গ্ৰন্থ আলোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনা

গ্ৰন্থ আলোচনা

Share This
‘খোজ’.... ৰূপোৱালী বাটেদি
ড° বুলজিৎ বুঢ়াগোহাঁই

‘খোজ ৰূপোৱালী বাটেদি...’ হ’ল ধেমাজি জিলা প্রশাসনৰ উদ্যোগত আয়োজিত ধেমাজি জিলাৰ ৰূপালী জয়ন্তী বৰ্ষৰ স্মৰণিকা । ‘খোজ ৰূপোৱালী বাটেদি...’ স্মৰণিকাখনৰ সম্পাদক হ’ল শৈলেন বৰকাকতি আৰু বেটুপাতৰ শিল্পী হ’ল সূৰ্য বৰুৱা। অসমৰ ৰাজ্যপাল , মুখ্যমন্ত্রী, মুখ্য সচিব , উত্তৰ অসম আয়ুক্ত আৰু স্থানীয় বিধায়কদ্বয়ৰ (ধেমাজিৰ সুমিত্রা দলে পাতিৰ আৰু জোনাইৰ প্রদান বৰুৱা) শুভেচ্ছা বাণী লগতে জিলা উপায়ুক্ত মনালিচা গোস্বামী আৰু জিলা আৰক্ষী অধীক্ষক মইনুল ইছলাম মণ্ডলৰ বাৰ্তাও স্মৰণিকাখনত সন্নিৱিষ্ট কৰা হৈছে।

স্মৰণিকাখনৰ সম্পাদক শৈলেন বৰকাকতিয়ে ‘সম্পাদকীয়’ত এনেদৰে লিখিছে –“ ধেমাজি - প্রচুৰ কৰ্মস্পৃহাৰে ভৰা , দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰি সৃষ্টিৰ নতুন কঠীয়া সিঁচা এচাম সাহসী মানুহৰ বাসভূমি। বান আহে বান যায় – স্তব্ধ নহয় ধেমাজিবাসীৰ জীৱনৰ জয়গান। বানপানী ধেমাজিৰ পৰিচয়েই নহয়। কঠিনতা নেওচি সফলতাৰ শিখৰত উপনীত হ’বলৈ যুগে যুগে অব্যাহত থকা অবিৰত প্রচেষ্টাহে ধেমাজিৰ পৰিচয়। .... ১৯৮৯ চনৰ ২ অক্টোবৰত জিলা ঘোষিত ধেমাজিৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি প্রকাশ কৰা স্মৰণিকা ‘খোজ ৰূপোৱালী বাটেদি...’ ৰ পাতে পাতে লেখকসকলে ধেমাজিৰ এক সম্যক পৰিচয় পৰিস্ফূৰ্ত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে ।সীমাবদ্ধতাৰ মাজতো তেখেতলোক নিশ্চয় বহু পৰিমাণে সফল হৈছে। বহুদিশ প্রতিফলিত নোহোৱাকৈ ৰৈ গৈছে। দিন আছে- সেইবোৰ দিনত নিশ্চয় জিলাখনৰ সকলো দিশ কোনোবা এখন গ্রন্থই সামৰি হ’ব। আমি মাত্র এটা যাত্রা আৰম্ভ কৰিছো । ৰূপোৱালী বাটেদি পেলাইছো এটি খোজ... ” ।

