হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
ৰাষ্ট্ৰীয় গুজৱ.কম
১. শশী থাৰুৰক কংগ্ৰেছৰ মুখপাত্ৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে। মোদীৰ প্ৰশংসা মুখত আখৈ ফুটাদি ফুটাৰ বাবেই এনে শাস্তি দিয়া বুলি গম পোৱাৰ পাছত সচেতন অসমীয়া সুচিন্ত শৰ্মাই বেছি মুখ মেলিলে কোৱাৰি ফঁটাৰ ই অনুপম উদাহৰণ বুলিও আঙুলিয়াই দিয়াৰ কথা গম পোৱা গৈছে।

২. ক্ৰিকেটৰ পাছত এইবাৰ ফুটবলতো ইণ্ডিয়ান ছুপাৰ বেপাৰী লীগে ছানি ধৰিবলৈ লোৱাৰ সুখবৰ পোৱা গৈছে। ভাগ্যৱান ভাৰতীয় মিডাছ আম্বুনীৰ পৰিয়ালৰ পৰশ পোৱা সকলো বস্তুৱেই সোণালী হৈ পৰাটো এটা স্বাভাৱিক কথা বুলি এই লীগৰ প্ৰচাৰলৈ চাই সফলতাৰ ফালে ধাৱমান হোৱাৰ সম্ভাৱনা দেখি বিশেষজ্ঞ বিশ্লেষক সন্থাই মত প্ৰকাশ কৰিছে। তাকে দেখি অসমতো টেঙাবল খেলাৰ পৰিবেশ গঢ়ি উঠিব বুলিও সদৌ অসম ৰবাব টেঙা কৃষক সন্থাই আশা প্ৰকাশ কৰাৰ বাতৰি পোৱা গৈছে।

৩. দেশৰ ভিতৰতে এনৰেগাৰ ৰূপায়ণত অসমে সৰ্বনিম্ন স্থান লাভ কৰাৰ পাছতো ঢাকঢোল বজাবলৈ নেৰা কথাটোত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে নিজৰ প্ৰতিবেদনক লৈয়ে সন্দেহ উপজাৰ কথা জানিব পৰা গৈছে। সৰ্বনিম্ন স্থান লাভ কৰা আঁচনিকো সফল বুলি প্ৰচাৰ কৰাৰ কৃৰ্তিত্ব দাবী কৰা গগৈ ছাৰৰ গণসংযোগ বিভাগক আন্তঃৰাষ্ট্ৰীয় বিজ্ঞাপন সংস্থাইও গৱেষণাৰ বিষয়বস্তু কৰি লোৱাৰ দৰকাৰ বুলিও মন্ত্ৰালয়ৰ কেৰাণী সকলে আলোচনা কৰাৰ গোপন খবৰ।

৪. "আল-কায়দা ককাই নাই" শীৰ্ষক এখন নাটক প্ৰসৱ কৰিছে অসমৰ সৃষ্টিশীল নাট্যকাৰ প্ৰসৱজিত ভট্টাচাৰ্যই। কোকৰাঝাৰ আৰু বৰপেটাত যে আল-কয়দা ককাই আচলতে নাই, সেই কথা হোজাইমলৰ পাৰ্টিৰ এজনে প্ৰতীয়মান কৰাৰ কাহিনীটোকে এই নাটকত তুলি ধৰা হৈছে বুলিও থিয়েটাৰৰ কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে। নাটকখন কেৱল সংখ্যালঘু যিবোৰ অঞ্চলত সংখ্যাগুৰু সেইবোৰ অঞ্চলতহে খলকনি তোলাৰ লক্ষ্যৰে মঞ্চায়ন কৰা হব বুলিও ভট্টাচাৰ্যই স্পষ্ট কৰি দিছে।

