৰিবেশ এটাহে গঢ়ি তোলা দৰকাৰ হ’ব। হয়, দলবোৰে লুটি বাগৰ খাব পাৰে যিদৰে পাব্লিকৰো মন ভাল দেখিলে ভাল,বেয়া দেখিলে বেয়ালৈ সলনি হ’ব পাৰে। কেতিয়াবা প্রলোভন আদিয়েও ক্ৰিয়া কৰে।সেয়েহে ঐক্যমতত উপনীত হৈ এটা পৰিৱেশ তৈয়াৰ কৰাটো জৰুৰী।

আন এটি চেনেলত দেখিলো শক্তিশালী অপাৰেচন কৰি কৃষি বিভাগৰ কেলেংকাৰীৰ তথ্য উলিয়াইছে।ভাল কথা, ভাল কামবোৰ কৰি যাওঁক। আমি আশাবাদী অসমৰ মিডিয়াও এটা সময়ত শক্তিশালী ৰূপত দেখিবলৈ পাম।অসমৰ মিডিয়াৰ মানুহখিনি সচেতন হৈছে। ভাল কথা। শুনিছো দলগঠনৰ কথাও চিন্তা কৰিছে? আমি ক’ম আপোনালোকে শক্তিশালী প্রভাৱগোষ্ঠীৰ ভূমিকা লওঁক। টি.আৰ.পি স্বয়ং বাঢ়িব। ঘন্টাৰ পিছত ঘন্টা একঘেয়ামী বাৎসল্য সুলভ তৰ্ক আৰু হিংসাত্মক দৃশ্যবোৰৰ “আনএডিটেড ফুটেজ”ৰ দিনটোত বাৰাম্বাৰ প্ৰর্দশনে অসহিষ্ণু পৰিৱেশ সৃষ্টিতহে অনুঘটক হয়। সেই কথাও সাংবাদিক সকলে অনুভৱ কৰক।

নিৰ্বাচিত অংশ পৰিৱেশন হওঁক, দক্ষতাৰে উত্তেজনা পূর্ণ পৰিৱেশকো শান্ত কৰিব পৰা মহাস্ত্র কিন্তু সাংবাদিক সকলৰ হাততে আছে।আমাৰ অসমত শিপা যাৰ সেই অৰ্ণৱ গোস্বামীয়ে কিদৰে “টাইমছ নাওঁ”ৰ দৰে আগশাৰীৰ চেনেলৰ শীর্ষতম পর্যায়ত উপনীত হ’ল জানেনে??কেৱল দক্ষতা আৰু আপোচহীন নিৰপেক্ষ সাংবাদিকতাৰ বাবে। গুণীৰ গুণ সৰ্বতিকাল।সাময়িক বিভ্রান্তি আহিব পাৰে কিন্তু পৰিস্থিতিৰ সংশোধন নিশ্চিত।সাংবাদিক আফ্রিডা হুছেইন আৰু সাহিত্যিক ইছমাইল হুছেইনৰ প্রচেষ্টাত কৌমি মাদ্রাছাৰ যুৱক যুৱতীয়ে দেশৰ ভিতৰতে সর্বপ্রথম অসমত গালে জাতীয় সংগীত,ৰাষ্ট্রীয় সংগীত। আৰম্ভ হৈছে এক বিভ্ৰান্তমূলক বা-বাতৰিৰ মাজত ভাল এক পৰিবৰ্তনৰ ধাৰা। এইবোৰ বাতৰি হাই লাইট কৰক,টি আৰ পি আহিবই।ধৈর্য ধৰক,অন্তত: আপোনাৰ-মোৰ-আমাৰ ভৱিষ্যত প্রজন্মৰ স্বার্থত।

শেহতীয়াকৈ অসমৰ যুৱক যুৱতী সকল ৰাজনীতিৰ আহিবলৈ আগ্রহ কৰিছে।ভাল কথা,সুস্থ ৰাজনীতিৰ পাঠদান কৰি যোগ্য অনুজক যথাযথ দালিত্ব অর্পন কৰি সুস্থ ৰাজনীতিৰ প্রশিক্ষন দিয়াৰ দায়িত্ব অগ্রজৰ।অন্যথাই বীতশ্রদ্ধ নতুন প্রজন্ম আকৌ অহা বাটে ঘূৰি যাব কাৰণ আজিৰ নতুনে কেৱল মন্ত্রী হ’বলৈ ৰাজনীতিলৈ অহা নাই।আহিছে সৰ্বাংগীন সু পৰিৱর্তনৰ পৰিকল্পনাৰ আশা সাঁৱটি। অৰাজনৈতিক প্রেক্ষাপটত অসমৰ জাতীয় কৃষ্টি- জাতীয় জীৱনৰ সংৰক্ষণৰ বাবে অভিজিৎ সোণোৱালহঁতে গঢ়িছে অসম সুৰক্ষা সেনা, নাগৰিক সজাগতা মঞ্চ তৈয়াৰ কৰিছে ধীৰাজ লহকৰ,সঞ্জীৱ আলোক আদিয়ে।

আমি কম, সংযমী হৈ আগবাঢ়ক,গঠমমূলক কামেৰে ৰাইজৰ মাজত ৰাজনৈতিক-অর্থনৈতিক সজাগতা আনিবলৈ যত্ন কৰক।অন্য জাতীয় সংগঠনবোৰৰ সৈতে গঠনমূলক দিশৰ আলোচনা সহ আগবাঢ়ক।মতানৈক্য থাকিব কিন্তু মনোমালিন্য নঘটাটোৱেই মংগল।ছাত্র চাত্রী কাৰিকৰী/ব্যৱহাৰিক শিক্ষা দিয়াৰ বাবে চন্দন হাজৰিকাৰ “আর্হি”এক ব্যতিক্ৰমী প্রচেষ্টা।স্বাগতম।আমি আছো। এইবোৰ ইতিবাচক প্রচেষ্টা।
পুনৰ উভটিছো এইবাৰ নির্বাচনী আখৰালৈ।উল্লেখনীয় যে ২৫ লাখ/৩৫ লাখৰ সদস্য ভৰ্তিৰ প্রতিযোগিতাখন আকর্ষণীয় আৰু প্রয়োজনীয় যদিও তাতোকৈ প্রয়োজনীয় এইসকলক সদস্যক ধৰি ৰখাটো। অন্যথাই এটা ৰাতিত কম্বলৰ মায়াত ভোটৰ চিম্বল সলনি হয় অসমত। শিক্ষিত চামে আকৌ বিচাৰিব পৰিকল্পিত ভৱিষ্যতৰ আশ্বাস?অন্যথাই সংগৃহীত সদস্যৰে কেৱল নির্বাচনৰ বৈতৰণী পাৰ কৰাৰ প্রচেষ্টা আপোনঘাটী বিবেচিত হ’ব পাৰে।সঁকিয়াই থলো।

ৰাইজৰ মাজত সোমাই তৃণমূল পর্যায়ত সুস্থিৰ নিৰাপত্তাসহ আগন্তুক দিনত শান্তি সম্প্রীতি ৰক্ষাৰ চেষ্টাৰে যি দলে আগবাঢ়ি যাব সেই দলৰ প্রতিয়েই অসমৰ ৰাইজ আকর্ষিত হ’ব।আমাৰ বিশ্বাস। অসমত এইবাৰ বিজেপি চৰকাৰৰ গঠনৰ সম্ভাৱনাক লৈ বু-বা ওলাইছে। আমি ক’ম অতি উল্লাস পৰিতার্য। কাৰণ অতি দর্পে হত লংকা। কোনোবাই ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ সদস্য বুলি পক্ষপাতিত্বৰ প্রশ্ন তুলিব পাৰে,আমি তেনে সম্ভাৱনা নস্যাৎ কৰি কৈছো, সম্পূর্ণ আস্থা আৰু আদর্শগত শ্রদ্ধা অটুট ৰাখিও কওঁ(ৰাজনীতিৰ পথাৰত নবীন বাবে হয়তো আমাৰ কথা অগ্রজে গুৰুত্ব দিবও পাৰে নিদিবও পাৰে)এজন লেখক হিচাপে অপৈণত বয়স হ’লেও বিগত প্রায় এক দশকৰো অধিক অসমৰ ৰাজনীতি আৰু সমাজনীতি সর্ম্পকে কৰা অধ্যয়ন আৰু পর্যবেক্ষণৰ প্রতিটো সময়তে আমি নিৰপেক্ষ স্থিতি লৈ আহিছো। সেই স্থিতি আমাৰ অপৰিৱর্তনীয় আছে আৰু থাকিব।“Charity begins at home”সূত্রৰ আধাৰত নিজকে চিকুটি চাই কওঁ শেহতীয়াকৈ কেন্দ্রত চৰকাৰে কিছু উন্নত পৰিকল্পনা হাতত লৈছে,অসমতো বিজেপি সাংসদ সকলে একগোট হৈ চেষ্টা কৰক যাতে ভাল কাম হয়,তেতিয়াহে অসমত পৰিৱর্তনৰ স্বার্থত পুনৰ এটা ৰাষ্ট্রীয় দলক সুযোগ দিয়াৰ কথা ভাবিব অসমৰ ৰাইজে।

ধর্মীয় মেৰু কৰণ,পুজিঁপতিৰ আজ্ঞাবাহী আদি সমালোচনাৰ যোগ্য প্রত্যুত্তৰ সংযত হৈ কাজে কর্মই দিব পাৰিব লাগিব একত্রিত হৈ অসম বিজেপিয়ে।অসমৰ ৰাইজে নিৰাপত্তা বিচাৰে শান্তি বিচাৰে আৰু বিচাৰে স্বাৱলম্বী অসম।আমিও বিচাৰিম অসমত শান্তি অটুত থাকক।অসমৰ হিন্দু মূছলমান সকলোৱে মিলি অসম বিদ্বেষী যিকোনো শক্তিক চিনি উলিয়াওক। চৰ অঞ্চলৰ যুৱক-যুৱতীৰ বিহু নৃত্য আৰু অসমীয়া ভাষা প্ৰীতিৰ খবৰে আমাক আপ্লুত কৰি আহিছে। অসমৰ বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত চৰবাসীৰ অৱদান অনস্বীকাৰ্য।এই চৰবাসীয়েও নিবিচাৰে অসম বিদেশীৰ আৱাস হওঁক।প্ৰয়োজন এক সহনশীলতা আৰু বিশ্বাসৰ পৰিবেশ সৃষ্টি কৰা।চৰাঞ্চলৰ উন্নতিত ৰাজনৈতিক দলসমূহে মন দিয়া উচিত।শিক্ষিত আৰু সচেতন চৰবাসীৰ সহযোগত বিদেশী বহিষ্কৰণৰ চেষ্টা কৰিব লাগিব। আমি আগ্ৰহী।বিভিন্ন দ্বন্দ থাকিলেও গণতান্ত্রিক মূল্যবোধৰ যথাযথ সংৰক্ষণৰ স্বার্থত কিছুমান নীতি সমাজত সকলোৱে মিলি গ্রহন কৰিব লাগিব।ন্যায়ৰ ভেঁটি স্থাপন হ’ব লাগিব।প্রথমতে স্থাপন হ’ব লাগিব সামাজিক ন্যায় আৰু সমান্তৰাল ভাৱে জৰুৰী ৰাজনৈতিক ন্যায়।এয়া সম্ভৱ হ’বলৈ হ’লে সম অধিকাৰ আৰু ৰাজনৈতিক অর্থনৈতিক দিশত সমতা আহৰণ অতিশয় জৰুৰী।

প্রসিদ্ধ সমাজ বিজ্ঞানী অর্মত্য সেনৰ ভাষাত“Justice is ultimately connected with the way people’s lives go.”ন্যায়ৰ অনুসন্ধানৰ বাবে শেহতীয়া সূত্র হৈছে “Social Choice Theory”. এই অনুসৰি ন্যায়ৰ কাষ চাপিবলৈ ক্ৰমে এৰি যাব লাগিব ধৰা-বন্ধা সূত্রৰ কঠিন গাঁথনি।লগতে স্থান দিব লাগিব বিভিন্ন পক্ষৰ মতামত,সময়সাপেক্ষ যুক্তি-তর্ক-আলোচনা ইত্যাদি।
সমান্তৰালভাৱে দেখিছো বিভিন্ন চ'ছিয়েল মিডিয়াইও অসমৰ ৰাজনীতি আৰু সমাজনীতিৰ ক্ষেত্রত ক্ৰমশ: গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোডী ডাঙৰীয়াৰ চমকপ্রদ অভ্যুথানৰ পিছত ৰাজনৈতিক দলসমূহেও ছছিয়েল মিডিয়া যেনে ফেচবুক,টুইটাৰ আদিৰ জৰিয়তে জনগণৰ ওচৰ চাপিবলৈ চেষ্টা কৰা দেখা গৈছে। গণ-মাধ্যমৰ সুপ্রয়োগেৰে জনতাক সচেতন কৰাৰ প্রয়াস অনৈতিক হ’ব নোৱাৰে। কিন্তু এই মাধ্যম সমূহত বিভিন্ন আলোচনাত দেখা যায় কেতিয়াবা পিতৃ স্থানীয়জনকো কটু বাক্যৰে সমালোচনা কৰা হৈছে।সমালোচনা জৰুৰী,আলোচনাও লাগিব কিন্তু নৈতিকতা বির্সজন দি নিশ্চয়কৈ নহয়।

প্রসংগক্ৰমে কওঁ ছছি’য়েল মিডিয়াত“স্বচ্ছ ভাৰত”সূত্র লৈ হুলস্থূল কৰিব লগা কি আছে? মোডী ডাঙৰীয়াই ঝাঢ়ু ধৰি দেখালেই দেশ নিকা নহয় কিন্তু প্রতীক ভাৱে কথাখিনি বুজি লৈ এখন নিকা সমাজৰ আহ্বান দিওঁ,হাতে কামে লাগো এক অভ্যাস হিচাপে??বাদ বিবাদৰ কথা কি? সমান্তৰাল ভাৱে ড০ হিমন্ত বিশ্ব শৰ্মাৰ বর্তমানৰ দুর্দশাক লৈ যি সকলে তুচ্ছ তাচ্ছিল্য কৰিছে সেই সকলক কওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা হীৰেণ গোঁহাই ডাঙৰীয়াই হয়তোবা অতি উচ্চাকাংক্ষা বা সাময়িক বাক-সংযমহীনতাৰ বাবে আজি সমালোচিত হৈছে।হয়তোবা প্রাক্তন স্বাস্থ্য/ শিক্ষামন্ত্রীজন দোষী সাব্যস্ত হ’বও পাৰে সাৰদা কেলেংকাৰীত,সেয়া অহাকালিলৈৰ খবৰ।কিন্তু আজিৰ তাৰিখত অতি উল্লা্স বিপদজনক কিয়নো নিজৰ পৰিসৰত ড০ হিমন্ত বিশ্ব এজন চতুৰ আৰু কৌশলী খেলুৱৈ।মনত ৰখা ভাল“হস্তীৰো পিছলে পাৱ সজ্জনৰো বুৰে নাওঁ।”অৱশ্যেই এইটো ঠিক ড০ শৰ্মাই পুনৰ দলবাগৰাটো আমাৰ কাম্য নহয়।কিন্তু অসমৰ ৰাজনীতিৰ অন্যতম মহাৰথী এজনক পিছফালৰ পৰা আক্ৰমন কৰা অনুচিত।একে কথাই প্রযোজ্য সাহিত্য তথা চিন্তা-চৰ্চাৰ ক্ষেত্রত অগ্রজ ড০ গোঁহাই ডাঙৰীয়াৰ ক্ষেত্রতো।

ছছিয়েল মিডিয়াত নৰমুণ্ড সন্মুখত লৈ বহি থকা মানুহৰ ছবি আপলোড কৰাৰ আগতে ভাবি চাব সেই ভয়াবহ ছবি দর্শন কৰিব কোনে? কোনো বর্বৰৰ হাতত ধর্ষিতা নগ্ন ভগ্নী গৰাকীৰ প্রতি আমি সমমৰ্মী কিন্তু তেওঁৰ আন এডিটেড নগ্ন ফটো অজ্ঞাতে চছিয়েল মেডিয়াত সমমৰ্মীতাৰ নামত প্রকাশ কৰি দ্বিতীয়বাৰ ধর্ষন কৰাৰ আমি পক্ষপাতী নহয়।বিপৰীতে আমি বিচাৰিম চ'ছিয়েল মেডিয়াৰ দ্বাৰা ভাল খবৰবোৰ বিয়পি পৰক। দল-মত নিৰ্বিশেষে ব্যক্তিগত লেবেলবোৰ একাষে ৰাখি একেখন মঞ্চৰ পৰাই ভাল কামবোৰত সঁহাৰি দিব নোৱাৰি জানো?ভাল কামবোৰ সন্দেহৰ চকুৰে চোৱা অনুচিত।ধৰি ললো স্বাৰ্থ আছে কিন্তু উদ্দেশ্য আৰু পন্থাতো অসৎ নহয়।সমাজখনতো উপকৃত হৈছে!

কিছুমান কথা বিয়পিবলৈ সুৰুঙাতো পোৱা নাই। এনে কাম কৰি কোনোৱে জনপ্রিয় হ’ব বিচাৰিছে,আমি জানো আপুনি সকলো কথাই বুজে??হওঁক আপত্তি কি?ভাল কামেৰে আপুনিও সমাজত নিজৰ স্থান দখল কৰক। টানি ধৰে কিয়?যতনেৰে ডাঙি ধৰকচোন ইজনে সিজনক, এদিন এক হৈ গোৱৰ্ধন দাঙি ধৰাৰ শকতি পাব!

মনালিছা শইকীয়াই দিয়া ফেচবুক ষ্টেটাছটো মনত পৰিছে”ভাল কামবোৰ সন্দেহৰ চকুৰে চাব নাপায়।”ফেচবুকৰ জৰিয়তে কেইবাখনো ই-মেগাজিন ওলাইছে,অজয় লাল দত্তৰ "অসমীয়াৰ সুখ-দুখ"ৰ  ভাল খবৰ, ভাল সমলৰ চৰ্চাও জনপ্রিয় হৈছে। অসমীয়া উইকিপিডিয়া, অসমীয়াত কথা বতৰা গোটৰ উদ্যোগত সাহিত্য চৰ্চা অসমীয়াত কথা বতৰাৰ পৰিবেশ গঢ়াৰ চেষ্টা চলিছে।হিমজ্যোতি, সত্যকাম, মুকুল, বনজিৎ পাঠক, বিক্ৰমজিৎ কাকতি,অঞ্জল বৰা, দিগন্ত কুমাৰ ভট্টাচাৰ্য, জ্যোতিপ্রকাশ নাথ, নগাঁৱৰ নিতুল বৰা আদিকে ধৰি ভাষা সাহিত্যৰ অগ্রণী সৈনিকে ভাষাটোৰ সংৰক্ষণৰ বাবে অহৰহ চেষ্টা কৰিছে।দিল্লীত সুৰজিৎ,ধীৰাজ হঁতে জাতিটোৰ স্বাৰ্থত নিৰৱে কাম কৰিছে।মেৰিলীন দত্তহতঁৰ“সহায়”,অবিনাশ শৰ্মাৰ উদ্যোগত “অসমীয়া সাহিত্য সন্মিলনী”,ভিক্তৰ ৰাজকুমাৰ আদিৰ প্রচেষ্টা,স্পন্দন গোট ৰণজিৎ বৰা,বুবুল কলিতা, নিকুঞ্জ নাথ, ময়ুৰীদত্ত, খিৰিকী,সমুদ্র, কাব্যালয়ৰ আদিৰ কাব্য চৰ্চা কবিতা পুথি প্রকাশৰ খবৰবোৰ আমি পাই থাকো। পাওঁ বিভিন্ন ন উন্মোচিত কিতাপৰ উপহাৰ। এয়া এক অনাবিল আনন্দ।

