সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগ

সাম্প্ৰতিক প্ৰসংগ

Share This
অসমত জেহাদীঃ প্ৰচাৰ, অপপ্ৰচাৰ আৰু প্ৰতিক্ৰিয়া 
টুৱাৰাম দত্ত

যোৱা ৩১ অক্টোবৰৰ দিনা আকৌ এটা অপ্রয়োজনীয় অসম বন্ধ পালিত হ’ল। প্ৰতিবাদৰ আন বহুত ভাষা আছে । বন্ধই কোনো সমস্যা সমধান কৰিব নোৱাৰে। বৰঞ্চ অসমীয়া আৰ্থ-সামাজিক জীবনৰ প্ৰতি ই এক ভয়াবহ অভিশাপ। অন্যহাতেদি মাননীয় বদৰুদ্দিন আজমল বা তেখেতৰ নেতৃত্বাধীন এ আই ইউ ডি এফ দল ৰ বিৰুদ্ধে জেহাদী বা সন্ত্ৰাসবাদীক সহায় কৰাৰ যি অভিযোগ উত্থাপন হৈছে, সেই সম্পৰ্কত এই পৰ্য্যন্ত কোনো ধৰণৰ আইন সন্মত প্রমাণ নাই। আছে মাত্র অভিযোগ। অভিযোগ প্রমাণিত নোহোৱা পৰ্য্যন্ত কোনো ব্যক্তি বা দলক দোষাৰোপ কৰিব পৰা নাযায়। আৰু যদি অভিযোগ প্রমাণিত হয়, তেতিয়া ভাৰতীয় আইনে লবলগা ব্যৱস্থা নিজেই লব। অন্য কোনেও অসম বন্ধৰ আহবান দি কাকো সোঁৱৰাই দিয়াৰ প্রয়োজনেই নাই।

এটা কথাত আমাৰ কাৰো দ্বিমত থাকিব নোৱাৰে যে সম্প্রতি অসমত জেহাদী বা মৌলবাদী শক্তিয়ে লক্ষণীয়ভাবে গা কৰি উঠিছে। যি সকল লোকৰ জনগাঁঠনিৰ মাজত এই মৌলবাদী কাম-কাজৰ তীব্রতা অধিক পৰিলক্ষিত হৈছে সেইসকল হ’ল সংখ্যালঘু মুছলমান সমাজ। কিন্তু অসমৰ সকলো মুছলমান জেহাদীৰ লগত জড়িত বুলি কোনেও কব নোৱাৰে। অসমৰ সকলো মাদ্রাছাত জেহাদীৰ প্রশিক্ষণ দিয়া হয় বুলি কোনেও কব নোৱাৰে। চৰ অঞ্চলৰ অশিক্ষিত, অৰ্ধশিক্ষিত, নিৰক্ষৰ আৰু আৰ্থিক দিশত পিছ পৰা লোকসকলক ধৰ্মৰ আফিং খুৱাই জেহাদী বনোৱাটো একো টান কথা নহয়। এই সহজ সৰল লোক সকলক জেহাদী সকলে যাতে তেওঁলোকৰ টাৰ্গেট কৰিব নোৱাৰে তাৰ বাবে অসমৰ সংখ্যালঘু সংগঠনবোৰকে ধৰি সকলোৱে বিশেষ দৃষ্টি দিয়াটো যুগুত হ'ব। 

মাননীয় বদৰুদ্দিন আজমল ডাঙৰীয়া অসমৰ এজন সন্মানীয় সাংসদ। এটা গণতান্ত্রিক প্রক্রিয়াৰ যোগেদি তেখেত লোকসভা ৰ সাংসদ হৈছেগৈ। আৰু এ আই ইউ ডি এফ দল কোনো নিষিদ্ধ দল নহয়, এটা ভাৰতীয় গণতান্ত্রিক পৰম্পৰাৰে গঠিত ৰাজনৈতিক দল। গতিকে তেখেত সকলৰ প্রতি কাৰোবাৰ হাতত কিবা অনৈতিক কাম-কাজৰ তথ্য-প্রমাণ থাকিলে সম্পূৰ্ণ আইনী ব্যৱস্থাৰ মাধ্যমেৰে পদক্ষেপ লব পৰা যায়। এই ক্ষেত্রত কাকো বলপূৰ্বক বাধা দি ধৰি ৰাখিব নোৱাৰি। 

