হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
 লোকেল গুজৱ.কম
১. সদৌ অসম পাপী মাউত সন্থাই "প্ৰায়চিত্ত সমাৰোহ"ৰ আয়োজন কৰাৰ খবৰ শুনি খাটি অসমীয়া ক্ষমাদানী নাগৰিক সংঘই সন্তোষ প্ৰকাশ কৰিছে। পিছে সমাৰোহত "ৰাজহুৱা গোৱৰ পানী" সেৱন কাৰ্যসূচী সন্নিবিষ্ট নোহোৱাতহে সংঘই আশ্চৰ্য প্ৰকাশ কৰাৰ বাতৰিয়ে পাইছে সংবাদ শিৰোনামত স্থান!

২. আঞ্চলিকতাবাদী ৰাজনৈতিক জুৱা খেল সমাৰোহত "পদ্ম" আৰু "জগদীশ" নামৰ ট্ৰাম্প কাৰ্ড দুখনৰ অনুপস্থিতিয়ে কিছুমান জুৱাৰীক চিন্তাত পেলোৱাৰ কথা প্ৰকাশ পাইছে। সচেতন তথা আধুনিক আপ-টু-ডেট জুৱাৰী সংঘই পিছে সেই ট্ৰাম্প কাৰ্ড দুখন ম্যাদ উকলি কাৰ্ডহে বুলিও গোপন খবৰ প্ৰকাশ কৰিছে।

৩. "বাইদেউ লাইভ" চেনেলে আঞ্চলিকতাবাদী কুচ-কাৱাজক লাইভ প্ৰচাৰ কৰি থকা দেখি ভিনদেৱে হাতীৰ পিঠিত উঠিবলৈ মনসা কৰিছে নেকি বুলিও এচাম ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। আনফালে বাইদেউৰ কেইবাগৰাকীও বিশিষ্ট প্ৰভুভক্তইও হাতীৰ কাষত সমবেদনামূলক কথাৰে ৰাউচি জুৰাৰ কথাও টিভিৰ পৰ্দাত ভাঁহি অহা দেখিবলৈ পোৱা গৈছে।

৪. সদৌ বৰাক পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক সংঘই প্ৰথমা পত্নীক ৰাজনৈতিক ভাৱে প্ৰমোট কৰিবনে নে ৰক্ষিতাক প্ৰমোট কৰিব তাকে লৈ বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে। এইবোৰ সৰু কথাত লাগি থকাতকৈ চীট-পট কৰি লবলৈ বুলিও সংঘৰ সভাপতি বুদ্ধ ৰয়লৈ বুলি এটি মুদ্ৰা পথৰ ভিক্ষাৰী এজনেই প্ৰেৰণ কৰাৰো খবৰ পোৱা গৈছে।

৫. নিঃকিন বৰুৱাৰ "প্ৰতিদিনে ধামাকা খবৰ"ৰ সেৱা এতিয়াৰ পৰা মোবাইলত উপলদ্ধ হব। ৪৯৯ টকাৰ বিনিময়ত গুৱাহাটীত বৰষুণ দিব পাৰে, ডেৰশ-দুশ টকীয়া ৰিক্সা সেৱা লবৰ বাবে আগতীয়াকৈ এটিএমত সোমাওক ধৰণৰ পৰামৰ্শও এই ধামাকা খবৰ সেৱাই যোগান ধৰিব বুলিও জানিব পৰা গৈছে। সদৌ ৰাইজকে এই সেৱা গ্ৰহণ কৰি নিঃকিন বৰুৱাক অৰ্থনৈতিক ভাৱে সকাহ দিবলৈকো আহ্বান জনাইছে।

৬. হামিয়াই হিকটিয়াই টাইম পাছ কৰাৰ ক্ষেত্ৰত এক নতুন অভিলেখ সৃষ্টি কৰিছে ৰসাল গগৈয়ে। তেখেতৰ এই অনুপম ৰেকৰ্ডৰ বাবে খোদ দিল্লীৰ জনপথৰ পৰাও অভিনন্দন পত্ৰ সোনকালেই আহি পাব বুলিও ফেক্স অপাৰেটৰে আমাক অৱগত কৰিছে।

৭. অৱশেষত গুঞ্জন দত্তই মেডামক লগ কৰাৰ বাবে লাভ কৰিলে সময়! দিল্লীত মেডামক লগ কৰিবলৈ কিমানবাৰ তাঁত-বাতি কৰাৰ অন্তত সেই সুযোগ লাভ কৰিলে সেয়া প্ৰকাশ কৰিলে সিও এক অভিলেখ হব বুলিও হাতোৰা পাৰ্টিৰ ভিতৰুৱা মহলে প্ৰকাশ কৰিছে। মেডামক দেখা কৰাৰ বাতৰিটোকে তিলকে তাল কৰি প্ৰকাশ কৰাৰ বাবেও তেখেতলৈ অভিনন্দন জনোৱাৰো গোপন খবৰ!

৮. ৰসাল গগৈৰ বহুচৰ্চিত নাটক "ৰদ-বদল" কেতিয়ালৈ মঞ্চস্থ হব তাকে লৈ এতিয়া দিছপুৰত প্ৰৱল জুৱা খেল আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। নখ-বাচনি, বীৰা সেৱা, মায়ঙৰ বেজ আদি সকলো লগায়ো এই নাটকখনৰ দিন-বাৰ নিৰ্ণয় কৰি এই কোটি-টকীয়া জুৱাত জিকাটো নিশ্চিত কৰিবলৈ সক্ষম নহৈ সদৌ অসম অন্ধ-বিশ্বাসী বিধায়ক সংঘই ক্ষোভ প্ৰকাশ কৰিছে!

৯. "ইণ্ডিয়ান ছুপাৰ-বেপাৰী লীগ" ফুটবলৰ অধ্যক্ষাক আচল খেল লেঙ মৰাৰ বিভিন্ন টিপচ প্ৰদান কৰিলে ৰসাল গগৈদেৱে। তেখেতে দিয়া টিপচত উদ্বুদ্ধ হৈ লক্ষ্মীপতি আইগৰাকীয়ে অৱসৰ লোৱাৰ পাছত গগৈদেৱক মুম্বাইত কৰ্পৰেট লুটেৰা সন্থাত লেঙমৰা বিশেষজ্ঞ ৰূপে যোগদান কৰিবলৈ নিমন্ত্ৰণ জনাই যোৱা বুলিও জানিব পৰা গৈছে।

১০. চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচে ১০৭ শতাংশত উপনীত হোৱাৰ পাছত সদৌ অসম খাটি-খোৱা নাগৰিক সন্থাই এতিয়া কৰ্মচাৰী সকলে কামৰ-বিনিময়ত চাহৰ খৰছত অলপ ফীজ হ্ৰাস কৰিবনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। লগতে খাটি-খোৱা নাগৰিকৰো সেই অনুপাতে দিন-মজুৰি, ৰিক্সা ভাড়া আদি বৃদ্ধি কৰাৰ বাবেও শ্ৰম বিভাগক আহ্বান জনাইছে। 

No comments:

Post a Comment