ৰাজনীতি সমাজনীতি খিয়লা খিয়লিৰ উৰ্ধত এদল অসমীয়াই জাতি মাটিৰ হকে নিৰৱে কিন্তু গভীৰ আত্ম নিয়োগ সহ কাম কৰি আছে। আনন্দিত হওঁ। গুমৰাগে অধ্যয়ন চক্ৰ খুলিব, আর্চ্ছিৰ যোগদানত মাহেকীয়া অনুভূতিয়ে নতুন গতি পাইছে,“প্রকাশ”ৰ অবৈতনিক সম্পাদক অৰিন্দম বৰকটকী ডাঙৰীয়াৰ সম্পাদনা ভাল, আলোচনী সুন্দৰ।ভাল খবৰ।ড০ বুলজিৎ বুঢ়াগোঁহাই অসমৰ নতুন প্রজন্মৰ আন এক ইতিবাচক চিন্তনসমৃদ্ধ ব্যক্তি।

অধ্যাপক ধৰণী লাহণে দৰমহাৰ টকাৰে কিতাপ কিনি দিছে,নলবাৰীৰ সাংবাদিক মজিবৰ ৰহমানে বৃদ্ধাশ্রম খুলিছে। অসমৰ জাতীয় জীৱনক লৈ উদ্বিগ্ন পদার্থবিজ্ঞানৰ গৱেষক পংকজ ঠাকুৰীয়াই ব্যস্ততাৰ মাজতে জিহাদ সর্ম্পকে লিখি উলিয়াইছে দহমাহজোৰা অধ্যয়নৰ ফচল তথ্য গধুৰ লিখনি।উদ্দেশ্যে যাতে আপোন সমাজখন বিপথে পৰিচালিত নহয়।আবিদ আজাদ,তফিক উদ্দিন,আদিকে ধৰি বহু নতুন যুৱকৰ লিখনীত ইতিবাচক প্রগতিশীল আৰু সংহতিৰ ভাৱধাৰা বিদ্যমান। এইসকলে এনেয়ে লিখা নাই,তথ্য পাতিৰ খৰচি মাৰি অধ্যয়নৰ ফচল একোটা উৎকৃষ্ট সমাজ সচেতনধর্মী লেখনি।এচাম নতুন লেখক ক্ৰমশ: কলমেৰে যুঁজিবলৈ যেন সাজু।এইবেলি সংঘবদ্ধ প্রয়াস। আস: পৰাগদা যদি থাকিলহেতেন,নিশ্চয় আনন্দিত হ’লহেতেন। এয়া যেন অসমীয়াৰ ৰক্তবীজ,তোমাৰেই উর্ব্বৰতাৰ ফচল!
এনে অসংখ্য ভাল খবৰ অসমৰ চুকে কোণে ঘটি আছে নিৰৱে।আচলতে ক'ৰবাত কিবাকিবি ভাল হৈ আছে বাবেই আজিৰ জটিল ক্ষণতো সমাজখন স্বস্থিতিৰে দণ্ডায়মান হৈ আছে।আহক ভাল চিন্তা আৰু গঠনমূলক চৰ্চাৰে আমি উপভোগ কৰো পৰস্পৰৰ সু-সান্নিধ্য জাতি ধৰ্ম ভাষা বর্ণৰ উৰ্দ্ধত অৱস্থান কৰাৰ হেপাহেৰে আহক আমি কথা পাতো,আলোচনা কৰো,সমালোচনাও হওঁক কিন্তু অশালীন ভাৱে নৈতিকতা পৰিহাৰ কৰি বার্তালাপ নকৰিম নিশ্চয়।বন্ধুসকল,আহক কিমান আৰু কটু মন্ত্র আৰু মন্ত্রণাৰ ভেল্কীবাঁজী চাই থাকিম। ভাল খবৰ সমূহ বিতৰণ কৰক।আমি ইজনে সিজনে গম পাওঁ আহকচোন ক'ত কি ভাল কাম হৈ আছে।

No comments:

Post a Comment