কিন্তু অযথা অসম বন্ধৰ দ্বাৰা আমি কি অসাধ্য সাধন কৰিব বিচাৰো? অসম বন্ধই কাক সহায় কৰিব? বন্ধ আহবায়ক সংগঠনটোৱে আমাৰ প্রশ্নৰ উত্তৰ দিয়কেই বা নিদিয়ক এটা কথা নিশ্চিত যে এই বন্ধই বদৰুদ্দিন আজমল ডাঙৰীয়াক প্রভূত সহায় কৰিব। ৩১ অক্টোবৰৰ বন্ধই সাংঘাটিক ভাবে শক্তিশালী কৰি তুলিব আজমল ডাঙৰীয়াক। ইতিমধ্যে অসম বাসীৰ সংখ্যালঘু শ্রেণীৰ লোকৰ বাবে তেখেত হৈ উঠিছে বিপদ কালৰ ত্রাণকৰ্তা। সেই সকল লোকৰ আৱেগ, সংশয় তথা অস্থিৰতাক মূলধন হিচাপে লৈয়েই আজমল ডাঙৰীয়াই আৰম্ভ কৰিছিল ৰাজনীতিৰ অ আ ক খ। এতিয়া তেখেত সকলৰ মাজত আজমল ডাঙৰীয়াৰ খোপনি আৰু অধিক দৃঢ হোৱাত সহায় কৰিব এই অসম বন্ধই। অসমত ইতিমধ্যে আৰম্ভ হৈ গৈছে ৰাজনৈতিক মেৰু-বিভাজন। অসমৰ কৌটিকলীয়া সম্প্রীতি, ঐক্য-শান্তিৰ বাণী, অনৈক্যৰ মাজত বাৰেবৰণীয়া ঐক্যৰ পুৰাতন সংস্কৃতিৰ কথা আমি যিমানেই টেটুফালি নিছিঞৰো কিয় এটা কথা দিনৰ পোহৰৰ দৰেই সত্য যে ভাৰতৰ অন্য প্রান্তৰ দৰে দুই বিপৰীত মেৰুৰ অবাঞ্চিত কালিকা লগা বিভেদকামী ৰাজনীতিত অসম আজি বিভক্ত। ৩১ অক্টোবৰৰ অসম বন্ধই যেন এই ৰাজনৈতিক মেৰু-বিভাজনক অধিক সাৰ-পানী যোগাইছে। 

অন্যহাতেদি এই অসম বন্ধৰ মূল আহবায়ক বজৰং দল হ’ল কেন্দ্ৰৰ শাসক দলৰ ভাতৃ সংগঠন। স্বাভাবিকতেই এই সমস্ত ঘটনাৰাজীৰ প্রকৃত সত্যাসত্য নিৰূপন তথা দোষীক যথোপযুক্ত শাস্তি প্রদানৰ ক্ষেত্রত তেখেতসকলৰ পৰোক্ষ ক্ষমতা অপৰিসীম। কেন্দ্রীয় চোৰাংচোৱা বাহিনী, নিয়া(NIA) আদিৰ দ্বাৰা উচিত অনুসন্ধান আৰু তদন্তৰ দ্বাৰা সম্পূৰ্ণ চিত্রপট পোহৰলৈ অনাৰ ক্ষেত্রত তেখেত সকলে ইচ্ছা কৰিলেই যে শক্তিশালী ভূমিকা লব পাৰে তাত দুগ্ধপোষ্য শিশুৰো সন্দেহ নাই। কিন্তু ইমান খিনিৰ পিছতো বজৰং দলে অসম বন্ধৰ দৰে সাধাৰণ খাটি-খোৱা জনতাৰ অনিষ্টকাৰী এটা তুচ্ছ, গৰিষ্ঠ সংখ্যকৰে অপ্রিয় পন্থা এটা গ্রহণ কৰাৰ আঁৰত সস্তীয়া ৰাজনীতিয়েই যে লুকাই আছে তাক নুই কৰাৰ কোনো প্রয়োজন নাই। তেখেতসকলৰ এনে সস্তীয়া ৰাজনৈতিক কৌশলৰ পৰা এটা কথা সন্দেহাতীত ভাবে প্রতীয়মান হয় যে সুবিধাবাদী ৰাজনীতিৰ ক্ষেত্রত আজমল বাহিনী আৰু তেখেতসকল একে পানীৰে মাছ। বাহিৰৰ ৰাজনৈতিক পোছাকটো বাদ দিলে ভিতৰৰ সাঁহটো সকলোৰে একেই। 

কিন্তু দূৰ্ভাগ্যজনক কথাটো হ’ল এই সমস্ত অনাহুত ৰাজনৈতিক কৰ্ম-কাণ্ডৰ কুফল ভোগ কৰিব লগীয়া হয় সাধাৰণ নিমাখিত জনতাই। অসম বন্ধৰ পৰিণতিত সাধাৰণ জনতাই সন্মুখীন হবলগীয়া দুৰ্ভোগ তথা অৰ্থনৈতিক লোকচানৰ কথা কাকতে-পত্রে তথা বিভিন্ন মাধ্যমৰ জৰিয়তে সচেতন লোক সকলে আলোচনা কৰিয়েই আহিছে। পেটে-ভাতে খাই জীবন নিৰ্বাহ কৰা সমাজৰ দুৰ্বল অংশটোৰ পৰা আৰম্ভ কৰি সকলো শ্রেণী নিৰ্দোষ নাগৰিকেই যে এই বন্ধৰ কু-প্রভাব ভোগ কৰিব লগা হয় তাক ন কৈ দোহৰাৰ প্রয়োজনেই নাই। 

কিন্তু আমাৰ আলোচিত বিষয়টো হ’ল ৩১ অক্টোবৰৰ অসম বন্ধই সাংঘাটিক ভাবে শক্তিশালী কৰি তুলিব আজমল ডাঙৰীয়াক। অসমৰ এক বুজন সংখ্যক নাগৰিক হ’ল সংখ্যালঘু নাগৰিক সকল। সংখ্যালঘুৰ সুৰক্ষাৰ তথাকথিত মন্ত্র আওৰাই ৰাজনীতিৰ পথাৰত খোজ পেলাইছিল আজমল ডাঙৰীয়াই। অসমৰ খিলঞ্জীয়া জনগনে তেখেতৰ বিৰুদ্ধে যিমানেই আস্ফালন নকৰক কিয় সংখ্যালঘুৰ বাবে তেখেত নায়ক হোৱাৰ পথত। আৰু এনে এক প্রেক্ষাপটত তেখেতৰ বিৰুদ্ধে অসম বন্ধৰ দৰে অপ্রয়োজনীয়, অনাৱশ্যক ঘৃণাৰ অভিযান (Hate Campaign) চলাই মাননীয় বদৰুদ্দিন আজমল ডাঙৰীয়াক আৰু অধিক সংখ্যালঘুৰ কাষ চাপি যাবলৈ সহায় কৰাহে হয়। এনেদৰে থাকিলে অহা নিৰ্বাচনত এ আই ইউ ডি এফ দলে অভাৱনীয় ফল লাভ কৰিব। ব্যক্তিগত ভাবে এ আই ইউ ডি এফ দলৰ প্রতি আমাৰ কোনো বৈৰী ভাব নাই। কিন্তু আমি কব বিচৰা বিষয়টো হ’ল যি উদ্দেশ্য সন্মুখত ৰাখি ৩১ অক্টোবৰৰ অসম বন্ধৰ আহবান কৰা হৈছিল সি পৰোক্ষভাবে আজমল বাহিনীকহে লাভবান কৰিবগৈ। 

আমি সকলোৱে এটা কথা মনত ৰখা উচিত যে এমুঠিমান বিপথে পৰিচালিত মুছলিম লোক জেহাদীৰ প্রশিক্ষণ লোৱা বাবেই সৰ্বসাধাৰণ মুছলমান সকল জেহাদী হৈ নাযায়। সৰ্বসাধাৰণ মুছলমানৰ দেশপ্রেম সন্দেহাতীত। অসমত হিন্দু মুছলমানৰ মাজত এক ঐতিহাসিক সম্প্ৰীতি আছে ।কেৱল মুষ্টিমেয় কিছু সংখ্যক মুছলিম লোকৰ বাবে সম্পূৰ্ণ জাতিটো বদনাম হোৱা কথাটো মিছা নহয়৷ সেয়েহে আমি সমূদায় সম্প্ৰদায়টোৰ ওপৰত সন্দেহ কৰাটো মাৰাত্মক ভূল কথা ৷ 

কিন্তু,এইক্ষেত্ৰত অসমীয়া মুছলমান সকলেও কিছু বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷ ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা যিকোনো দলৰ ওপৰত নিৰ্ভৰশীলতা বাদ দিব লাগিব ৷ বিশেষকৈ আমাৰ ( দুয়োটা সম্প্ৰদায়ৰ) যুৱ প্ৰজন্মই পৰস্পৰৰ প্ৰতি শেষ হৈ যাব ধৰা বিশ্বাস পুনৰ জাগৃত কৰিব লাগিব, যিকোনো এটা বিষয়ত যথেষ্ট সংযমতা প্ৰকাশ কৰি আগবাঢ়িব লাগিব ৷ ভাৰতৰ মুছলমান সমাজত অসমীয়া মুছলমান সকলেই একমাত্র সমাজ যি সকলে ধৰ্মৰ আগত জাতীয় পৰিচয় দি ভাল পায়। অসমেই একমাত্র ৰাজ্য য'ত অসমীয়া হিন্দু আৰু অসমীয়া মুছলমানৰ মাজত সাম্প্রদায়িক সংঘৰ্ষ দূৰৰ কথা, সামান্য মনোমালিন্যও হোৱা নাই। আহক আজিৰ পৰা আমাৰ উমৈহতীয়া পৰিচয় অসমীয়াৰে আমি চিনাকি দিবলৈ আৰম্ভ কৰো । আমি কেৱল মাত্ৰ অসমীয়া ।

(লেখাটি "আমি কেৱল অসমীয়া" শিৰোনামেৰে অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে)

No comments:

Post a Comment