স্মৰণিকাখনত থকা লেখাবোৰ হ’ল - পলকতে ধেমাজি , ললিত চুতীয়াৰ ‘স্মৃতিৰ দাপোণত ধেমাজি জিলা গঠন কালৰ দিনবোৰ’, ৰবেন্দ্রৰ কুমাৰ দাসৰ ‘সূৰুযমুখী যাত্রা’, অৰুণ কুমাৰ দিহিঙীয়াৰ ‘ধেমাজি জিলাৰ প্রশাসনিক প্রতিচ্ছবি’, উমেশ চেতিয়াৰ ‘ধেমাজি জিলাৰ ৰূপালী জয়ন্তী : এক প্রাসংগিক চিন্তা’, ভূপেন গগৈৰ ‘ধেমাজিত সভ্যতাৰ বিকাশ :এক ঐতিহাসিক দৃ্ষ্টিপাত’, পাৰ্থবিজয় দত্তৰ ‘বৃত্তৰ পৰিধি ভেদি ধেমাজি’, Nabin Kamanৰ ‘A Little Part of the Journey...’, ইন্দ্রেশ্বৰ পেগুৰ ‘জনাই বনাম জোনাই’, Diganta Hazarikaৰ ‘Development Dynamics : A Perspective of Dhemaji District under the Glimpses of few Development parameters and SWOT Analysis’, Dr. Banjit Bhattaৰ ‘Speaking Piscine Diversity of Dhemaji District’, বেদৱতী গোহাঁই বৰুৱাৰ ‘ধেমাজি জিলাৰ যাতায়ত ব্যৱস্থা : এক অভিজ্ঞতাভিত্তিক বিৱৰণ’, অৰুণ বৰাৰ ‘চিমেন চাপৰি : ইতিবৃত্ত’, Biswajit Bhuyanৰ ‘Trasforming Dhemaji into smart town- Challenges ahead’,বিনীতা চৌধুৰী গাৰোদিয়াৰ ‘ধেমাজিৰ বিবৰ্তনৰ এক চলন্ত ছবি : একান্ত ব্যক্তিগত অনুভৱ ’,ড° বুদ্ধিন্দ্র বৰুৱাৰ ‘ধেমাজি জিলাৰ প্রধান শিক্ষানুষ্ঠানসমূহৰ অৱলোকন’,বন্দনা দত্ত হাজৰিকাৰ ‘ঐতিহাসিক দৃষ্টিৰে ধেমাজি জিলাৰ কেইখনমান গাঁও : এক ক্ষেত্রভিত্তিক অধ্যয়ন’,ফুলেশ্বৰ বৰুৱাৰ ‘হাবুঙৰ অতীত বিচাৰি’,লাৱণ্য লাহন চুতীয়াৰ ‘বৌদ্ধিক উত্তৰণত ধেমাজিৰ নাৰী’,কুশল ফুকনৰ ‘সমস্যাজৰ্জৰ মাছখোৱা আৰু বৰ্তমানৰ প্রেক্ষাপটত এক ইতিবাচক চিন্তা’,দ্বীপৰাজ পেগুৰ ‘সোৱণশিৰিৰ সোণে ধোৱা গোগামুখৰ চমু অৱলোকন’, মদু পৱন চুতীয়াৰ ‘চিচি নৈৰ পাৰৰ চিচি বৰগাঁও’,পলাশ পৰাণৰ ‘সমন্বয় আৰু সম্ভাৱনাৰ এক সুৰীয়া নাম চিলাপথাৰ’,মিণ্টু দাসৰ ‘বিষ্ণুপুৰ-উত্তৰ ধেমাজি : এক অৱলোকন’, নিবেদিতা বড়া সন্দিকৈৰ ‘সৃষ্টি আৰু কৃষ্টিৰ বৰ্ণিল যাত্রাত ধেমাজি’, ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘ধেমাজি জিলা : পৰ্যটনৰ এক উজ্ব্ষল সম্ভাৱনা’,হৰেন্দ্র নাথ শৰমাৰ ‘নদ-নদীৰ ৰম্যভূমি ধেমাজি জিলাৰ বান সমস্যাৰ দিশত এভুমুকি’, জীৱন কোঁৱৰৰ ‘পশ্চিম ধেমাজিত শিক্ষা বিস্তাৰৰ আৰম্ভণি, জীয়াধলৰ বানপানী আৰু কিছু কথা’।

আৰু আছে অজয়লাল দত্তৰ ‘নৈ আমাৰ আই আৰু এক জনকল্যাণমূলক ব্যৱস্থাপনা নীতিৰ সন্ধানৰ প্রয়োজনীয়তা’, প্রতাপ চন্দ্র পাৱৰ ‘জ’নাইলৈ ৰে’লৰ সংযোগ আৰু ইয়াৰ প্রভাৱ’ , কৰবী দেউৰীৰ ‘ধেমাজি জিলা : এক সংক্ষিপ্ত ভৌগোলিক চিত্রপট’, বীৰেণ সোনোৱালৰ ‘জন্মলগ্নত ধেমাজি – এক পশ্চাদ অৱলোকন’,অতুল কুমাৰ চমুৱাৰ ‘ধেমাজি জিলাৰ ভাল খবৰৰ লেচেৰি বুটলি ...’,বিশ্বেশ্বৰ দত্তৰ ‘ৰূপালী জয়ন্তীত ধেমাজি: এক অনুভৱ’, দিপালী কলিতাৰ ‘ঐতিহাসিক ঘুগুহা দৌলৰ এক চমু অৱলোকন’, শৈলেন বৰকাকতি আৰু লীলা ফুকনৰ ‘২০০৪ চনৰ ১৫ আগষ্টৰ ধেমাজি বিস্ফোৰণ এক কৰুণ স্মৃতি’, যুগল সন্দিকৈৰ ‘অস্তিত্ব সংকটত ধেমাজিৰ জৈৱবৈচিত্র’,ৰয়েল পেগুৰ ‘বৰ্ষাৰণ্য পবা সমৃদ্ধিশালী জৈৱ-বৈচিত্য্বৰ ভাণ্ডাৰ’, বিজয় কুমাৰ পেগুৰ ‘এটা যুগৰ জ্বলন্ত সাংস্কৃতিক নিদৰ্শন :ৰাজাখানা পুখুৰী’, আৰ. পেগুৰ ‘ঐৰামঘাটৰ ঐতিহ্য কবুবাসীৰ জীৱনগাথা’,ড° অন্নজ্যোতি গগৈৰ ‘ধেমাজি জিলাৰ মুগা খেতি : এক দৃষ্টিকোণ’, কুমুদ শইকীয়াৰ ‘ মালিনী থান : প্রাচীন কামৰূপৰ পূব প্রান্তৰ এক মহাপীঠস্থান’,বুদ্ধেশ্বৰ কোঁছৰ ‘ধেমাজিৰ সমাজ আৰু সংস্কৃতি’,শৈলেন বৰকাকতিৰ ‘বগীবিল দলং : আশা আৰু প্রত্যাশাৰে ভৰা এক ৰাষ্রীবৰয় প্রকল্প’, থগেন্দ্র চুতীয়াৰ ‘লোক-সংস্কৃতিৰ ভঁৰাল বৰদলনি’,বিজয় বৰিৰ ‘সংবাদ সেৱাত জোনাই প্রেছ ক্লাৱ’, যতীন বুঢ়াগোহাঁইৰ ‘ধেমাজিৰ ক্রিড়া – অতীতৰ পৰা বৰ্তমানলৈকে’,ডাঃ কিশোৰ কুমাৰ কামানৰ ‘চিকিৎসা সেৱাত জোনাই মহকুমাৰ স্বাসথ্য বিভাগ’,দিলীপ কুমাৰ হাজৰিকাৰ ‘ধেমাজিৰ অতীত আৰু বৰ্তমানৰ জলছবি’,মুহি বৰগোহাঁইৰ ‘ধেমাজিৰ বানপানী : এক আলোকপাত’, ড° মহম্মদ হুছেইনৰ ‘বিলুপ্তিৰ গৰাহত ধেমাজিৰ থলুৱা মাছ’ আৰু সেউতী দলেৰ ‘বিপন্ন পৰিৱেশ আৰু ধেমাজিবাসীলৈ আহ্বান ’ ।

পৰিশিষ্ট -১ত আছে – ধেমাজি জিলা প্রশাসনে ধেমাজি মহাবিদ্যালয়ৰ গান্ধী অধ্যয়ন কেন্দ্রৰ সহযোগত ৬৮ সংখ্যক স্বাধীনতা দিৱসৰ লগত সঙ্গতি ৰাখি ‘মোৰ ধেমাজি মোৰ সপোন’ বিষয়ত আয়োজন কৰা ৰচনা প্রতিযোগিতাত পুৰস্কাৰপ্রাপ্ত ৰচনাসমূহ।

পৰিশিষ্ট -২ত আছে – জোনাই আৰু ধেমাজিক সামৰি ধেমাজি জিলা গঠনৰ দাবীত বিভিন্ন সময়ত সেই সময়ৰ দল-সংগঠনে গ্রহণ কৰা কাৰ্যসূচী, দাবী-চনদ,স্মাৰক পত্র আদিৰ একাংশ ।

পৰিশিষ্ট -৩ত আছে – এখন পূৰ্ণাঙ্গ জিলাৰ কাঠামো তৈয়াৰ কৰাৰ আহ্বানেৰে ৫-১-১৯৯৭ তাৰিখে ধেমাজিৰ উপায়ুক্ত বিমল কুমাৰ হাজৰিকাই অসম বিধান সভাৰ অধ্যক্ষ আৰু সৰ্বদলীয় বিধায়ক মণ্ডলীক প্রদান কৰা স্মাৰক পত্রৰ প্রতিলিপি।

লগতে স্মৰণিকাখনত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ প্রতিবেদন আৰু ধেমাজি জিলাৰ উল্লেখযোগ্য অনুষ্ঠান-প্রতিষ্ঠানৰ ন-পুৰণি বিভিন্ন আলোকচিত্র তথা উল্লেখযোগ্য সভা-সমিতিৰ আলোকচিত্র লগতে পবা বনাঞ্চলৰ আলোকচিত্রও স্মৰণিকাখনত আছে।

‘খোজ ৰূপোৱালী বাটেদি...’ স্মৰণিকাখন সংৰক্ষণযোগ্য। স্মৰণিকাখনে ধেমাজিৰ এক সম্যক পৰিচয় দিবলৈ সক্ষম হৈছে লগতে জিলাখনৰ বিভিন্ন সম্ভাৱনাৰ উজ্জ্বল দিশসমূহ প্রতিফলিত কৰিছে। এনে এখন সংৰক্ষণযোগ্য স্মৰণিকা প্রকাশ কৰা বাবে সম্পাদনা সমিতি আৰু প্রকাশ কৰি ৰাইজৰ মাজত দাঙি ধৰা বাবে ধেমাজি জিলা প্রশাসনক ধন্যবাদ জনাইছোঁ।

No comments:

Post a Comment