হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. গেৰুৱা বসন পিন্ধা গুণ্ডা বাহিনীৰ প্ৰভাৱ কমিবলৈ ধৰিলে অনাগত বৰ্ষ কেইটাত আন্দোলনকাৰী সকলৰ মাজত গুজৰাটী ষ্টাইলৰ প্ৰতিমূৰ্তিৰ চাহিদা বাঢ়িব বুলি বিখ্যাত জ্যোতিষী হিৰো ইয়ঙে ভৱিষ্যতবাণী কৰিছে। এই ভৱিষ্যতবাণীৰ বাবে তেওঁৰ চেম্বাৰত গেৰুৱা শিলগুটি আৰু ইনকাম টেক্সৰ ৰেইড পৰিব পাৰে বুলিও তেখেতে নিজৰ ব্লগত শংকা প্ৰকাশ কৰাৰ কথা জানিব পৰা গৈছে।

২. "স্থগিতাদেশ" নামৰ এখনি বাটৰ নাট সদৌ ভাৰত নিৰ্যাতিত নাগৰিক সন্থাই মঞ্চস্থ কৰিব বুলি জানিব পৰা গৈছে। ন্যায়হীনতাত পিষ্ট নাগৰিক সকলেই ধনে-জনে সহায় কৰি এই নাট প্ৰদৰ্শন কৰি ন্যায়ালয় সমূহক স্থগিতাদেশ আৰু তাৰিখৰ সলনি খৰতকীয়া সিদ্ধান্ত তথা ৰায়দান কৰিবলৈ সজাগ কৰিবলৈ এই প্ৰচেষ্টা হাতত লবলৈ মনসা কৰা বুলি গুজৱ ওলাইছে।

৩. বিশ্ব অশান্তিৰ নোবেল বঁটাৰ বাবে অসমৰ পৰা পবেশ বউৱা আৰু ৰংবিজিতৰ নাম মনোনয় পত্ৰ সহ কমিটীলৈ পঠিওৱা বুলি জানিব পৰা গৈছে। অনৰ্থক হাঁহিৰ বাবে ৰসাল গগৈৰ নামো এই মনোনয়নৰ বাচনিত উঠাৰ গোপন খবৰ।

৪. অসমত এখনি আন্দোলন বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ যো-জা চলিছে বুলি জানিব পৰা গৈছে। উপাচাৰ্য পদৰ বাবে বৰদেউতা ভট্টাচাৰ্য অথবা হিমুকন নিৰুদ্দেশ শৰ্মাৰ নামেই চৰ্চালৈ অহা বুলিও জানিব পৰা গৈছে। আন্দোলন খেতি-বাতি বিভাগৰ মুৰব্বী ৰূপে নাঙল গগৈৰ নাম নিশ্চিত হোৱা বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

৫. "চাফাই কৰো আহক" শীৰ্ষক এটি বিশাল কাৰ্যসূচীৰ আয়োজন কৰিছে সদৌ অসম লক্ষ্মীপ্ৰিয় বিষয়া সন্থাই। ৰাজ্যৰ ঠিকাদাৰ সন্থাৰ পৃষ্ঠপোষকতাত এনেই পৰি থকা বা কেন্দ্ৰলৈ ঘূৰি যাবলৈ ধৰা সমূদায় ধন খাই চাফা কৰাৰ বাবে সজাগতা অনাৰ বাবেই বিষয়া সন্থাই এনে ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে।

৬. বৰাকৰ প্ৰখ্যাত নাট্যকাৰ গৌতম বুদ্ধ ৰয়ে "হঠাত পেট্ৰিয়ট" নামৰ স্ব-ৰচিত বাটৰ নাটত অভিনয় কৰি দিছপুৰত সকলোকে চক খুৱাই দিয়া বুলি জানিব পৰা গৈছে। স্বৰ্গদেউৰ প্ৰতি অতিভক্তিমূলক গীত এটিত তেখেতৰ অভিনয় দেখি অসমীয়া ছবি জগতৰ কেইবাগৰাকীও নায়ক-নায়িকাই মানসিকভাৱে ভাগি পৰা বুলিও খবৰ ওলাইছে।

৭. এইবাৰৰ চাইনীজ দেৱালীৰ প্ৰাক-মূহূৰ্তত সকলো এন্ধাৰ বিনাশ কৰিব খোজা ৰাইজলৈ শুভেচ্ছাবাণী প্ৰকাশ কৰিছে নিখিল ভাৰত বিদেশী বিনিয়োগ প্ৰেমী সন্থাই। বিনিয়োগ প্ৰেমী সন্থাতকৈ চাইনীজ মাল চোৰাং ব্যৱসায়ী সন্থাইয়ে এই দেৱালীত বেছি টকা উপাৰ্জন কৰিব বুলি ব্যৱসায়ী সন্থাই স্পষ্ট কৰি দিয়া বুলিও অৰ্থনৈতিক অপৰাধ শাখাৰ পৰা সূত্ৰত প্ৰকাশ।

৮. "পৰমানন্দ ভাওনা" নামৰ ভাওনাখন সাহিত্য ক্ষেত্ৰত শেষ নোহোৱাত সদৌ অসম সাহিত্য প্ৰেমী ৰাইজ অতীষ্ঠ হৈ পৰা বুলি জানিব পৰা গৈছে। এইখন ভাওনা আৰু কিমানদিনলৈ চলি থাকিব সেয়া কথা অন্ততঃ নিশ্চিত কৰি দিবলৈকো সাহিত্য ক্ষেত্ৰৰ তত্বাৱধায়ক ডাঙৰীয়ালৈ ৰাইজে কাতৰ অনুৰোধ জনোৱাৰ খবৰৰো এতিয়া উজান উঠিছে।

৯. বেমাৰ আজাৰ বিভাগত নিযুক্তি প্ৰক্ৰিয়াতে বেমাৰ লগা বুলি বাতৰি পৰিবেশিত হৈছে।  ভুৱা চাকৰি কিনি টকা সৰ্বশ্ৰান্ত হোৱা সকলক এতিয়া ন্যায়ালয়ৰ পৰা ন্যায় দিয়াবই বুলিও সদৌ অসম বামউকীল সন্থাৰ সদস্য সকলে আগধন লবলৈ আৰম্ভ কৰাৰ বতৰ আহিল বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

১০. প্ৰতিবাদী বানাক্ৰান্তক প্ৰৱল অত্যাচাৰ কৰাৰ বাবে সদৌ অসম লালটুপি সন্থালৈ অভিনন্দন জ্ঞাপন কৰিছে পাশৱিক অত্যাচাৰী প্ৰশাসনিক বিষয়া সন্থাই। বানে ধুই নিয়াৰ পাছতো প্ৰতিবাদী কৰিবলৈ নেৰা সকলক উচিত শিক্ষা দিয়াত কোনো পধ্যেও পিছ নোহোঁহোকিবলৈকো সন্থাই আহ্বান জনাইছে।

No comments:

Post a Comment