হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. লক্ষ্মীপূজাৰ দিনাই আয় বহিৰ্ভূত সম্পত্তি আহৰণৰ কেচত জেলত থকা জয়াললিতা বাইদেউৰ জামিন নাকচ হোৱাত নিখিল ভাৰত লক্ষ্মীপ্ৰিয় নাগৰিক সংঘৰ ক্ষোভ প্ৰকাশ। অহা বৰ্ষৰ পৰা লক্ষ্মী পূজাক "জয়াললিতা পূজা"ৰ নামাকৰণ কৰিব বুলিও প্ৰকাশ কৰিলে ভাবুকি।

২. কালিহে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ দিন আছিল যদিও যোৱা কেইবামাহ ধৰি পাটোৱাৰীলাল চন্দ্ৰমোহন ৰাইজৰ চকুৰ আঁৰত লুকাই পৰাত সদৌ পদুমপ্ৰেমী প্ৰাক্তন হাতী সংঘই কৰিলে দুখ প্ৰকাশ। বিলৰ আকাশত এতিয়া জোন ওলালেও পদুমৰ পাতৰ তলত চন্দ্ৰমোহনৰ পাৰ্মানেণ্টলি গ্ৰহণ লাগিল বুলিও জ্যোতিষী হিৰো ইয়ঙে প্ৰকাশ কৰিলে গোপন ইংগিত।

৩. কোটিপতি মন্ত্ৰীৰ তালিকা লক্ষ্মীপূজা উপলক্ষে প্ৰকাশ কৰিলে বাতৰি কাকত সমূহে। লক্ষ্মীদেৱীয়ে কৃপা কৰা সকলৰ তালিকাত নিজৰ নাম ভৰাবৰ বাবে গোপন টিপছ পাবৰ বাবেও হেল্পলাইন খুলিবলৈ পাঠক সমাজে এতিয়া বাতৰি কাকতলৈ দাবী জনোৱাৰো গোপন খবৰ!

৪. মহানগৰীত মৃতদেহ উদ্ধাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱা বুলি সৃষ্টি হোৱা সংবাদ শিৰোনামাৰ বাবে স্থানীয় পুলিচ প্ৰশাসন, গৃহ বিভাগ কোনো পধ্যেই জগৰীয়া নহয় বুলিও আয়োজক সমিতিয়ে আগতীয়াকৈ দায়-সৰা ঘোষণা কৰি পিঠি বচাবলৈ চেষ্টা কৰা বুলি খবৰ ওলাইছে।

৫. সাতোখন দেশৰ, সাত সাগৰ পাৰৰ আৰক্ষীক চেৰ পেলাই অৱশেষত ডুমডুমাত গ্ৰেপ্তাৰ হ'ল ডন! এইজনা ডন আমাৰ লোকেল জাতৰ কঠীয়াৰে ডন বুলিও জানিব পৰা গৈছে। পিছে সৰু হওক, ডাঙৰ হওক সাপৰ পোৱালিৰ দৰেই এতিয়া আৰক্ষীয়ে লোকেল ডুমডুমাৰ ডনৰো সঠিক খাতিৰ বাতিৰ কৰা বুলিও খবৰ আমালৈ আহিয়েই আছে।

৬. "গাফিলতি" নামৰ নাটক এখন ৰসাল গগৈ প্ৰডাকচনে মঞ্চস্থ কৰিবলৈ আয়োজন কৰা বুলি জানিব পৰা গৈছে। বিভাগে বিভাগে কৰা গাফিলতিৰ বাবেই এতিয়া গোটেই চৰকাৰী তন্ত্ৰকেই ৰাইজে গাফিলতি চৰকাৰ বুলি বিবেচনা কৰিবলৈ লোৱাৰ মৰ্ম-বেদনা অনুভৱ কৰিয়েই "ৰাইজৰ পদূলিলৈ নিলাজৰ আগমন" নামৰ যাত্ৰাৰ অংশ ৰূপে এই হাস্য-ব্যংগ নাটকখন মঞ্চস্থ কৰা হব বুলিও প্ৰডাকচনে প্ৰকাশ কৰিছে।

৭. অসমত ফৰেনছিক ৰিপৰ্টো চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে তৈয়াৰ কৰি দিয়ে বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতে এতিয়া বিশ্ব মানৱ সম্পদ গঢ়া কেন্দ্ৰৰ পৰা ফৰেনছিক বিভাগলৈ বিশেষ স্বীকৃতি প্ৰদানৰ বাবে যো-জা চলা বুলি জানিব পৰা গৈছে। ফৰেনছিকত চতুৰ্থ শ্ৰেণীত কৰ্মৰত সকলকো শিক্ষা-দীক্ষাৰে প্ৰতিবেদন দিব পৰাকৈ "উন্নত মানৱ সম্পদ" ৰূপে গঢ় তোলাৰ এনে উদাহৰণ ভূ-ভাৰস্ততে নাই বুলি কেন্দ্ৰটোৱে বাতৰিটো পোৱাৰ পাছতে এই আগ্ৰহ প্ৰকাশ কৰা বুলিও জানিব পৰা গৈছে।

৮. "হিমুকনৰ ঠিকনা সন্ধান" নামৰ এখনি নাটকে জালুকবাৰী নাট্য সমাৰোহত শ্ৰেষ্ঠ নাটক ৰূপে বিবেচিত হোৱাৰ সুখবৰ পোৱা গৈছে। একালত লম্ফজম্ফ কৰি থকা এজন যুৱ নেতাৰ ঘৰৰ ঠিকনাত তালাচীৰ দলে পদধূলা দিয়াৰ পাছতে নেতাজন ৰাইজৰ আগৰ পৰা অন্তৰ্ধান হৈ পৰাৰ কাহিনীকে এই নাটকখনত তুলি ধৰা হৈছিল বুলিও নাট্যকাৰ ৰেকিব কাই আহমেদে প্ৰকাশ কৰিছে।

৯. প্ৰতিবন্ধী শিশুৰ জীৱনক লৈ হেতালি খেলি স্বাস্থ্য বিভাগে নতুন এক লীলাখেলাৰ কৃৰ্তিত্ব দাবী কৰিছে বুলি জানিব পৰা গৈছে। এনে নতুন অভিনৱ খেল বিধৰ বাবে অসমৰ বেমাৰ-আজাৰ বিভাগক বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্মম ক্ৰীড়া সন্থাৰ স্বীকৃতি প্ৰদান কৰাৰো যো-জা চলোৱাৰ গোপন খবৰো আমালৈ আহি আছে।

১০. "ধাৰাবাহিক আন্দোলন" নামৰ এখন মেগা-ধাৰাবাহিক "বাইদেউ লাইভ" চেনেলত অচিৰেই প্ৰদৰ্শিত হব বুলি জানিব পৰা গৈছে। আন্দোলন প্ৰদেশত ধাৰাসাৰ আন্দোলনে সৃষ্টি কৰা জোৱাৰকে লৈ এই মেগা-চিৰিয়েলখন আৰম্ভ কৰা হৈছে যদিও, অসমত আন্দোলনৰ ৰেঙণি থকা পৰ্যন্ত এইখন চিৰিয়েলৰ কাহিনীও শেষ হোৱাৰ কোনো আশা নাই বুলি নাট্যকাৰ অবিজিত ভট্টই মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment