সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
"বিদেশী" প্ৰসংগত আৰু কিমান চলিব ৰাজনীতি?

মেৰিলীন দত্ত

সম্পাদক মহোদয়,
অসম আন্দোলনৰ পৰা আজি তাৰিখলৈকে পৰস্থিতি অনুধাৱন কৰি এইটো কথা ব্যক্তিগতভাৱে মই ডাঠি ক'ব পাৰিম যে অসমৰ পৰা বিদেশী বিতাড়ণ এটা নাভূত নাশ্ৰুত, অকল্পকনীয় কথা ! বিভিন্ন দল সংগঠনে অসমবাসীক বাৰে বাৰে কৰি অহা এটা চূড়ান্ত প্ৰতাৰণা মাঁথো !

১৬ মে'ৰ পাছত অসমৰ পৰা যাবগৈ লাগিব বাংলাদেশী ! ডিঙিৰ সিৰ ফুলাই গাৰ সমস্ত বলৰে খানাপাৰাত মোডীৰ প্ৰতিশ্ৰুতি ! ফুটুকাৰ ফেন ! মাজতে জুলাই মাহত টিভিতো দেখিছিলো কিবা বোলে কাজিৰঙাৰ পৰায়ে আৰম্ভ কৰিব এই খেদা খেদি আন্দোলন ! ৰাজ্যিক বিজেপিৰ নেতাসকলে টিভিত ভাষণ দিয়েই ভাগৰ লাগিল ! সেয়েহে' যোৱা জুলাই মাহৰ পৰায়ে তেওঁলোকে শুই আছে! কিন্তু এইটোও ধ্ৰুৱসত্য যে অহা ২০১৬ চনৰ নির্বাচনৰ আগতে তেওঁলোকে বিচনা ত্যাগ কৰিব ! আৰু মাটিত ভৰি থৈ প্ৰথম চিঞৰা শব্দটোয়েই হ'বঃ বিদেশী!

আচল কথা হ'ল, বিজেপিয়ে ধর্মভিত্তিক বাংলাদেশী খেদিব বিচাৰে ! যিটো অসমত কাহানিও সম্ভৱ নহয় ! কিয়নো ধর্মভিত্তিক বাংলাদেশী খেদাৰ বিৰুদ্ধে হেঙাৰ হিচাপে আছে অসমৰ সংখ্যালঘুৰ লগতে এটা বৃহত্‍ ছাত্ৰ সংগঠন !!

মাজে মাজে শাসকীয় দলটোৱেও দুই এটা চমক দিয়ে ! কিন্তু সেয়া মাত্ৰ দুদিনৰ বাবে ! বৰাক ভ্যেলী, আৰু নামনি অসমৰ কিছু কিছু অঞ্চলত ভোটৰ গৰাখহনীয়া হোৱাৰ ভয়ত তাপ মাৰে !

ইয়াৰোপৰি আঞ্চলিক দল অগপয়ে বিদেশী বিতাড়নৰ নামত দুবাৰকৈ ৰাজপাটত বহিল ! ফলাফল আজি সকলোৱেই জানে !

সেয়েহে মই আশাবাদী বিদেশী সমস্যাটো ২০১৬ নির্বাচনত কোনো দলৰে যাতে নির্বাচনী ইস্তাহাৰ নহয় ! কাৰণ সমতল বিচাৰি মার্বল এটাক লুটিয়াই বগৰিয়াই থকা দেখিলে এদিন সকলোৰে বিৰক্তিৰ কাৰক হৈ পৰে ! যিটো আজি হৈ আছে !

No comments:

Post a Comment