পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. পৰিকল্পিত কৰ্মসূচীৰ আধাৰত অগপ দলটোক পুনৰ ৰাইজৰ আস্থাভাজন কৰি গঢ়ি তুলিবলৈ অহা ১৪ আৰু ১৫ অক্টোবৰত দলটোৰ নেতৃত্বই গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি প্ৰেক্ষাগৃহত জাতীয় ৰাজনৈতিক অভিবৰ্তনৰ আয়োজন কৰাৰ সুখবৰ। তিনিটা সত্ৰত অনুষ্ঠিত হব লগা অভিবৰ্থনৰ সত্ৰ সমূহ উদ্বোধন কৰিব অসমৰ বিশিষ্ট চিন্তাবিদ হোমেন বৰগোহাঞি, ডঃ হীৰেণ গোহাঁই আৰু কনকসেন ডেকাই। অগপই ৰাইজৰ কাষ চাপিবৰ বাবে নতুন ৰূপত দলটোৰ বেৱচাইট www.agp.org.in কালি উন্মোচন কৰিলে সভাপতি অতুল বৰাই।

২. "এন অপ্টিকেল মাইক্ৰ'স্ক'প ইন টু এ নেন'স্ক'প" বিষয়ক গৱেষণাৰ বাবে বিশ্বৰ এইবৰ্ষৰ ৰসায়নৰ নোবেল বঁটা লাভ কৰিছে আমেৰিকাৰ এৰিক বেটজিগ, ষ্টিফেন হেল্ আৰু জাৰ্মানীৰ উইলিয়াম ম'ৰ্নাৰে।

৩. ফটোযু্ক্ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বিশেষ সংশোধনীৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে। বৰ্তমানে চলি থকা সংশোধনীৰ জৰিয়তে নতুনকৈ ১৮ বছৰত ভৰি দিয়া সকলেও ভোটাৰ তালিকাত নাম তুলিবলৈ সমৰ্থ হব আৰু অহা ১৫ অক্টোবৰত খচৰা তালিকা আৰু অহা জানুৱাৰী মাহৰ ৫ তাৰিখে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হব বুলিও আয়োগে সদৰী কৰিছে।

৪. জনসংযোগ, অসমৰ সঞ্চালক ৰূপে অৱসৰ গ্ৰহণ কৰা অসমৰ প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে কালি ৮৭বছৰ বয়সত ভৰি দিয়াৰ সুখবৰ। নতুন দৈনিক, দৈনিক অসমৰ সম্পাদক ৰূপে পূৰ্বতে সেৱা আগবঢ়োৱা বয়োজ্যেষ্ঠ সাংবাদিকজনে বৰ্তমান শংকৰজ্যোতি কাকতৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

৫. প্ৰথমজন অসমীয়া মুখ্য বন সংৰক্ষক প্ৰভাকৰ বৰুৱাৰ স্মৃতিত আজি গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হব লগা এক অনুষ্ঠান "গঁড় সুৰক্ষা বীৰ পুৰস্কাৰ" আৰু "গঁড় সুৰক্ষা সচেতন পুৰস্কাৰ" প্ৰদান কৰিব  বনমন্ত্ৰী ৰকিবুল হুছেইনে। প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসৰ এই বঁটাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লোকনাথ পাটগিৰী, ওৰাংৰ ঘনেশ্বৰ ডেকা আৰু পবিতৰা অভয়াৰণ্যৰ কৰ্মচাৰী মণ্টু নাথলৈ "গঁড় সুৰক্ষা বীৰ পুৰস্কাৰ" আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্জীৱ দাসলৈ "গঁড় সুৰক্ষা সচেতক পুৰস্কাৰ" আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে। প্ৰত্যেকজনকে এই বঁটাৰ সৈতে ২৫হাজাৰকৈ নগদ ধনো আগবঢ়োৱা হব বুলি আয়োজকে প্ৰকাশ কৰিছে।

৬. অহা ১০-১৯ অক্টোবৰলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হব "সাধুকথা"ক কেন্দ্ৰীয় বিষয় ৰূপে লৈ আয়োজিত অন্বেষাৰ দশম শিশু গ্ৰন্থ উতসৱ।  মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব লগা গ্ৰন্থমেলাখনত অংশলব দিল্লীৰ প্ৰখ্যাত চিত্ৰকৰ তথা কাৰ্টুনিষ্ট অতনু ৰয় আৰু চেন্নাইৰ খ্যাতনামা সাধুকওতা জীৱা ৰঘুনাথেও অংশগ্ৰহণ কৰিব। লগতে বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীও অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে।

৭. বিদ্যুতৰ অপচয় ৰোধ কৰিবলৈ ৪০০টকীয়া এল ই ডি লাইট গ্ৰাহকলৈ ১০ টকাতে যোগান ধৰাৰ বাবে অভিলাষী আঁচনিৰ কথা পৰিকল্পনা কৰিছে কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে। এই আঁচনিখন ইতিমধ্যেই চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৰূপায়ন আৰম্ভ কৰিছে বুলি সুখবৰ প্ৰকাশ পাইছে।

৮. বিশ্বৰ আন প্ৰান্তৰ লগতে গোসাঁইগাঁৱতো জ্যেষ্ঠ নাগৰিক সন্থাৰ দ্বাকা যোৱা পহিলা অক্টোবৰত পালিত হয় বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য, পিতৃ-মাতৃৰ প্ৰতি বৰ্ধিত অৱহেলাৰ ঘটনাৰাজিৰ ওপৰত পদক্ষেপ গ্ৰহণৰ বাবেও এই দিৱসৰ সভাই মত প্ৰকাশ কৰে।

৯. গহপুৰৰ বয়োজ্যেষ্ঠ সমাজকৰ্মী তথা নাট্যকাৰ কনক শৰ্মাৰ নৱতম গ্ৰন্থ "বৰুৱাৰ হাঁহিৰ ৰং" যোৱা চাৰি অক্টোবৰত নৱজ্যোতি সাহিত্য কাননৰ উদ্যোগত আয়োজিত সভাত উন্মোচিত হোৱাৰ সুখবৰ।

১০. কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে নৱী-মুম্বাইস্থিত অসম ভৱন প্ৰাংগণত অসম তথা উত্তৰ-পূৱৰ লোকসকলৰ বিভিন্ন সমস্যাৰাজিৰ বুজ লবলৈ এক অন্তৰংগ আলোচনাত অহা ১১ অক্টোবৰত সন্ধিয়া ৰাইজৰ সতে মিলিত হব বুলি অসম এচোছিয়েছনে প্ৰকাশ কৰিছে। আগ্ৰহী লোকসকলে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক পোনপটীয়াকৈ প্ৰশ্ন সোধাৰ লগতে আলাপত অংশ লব পাৰিব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment