প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধ

প্ৰৱন্ধ

Share This
ধেমাজি জিলাৰ পৰ্যটনৰ উজ্জ্বল সম্ভাৱনাবোৰ

ড° বুলজিৎ বুঢ়াগোহাঁই

আমাৰ ধেমাজি জিলাৰ পৰ্যটন ক্ষেত্রখনৰ বিকাশৰ সম্ভাৱনা বহুত আছে । পৰ্যটন ক্ষেত্রখনৰ বিকাশত জিলাখনৰ সকলো বাসিন্দাৰে কিছু কৰণীয় আছে। জিলাখনৰ পৰ্যটনৰ ক্ষেত্রখনৰ বিকাশৰ বাবে চৰকাৰে লোৱা আঁচনিবোৰত ধেমাজিবাসীৰ লগতে ৰাজ্যখনৰ সকলোৰে সহায়-সহযোগিতা কৰিলেহে এই আঁচনিবোৰ সফল হ’ব। ব্যক্তিগত ভাৱেও আমি বিভিন্ন পদক্ষেপ গ্রহণ কৰিব পাৰোঁ । 

ধেমাজি জিলাৰ পৰ্যটনৰ ক্ষেত্রখন বিভিন্ন ধৰণে ভাগ কৰিব পাৰোঁ। যেনে : ধেমাজি জিলাৰ পৰিবেশ পৰ্যটন , ধেমাজি জিলাৰ সাংস্কৃতি পৰ্যটন , ধেমাজি জিলাৰ গ্রাম্য পৰ্যটন , ধেমাজি জিলাৰ ঐতিহ্য পৰ্যটন আদি । ধেমাজি জিলাত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক বসবাস কৰে। এই সকলৰ ভিতৰত আহোম, চুতীয়া, কোঁছ, কলিতা , মিচিং , বড়ো , তিৱা , সোণোৱাল কছাৰী , ব্রাক্ষ্মণ, গোসাঁই, হাজং, কৈৱৰ্ত আদি আছে। বছৰৰ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰে উদযাপন কৰা উৎসৱ-পাৰ্বণ , যেনে –ৰঙালী বিহু , মাঘ বিহু, কাতি বিহু , চ’মাংকান, ৰংকেৰ , ৱান গালা , ছগ্রামিছাৱা, বিচু, বৈশাগু , আলি য়াই লৃগাং, মে-ডাম-মে-ফি, জয়মতী উৎসৱ , সতী সাধনী উৎসৱ , পঃৰগ আদি পর্যটকক আকৰ্ষিত কৰিব পাৰি। জিলাত বসবাস কৰা প্রতিটো জনগোষ্ঠীৰ সুস্বাদু খাদ্যৰে দেশ-বিদেশৰ পৰ্যটকসকলক আপ্যায়নৰ ব্যৱস্থা কৰিব পৰা যায়। সেইদৰে জনগোষ্ঠীসমূহৰ সাজ-পোছাক আৰু আ-অলংকাৰ পৰ্যটকসকলক প্রদৰ্শণ তথা বিক্রীৰ ব্যৱস্থা কৰিব পৰা যায়। জিলাখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ নৃত্য-গীত পৰ্যটকসকলৰ আগত প্রদৰ্শন কৰি আনন্দ প্রদান কৰিব পৰা যায় । জিলাখনৰ জনগোষ্ঠীলোকে বসবাস কৰা গাঁৱৰ ঘৰত পৰ্যটকসকলক ৰখা ব্যৱস্থা কৰিব পৰা যায় ।

ধেমাজি জিলাত থকা প্রাচীন কীৰ্তিচিহ্ন সমূহ হ’ল - মালিনীথান, ৰজা খন্দা পুখুৰী , জোন কাৰেং , ঘুগুহা দৌল , পশ্চিম মাছখোৱাৰ হাৰ্হি দেৱায়, চেলাজান কছাৰী গাঁৱৰ গৰখীয়া থান, পশ্চিম ধেমাজিৰ মণিপুৰীয়া গোঁসানীৰ থান, ধেনুখনা আৰু লিকাবালিত থকা ঘাৰমৰা সত্র, মৰনৈ বেবেজীয়াৰ বাসুদেৱ থান, তামুলপুৰ সত্র, গোবিন্দপুৰ সত্র, তামুলপুৰ সত্র , চ্যুকাফাৰ দ্বিতীয়খন ৰাজধানী হাবু, মাছখোৱাত থকা বুঢ়াগোহাঁই বিলাতৰ গড় আৰু খাৱৈ, লেঙেৰী থান , ঘিলামৰাত থকা নাহৰ পুখুৰী, ঘুগুহাৰ কুঁৱৰীবিল । এই প্রাচীন কীৰ্তিচিহ্ন সমূহ থকা ঠাইবোৰ পৰ্যটন থলী হিচাপে গঢ় দিব পৰা যায় । 

ধেমাজি জিলাত থকা ‘পবা’ বৰ্ষাৰণ্যখন পৰ্যটন থলী হিচাপে গঢ়িব পৰা যায় । ধেমাজি জিলাত ‘অৰ্কিড উৎসৱ’ নিয়মীয়াকৈ আয়োজন কৰি দেশী-বিদেশীৰ পর্যটকক আকৰ্ষিত কৰিব পাৰি। ধেমাজি জিলাৰ বৰদৈবাম পক্ষী উদ্যানখনক পৰ্যটন থলী হিচাপে গঢ়িব পৰা যায় । ধেমাজি জিলা গোহাঁই গাঁৱৰ কুকুৰা যুঁজ পৰ্যটকৰ আকৰ্ষণ কৰিব পৰা স্থল আছে। সেইদৰে ধেমাজি জিলাখনত থকা নামঘৰবোৰ পৰ্যটন থলী হিচাপে গঢ়িব পৰা যায় । 

আমাৰ ধেমাজি জিলাৰ ছাত্র-ছাত্রীকে আদি কৰি বিভিন্ন বয়সৰ কিছুলোক ৰাজ্যখনৰ বিভিন্ন জিলা,ভাৰতৰ বিভিন্ন ৰাজ্য তথা পৃথিৱীৰ বিভিন্ন ঠাইলৈ ফুৰিব যায় আৰু সেই ঠাইবোৰত দর্শনীয় ঠাই , ঐতিহাসিক , ধর্মীয় আৰু নৈসর্গিক গুৰুত্বপূর্ণ স্হানবোৰ দর্শন কৰে। জিলাখনৰ বাহিৰৰ ঠাইবোৰলৈ ফুৰিব যোৱা আগতে যদি সম্ভৱ হয় জিলাখনৰ চুকে-কোণে সিঁচৰিত হৈ থকা দর্শনীয় স্থানবোৰো পৰিভ্রমণ কৰা উচিত। আমি নিজেও পৰিভ্রমণ কৰা জিলাখনৰ দর্শন কৰিবলগীয়া ঠাইবোৰৰ সবিশেষ (কি কাৰণে দর্শন কৰিবলগীয়া , কেনেকৈ যাব পাৰি, ক’ত থাকিব পাৰি আদি ) তথ্য বাতৰি কাকত আৰু আলোচনী আদি লগতে ইণ্টাৰনেট মাধ্যমৰ ছ’চিয়েল নেটৱর্কিং ছাইট-ফেচবুক, হাই-৫, ট্ৰাম্বলাৰ, টুইটাৰ আদিৰ জৰিয়তে ৰাইজৰ আগত দাঙি ধৰিব পাৰোঁ । 

সেইদৰে গুৰুত্বপূর্ণ স্হানবোৰৰ বিষয়ে অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাৰ লগতে যদি সম্ভৱ হয় বিদেশী ভাষাতো বর্ণনা দি ভিডিঅ’ৰেকর্ডিং কৰি ৱেবচাইটবোৰত (উদাহৰণস্বৰূপে -YouTube) আপলোড কৰিব পৰা যায় , যাতে পৃথিৱীৰ সকলো অঞ্চলৰ ৰাইজে চাব পাৰে। এই দর্শন কৰিবলগীয়া ঠাইবোৰৰ প্রচাৰৰ বাবে উপযুক্ত মাধ্যম হ’ব পাৰে ব্ল’গ । ব্ল’গত ঠাইবোৰৰ সবিশেষ বর্ণনা কৰি ফটো সৈতে সংযোজন কৰিব পাৰি আৰু ইংৰাজী, হিন্দী উপৰি অসমীয়া লগতে পৃথিৱী বিভিন্ন ভাষাত লিখিবও পাৰি। এই ব্ল’গবোৰত অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত দর্শন কৰিবলগীয়া ঠাইবোৰৰ সস্পকীয় প্রৱন্ধ ফটো আৰু ভিডিঅ’ৰ সৈতে প্রকাশ কৰিব লাগে আৰু সম্ভৱ হ’লে পৃথিৱীৰ বিভিন্ন ভাষাতো দুশাৰিমান হ’লেও লিখিব লাগে। তাৰ ফলত আমাৰ ৰাজ্যখনৰ লগতে পৃথিৱীৰ বিভিন্ন প্রান্তত থকা লোকসকলে সেই দর্শন কৰিবলগীয়া ঠাইবোৰৰ বিষয়ে আভাস পাবলৈ সক্ষম হ’ব। 

তেতিয়া সেই ঠাইবোৰৰ বিষয়ে বেছিকৈ জানিবলৈ আগ্রহ প্রকাশ কৰিব আৰু হয়তো বহুতে সেই ঠাইবোৰৰ সামাজিক, সাংস্কৃতিক তথা ভৌগলিক অৱস্থিতি বিষয়ে গৱেষণা কৰিবলৈও আগবাঢ়ি আহিব। সেইদৰে ঠাইবোৰৰ প্রতি আর্কষিত হৈ দেশী-বিদেশী পর্যটক আমাৰ ৰাজ্যখনলৈ আগমন হ’ব আৰু তাৰ ফলত ৰাজ্যখন কিছু পৰিমাণে হ’লেও অর্থনৈতিক ভাবে লাভবান হ’ব। আমাৰ ৰাজ্যখনলে দেশী-বিদেশী বহুসংখ্যক পর্যটক বছৰৰ বিভিন্ন সময়ত আহে। এতিয়া কথা হ’ল বিদেশী পর্যটকৰ বহুতে হিন্দী বা ইংৰাজী ভাষা নাজানে বা বুজি নাপায়। গতিকে , এই সমস্যাটি সমাধান কৰিবলৈ গাইডসকলৰ বাহিৰেও যদি সম্ভৱ হয় আমাৰ ৰাজ্যখনৰ ট্রেভেল এজেণ্টৰ পৰা হোটেলৰ কর্মচাৰীলৈকে মুঠতে পর্যটকসকলে যিসকলৰ লগত কথা পাতিব লগা হয়, তেওঁলোকক যিমান পাৰি দেশী-বিদেশী ভাষাসমূহৰ কমেও দৈনন্দিন কথা-বতৰাত লগাখিনি উপৰি অসম আৰু অসমৰ পর্যটন স্থানবোৰ বিষয়ে ক’ব পৰাকৈ শিকিব লাগে । দেশী-বিদেশী পর্যটকসকলে নিজৰ ভাষাত কথা পাতিবলে পালে ভাল পাব আৰু ইয়াৰ ফলত আমাৰ ৰাজ্যখনলে অহা বিদেশী পর্যটকৰ সংখ্যা বাঢ়িব । তাৰ ফলত আমাৰ ৰাজ্যখন কিছু পৰিমাণে হ’লেও অৰ্থনৈতিকভাৱে লাভৱান হ’ব। 

দেশী- বিদেশী ভাষাসমূহৰ শিকোৱা ক্ষেত্রত চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান তথা স্বেচ্ছাসেৱী অনুষ্ঠান অনুষ্ঠানসমূহে ভাগ ল’ব পাৰে । তদুপৰি এই বিষয়ত সজাগতা আনিব কাৰণে ছ’চিয়েল নেটৱৰ্কিং ছাইট- ফেচবুক আদিত অসমৰ হকে কাম কৰি থকা গোটবোৰ আগবাঢ়ি আহিলে ভাল হয় । এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে দেশ-বিদেশৰ বিভিন্ন ঠাইত বাস কৰি থকা প্রবাসী অসমীয়াসকলে দেশী-বিদেশী ভাষাসমূহ শিকোৱাত বিশেষ সহায় কৰিব পাৰে । প্রবাসী অসমীয়াসকলে তেওঁলোকৰ মাতৃভূমিৰ প্রতি থকা দ্বায়িত্ব আৰু কৰ্ত্তব্য পালন কৰাৰো এটা বিৰল সুযোগ ইয়াৰ জৰিয়তেই পাব।
লেখাটি ধেমাজি জিলাৰ ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৰণিকা "খোজ, ৰূপোৱালী বাটেদি"টো প্ৰকাশ পাইছে।
লেখকৰ ফোন: ৯৪৩৫১-৮৮৬৩০, ই-মেইল: buljit@gmail.com

No comments:

Post a Comment