৫. কংগ্ৰেছৰ "নিৰ্মল ভাৰত"ক "স্বচ্ছ ভাৰত"ৰ পেকেটত বিক্ৰী কৰাৰ অভিযোগ তুলিলে দলটোৰ মুখপাত্ৰই। এতিয়া চাফা ভাৰতৰ সপোন দেখাটো ক্ষমতা হেৰুওৱা পাৰ্টিটোৱে সৰ্বস্বত্ত সংৰক্ষণ কৰি থৈছিল নেকি বুলিও নিখিল ভাৰত সচেতন নাগৰিক সংঘই প্ৰশ্ন তোলা বুলি জানিব পৰা গৈছে। 

৬.  এশ দিন যোৱাৰ পাছত এতিয়া কিমান ক'লা ধন আহি ভাৰত পালেহি তাকে লৈ বহুতো মানুহেই কেলকুলেটৰ কিনি ৰৈ থকা বুলি জানিব পৰা গৈছে। দুশ দিন হোৱাৰ পাছতো যে এই গণ্টি কৰিবলৈ পাব, সেয়া কোনো ঠিকনা নাই বুলিহে পিছে জ্যোতিষী হিৰো ইয়ঙে ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে।

৭.  জয়া আম্মাক লক্ষ্মীদেৱীৰ জীয়াৰী বুলি স্বীকৃতি দিয়া হবনে নহয় তাকে লৈ এতিয়া দক্ষিণৰ পুৰোহিত সমাজৰ মাজত দোমোজাৰ ধুমুহা অহা বুলি জানিব পৰা গৈছে। সেই সিদ্ধান্ত নোহোৱালৈকে অন্তত জেইলত থকা আম্মা গৰাকীৰ ফটো চৰকাৰী বেনাৰ, পোষ্টাৰ, কিতাপ আদিৰ পৰা মচি পেলাবলৈ কোনোবাই নিৰ্দেশ দিয়াৰ পাছত এতিয়া আম্মা ফেন ক্লাৱৰ লোকসকলৰ চকুৰ পানীৰ ফলত বানপানী আহিব পাৰে বুলি শংকা প্ৰকাশিত হৈছে।

৮. মেওবাদী সকলক নাকী লগাবলৈ গৃহ মন্ত্ৰালয়ে নতুন নীতি বনাব বুলি বাতৰি প্ৰকাশ পাইছে। গাজৰ আৰু লাঠি পলিচিৰে এই সমস্যাক কাবু কৰিব বুলিও বাতৰি পোৱা গৈছে। পিছে মেওবাদী সকলে সেই গাজৰৰ বৰশীত পৰিবনে নপৰিব, সেয়াহে সদৌ ভাৰত নখ-বাচনি পৰিষদে নিৰ্ণয় কৰি দিব পৰা নাই বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

৯. ধেমাজিত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত মৃত কৰ্মচাৰীকো দৰমহা দি থকাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামা। অভিযুক্ত ৰূপে চিনাক্ত হোৱা ধুৰন্ধৰে এতিয়া স্বৰ্গত থকা এটিএমৰ পৰাই কৰ্মচাৰী গৰাকীয়ে দৰমহা আদায় কৰি থকা বুলি দিলে তথ্য। এতিয়া কৰ্মচাৰীজনক জেৰা কৰিবলৈ স্বৰ্গলৈ যাবলৈ পুলিচ বিভাগত কোনো ৰাজী নোহোৱাৰো গোপন খবৰ!

১০. মন্ত্ৰীৰ প্ৰতিশ্ৰুতি অসাৰ হোৱাটোৱেই নিয়ম বুলি স্পষ্ট কৰি দিলে ঠিকাদাৰ সমাজকল্যাণ মন্ত্ৰী ধনকন বৰাই। চৰমপত্ৰ দিলেও তেওঁ কোনো লাজ-চৰম অনুভৱ নকৰে বুলি স্পষ্ট কৰি দিয়া অংগনবাড়ী কৰ্মী সকলে মূৰে কপালে হাত দিয়াৰো  গোপন খবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment